> এই ৫ টা অভ্যাস আমাৰ কিডনী নষ্ট কৰি পেলায়, জানো আহক । Habits that can harm your kidneys - নিয়মীয়া খবৰ

ads5

ads2

adsz

এই ৫ টা অভ্যাস আমাৰ কিডনী নষ্ট কৰি পেলায়, জানো আহক । Habits that can harm your kidneys

 

এই  ৫ টা অভ্যাস আমাৰ কিডনী নষ্ট কৰি পেলায়, জানো আহক । Habits that can harm your kidneys



Habits that can harm your kidneys

স্বাস্থ্যৱান শৰীৰ এটাৰ বাবে এটা স্বাস্থ্যৱান কিডনীৰ প্ৰয়োজন হয় । কিডনী শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। কিডনীয়ে আমাৰ শৰীৰত ৪০০ তকৈও অধিক কাম সম্পন্ন কৰে। কিডনীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে শৰীৰৰ পৰা বিষাক্ত পদার্থ আঁতৰাই তেজ পৰিষ্কাৰ কৰা। আমাৰ শৰীৰৰ যিকোনো অঙ্গ যদি বিকল হৈ পৰে তেন্তে আমাৰ জীৱনলৈ ই ভাবুকি কঢ়িয়াই আনে। তেন্তেস্থলত আমি সাৱধান হোৱাটো নিন্তাই প্ৰয়োজনীয় । সেয়হে আজি আমি আলোচনা কৰিব ওলাইছো এনে কিছুমান অভ্যাসৰ বিষয়ে যিয়ে আমাৰ শৰীৰৰ আটাইতকৈ প্রয়োজনীয় কিডনী বিকল কৰি পেলাই । সাৱধান হওক আৰু সতর্ক থাকক ৷

1. অত্যাধিক পেইনকিলাৰৰ ব্যৱহাৰ Using Too Many Painkillers

আজিকালি পেইনকিলাৰৰ ব্যৱহাৰ কিছুমান মানুহৰ বাবেই তেনেই সাধাৰণ হৈ পৰিছে । কিবা এটা বিষ হলেই ফার্মাচীলৈ গৈ পেইনকিলাৰ গ্ৰহণ কৰে । কিন্তু আপুনি জানেনে সেইবোৰে বৃক্কৰ ক্ষতি কৰিব পাৰে, বিশেষকৈ যদি আপোনাৰ ইতিমধ্যে কিডনীৰ বেমাৰ আছে৷ গতিকে পৰাপক্ষত পেইনকিলাৰৰ নিয়মীয়া ব্যৱহাৰ হ্ৰাস কৰক আৰু কেতিয়াও ডাক্তৰৰ পৰামৰ্শ পালিৰ ওপৰত নাযাব।

2. অত্যাধিক নিমখ খোৱা Eating Too Much Sodium

উচ্চ পৰিমাণৰ নিমখ যুক্ত আহাৰত ছডিয়াম অধিক থাকে, যিয়ে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে আৰু ফলত আপোনাৰ বৃক্কৰ ক্ষতি হব পাৰে। গতিকে আপুনি আপোনাৰ খাদ্যত অধিক নিমখ (ছডিয়াম) দি খোৱা পৰিহাৰ কৰক।

3. পর্যাপ্ত পৰিমাণৰ পানী সেৱন নকৰা Drinking Enough water Not

ভালদৰে হাইড্রেটেড হৈ থাকিলে কিডনীক শৰীৰৰ পৰা ছডিয়াম আৰু বিষাক্ত পদার্থ পৰিষ্কাৰ কৰাত সহায় কৰে। কিডনীত বেদনাদায়ক পাথৰ হোৱা সমস্যা পৰিহাৰ কৰাৰ বাবে যথেষ্ট পৰিমাণে পানী খোৱাটোও এক সর্বশ্রেষ্ঠ উপায়। কিডনীৰ সমস্যা ৰোধ কৰিবলৈ প্ৰতিদিনে 1.5 ৰ পৰা 2 লিটাৰ পানী খোৱাটো এক স্বাস্থ্যকৰ লক্ষণ।

4. অত্যাধিক মাংস খোৱা Eating Too Much Meat

পশুৰ মাংসত থকা প্রটিনে তেজত উচ্চ পৰিমাণৰ এচিড উৎপন্ন কৰে যি কিডনীৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। শৰীৰৰ সকলো অংশৰ বিকাশ, ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ বাবে প্ৰ'টিনৰ প্রয়োজন কিন্তু আপোনাৰ আহাৰত যদি অকল মাংসই সন্নিবিষ্ট কৰে তেন্তে কিডনীৰ বাবে ই ক্ষতিকাৰক হব পাৰে ।

5. অত্যাধিক চেনী জাতীয় খাদ্য খোৱা Eating Too Many Foods High in Sugar

চেনীয়ে মেদবহুলতাত অৰিহণা যোগায় যি আপোনাৰ উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচ হোৱাৰ আশংকা বৃদ্ধি কৰে । আৰু এই দুটাই হৈছে কিডনীৰ বেমাৰৰ মুখ্য কাৰণ। মিঠাইৰ উপৰিও, আপুনি "মিঠা" বুলি বিবেচনা নকৰিব পৰা খাদ্য আৰু পানীয়ত প্ৰায়ে চেনী যোগ দিয়া হয়। আপোনাৰ আহাৰত বেছি চেনী দিয়া খাদ্য পৰিহাৰ কৰক।

Related Search
Assamese health tips
Assam Latest news
Assam health news
habit that can harm kidney
health tips in assamese
latest insurance tips
health insurance tips
health insurance policy

DISCLAIMER : The information in this article is for knowledge purposes only. It is important to consult the relevant experts before applying them yourself.

SeeHere is theComments

Sponsored

close