> ১৮ ফেব্ৰুৱাৰী, শুক্ৰবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আজি দিনটো - 18 February Friday - Today's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১৮ ফেব্ৰুৱাৰী, শুক্ৰবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আজি দিনটো - 18 February Friday - Today's horoscope in Assamese

 ১৮ ফেব্ৰুৱাৰী, শুক্ৰবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আজি দিনটো - 18 February Friday - Today's horoscope in Assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Friday, February 18, 2022)

স্বাস্থ্যৰ ফালেদি এই সময়খিনি আপোনাৰ কঠিন যাব ,সেইবাবে খোৱা বোৱাৰ ভলকৈ যত্ন লব। কাৰোবাক কথা দিয়াৰ সময়ত আৰু বিত্তীয় লেন দেন কৰা সময়ত সাৱধানে থাকক। পাৰিবাৰিক অৱসাদত আপোনাৰ ধ্যান ভংগ নকৰিব, এক বেয়া সময়ে আমাক ভুত কিছু শিকাই থৈ যায়। আপোনাৰ প্ৰিয়জনৰ সততাৰ ওপৰত সন্দেহ নকৰিব। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়ম বোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাৱি থৈ দিছে। জীৱনসংগীৰ লগত সময় কটাই থকা অৱস্থাত আপোনালোকৰ পুৰণা কথালৈ আকৌ দুয়োজনৰ মাজত কাজিয়া হব পাৰে। আপুনি এই কথা জানে নে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱ দূতৰ দৰে ,তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব।

চিকিৎসা :- ভাল স্বাস্থ্যৰ প্ৰাপ্তিৰ বাবে পায়সৰ সেৱন কৰক।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Friday, February 18, 2022)

আনন্দিত হৈ যাওক কাৰণ আপোনাৰ ভাল দিন আহি আছে আৰু নিজৰ মাজত অতিৰিক্ত উৰ্জাৰ অনুভৱ কৰিব। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। আপোনাৰ সামাজিক জীৱনক অৱহেলা নকৰিব ,আপোনাৰ ব্যস্ত দিনযোৰাৰ পৰা অলপ সময় উলিয়াই নিজৰ পৰিয়ালৰ লগত কিবা অনুষ্ঠানৰ আয়োজনত হাতে -কামে লাগি দিয়ক, ইয়ে আপোনাৰ বোজা কম কৰাৰ লগতে আপোনাৰ অসহজ স্বভাৱটোকো আতৰ কৰিব। ৰোমাঞ্চৰ আজি অৱনতি ঘটিব আৰু দামী উপহাৰেও সেই যাদু চলোৱাত বিফল হব। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এক ভাল দিন। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি কৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। কোনোবা বন্ধু অথবা ওচৰ- চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক -বিতণ্ডতা হব পাৰে।

চিকিৎসা :- স্মৰণীয় আৰু মধুৰ প্ৰেম জীৱনৰ বাবে নিজৰ পকেটত সদায় সুগন্ধি লগাই ৰখা ৰুমাল এখন ৰাখিব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Friday, February 18, 2022)

যদি সম্ভৱ হয় তেন্তে দীঘল যাত্ৰা কৰাৰ পৰা বিৰত থাকক,কাৰণ দূৰণি বটীয়া যাত্ৰাৰ বাবে আপুনি বহুত দূৰ্বল আৰু এনে কৰিলে আপুনি আৰু অধিক দুৰ্বল হৈ পৰিব। আপোনাৰ কমিশ্বন , লাভাংশ আৰু ৰোয়েল্টী ৰ পৰা আৰ্থিক লাভ হব পাৰে। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগ -বঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। কোনোবা নতুন পৰিযোজনাত কাম কৰাৰ আগতে ভাল কৈ ভাৱি চিন্তি লওক। যিসকল লোক কামত ব্যস্ত আছিল সিহতঁ আজি নিজলৈ সময় পাব পাৰে কিন্তু ঘৰত কাম এটা আহি যোৱা বাবে আপুনি আকৌ ব্যস্ত হৈ পৰিব পাৰে। আপুনি অথবা আপোনাৰ জীৱন সংগী আজি বিচনাত দুখ পাব পাৰে সেইবাবে এজনে আনজনৰ যত্ন লোৱাটো উচিত।

চিকিৎসা :- শৰীৰ ভাল ৰাখিব বিচাৰে যদি সুৰ্য স্নান ( গা ধোৱা পানীত ঘেহুঁ, গোটা মচুৰ ,ৰঙা সেন্দুৰ মিহলি কৰি) কৰক।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Friday, February 18, 2022)

মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। আপুনি এনেকুৱা উৎসৰ পৰা পইচা আয় কৰিব পাব যিবোৰৰ বিষয়ে আপুনি কেতিয়াও ভাবিও চোৱা নাছিল। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত অসহনীয় হব। কামৰ মাজত মানুহৰ লগত মিলা-প্ৰীতিত বুজি মেলি আৰু ধৈৰ্য ধৰি সাৱধান হোৱা উচিত। যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে ,তেন্তে নিশ্চয় আপুনি তাৰ সংকেত আগতীয়াকৈ দেখা পাব পাৰে। ভুল বুজাবুজিৰ এক দীঘলীয়া সময়ৰ অন্তত এই সন্ধিয়া আপুনি জীৱন সংগীৰ প্ৰেমৰ এক ধুনীয়া উপহাৰ লাভ কৰিব।

চিকিৎসা :- কৰ্মজীৱনত অগ্ৰগতি লাভ কৰিবৰ বাবে ঘৰত পেলনীয়া বস্তু তথা অলাগতিয়াল বস্তু জমা কৰাৰ পৰা বিৰত থাকক।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Friday, February 18, 2022)

মনোবৈজ্ঞানিক ভয়ে আপোনাক অস্থিৰ কৰি তুলিব পাৰে। ধনাত্মক চিন্তা আৰু ধনাত্মক ভাৱনাই আপোনাৰ আজিৰ দিনৰ বাবে বহুত বেছি আৱশ্যকীয়। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। আপুনি নিজৰ ঘৰ আৰু তাৰ আশে পাশে অজি কিবা পৰিৱৰ্তন আনিব পাৰে। ৰোমাঞ্চৰ বতৰ হয় ,কিন্তু নিজৰ ভাৱনা সমূহক নিয়ন্ত্ৰণত ৰাখক,নহ'লে সম্বন্ধত ফাটঁ মেলিব পাৰে। যদি আপুনি নিজৰ লক্ষ্য ত উপনীত হবলৈ একাগ্ৰতাৰে কাম কৰিব আৰু নিজৰ সমূহ ধ্যান এটা বস্তুত কেন্দ্ৰিত কৰিব পাৰিলে আপোনাৰ উপলব্ধি আশাতকৈ অধিক হব। এই ৰাশিৰ ছাত্ৰসকলৰ আজি মোবাইলে গোটেই দিন বৰবাদ কৰি দিব পাৰে। আজি আপোনাৰ জীৱন সংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰেই অসংবেদনশীল হব পাৰে।

চিকিৎসা :- দেহাত ভিন্ন ৰংৰ দাগ থকা কুকুৰ ঘৰত ৰাখি পালন কৰিলে স্বাস্থ্যৰ উন্নতি হ’ব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Friday, February 18, 2022)

বেলেগক সমালোচনা কৰি নিজৰ অমূল্য সময় নষ্ট নকৰিব কাৰণ ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব। আজি আপোনাৰ মা দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে অৱশ্যে আপুনি এই কথাটো বহুত মনযোগ দি শুনাটো দৰকাৰ নহলে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হব পাৰে। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। চাকৰিত হোৱা নতুন পৰিৱৰ্তনে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। যাত্ৰা আপোনাৰ বাবে বহুত আনন্দদায়ক আৰু লাভদায়ক বুলি প্ৰমাণিত হব। পুৱা পুৱা আপুনি জীৱন সংগীৰ পৰা এনে কিছু লাভ কৰিব যাৰ ফলত আপোনাৰ দিন বহুত ভাল যাব।

চিকিৎসা :- ৰজনীগন্ধাৰ তেল ,সেন্দুৰ,ৰূপৰ কাম খটোৱা চোলা হনুমান মন্দিৰত নিবেদন কৰিলে সুস্বাস্থ্যৰ অধিকাৰী হ’ব পাৰিব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Friday, February 18, 2022)

স্বাস্থ্যৰ লগত জড়িত সমস্যা আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। পূৰণি নিৱেশৰ বাবে আপোনাৰ আয়ত বহুত বৃদ্ধি হৈ থাকিব। আপোনাৰ সন্তান আপোনাৰ আকাংক্ষাত থিয় হব নোৱাৰিব, এই বাবে আপুনি অলপ নিৰাশ হব পাৰে। আপোনাৰ সন্তান আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰাবলৈ উৎসাহিত কৰক। আপোনাৰ উৎসাহ নিশ্চিত ভাৱে আপোনাৰ সন্তানৰ আত্ম-বিশ্বাস বঢ়াই তুলিব। আজিৰ প্ৰেমৰ পিনেদি দিন বহুত বিবাদিত থাকিব। কম সময়ৰ পাঠ্যক্ৰম এটাত ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতাৰ বৃদ্ধি কৰক। এনেকুুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত দিব পাৰে। আপোনাৰ জীৱন সংগীৰ আব্দাৰ বোৰে আপোনাক আশান্তি প্ৰদান কৰিব পাৰে।

চিকিৎসা :- স্বাস্থ্য ভাল আৰু নিৰোগী কৰি ৰাখিবৰ বাবে কপালত কেশৰৰ তিলক লগাওক।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Friday, February 18, 2022)

আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। আপোনাৰ জ্ঞান পিপাসু মন টোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হব। প্ৰিয়জনক ৰুক্ষভাৱে কথা নক'ব নহ'লে পিছলৈ পৰিতাপ কৰিবলগীয়া হব পাৰে। কাম আৰু ঘৰৰ চাপ আপোনাক খঙাল কৰিব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত নহ'ব ,কাৰণ আপোনাৰ এনেকুৱা লাগিব পাৰে যে আজি সকলো বস্তু আপোনাৰ পক্ষত থাকিব আৰু আজি সকলো কামতে আপুনি সফল হোৱাৰ লগতে উচ্চ স্থানত থাকিব । বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হব।

চিকিৎসা :- প্ৰেমৰ সম্পৰ্ক শক্তিশালী কৰিবৰ বাবে প্ৰেমিক অথবা প্ৰেমিকাক বগা চকলেট উপহাৰ হিচাপে দিব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Friday, February 18, 2022)

উচ্চ কেলৰি যুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্য সন্মত হৈ থাকিব আৰু নিয়মিত ব্যায়াম কৰক। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হব লগতে উচিত মূল্যৰ ধন জমা হব। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ অহা এক সংবাদে আপোনাৰ লগতে গোটেই পৰিয়ালক ৰোমাঞ্চিত কৰি তুলিব। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদ আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ ক্থাখিনি স্পষ্টভাৱে তেখেতেৰ আগত খুলি কওক। ঘৰুৱা সহায়কাৰী আৰু সহকৰ্মী ৰ লগত হোৱা সমস্যাক আপুনি নাকচ কৰিব নোৱাৰে। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। সাধাৰণৰ বিবাহিত জীৱনত আজি ৰ দিনটো এটা সুস্বাদু মিঠাইৰ দৰে।

চিকিৎসা :- ঔম নমো ভগৱতে ভাসুদেৱাই মন্ত্ৰটো ২৮ অথবা ১০৮ বাৰ উচ্চাৰণ কৰিলে কৰ্ম জীৱন ত ভাল প্ৰভাৱ পৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Friday, February 18, 2022)

ক্ষনিক খঙ ,বিবাদ আপোনাৰ দূৰ্ভাৱনাৰ কাৰণ হব পাৰে। কোৰ্ট ত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হব পাৰে। সন্তান খেলা-ধূলা আৰু বেলেগ বাহিৰা গতিবিধি ত অধিক সময় খৰচ কৰিব। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হব। আজি আনে আপোনাৰ বিষয়ে কি ভাৱে সেইবিষয়ে আপুনি গুৰুত্ব নিদিয়ে ।আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্ত ভৱে সময় কটাব বিচাৰিব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে।

চিকিৎসা :- দুখীয়া আৰু আগ্ৰহী ছাত্ৰসকলক ষ্টেচনাৰী বস্তু ( বহী, কলম, পেন্সিল আদি ) দিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Friday, February 18, 2022)

আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। আপুনি এনেেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে -কিন্তু আজি আপুনি নিজৰ খৰচ সমূহ খৰচ হৈ যোৱাৰ পৰা বাচক। আজি আপুনি ধৈৰ্য শীল ভাৱে চলিব নোৱাৰিব,সেইবাবে সংযমতা ৰাখক কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। সত্য আৰু পৱিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। কোনোবা নতুন পৰিযোজনাত কাম কৰাৰ আগতে ভাল কৈ ভাৱি চিন্তি লওক। যদি আপুনি নিিজৰ বস্তুৰ যতন নকৰে তেন্তে বস্তু হেৰাই যোৱাৰ প্ৰবণতা আছে। জীবনলগৰীৰ লগত আজিৰ সন্ধিয়া সচাঁকৈয়ে কিবা এটা বিশেষ হবলৈ গৈ আছে।

চিকিৎসা :- মঙ্গল গ্ৰহক ভূমি পুত্ৰ বুলি কোৱা হয় ,সেইবাবে প্ৰত্যেক পুৱা মাটি ভৰিদি চুৱা ৰ আগতে ভূমি মাতাক সেৱা কৰি ললে ইয়াৰ ভাল প্ৰভাৱ আপোনাৰ কৰ্ম জীৱনত পৰিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Friday, February 18, 2022)

আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক,লগতে পিঠি আৰু ককাঁল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্ম-বিশ্বাসঅৰ উন্নতি হ'ব। আপুনি জীৱনত পইচাৰ মূল্য কোনো দিনে বুজি নাপালে , আজি যেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰয়োজন আহি পৰিছে তেতিয়া আপুনি বুজি পাইছে জীৱনত পইচাৰ মাহাত্ম্য কিন্তু পৰ্যাপ্ত মূল্যৰ ধন আপোনাৰ ওচৰত এতিয়া নাই। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। ডাঙৰ ব্যৱসায়িক লেন-দেন কৰি থকা সময়ত নিজৰ অনুভূতি সমূহ নিয়ন্ত্ৰণত ৰাখক। আজি যিমান পাৰে লোকৰ পৰা দুৰত থাকক। বেলেগক সময় দিয়াতকৈ নিজক সময় দিওঁক। যদি আপুনি নিজৰ জীৱন সংগীৰ সৰু সৰু কথা সমূহক গুৰুত্ব প্ৰদান নকৰে তেন্তে তেখেতে বেয়া পাব পাৰে।

চিকিৎসা :- সম্বৃদ্ধিশালী কৰ্মজীৱন তথা ব্যৱসায়িক জীৱনৰ বাবে ঘৰৰ মূল দুৱাৰেদি যাতে সতেজ বতাহ ঘৰৰ ভিতৰলৈ সোমাই আহে সেইটো মন কৰক।

SeeHere is theComments

Sponsored

close