> জীৱনদায়িনী নয়নতৰা ফুলৰ চমৎকাৰী গুণ Nayantara Ful amazing heath benifits assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

জীৱনদায়িনী নয়নতৰা ফুলৰ চমৎকাৰী গুণ Nayantara Ful amazing heath benifits assamese

 


বছৰৰ বাৰমাহে ফুলি থকা নয়নতৰা ফুলজুপী আমি প্ৰায় সকলোৱে চিনি পাওঁ । পদুলিমুখত, টাবত বা ঘৰৰ আশে পাশে অতি কম যতনতে জকমকাই ফুলি থকা ৫টা পাহিৰ সৰু সৰু ফুলৰ গোন্ধহীন নয়নতৰাই আমাৰ নয়ন জুৰোৱাই নহয় ই আমাৰ দেহৰো যথেষ্ট উপকাৰ সাধন কৰে । আয়ুৰ্বেদত ইয়াক জীৱনদায়িনী বনৌষধী বুলি গণ্য কৰা হৈছে । আনকি আধুনিক চিকিৎসাৰ গৱেষক সকলেও এই উদ্ভিদৰ পৰাই দুৰাৰোগ্য নানা ৰোগৰ দৰৱ উদ্ভাৱন কৰিব ধৰিছে ।

নয়নতৰা সাধাৰনতে বগা আৰু গুলপীয়া ৰঙৰ দেখা যায় যদিও স্থানভেদে অতি ৰঙা ,পাতল গুলপীয়া ,কমলা আদি কেবাৰঙৰো দেখা যায় ।

ঔষধি আৰু গুণগত মান হিচাপে বগা নয়নতৰা আটাইতকৈ শ্ৰেষ্ঠ । দ্বিতীয়তে গুলপীয়া ।


নয়নতৰাক হিন্দী ভাষাত -সদাবাহাৰ, সদাফুলি, সদা সুলজি , ইংৰাজীত Vinka আদি নামেৰে জনাজাত । বৈজ্ঞানিক নাম- Catharanthus Roseus . ২-৩ফুট ওখ গুল্মজাতীয় উদ্ভিদ । পাত ডিম্বাকৃতিৰ গাঢ় সেউজীয়া ।


ব্যৱহাৰ How to Use Nayantara Flower | Assamese Health Tips

নয়নতৰাৰ ফুল,ডাল ,পাত শিপা আদি সকলো অংশই ঔষধী হিচাৱে ব্যৱহৃত হয় । অভাৱত শুকান চুৰ্ণ হিচাৱেও ব্যৱহাৰ কৰিব পাৰি ।


গুণাগুণ:

১॥ নয়নতৰা মধুমেহ ৰোগীৰ বাবে প্ৰকৃতিৰ মহৎ দান । ৰাতিপুৱা খালিপেটে ৫টা নয়নতৰা পাত পিহি বা চোবাই খালে এই ৰোগত চুগাৰ (শৰ্কৰা) নিয়ন্ত্ৰণত থাকে । এক ঘন্টা পিচত চাহ বা অইন আহাৰ খাব লাগে ।

অন্যথা ৫ পাহ ফুল বা পাত এগিলাচ পানীত তিয়াই থৈ ৰাতিপুৱা পানীখিনি খাব পাৰে । বগা জাতৰ নয়নতৰা উত্তম ফলপ্ৰসু । ( ১০ বা ১৫দিনৰ পাচত পৰীক্ষা কৰি চাব আৰু উপসম পালে পাতলাই খাব । )

২। উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰনৰ বাবে নয়নতৰাৰ শিপা উপকাৰী ॥ ইয়াৰ ২-৪ ইঞ্চি শিপা ধুই ৰাতিপুৱা আহাৰ খোৱাৰ এঘন্টা আগত চোবাই ৰসখিনি খাব । দ্ৰুত ফল লাভৰ বাবে নয়নতৰা শিপাৰ লগত সৰ্পগন্ধাৰ শিপা বা চুৰ্ন খাব ( সৰ্পগন্ধা নাপালে আ্য়ুৰ্বেদিক ফাৰ্মাচিত সৰ্পগন্ধা দৰৱ পাব অন্যথা নাপালে কেৱল নয়নতৰা খাব । ১ সপ্তাহৰ পিচত পৰীক্ষা কৰি নিয়ন্ত্ৰন হোৱা যেন পালে পাতলাই খাব ।

( অইন কোনো দৰৱ ওচৰা ওচৰি সময়ত নাখাব ।আহাৰ নীতি পালন কৰিব )

৩। কৰ্কত ৰোগৰ বাবে নয়নতৰা অতি হিতকাৰী । কৰ্কত ৰোগত নয়ন তৰাৰ পৰাও ঔষধ /ইন্জেক্ চন আদি বনোৱা হয় । তাৰ বিপৰীতে (মধুমেহ ৰোগত খোৱাৰ নিয়মত ) একেৰাহে দীৰ্ঘদিন খালে আৰাম পায়. খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লব )

৪। নয়নতৰাই ৰক্তদোষজনীত বিকাৰ বা তেজৰ দোষত হোৱা ৰোগ দুৰ কৰে আৰু ৰক্ত শৰ্কৰা ( ব্লাড চুগাৰ) নিয়ন্ত্ৰন কৰে ।

৫। ঘা , খজুৱতি আদিত পাতৰ ৰস লগালে সোনকালে আৰোগ্য হয় ।

৬। সন্ধিবাত ৰোগত নয়নতৰা পাতৰ ৰস নিয়মিত খালে উপসম হয় ।

৫। মৌ মাখি বা কীটপটঙ্গই কামোৰা ঠাইত লগালে বিষ কমে ।

Related Search 

Assamese health tips 

Nayantara flower health benifit 

Assamese health tips 

Assam Latest news 

insurance for health 

health insurance tips 

 DISCLAIMER :এই প্ৰবন্ধৰ তথ্যসমূহ ইন্টাৰনেটৰ পৰা সংগৃহীত । আমাৰ বাৰ্তা (gistindia.org.in) ইয়াৰ সত্যতা নিশ্চিত নকৰে। এইবোৰ নিজে প্ৰয়োগ কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি লোৱাটো বাঞ্চনীয়।


DISCLAIMER : The information in this article is for knowledge purposes only. It is important to consult the relevant experts before applying them yourself . 


 


SeeHere is theComments

Sponsored

close