> ১৩ ফেব্ৰুৱাৰী, দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 13 February Sunday today's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১৩ ফেব্ৰুৱাৰী, দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 13 February Sunday today's horoscope in assamese

 ১৩ ফেব্ৰুৱাৰী, দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 13 February Sunday today's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Sunday, February 13, 2022)

বন্ধুৰ পৰা পোৱা বিশেষ প্ৰশংসা আপোনাৰ আজি সুখৰ এটা কাৰক বনিব , কাৰণ আপুনি নিজকে গছৰ নিচিনা বনাই লৈছে যিয়ে অনবৰতে ৰ'দত থিয় হৈ সেই ৰ'দ সহ্য কৰি বেলেগক অনবৰতে ছাঁ দি থাকে। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হব। এক ঘনিষ্ঠ আত্মীয় নিজৰ বাবে আপোনাৰ অধিক যতন লব, অৱশ্যে তেখেত বহুত সহায়কাৰী আৰু খবৰ লৈ থকা বিধৰ মানুহ হব। আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। দিন বহুত ভাল , আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষ বোৰ ভল্কৈ চালি-জাৰি চাওঁক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। আত্মত্মীয় সমূহক লৈ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি সৰু ল’ৰা-ছোৱালীৰ লগত সৰু হৈ যাব ফলস্বৰূপে সৰুবোৰ গোটেই দিন আপোনাৰ লগত লাগি থাকিব।

চিকিৎসা :- ঔমঃ এন হ্ৰিম শ্ৰীম শনিশ্বৰায় নমঃ এই মন্ত্ৰ পুৱা গধুলি ১১ বাৰ উচ্চৰণ কৰিলে প্ৰেমত সম্পৰ্ক অধিক অটুট হ'ব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Sunday, February 13, 2022)

আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। আজি আপুনি ভাল ভাৱে পইচা আয় কৰিব-কিন্তু দৈনন্দিন জীৱনত হোৱা অতিৰিক্ত খৰচৰ বৃদ্ধিয়ে আপোনাৰ সময় অধিক জটিল কৰি তুলিব। আপুনি আপোনাৰ একঘেমীয়া দিনৰ ব্যস্ততাৰ পৰা অলপ অৱসৰ লোৱা উচিত আৰু বন্ধু-বান্ধৱীৰ লগত বাহিৰত ফুৰিব যাওক। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। আপুনি যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তাতেই আপোনাৰ প্ৰতিযোগী স্বভাৱ আপোনাক জয়ী কৰাত মূল ভূমিকা গ্ৰহণ কৰিব। যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱন সংগীৰ লগত আজিৰ দিনটো বহুত ৰোমাণ্টিক ধৰণে অতিবাহিত হব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত চিনেমা চালে আপোনাৰ দিন আমেজেৰে অতিবাহিত হব।

চিকিৎসা :- আৰ্থিক ভাৱে সবল হ'বৰ বাবে আহঁত গছৰ শিপাত সৰিয়হৰ তেল ঢালক।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Sunday, February 13, 2022)

স্বাস্থ্য ভালে থাকিব। উপদেশ অবিহনে আজি কতো ধন বিনিয়োগ নকৰিব। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। আজি আপুনি আৰু আপোনাৰ লগৰী প্ৰেম আৰু ভাল পোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় লাভ কৰিব। বাগিচাৰ কাম কৰাটো আপোনাক সন্তুষ্টতা দিব পাৰে ,আৰু ইয়াৰ ফলত পৰিবেশৰো লাভ হব।

চিকিৎসা :- একমুখী ৰুদ্ৰাক্ষ ক বগা সূতাত ধাৰণ কৰিলে আৰ্থিক স্থিতি শক্তিশালী হ’ব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Sunday, February 13, 2022)

আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হব পাৰে। বন্ধু আৰু আত্মীয় আপোনাৰ সহায় কৰিব আৰু আপুনি সিহতৰ লগত বহুত সুখী অনুভৱ কৰিব। আজি আপোনাক আপোনাৰ প্ৰিয়জনৰ স্মৃতিয়ে আমনি কৰিব। কৰ্ম-কাণ্ড/পূজা আদি আজি ঘৰত অনুষ্ঠিত হব। ওৱৰ চুবুৰীয়াই আপোনালোকৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে ,কিন্তু আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজৰ সম্পৰ্ক বহুত শক্তিশালী সেইবাবে এই সম্পৰ্ক ভঙাটো সহজ নহব। সদায় একে কাম কৰি থাকিলে যিকোনো মানুহ ভাগৰুৱা অনুভৱ কৰে , আজি আপোনাক এই সমস্যাই বহুত অসুবিধা দিব পাৰে।

চিকিৎসা :- সোৱাদযুক্ত বগা ৰঙৰ মিঠাই দুখীয়া লৰা-ছোৱালীৰ মাজত বিতৰণ কৰিলে আপুনি মানসিক শান্তিৰ প্ৰাপ্ত হব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Sunday, February 13, 2022)

আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হব । ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হব। এই ব্যস্ত ভৰা জীৱনত আপুনি নিজকে ভাগ্যশালী বুলি অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন সকলোতকৈ ভাল । যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হব। আপোনাৰ আৰু জীৱন সংগীৰ মাজত বিশ্বাসৰ এক দূৰ্বলতা আহিব পাৰে ,যাৰ ফলত বৈবাহিক জীৱনত কিছু অশান্তিৰ সৃষ্টি হব পাৰে। যান-বাহন চলোৱা সময়ত অধিক সাবধান হোৱা দৰকাৰ নহ’লে বেলেগৰ ভুলৰ বাবে আপোনাৰ ক্ষতি হব পাৰে।

চিকিৎসা :- সপ্তাহৰ অশান্তিৰ পৰা বাচিবলৈ কপালত বগা চন্দনৰ তিলক লগাওঁক।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Sunday, February 13, 2022)

অফিচ আৰু ঘৰৰ কামৰ চাপে আপোনক খঙাল কৰি তুলিব। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব , যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। যদি আজি আপুনি ডেটত গৈ আছে তেন্তে বিবাদিত বিষয় সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক। নিজৰ মনত নিয়ন্ত্ৰণ কৰা শিকক কিয়নো বহু সময়ত আপোনাৰ মনৰ শুনি আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিয়ে। আপুনিও আজি এনেকুৱা কিবা কৰিব পাৰে। আপোনাৰ জীৱন সংগীৰ ফালৰ পৰা লাভ কৰা কোনো বিশেষ উপহাৰে আপোনাৰ দুখিত মনক উৎসাহ যোগোৱাত বহুত সহায় কৰিব। ঠাণ্ডা পানী খোৱাটো আজি আপোনাৰ বাবে হানিকাৰক বুলি পৰিগণিত হব।

চিকিৎসা :- শৰীৰ ভালে ৰাখিবৰ বাবে চন্দ্ৰৰ পোহৰৰ তলত ১৫ ৰ পৰা ২০ মিনিট লৈকে বহক


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Sunday, February 13, 2022)

আপোনাৰ ধনাত্মক চিন্তা ধাৰাক পুৰস্কৃত কৰা হব , কাৰণ আপুনি আপোনাৰ চেষ্টা সমূহত সফলতা লাভ কৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে , লাগে ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোই কৰিব লাগে। কোনোবা আজি আপোনাক তেখেতৰ আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। সেইবস্তু বোৰ পুনৰাবৃত্ত কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মহত্ব নাই , আপোনাৰ বাবে ঠিক নহয়। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময়ৰ অপচয় হব আৰু একো নহয়। আজিৰ দিনটোয়ে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমাণ্টিক ভাৱনা সমূহ সম্পূৰ্ণ ৰূপে দেখুৱাব । আজি যদি আপোনাৰ কাম বেছি নাই তেন্তে আপুনি ঘৰৰ বস্তুৰ মেৰামতি কৰাত সময় দিব পাৰে।

চিকিৎসা :- দুখীয়া মানুহক কেঁচা কয়লা দান কৰিলে তৰ্ক বিতৰ্কৰ পৰা বিৰত থাকিব পাৰিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Sunday, February 13, 2022)

আপোনাৰ হাাহি মুখীয়া স্বভাৱে অন্যক সুখী কৰিব। আপোনাৰ বহুত উৎসৰ পৰা লাভ হব। পাৰিবাৰিক অৱসাদত আপোনাৰ ধ্যান ভংগ নকৰিব, এক বেয়া সময়ে আমাক ভুত কিছু শিকাই থৈ যায়। অনাকাংক্ষিত ৰোমাণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। ঘৰৰ সদস্য এজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব জেদ্‌ কৰিব পাৰে সেইবাবে আপোনাৰ সময় অলপ অপচয় হ’ব। আপুনি এই কথা জানে নে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱ দূতৰ দৰে ,তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব। দেউতাৰ লগত আজি এজন বন্ধুৰ দৰে আপুনি কথা পাতিব পাৰে । আপোনাৰ কথা শুনি তেখেত সুখী হ’ব।

চিকিৎসা :- মাটিৰ খালি থকা কলহ এটা সাফৰ সহিতে বহমান পানী ত প্ৰবাহিত কৰিলে পাৰিবাৰিক জীৱনত থকা সমস্যাবোৰৰ সমাধান হব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Sunday, February 13, 2022)

আপুনি যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিব তেতিয়াই আপোনাৰ হতাশা সমূহ একেবাৰে নোহোৱা হৈ পৰিব। সোনকালে আপুনি বুজি পাব যে এই সমস্যাসমূহ চাবোনৰ ফেনৰ দৰে হয় ,যি চুই দিয়াৰ লগত ফুটি যায়। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। অন্য লোক আৰু সিহঁতৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নল'ব ,হ'ব পাৰে যে আপুনি বেলেগৰ দবাবত আছে আৰু সিহঁতক আপোনাৰ সহানুভূতি আৰু বিশ্বাসৰ প্ৰয়োজন। আজি এই ধুনীয়া দিন টোত প্ৰেম-সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হব। জীৱনৰ জটিলতা বুজিবলৈ আজি ঘৰ বৰিষ্ঠ জনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হব। দীঘলীয়া সময়ৰ অন্তত আপুনি ধুনীয়াকৈ এঘুমটি মাৰি লব পাৰিব,টোপনিৰ পিছত আপুনি বহুত শান্ত আৰু সতেজ অনুভৱ কৰিব ।

চিকিৎসা :- ঘৰত শান্তি আৰু সম্বৃদ্ধি বাহাল ৰাখিবৰ বাবে ফুল , মানি প্ল্যাণ্ট আৰু একোৰিয়াম ইত্যাদি ঘৰৰ উত্তৰ অথবা উত্তৰ-পশ্চিম দিশত ৰাখক।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Sunday, February 13, 2022)

আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাস ৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হব। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়া শুনা অথবা চাকৰি কৰিছে তেন্তে সেইবোৰ মানুহৰ পৰা দূৰত থাকক যাৰ বাবে আপোনাৰ সময় আৰু ধনৰ অপচয় হয়। হতাশাৰ এক দীঘল সময় চলি থাকিব ,অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। ব্যক্তিগত বিষয় সমূহ নিয়ন্ত্ৰণত থাকিব। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোতে শেষ হব । আপুনি আপোনাৰ জীৱন লগৰীৰ গুণ বোৰৰ বাবে আকৌ তেওঁৰ প্ৰেমত পৰিব পাৰে। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে।

চিকিৎসা :- গঙ্গা জল ঘৰত ছটিয়াই থাকিলে ঘৰত ভাল পৰিবেশ এটা অনবৰতে থাকিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Sunday, February 13, 2022)

ধাৰ্মিক ভাৱনা বোৰৰ কাৰণে আপুনি যিকোনো তীৰ্থস্থান লৈ যাত্ৰা কৰিব পাৰে আৰু কোনোবা সাধুৰ পৰা দৈৱিক জ্ঞান লাভ কৰিব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক ,কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হব আপুনি শান্ত হৈ থাকক । মনত ৰাখিব সংবেদশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। সিহতক অনুভৱ কৰিব দিয়ক যে আপুনি সচাকৈয়ে সকলোৰে কথা চিন্তা কৰে। ব্যক্তিগত দিকদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। আজি এনেকুৱা বহুত বস্তু সংঘটিত হব ,যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আপোনাৰ জীৱন সংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব । লোকৰ মাজত থাকি আপুনি সকলোৰে সন্মান কৰিব জানে সেইবাবে সকলোৰে মনত আপুনি নিজৰ এটা ভাল ছবি বনোৱাত সফল হৈছে।

চিকিৎসা :- ৰূপৰ গহনা অধিক ব্যবহাৰ কৰিলে জীৱনত সুখ শান্তি প্ৰাপ্তি হব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Sunday, February 13, 2022)

আপোনাৰ বেলেগক সমালোচনা কৰাৰ স্বভাৱৰ বাবে অন্যই আপোনাক সমালোচনা কৰিব পাৰে। আপোনাৰ চেন্স অফ হিউমাৰ ৰাখক আৰু এনে কৰিলে আপুনি সমালোচনা কৰিলেও তাক ভাল ভাৱে গ্ৰহণ কৰিব পাৰিব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক ক্খৰচ নকৰিব। যাক আপুনি বহুত বিশ্বাস কৰে ,তেখেত আপোনাক পূৰ্ণ সত্যৰ ঊমান নিদিয়াৰ সম্ভাৱনা আছে। আপোনাৰ অন্যক পতিয়ন নিয়াব পৰা ক্ষমতা আহিব লগা বহুত সমস্যাৰ সমাধান উলিওয়াত সক্ষম হব। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। কিছুমান ব্যক্তিৰ বাবে আকস্মিক যাত্ৰা ভাগৰুৱা আৰু হতাশাজনক হব পাৰে। আপোনাৰ জীৱন সংগী আপোনাৰ প্ৰয়োজনীয়তা সমূহ অৱহেলা কৰিব পাৰে , যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিব পাৰে। স্বাস্থ্যক অৱহেলা কৰা বাবে আজি আপুনি বহুত চিন্তিত থাকিব পাৰে, আৰু সেয়ে বেছি সময় ৰৈ নাথাকি যিমান পাৰে সোনকালে চিকিৎসকৰ ওচৰ চাপক আৰু নিজকে পৰীক্ষা কৰাওক।

চিকিৎসা :- সুস্বাস্থ্যৰ আনন্দ ল’বলৈ আপুনি ঘৰৰ মধ্য স্থান (ব্ৰহ্ম স্থান ) চাফ ৰখাটো দৰকাৰ।

SeeHere is theComments

Sponsored

close