> হাৰ্ট এটেক হোৱাৰ আগতে প্ৰকাশ পোৱা ৮ টা মুখ্য লক্ষণ - Symptoms of heart attack - নিয়মীয়া খবৰ

ads5

ads2

adsz

হাৰ্ট এটেক হোৱাৰ আগতে প্ৰকাশ পোৱা ৮ টা মুখ্য লক্ষণ - Symptoms of heart attack

 

হাৰ্ট এটেক হোৱাৰ আগতে প্ৰকাশ পোৱা ৮ টা মুখ্য লক্ষণ - Symptoms of heart attack



হার্ট এটেক অহাৰ এক মাহৰ মানৰ আগৰে পৰা কোনো ব্যক্তিৰ শৰীৰত কিছুমান বিশেষ লক্ষণে দেখা দিয়ে । ইয়াৰে ৮ টা প্ৰধান লক্ষণ উল্লেখ কৰা হৈছে।

১. Fatigue / ভাগৰুৱাঃ

খুব ভাগৰ লগা, ক্লান্তি বা অবসাদ ভাব হোৱা আদি কাৰক বোৰ হাৰ্ট এটেকৰ লক্ষণ হব পাৰে। অর্থাত বিশেষ কোনো শাৰীৰিক কষ্ট নকৰাকৈয়ে হৰ্থাৎ খুব ভাগৰুৱা যেন অনুভৱ কৰাটো হাৰ্ট এটেকৰ আগ জাননী হব পাৰে। বিশেষ কৈ মহিলা সকলৰ অগতানুগতিক ক্লান্তি অনুভৱ পুৰুষৰ তুলনাত তুলনামূলকভাবে বেছি হয়। শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ কাৰণে এনেধৰণে হঠাৎ ভাগৰুৱা অনুভৱ হয়। এনে দূর্বলতা, ক্লান্তি, অনুভৱ সঘনাই হবলৈ ধৰে আৰু দৈনন্দিন কৰি থকা কিছুমান কাম কৰিবলৈও বহু কষ্ট অনুভৱ হয়।

২. Abdominal pain/ পেটৰ বিষঃ

পেটৰ বিষ, পেট খালী হোৱা যেন অনুভৱ হোৱা লগতে বমিৰ ভাব আহি থকা হাৰ্ট এটেকৰ প্ৰাৰম্ভিক লক্ষ্য হব পাৰে । কেতিয়াবা আকৌ পেট ফুলি থকা যেন লাগিব আৰু বমিৰ ভাব থাকিব পাৰে । অর্থাৎ পেটৰ বিষ, পেট উফন্দি থকা যেন অনুভৱ হব, পেট খালী হৈ আছে যেন লাগিব। বমি বমি ভাব আদি লক্ষণ বিলাক যদি সঘনাই হৈ থাকে ই এটা হার্ট এটেকৰ কাৰণ হব পাৰে। এনে ধৰণৰ লক্ষণ সমূহ পুৰুষ মহিলা উভয়ৰ ক্ষেত্ৰতে একেধৰণে প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায়।

৩. Insomnia/Sleeplessness –অনিদ্রা বা নিদ্রাহীনতা

অনিদ্রা বা নিদ্রাহীনতাও হাৰ্ট এটেকৰ এটা লক্ষণ ৰূপে গণ্য কৰা হৈছে। যিটো মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা পোৱা যায়। মানুহৰ দূচিন্তা বা উৎকণ্ঠাৰ কাৰণে নিদ্রাহীনতাৰ সৃষ্টি হব পাৰে। যিটো শেষত হাৰ্ট এটেকৰ এটা মুখ্য কাৰণ হৈ পৰে। নিদ্ৰাহীনতাৰ কাৰণে ৰোগী ৰাতি সহজতে টোপনি যাব নোৱাৰে আৰু ৰাতিপুৱা বিচনাৰ পৰা উঠাটো বহু কষ্টকৰ হৈ পৰে। গতিকে এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।

8. Shortness of breath/ উশাহ চুটি চুটি হোৱা

উশাহ চুটি চুটি হোৱাটোও হাৰ্ট এটেকৰ আন এটা মুখ্য লক্ষণ। ৰোগীয়ে ভালকৈ উশাহ নিশাহ লোৱাত কষ্ট অনুভৱ কৰে, গৰম উঠিবলৈ ধৰে আৰু চতফটাই থাকে। এই লক্ষণ পুৰুষ মহিলা উভয়ৰে হাৰ্ট এটেক অহা একমাহৰ আগৰ পৰাই প্ৰকাশ পাব। এনেকুৱা লক্ষণ প্রকাশ পালে পলম নকৰি ডাক্তৰৰ ওচৰলৈ যোৱাটো অতি আৱশ্যক।

৫. Hair loss /অত্যাধিক চুলিসৰা

অত্যাধিক চুলি সৰা হাৰ্ট এটেকত দৃষ্টিগোচৰ হোৱা এটা লক্ষণ। এনেধৰণৰ লক্ষণ পুৰুষ সকলৰ মাজত তুলানামূলক ভাবে বেছিকৈ পোৱা যায়। মহিলা সকলৰ মাজত এই লক্ষণ দেখা পোৱা যায় যদিও পুৰুষৰ তুলনাত কম।

৬. Irregular heart beat/অনিয়মীয়া হার্ট বিট

অনিয়মীয়া হার্ট বিট ও হাৰ্ট এটেকৰ  অন্য এটা মুখ্য কাৰণ হব পাৰে।

৭. Excessive perspiration (sweating)/অত্যধিক ঘাম ওলোৱা

যিকোনো সময়তে ঘাম ওলোৱাটোও হাৰ্ট এটেকৰ এটা প্ৰাৰম্ভিক লক্ষণ। মহিলাৰ মাজত এই লক্ষণ বেছিকৈ দেখা যায়। সৰ্বসাধাৰণতে এনেকুৱা হলে মহিলা সকলে অত্যাধিক গৰম পৰা বুলিয়েই ভাবি লয় বা menopause বা মাহেকীয়া তাৰ কাৰণ বুলি ভাবে। ঘাম কেতিয়াবা ইমানেই অত্যাধিক হয় আৰু ঘামৰ কাৰণে বিচনা চাদৰ সেমেকি যায়। ইয়ো হাৰ্ট এটেকৰ এক লক্ষণ বুলি বিবেচনা কৰা হয়।

৮. Chest pain বুকুৰ বিষঃ

বুকুৰ বিষো হাৰ্ট এটেকৰ কাৰণ হব পাৰে। একেৰাহে বুকুৰ বিষ হৈ থকাটো হাৰ্ট এটেকৰ প্ৰাৰম্ভিক লক্ষণ। ৩০% মহিলাৰে বুকুৰ বিষ থকাটো দেখিবলৈ পোৱা যায়। এই লক্ষণ সমূহ প্রকাশ পালে ডাক্তৰৰ সৈতে পৰামৰ্শ কৰি সাৱধানতা অৱলম্বন কৰিলে নিশ্চিত বিপদৰ পৰা আপুনি ৰক্ষা পাৰিব।

Related Search
Assamese health tips
Assamese daily tips
sasthya barta
health insurance policy
health news assamese
স্বাস্থ্য বাৰ্তা
symptoms of heart attack

DISCLAIMER : The information in this article is for knowledge purposes only. It is important to consult the relevant experts before applying them yourself.

SeeHere is theComments

Sponsored

close