> ২০ ফেব্ৰুৱাৰী, দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 20 February Sunday - Today's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২০ ফেব্ৰুৱাৰী, দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 20 February Sunday - Today's horoscope in assamese

 ২০ ফেব্ৰুৱাৰী, দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 20 February Sunday - Today's horoscope in assamese


মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Saturday, February 19, 2022)

মানসিক ভাৱে আজি আপুনি অস্থিৰ থাকিবসেইবাবে অন্যৰ আগত ব্যৱহাৰ কৰোতে আৰু কথা পতোতে সজাগ থাকিব। যদি আপুনি ঘৰৰ কোনোবা সদস্যৰ পৰা অৰ্থ ঋণ লৈ থৈছে তেন্তে অনতিপলমে ঘুৰাই দিয়াৰ ব্যৱস্থা কৰক নহলে আপোনাৰ ওপৰত আইনী ব্যৱস্থা লব পাৰে। পৰিয়ালৰ বাবে কিবা ভাল আৰু উচ্চ লক্ষ্যৰ বস্তু আহৰণ কৰিবৰ বাবে জানি বুজি অলপ বিপদ উঠাব পাৰে। ভুল হোৱা সুযোগ বোৰৰ পৰা ভয় নাখাব। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হব পাৰে লগতে আপোনাৰ লগৰীয়াক আপোনাৰ দৃষ্টি ভংগী বুজাত সমস্যাৰ সন্মূখীন হব পাৰে। সাীমাহীন সৃজনআত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে,কিন্তু দিনৰ অন্তত তেখেত আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি লব। ঘৰত আজি আপোনাৰ ভাল গুণ বোৰৰ কথা আলোচনা হ’ব।

চিকিৎসা :- শৰীৰত যিকোনো ধৰণৰ ৰূপ পৰিধান কৰিলে স্বাস্থ্যৰ উন্নতি হ’ব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Saturday, February 19, 2022)

অসীমিত পৰিমাণৰ উৰ্জা আৰু উৎসাহ আপোনাক আৱৰি ধৰিব আৰু আপোনাৰ সন্মুখত অহা বহুত সুযোগৰ আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। গ্ৰহ- নক্ষত্ৰৰ স্থিতি আজি আপোনাৰ বাবে প্ৰতিকূল , আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব লাগিব। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। অনাকাংক্ষিত ভাৱে হোৱা ৰোমাণ্টিক সাক্ষাৎকাৰে আপোনাক দদুল্যমান অৱস্থাত পেলাব পাৰে। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হব। আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমাণ্টিক , ভাল ভাল খোৱা বস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। আপোনাৰ কোনোবা বন্ধুই আজি আপোনাৰ খুবেই প্ৰশংসা কৰিব পাৰে।

চিকিৎসা :- অৰ্থ লাভৰ বাবে গা-ধোৱা পানীত গংগাজল মিহলাই ল’ব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Saturday, February 19, 2022)

নিজৰ ব্যক্তিত্ব ক বিকশিত কৰিবৰ বাবে গভীৰ ভাৱে চেষ্টা কৰক। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যবসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। আজি চাল গলে সকলো ফালেদি এক লাভদায়ক দিন ,কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকু মুদি বিশ্বাস কৰে তেখেত আপোনাৰ বিশ্বাস ভাঙিব পাৰে। যদি প্ৰেমাস্পদক জীৱন্ সংগীৰূপে পাব বিচাৰে তেন্তে আজিয়ে তেখেতেৰ লগত এই বিষয়ে কথা পাতক। অৱশ্যে কথা পতাৰ আগতে তেখেতৰ মনোভাৱ জানি লোৱাটো আপোনাৰ কৰণীয়। পৰপ্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ পাত্ৰ কৰি তুলিব। আপোনাৰ জীৱন লগৰী এগৰাকী দেৱদূতৰ দৰে সদায় আপোনাৰ যত্ন লব। আজি লোকৰ মাজত নিজকে নিসংগ অনুভৱ কৰিব।

চিকিৎসা :- খিৰনীৰ শিপা বগা কাপোৰত মেৰিয়াই লৈ নিজৰ কাষত ৰাখিলে স্বাস্থ্য ভালে থাকিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Saturday, February 19, 2022)

আপোনাৰ উচ্চ আত্ম-বিশ্বাসক আজি ভালকৈ ব্যৱহাৰ কৰক ।ব্যস্ততাপূৰ্ণ দিন এটা হোৱা স্বতেও আপুনি উৰ্জা আৰু সতেজতা লাভ কৰাত সক্ষম হ'ব। ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়্যলৈ ঢাল খাব পাৰে। আপোনাৰ সন্তান আপোনাৰ আকাংক্ষাত থিয় হব নোৱাৰিব, এই বাবে আপুনি অলপ নিৰাশ হব পাৰে। আপোনাৰ সন্তান আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰাবলৈ উৎসাহিত কৰক। আপোনাৰ উৎসাহ নিশ্চিত ভাৱে আপোনাৰ সন্তানৰ আত্ম-বিশ্বাস বঢ়াই তুলিব। যদি আপুনি নিজৰ প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়ে তেন্তে তেখেত বেয়া পাব পাৰে অথবা খঙো কৰিব পাৰে। আজি আপুনি নিিজৰ লুকাই থকা বিশেষত্বৰ ব্যৱহাৰ কৰি দিনটো বহুত ধুনীয়া কৰি তুলিব পাৰে। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে,কিন্তু দিনৰ অন্তত তেখেত আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি লব। যাত্ৰাত লগ পোৱা কোনোবা সুন্দৰীৰ কথা ভাৱি আপুনি ভাল অনুভৱ কৰিব পাৰে।

চিকিৎসা :- ধন প্ৰাপ্তিৰ বাবে গাখীৰ অথবা পানীত কেশৰ দি তাৰ সেৱন কৰক


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Saturday, February 19, 2022)

নিজৰ চিন্তা ধাৰা আৰু উৰ্জা অথবা শক্তি সেইবোৰ কামত লগাওক যিবোৰ সপোন আপুনি দিঠকত পৰিণত কৰিব পাৰে ,অকল আকাশত চাং পাতি থাকিলে একো নহ’ব । এতিয়া আপোনাৰ লগত এইটোয়ে সমস্যা যে আপুনি চেষ্টা নকৰি অকল ইচ্ছা হে কৰে। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে , লাগে ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোই কৰিব লাগে। প্ৰেমৰ পিনে দি চাব গ'লে আজি আপোনাৰ জীৱন সীমাহীন আনন্দ সমূহ উপভোগ কৰিব পাৰে। আজি আপুনিি নতুন চিন্তা ধাৰা ৰে পৰিপূৰ্ণ হব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব ,তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱন সংগীৰ লগত আত্মীয়তা বোধ এটাৰ অনুভৱ কৰিব। কাৰোবাক দিয়া ঋণ গুৰাই পাব পাৰে যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যা দূৰ হ’ব পাৰে।

চিকিৎসা :- সেউজীয়া মগু খোৱাত সদায় ব্যৱহাৰ কৰিলে স্বাস্থ্য ভালে থাকিব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Saturday, February 19, 2022)

ব্বেলেগৰ প্ৰতি বেয়া চিন্তা মনত ৰাখিলে আপোনাৰ মানসিক শান্তি বেয়া হব পাৰে। আপুনি এনেকুৱা চিন্তা বৰ্জন কৰিব লাগে ,নিজৰ ভাৱনা নিয়ন্ত্ৰণ কৰক এইবোৰ বৰ্জন কৰিবৰ বাবে । আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহব। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃতি নিৰ্মূলৰ এক আহিলা হিচাপে গন্য কৰে ,সিহতঁৰ ধাৰণা ভুল ,কাৰণ আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব। কোনোব ঘনিষ্ঠ এজনক লৈ আপুনি আজি নিৰাশ হ’ব পাৰে।

চিকিৎসা :- ভাল স্বাস্থ্যৰ অধিকাৰী হ’বলৈ গছ-গছনিৰ পাত আৰু অংকুৰ নিছিঙিব কাৰণ গছ গ্ৰহ বৃহস্পতি ব্ৰহ্মা ৰূপ হয়।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Saturday, February 19, 2022)

ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিত্বত শুধৰণি অনাৰ চেষ্টা কৰক। আপোনাৰ ধন আপোনক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব আৰু এই কথাটো আপুনি আজিয়ে উপলব্ধি কৰিব পাৰিব। কোনো চিঠি অথবা ই-মেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব কাৰন আজি গোটেই দিন আপুনি অফিচৰ কামৰ চাপত থাকিব। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি কৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। সময়ৰ অভাৱৰ বাবে আপোনালোক দুয়ো জনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে। ল’ৰা- ছোৱালীৰ লগত সময় কেনেকৈ পাৰ হয় গমে পোৱা নাযায় ,এই কথাটো আজি আপুনি সন্তানৰ লগত সময় অতিবাহিত কৰা সময়ত গম পাব।

চিকিৎসা :- গছত পানী ঢালক।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Saturday, February 19, 2022)

মানসিক হেচা থকাৰ স্বত্তেও আপোনাৰ স্বাস্থ্য ভালে থাকিব। যদি ও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব কিন্ত আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধু বৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। আজিি আপুনি কৰোবাত ফুৰিব যাব পাৰে ,ফুৰি আহিলে আপুনি সতেজতা অনুভৱ কৰিব। কৰ্ম-কাণ্ড/পূজা আদি আজি ঘৰত অনুষ্ঠিত হব। আপোনাৰ জীৱন সংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে। নিঃসংগতা কেতিয়াবা বহুত জটিল হব পাৰে ,বিশেষকৈ তেতিয়া যেতিয়া আপোনাৰ তাত কৰিবলৈ একো গুৰুত্বপূৰ্ণ কাম নাথাকে । ইয়াৰ পৰা হাত সাৰিব চেষ্টা কৰক আৰু বন্ধু সকলৰ লগত সময় অতিবাহিত কৰক।

চিকিৎসা :- তামৰ পাত্ৰত পানী লৈ সূৰ্যক নিবেদন কৰিলে এলেহুৱা প্ৰকৃতিৰ পৰা পৰিত্ৰাণ পাব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Saturday, February 19, 2022)

আপোনাৰ চাৰিওফালে থকা কুৱলি যিয়ে আপোনৰ প্ৰগতিত বাধ দিছে , এয়াই সময় তাৰ পৰা ওলাই অহাৰ। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগ -বঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কোমনীয় হয়। আপোনালোকৰ মাজৰ কিছুমান লোকে আজি দীঘলীয়া যাত্ৰা কৰিব লগা হব পাৰে , যি বহুত ভাগৰ লগাই দিব পাৰে কিন্তু লগতে আপোনাৰ বাবে বহুত লাভদায়ক বুলিও প্ৰমাণিত হব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱন সংগীক আজি নিৰাশ কৰিব পাৰে। মা-দেউতাক নোকোৱাকৈ আজি আপুনি তেখেতৰ মন পচন্দৰ খানা ঘৰলৈ আনিব পাৰে ,ফলস্বৰূপে ঘৰত এটা ধনাত্মক পৰিৱেশৰ সৃষ্টি হ’ব।

চিকিৎসা :- দূৰ্বা ঘাঁহ ভগৱান গণেশক নিবেদন কৰিলে প্ৰেম জীৱনৰ বাবে বহুত লাভদায়ক হ'ব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Saturday, February 19, 2022)

জীৱন সংগী সুখৰ কাৰক হৈ উঠিব। আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টীত আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিকপক্ষ শক্তিশালী থাকিব। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। আজি জানি বুজি পদক্ষেপ লোৱা উচিত , য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। আজি জীৱন টো বহুত ধুনীয়া হৈ পৰিব,কাৰণ আপোনাৰ জীৱন লগৰী আপোনাৰ বাবে কিছুমান বিশেষ যোজনাৰ পৰিকল্পনা কৰিছে। বন্ধু নিঃসংগতা দূৰ কৰাৰ সকলোতকৈ ভাল মাধ্যমৰ এটা ,বন্ধুৰ লগত সময় অতিবাহিত কৰাটো আপোনাৰ আজিৰ দিনৰ সকলোতকৈ ভাল নিৱেশ হব ।

চিকিৎসা :- ভাটৌ চৰাইক জলকীয়া খুৱাওঁক।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Saturday, February 19, 2022)

মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণ সমূহ সমাধান কৰক। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হব। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধ তাৰ অনুপস্থিতিত অনুভৱ কৰিব। খালি সময়ত আজি আপুনি মোবাইলত ৱেব চিৰিজ চাব পাৰে। জীৱন লগৰীৰ ওপৰত কৰা সন্দেহে আপোনালোকৰ মাজত এক নতুন বিবাদৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি কাৰোবাৰ বিয়াত যাব পাৰে, তাত মাদ্যদ্ৰব্য সেৱন কৰাটো আপোনাৰ বাবে ঘাতক বুলি পৰিগণিত হ’ব পাৰে।

চিকিৎসা :- হনুমান চালিচা ৰ পাঠ কৰিলে স্বাস্থ্য ৰ বাবে শুভ হয়।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Saturday, February 19, 2022)

আকাশত ধোৱা চাং পাতি থাকোতে সময় খৰচ নকৰিব , ভাল কাম বোৰত সময় দিব কাৰণে নিজৰ শক্তি আৰু উৰ্জা বচাই ৰাখক। আপোনাৰ মন ত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আপুনি চিন্তামুক্ত হৈ আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ মাজত আনন্দৰ মুহূৰ্ত বিচাৰি প্ৰয়োজন আছে। আকাশ খন অধিক উজ্জ্বল দেখা যাব , ফুল সমূহত ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হব আৰু আপোনাৰ ওচৰে-পাজৰে থকা সকলো বস্তু উজ্বলি উঠিব ,কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। কথাবোৰ সঠিক ভাৱে বুজি পাব চেষ্টা কৰিব লাগে ন’হলে খালী থকা সময়খিনিত এইবোৰ কথা ভাৱি বেছি সময় নষ্ট হয়। যোৱাকেইদিন ধৰি আপোনাৰ জীৱন টো বহুত জটিল অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সহজ অনুভৱ কৰিব। আজি আপোনাৰ ব্যক্তিত্ব অন্য মানুহক নিৰাশ কৰিব পাৰে, সেয়ে নিজৰ ব্যক্তিত্বত আপুনি এক ধনাত্মক পৰিৱৰ্তন অনা দৰকাৰ।

চিকিৎসা :- ভাগৰ অনুভৱ কৰিলে পৱিত্ৰ পানীৰ কগত সাধাৰণ পানী মিহলাই গা ধোঁৱক।

SeeHere is theComments

Sponsored

close