> আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? – Medicinal Uses Of Salt in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? – Medicinal Uses Of Salt in Assamese

আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? – Medicinal Uses Of Salt in Assamese



নিমখ আৰু ইয়াৰ মহত্ত্ব- Salt And Its Importance In Assamese

জীৱিত থাকিবৰ বাবে নিমখ অপৰিহার্য আৰু  মানবদেহৰ অন্যতম মৌলিক উপাদান।  এই উপাদান বাদ দি মানৱদেহৰ অস্তিত্ব সম্ভৱ নহয়। খাদ্যৰ স্বাদ  উন্নত কৰিবলৈ আৰু খাদ্য সংৰক্ষণত নিমখ ব্যৱহাৰ কৰা হয়। ই শৰীৰৰ বিভিন্ন কাৰ্য্য নিয়ন্ত্রণ কৰে আৰু  বিভিন্ন জটিল ক্রিয়াকলাপৰ বাবে বিল্ডিং ব্লক (buildingbblock) হিচাবে অন্তর্ভুক্ত।

নিমখ এক খনিজ হয় যাৰ ৰাসায়নিক সূত্ৰ হৈছে NaCl ৷ নিমখত ওজনৰ আধাৰত 40% চডিয়াম আৰু 60% ক্লৰাইড থাকে ৷

নিমখ কেইবা ধৰনৰ আছে৷  আয়ুর্বেদত সঠিক ধৰণৰ নিমখ গ্রহণৰ ওপৰত গুৰুত্ব দিয়া হয়৷ 

স্বাস্থ্যগত উদ্দেশ্যে অনুসৰি আয়ুর্বেদত  3 ধৰণৰ নিমখ ব্যৱহাৰ কৰা হয়, যেনে:

 🔹Table salt ক অসমীয়াত  নিমখ নামে পৰিচিত
🔹 Rock salt  অসমীয়াত সৈন্ধৱ লৱন নামেৰে পৰিচিত
🔹 Black salt  অসমীয়াত ক’লা নিমখ নামেৰে পৰিচিত

আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? – Medicinal Uses Of Salt in Assamese

কোষ্ঠকাঠিন্য Constipation
ক’লা নিমখ, আজৱাইন, সৰু শিলিখা আৰু শুকান আদা সমান পৰিমানে লৈ গুড়ি কৰি লওক৷ ইয়াৰে 1 চামুচকৈ ৰাতি ভাত খোৱাৰ এক ঘন্টা আগত গ্ৰহন কৰক৷

বদহজম- Indigestion
যদি হজমশক্তি দুৰ্বল আৰু প্ৰায়ে কোষ্ঠকাঠিন্য সমস্যা, বিষ আদি হৈ থাকে তেন্তে 5 গ্ৰাম ক’লা নিমখ গৰম পানীৰ লগত গ্ৰহন কৰিলে এই সমস্যা দূৰ হয়৷

দাঁত লৰচৰ কৰিলে- In Shaky Teeth
অলপ কলা নিমখ আৰু কিছু তেল মিহলাই  এই মিশ্রণেৰে  দাঁত ম্যাসাজ কৰক৷

ভৰিৰ ক্লান্তি আৰু বিষ- For Tired & Painful Feet
গৰম পানীত নিমখ দি ভৰি আঠু পৰ্যন্ত পানীত ডুবাই ৰাখক৷  

গাউট- In Gout
এক লিটাৰ গৰম পানীত  4 চামুচ নিমখ মিহলাওক৷ এই পানীত কাপোৰ ডুবাই গাউত অংশত সেক দিয়ক ৷

পোকে কামোৰিলে-In Insect Bites
পানীত নিমখ মিহলাই পোকে কামোৰা অংশত ঘঁহক৷ ই জ্বলন, বিষ আৰু ফোলাভাব পৰা আৰোগ্য কৰিব৷

মূৰ বিষত- In Headaches
এক চিকুট নিমখ জিভা ওপৰত ৰাখক আৰু 10 মিনিট পিছত ঠাণ্ডা পানী পান কৰক৷
 ¼ কাপ পানীত 3গ্ৰাম নিমখ লওক৷ এই পানী ৰ ভাপ ললেও মূৰ বিষত আৰাম পোৱা যায়৷

পায়োৰিয়া -In Pyorrhoea
এখন মসলিনৰ কাপোৰত সৈন্ধৱ লৱন লৈ মিহি কৰি চালি লওক৷ এই নিমখৰ 1 ভাগৰ  4 ভাগত সৰিয়হ তেল মিহলাওক৷ স্বস্তিৰ বাবে এই মিশ্ৰন দি প্রতিদিনে দাঁতআৰু আলু ব্ৰাছ বা মালিচ কৰক৷ ই এটি দাঁতৰ ব্যথা বা বিষ, দাঁতৰ  সংবেদনশীলতাৰ পৰা  মুক্তি দিয়ে৷

মাইগ্রেন – In Migraine
 ½ চামুচ মৌ ৰ লগত ½ চামুচ নিমখ মিহলাই চেলেকক৷ 

মেলেৰিয়া-In Malaria
এখন পেনত নিমখ বাদামী ৰঙ হোৱাকে ভাজক৷ সৰু লৰা ছোৱালীৰ বাবে ½ চামুচ আৰু ডাঙৰৰ বাবে 1 চামুচ গৰম পানীত ভালদৰে মিহলাই জ্বৰ হোৱাৰ আগে বা জ্বৰৰ আৰম্ভণিতে দিব পাৰিলে ভাল৷ এই মিশ্ৰন খালী পেটত গ্ৰহন কৰিব লাগে৷ ই জ্বৰ অহাত বাধা দিয়ে আৰু আহিলেও নিম্ন স্তৰৰ জ্বৰ হয়৷ 2 ৰপৰা 3 দিনলৈ গ্ৰহন কৰক৷ 

পেট বিষত- In Stomachache
গৰম পানীত এক চিকুট নিমখ দি খাওক৷   

ৰিংওৱাৰ্ম -In Ringworm
সৈন্ধৱ লৱণ, জালুক গুড়ি আৰু হালধী 6 গ্ৰাম লওক৷ সকলোখিনি ভালদৰে গুড়ি কৰি এগিলাচ পানীত মিহলাই উতলাওক৷ যেতিয়া ½ গিলাচ পানী হব তেতিয়া পানী খিনি খাওক৷ 

টাইফয়ড- In Typhoid
এক গিলাচ পানীত 1 চামুচ নিমখ (বয়স্কৰ বাবে) মিহলাওক৷ 3 দিনৰ বাবে দিনে এবাৰ খাওক৷ অধিক পিয়াহ লাগিলে ইয়াক আগতে নাখাব ৷ পানীৰ অলপমান চিপ লব যাতে জিভাখন তিতি যায়, অত্যাধিক পানী নাখাব৷ ই জ্বৰক অতি সোনকালে সামান্য কৰি তুলে৷ 

শীতকালীন চালৰ বাবে-For Winter Skin Affections
গৰম পানীত নিমখ মিহলাই গা ধোৱক ৷

ডিঙিৰ বাবে- In Mumps
গৰম পানীত নিমখ মিহলাই গাৰ্গল কৰক নতুবা সেৱন কৰক৷

বিষাক্ত বা নিচাজাতীয় পদাৰ্থৰ বাবে-   In Poisoning & Intoxication
পানীত 60 গ্ৰাম নিমখ দিয়ক আৰু খাবলৈ দিয়ক৷ ই বিষাক্ত বা নিচাজাতীয় পদাৰ্থ বমিৰ জৰিয়তে বাহিৰ কৰহ দিব৷

অৰ্জীন- In Dyspepsia
শুকান আদা গুড়ি আৰু পিচি লোৱা সৈন্ধৱ লৱন সমান মাত্ৰাত লৈ ভালদৰে মিহলাই লওক৷ ইয়াৰ এক চামুচ গৰ পানী লগত লওক৷  

1 ভাগ সৈন্ধৱ লৱন আৰু 4 ভাগ আজৱাইন মিহলাই লওক ৷ ইয়াৰ ½ চামুচ দিনত দুবাৰ ৰাতিপুৱা আৰু গধূলি গ্ৰহন কৰক৷ 

সৈন্ধৱ লৱন , ডাঙৰ ইলাচি , শুকান পদিনা, আজৱাইন আৰু ক’লা নিমখ সমান পৰিমানে লৈ মিহলাই লওক৷ ইয়াৰ 1 চামুচ প্ৰতিদিনে খাওক৷

হিকটি –   In Hiccough
সৈন্ধৱ লৱন, ক’লা নিমখ আৰু টেবুল নিমখ সমান পৰিমাণে লৈ ভাল দৰে গুড়ি কৰি মিহলাই লওক৷ হিকটি আহিলে গৰম পানী লগত ½ চামুচ সেৱন কৰক৷ 

½ চা চামুচ ক’লা নিমখ, ½ চামুচ নেমু ৰস , 1 চামুচ মৌ মিহলাই  সেৱন কৰক৷ ইয়াৰ ফলত অতি সোনকালে হিকটি বন্ধ হৈ যায় ৷

সাৱধানতা-CAUTION

যদি আপুনি চিকিৎসাজনিত কাৰনত নিমখ খোৱাৰ পৰা বিৰত আছে তেন্তে এনেবোৰ বিধি গ্ৰহণ নকৰিব৷ যিসকল  hysteria, মৃগীৰোগী (epileptic fits), high blood pressure, swellings, kidney diseases, ringworm, itching, gout ৰোগী ,তেওঁলোকে নিমখ খোৱা উচিত নহয় ৷ এইবোৰ নিজে প্ৰয়োগ কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি লোৱাটো বাঞ্চনীয়। 

DISCLAIMER : The information in this article is for knowledge purposes only. It is important to consult the relevant experts before applying them yourself. All those informations are collected from internet. 

Related Search 
Assamese health tips 
Assam daily health tips 
Assam Latest news 
asomiya news- স্বাস্থ্য বাৰ্তা 
sasthya barta
insurance health
SeeHere is theComments

Sponsored

close