> নগাঁও এৰিলে IPS আনন্দ মিশ্ৰাই। বদলিকৰণৰ পিছতে এই দৰে মেডিয়াৰ আগত ক'লে আনন্দ মিশ্ৰাই - IPS Anand Mishra Transfered from Nagaon - নিয়মীয়া খবৰ

ads5

ads2

adsz

নগাঁও এৰিলে IPS আনন্দ মিশ্ৰাই। বদলিকৰণৰ পিছতে এই দৰে মেডিয়াৰ আগত ক'লে আনন্দ মিশ্ৰাই - IPS Anand Mishra Transfered from Nagaon

 


আজি নগাঁৱৰ পৰা বিদায় ল’লে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। কীৰ্তিকমল বৰা গুলিচালনা কাণ্ডক লৈ নগাঁও আৰক্ষীৰ ওপৰত উঠা সন্দেহৰ আঙুলিৰ মাজতে অতিৰিক্ত মুখ্য সচিবৰ এজনীয়া তদন্ত সমিতিয়ে দাখিল কৰিছিল তদন্তৰ প্ৰতিবেদন।


তদন্ত সমিতিৰ প্ৰতিবেদনত নগাঁও আৰক্ষীৰ এন্টি নাৰকটিক স্কোৱাডে সংঘটিত কৰা এনকাউণ্টাৰ ভুৱা বুলি একপ্ৰকাৰ স্পষ্ট হোৱাৰ পিছতে পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল আনন্দ মিশ্ৰ বাহিনী।


ইফালে বুধবাৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সংবাদমেল সম্বোধন কৰি পুনৰ কীৰ্তিকমল বৰাক ড্ৰাগছ পেডলাৰ সজোৱাৰ চেষ্টা কৰাৰ উপৰিও “চান্দা পাৰ্টিৰ মানুহ”ৰূপে অভিহিত কৰে।


আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মেল সম্বোধন কৰাৰ কিছু সময় পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আনন্দ মিশ্রক নগাঁৱৰ পৰা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হয়।


আনন্দ মিশ্ৰৰ ঠাইত নগাঁও আৰক্ষী অধীক্ষকৰ সাময়িক দায়িত্ব অৰ্পণ কৰা হয় ধ্ৰুৱ বৰাক।


আনহাতে বৃহস্পতিবাৰে আনন্দ মিশ্ৰই নগাঁৱৰ পৰা বিদায় লোৱা সময়ত ধন্যবাদ জনায় সকলোকে। নগাঁৱক মিছ কৰিব বুলি কৈ তেওঁ সকলোকে ভালকৈ থকাৰ কামনা কৰে।


উল্লেখ্য যে, যোৱা ২২ জানুৱাৰীত নগাঁৱত গুলিবিদ্ধ কৰা হৈছিল ছাত্ৰনেতা কীৰ্তিকমল বৰাক।


এই এনকাউণ্টাৰ সংঘটিত কৰাৰ পিছতে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কীৰ্তিকমল ড্ৰাগছ সৰবৰাহৰে জড়িত বুলি দাবী কৰিছিল।


আনকি কীৰ্তিকমলৰ পৰা আৰক্ষীয়ে ৮টা ভাইল উদ্ধাৰ কৰা বুলিও দাবী কৰিছিল আনন্দ মিশ্ৰই। কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ প্ৰমাণ দিয়াত ব্যৰ্থ হয় আৰক্ষী অধীক্ষকগৰাকী।


আনহাতে অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ এজনীয়া তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ পিছতে নগাঁও আৰক্ষীৰ এন্টি নাৰকটিক স্কোৱাড ভঙ্গ কৰাৰ লগতে অভিযুক্ত এছআই প্ৰদীপ বণিয়াক নিলম্বন কৰা হৈছে।


আনহাতে স্কোৱাডৰ আন সদস্য সকলোকো অন্য জিলালৈ বদলি কৰাৰ নিৰ্দেশ দিয়া হৈছে। ঘটনাৰ তদন্ত চিআইডিক হস্তান্তৰ কৰা হৈছে।

Related Search

Anand Mishra news

Assam Latest news

Anand Mishra transfer from Nagaon 

SeeHere is theComments

Sponsored

close