> পিয়াজ কাটি ঘৰৰ চুকত ৰাখিলে পাব সাংঘাতিক লাভ - onion health benifits in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

পিয়াজ কাটি ঘৰৰ চুকত ৰাখিলে পাব সাংঘাতিক লাভ - onion health benifits in assamese

 

পিয়াজ কাটি ঘৰৰ চুকত ৰাখিলে পাব সাংঘাতিক লাভ - onion health benifits in assamese



এটি পিয়াজ কাটি ঘৰৰ চুকত ৰাখিলে পাব সাংঘাতিক লাভ :

বর্তমান অত্যাধুনিক চিকিৎসা পদ্ধতিৰ দিনত ঔষধি হিচাপে পিঁয়াজৰ গুৰুত্ব কমি গৈছে যদিও বিজ্ঞানে ইয়াৰ গুণক অস্বীকাৰ কৰিব নোৱাৰে৷

ৰাতি বিচনাত পৰাৰ আগতে এটা পিঁয়াজ কাটি চাৰি টুকুৰা কৰি শুৱনি কোঠাৰ চুকত ৰাখিলে পাব বহুতো উপকাৰ যিটো শুনিলে আচৰিত হবলগীয়া।

পিয়াজৰ বেক্টেৰিয়া আৰু ভাইৰাছ প্ৰতিৰোধ ক্ষমতা থকা হেতুকে আপোনাৰ কোঠাত প্ৰৱেশ কৰা বেক্টেৰিয়া আৰু ভাইৰাছ বোৰক পিয়াজে চুম্বকীয় শক্তিৰে আকৰ্ষণ কৰিব আৰু মাৰি পেলাব। সেয়ে প্রাচীন কালত লোকসকলে ৰোগ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ পিঁয়াজ এনেদৰে ব্যৱহাৰ কৰিছিল। সেয়েহে অতীতৰ প্ৰবাদ আছে যে বেছি সময় আগতে কাটি থোৱা পিয়াজ খাব নালাগে কিয়নো বেমাৰ হব পাৰে।

তাৰোপৰি এনেকৈ পিয়াজ কাটি ৰাখিলে মহৰ কামোৰৰ পৰাও ৰক্ষা পাব পাৰি।

অকল সেয়ে নহয় পিঁয়াজ খালে বহুত স্বাস্থ্য উপকাৰ হয় কিয়নো ইয়াৰ ঔষধী গুণ বহুত আছে এই কথা আমি সকলোৱে জানো। যেনে:

১) এলিয়াম আৰু এলাইল দাইছালফাইট নামৰ প্রাকৃতিক উপাদান থকা হেতুকে পিয়াজৰ বিভিন্ন প্ৰকাৰৰ কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে, ডায়েবেটিচ নিয়ন্ত্রণ কৰাৰ উপৰিও ডায়েবেটিচ ৰোগীৰ ভৰিত হব পৰা বিজানু সংক্রমণ প্ৰতিৰোধ কৰে।

২) ইনুলিন নামৰ দ্ৰব্য বিধ থকা হেতুকে পিয়াজ খালে পাচন ক্রিয়া সক্ৰিয় হৈ থাকে। লগতে এই ইনুলিন খাদ্য নলীত থকা জৈৱ বেক্টেৰিয়াৰ বাবে উপকাৰী। পিয়াঁজৰ ঠাইওছালফিনাট নামৰ দ্ৰব্য বিধ এন্টী-বেক্টেৰিয়া গুণ সমৃদ্ধ।

৩) পিয়াঁজত থকা অলিগুফ্রুক্টোছ য়ে গ্ৰহণী ৰোগ নিৰাময় কৰিব পাৰে।

৪) পিয়াঁজৰ ফাইটোকেমিকেল সমূহে গেষ্ট্রিক আলছাৰ নিৰ্মূল কৰিব আৰু আৰু পেটৰ বিষ কমাই।

৫) হাড়ৰ গঠন মজবুত হবলৈ পিয়াজ উপকাৰী পিয়াঁজত থকা GPCS নামৰ ৰাসয়নিক দ্রব্য বিধে হাড়ৰ অষ্টিওপৰছিছ ৰোধ কৰিব পাৰে ।

৬) আৰথ্ৰাইটিছ ৰোগীৰ বাবে পিয়াজ উপকাৰী। পিয়াঁজৰ সক্রিয় উপাদান সমূহে প্রস্তাগ্লেণ্ডিন, লিওকেত্ৰিন আৰু হিষ্টামিন আদিক ৰুদ্ধ কৰি আথ্ৰাইটিছ ৰ বিষ কমাই।

৭) পিয়াঁজত থকা কুৱেৰছেটিন আৰু ফ্লেভূনৈদ সমূহে এলাৰ্জি ৰোধ কৰে । চর্দি, হাঁপানী, একজমা আদি প্ৰতিৰোধ হয় পিয়াজ খালে। পিয়াজত থকা ছালফাৰ মিশ্রনে কফ নিষ্কাষণ ত সহায়ক হয়।

৮) দাঁতৰ বাবে পিয়াজ ভাল। দাঁতৰ সংক্রমণ হব পৰা বেক্টেৰিয়া স্ত্রীপ্তককাছ মেওটান আৰু স্ত্রীপ্তককাছ চবঋণাচক প্ৰতিৰোধ কৰে।

৯) এন্টী- বাইটিক গুণৰ বাবে পিয়াজ খালে ঘাঁ সোনকালে শুকাই।

১০) পিয়াঁজত থকা চেলেনীয়াম আৰু মিনাৰেল সমূহে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷

১১) পিয়াঁজৰ চাহ খালে সাধাৰণ চৰ্দি কাহ নির্মূল হয়। ইয়াৰ বাবে এটা পিয়াজ বাকলাই সৰুকৈ কাতক আৰু একাপ পানীত উটলাই গৰমে গৰমে খাই দিয়ক।

Related Search
onion health benifit
health benifit in assamese
Assamese health tips
Assam Latest news
sasthya barta
Assamese tips
asomiya pratidin
Niyomia Barta today

DISCLAIMER : The information in this article is for knowledge purposes only. It is important to consult the relevant experts before applying them yourself

SeeHere is theComments

Sponsored

close