> Loss of memory Super Food - স্মৃতি শক্তি হ্ৰাস পোৱাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাৱক এই সমূহ ছুপাৰ ফুড। - নিয়মীয়া খবৰ

ads5

ads2

adsz

Loss of memory Super Food - স্মৃতি শক্তি হ্ৰাস পোৱাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাৱক এই সমূহ ছুপাৰ ফুড।

 Loss of memory Super Food - স্মৃতি শক্তি হ্ৰাস পোৱাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাৱক এই সমূহ ছুপাৰ ফুড। 


সাধাৰণতে বয়সৰ লগে লগে মানুহৰ শৰীৰত ন-ন সমস্যাই দেখা দিয়ে। কেৱল বয়সৰ অনুপাতেহে যে শৰীৰত সমস্যাই দেখা দিয়ে এনে নহয়, বিভিন্ন কাৰণত কম বয়সতো শৰীৰত এনেধৰণৰ সমস্যা দেখাটো স্বাভাৱিক। তেনে এক সমস্যা হ'ল স্মৃতি শক্তি হ্ৰাস পোৱা। এই সমস্যা বেছিকৈ বুঢ়া বয়সত দেখা পোৱা যায়। বহু ক্ষেত্ৰত কিছু কিছু সৰু ল’ৰা ছোৱালী বা কম বয়সৰ ব্যক্তিৰ ক্ষেত্ৰতো এই সমস্যাই দেখা দিয়ে। 


লক্ষণ: এই সমস্যা হ'লে দেখা-শুনা কথা বিলাক মনত নাথাকে । কালি গধূলি কিহেৰে ভাত খাইছিল পাহৰি যায় বা কৰিব লাগে এটা কাম,কৰে আন এটা কাম । আনকি কিছু কিছু মানুহৰ চিনো পাহৰি যায়। লৰা ছোৱালীৰ ক্ষেত্ৰত পঢ়া শুনা সোনকালে পাহৰি যায়। 


কাৰণ: স্নায়ৱিক দুৰ্বলতাৰ ফলত এনে হয়, যদিও মনৰ মাজত বহুত খেলি-মেলি হয়।বিভিন্ন কাৰণত নানা ধৰণৰ চিন্তা, আৰ্থিক অভাৱ, শৰীৰত কিবা ৰোগ হোৱাৰ সন্দেহ কৰা আদি অনেক কাৰণতো হ'ব পাৰে ।আচলতে মগজুত খেলি-মেলি ভাৱৰ বাবেই কথাবিলাক মনত ৰখাত বাধা জন্মে ।


কি কি খাব লাগে? 

১) ব্ৰাহ্মীশাকৰ এক ইঞ্চি দীঘল দুটা আগ প্ৰতিদিনে ৰাতিপুৱা খাব লাগে।

২: গাজৰৰ ৰস দিনে ১০০ গ্ৰাম খাব লাগে।

৩: সৰু মানিমুনি পাতৰ ৰস আধা চামুচ নিতৌ পুৱা খাব লাগে।

৪: জালুক ১০ টা পানীত সিজাই সেই পানী দিনে ২বাৰ খাব।

৫: শতমূলৰ শিপাৰ ৰস ৪ চামুচ একাপ গাখীৰৰ লগত খাব।

৬: আপেল দিনে দুটা খাব।

৭: আমলখি দিনে ১০/১২ টা খাব।

৮: চীনা বাদাম ১০ টা পিহি মৌৰ লগত খাব।

৯: চফগুটি ভাজি গুড়ি কৰি তাৰ এচামুচ, মিচিৰি আৰু এৱাঁ গাখীৰৰ লগত খাব।

১০: বকফুল ঘিঁউত ভাজি খাব।


কি কি নাখাব/নকৰিব:

সকলো মাদক দ্ৰব্যই বেয়া। গতিকে মাদক দ্ৰব পৰিহাৰ কৰক। টোপনি ক্ষতি নকৰিব, মনৰ চিন্তা দূৰ কৰিবলৈ নিজৰ ৰুচি মতে কিতাপ পঢ়িব।পাৰিলে কোনো বন্ধুৰ লগত ডবা খেলিব। য়োগা কৰিব।


DISCLAIMER : The information in this article is for knowledge purposes only. It is important to consult the relevant experts before applying them yourself. 


SeeHere is theComments

Sponsored

close