> দাঁতৰ বিষ নিৰাময় কৰাৰ ঘৰুৱা উপায় -Home Remedies for teeth pain - Grandma's home remedies - নিয়মীয়া খবৰ

ads5

ads2

adsz

দাঁতৰ বিষ নিৰাময় কৰাৰ ঘৰুৱা উপায় -Home Remedies for teeth pain - Grandma's home remedies

 দাঁতৰ বিষ কিদৰে নিৰাময় কৰিব পাৰি তাৰেই  কেইটামান বিধান জানো আহক - Home Remedies for teeth pain - Grandma's home remedies 




এই ৰোগৰ লক্ষণ -

প্রথমে পানী খালে দাঁতৰ গুৰি শিৰ শিৰাই যায় । পিচলৈ দাতৰ গুৰিত বিষ হয়।



এই ৰোগৰ কাৰণ -

বিভিন্ন বেলেগ বেলেগ কাৰণত দাঁতৰ বিষ হ'ব পাৰে। মূলতঃ দাঁতৰ গুৰি বিলাক দুর্বল হলে, সঘনাই দাঁতৰগুৰি ফুলা ৰােগ হলে, দাত পোকে খালে আৰু শৰীৰত কেলচিয়ামৰ অভাৱ হ'লে দাতৰ বিষ হয়।



এই ৰোগৰ বন-দৰব —

১। ভীমকলৰ পাতৰ মাজৰ কেঁচা ঠাৰি এডাল জুইত অলপ সেকি যিমান সময় পৰা যায় বিষ হােৱা দাঁতেৰে কামুৰি ধৰি ৰাখিলে বিষ নাইকিয়া হয়।

২। বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ বিষ দাঁতৰ যিকোনো ৰােগ ভাল হয়।

৩। আদা খুন্দি দাঁতেৰে চোবাই কিছুসময় বিষ হোৱা দাঁতৰ মাজত ৰাখিলে দাঁতৰ বিষ দূৰ হয়।।

৪। ৫টা বাদাম খাব লাগে আৰু বাদাম, আদা আৰু নিমখ পিহি বিষোৱা দাঁতত লগাব পাৰে ।

৫। ৫ টা লং পিহি নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে দাঁতৰ বিষ নাইকিয়া হয় নাইবা ৫টা লং পিহি এগিলাচ পানীত মিশ্রণ কৰি মুখ কুলকুলিয়ালে দাঁতৰ বিষ কমে।

৬। সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ মিহলি কৰি দাত মাজিলে দাঁত পৰিষ্কাৰ হয়, দাঁতৰ বীজাণু নাশ হয় আৰু দাঁতৰ বিষ দূৰ হয় ।

৭ । পিপলীৰ গুড়া, ঘিউ আৰু মৌ মিহলাই দাঁত মাজিব লাগে আৰু বিষ হোৱা দাঁতত প্রলেপ দিব লাগে ।

৮। ভেদাই লতাৰ গুটি পিহি দাত মাজিলে বিষ কমে।

৯। হিং এটুকুৰা দাতেৰে কামুৰি ধৰিলে দাঁতৰ বিষ নাইকিয়া হয় ।

১০। ফিটকিৰি পিহি বিষােৱা দাঁতত লগাব লাগে ।

১১। বগা লাটুমণিৰ শিপাৰ ৰসেৰে মুখ কুলকুলিয়াব লাগে ।


দাঁতৰ বিষত কি কি কৰিব লাগে? 

🔹 লঘু আহাৰ খাব লাগে। 

🔹 তিতাবেতৰ গাঁজ জুইত সেকি বিষ হােৱা দাঁতেৰে চোবাই বা কামুৰি ধৰিব লাগে। 

🔹 মধুৰী আম পাতৰ ৰস, কেহৰাজ, মহানিমৰ ছাল পুৰি সেই ছাইৰে দাত মাজিব লাগে। 🔹কেলচিয়াম যুক্ত খাদ্য খােৱা ভাল । 

🔹 তিল চোবাই খাই পান খাব লাগে ।


কি কি কৰিব নালাগে ?

🔹 টান আৰু মিঠা জাতীয় বস্তু খাব নালাগে।

গতিকে এনেদৰে আপুনি দাতৰ বিষ বন দৰৱৰ দ্বাৰা নিৰাময় কৰিব পাৰে ।

DISCLAIMER : The information in this article is for knowledge purposes only. It is important to consult the relevant experts before applying them yo

SeeHere is theComments

Sponsored

close