> ১১ মাৰ্চ, শুক্ৰবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 11 March , Friday - Today's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১১ মাৰ্চ, শুক্ৰবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 11 March , Friday - Today's horoscope in assamese

১১ মাৰ্চ, শুক্ৰবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 11 March , Friday - Today's horoscope in assamese



 মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Friday, March 11, 2022)

আজি আপুুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সচাকৈয়ে ভাল লাগে। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হব পাৰে , অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ শাস্থ্যৰ কথা চিন্তা কৰাটোহে বেচি প্ৰয়োজনীয়। সন্ধিয়াৰ সময়খিনিত হঠাৎ লাভ কৰা কোনো ভাল খবৰ আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু উৎসাহৰ এক কাৰণ বুলি প্ৰমাণ হব। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুত গতিত সম্পূৰ্ণ হব। আপোনাৰ আকৰ্ষণী আৰু খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Friday, March 11, 2022)

আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিবলগা সময়ত সমস্যাৰ সন্মুখীন হব লাগিব। আত্মীয় আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাবৰ চেষ্টা কৰিব , সাৱধানে থাকক নহ’লে পিছত গৈ আপুনি ঠগ খোৱাৰ দৰে অনুভৱ কৰিব। উদাৰতা এটা সীমা লৈ ভাল কিন্তু যদি এই সীমা পাৰ কৰিব লাগে তেন্তে সমস্যাৰ সৃষ্টি হব পাৰে। অনাকাংক্ষিত ৰোমাণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব তেনেত সফলতা আৰু প্ৰতিষ্ঠা লাভ কৰিব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনিসকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হব। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃতি নিৰ্মূলৰ এক আহিলা হিচাপে গন্য কৰে ,সিহতঁৰ ধাৰণা ভুল ,কাৰণ আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Friday, March 11, 2022)

যেনেকৈ মছলা আৰু সঠিক পৰিমাণৰ জ্বলাই খোৱাবস্তুৰ সোৱাদ বঢ়াই তোলে ঠিক তেনেকৈ অলপ দুঃখৰ এই জীৱনত প্ৰয়োজন আছে আৰু তেতিয়াহে আপুনি সুখৰ প্ৰকৃত মূল্য বুজি পাব। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিত দৰে দেখিব কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব ,বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাওতে তেখেতক ভাল ব্যৱহাৰ কৰক। আপুনি ভাৱি থকাতকৈ আপোনাৰ জীৱনত এনেকুৱা বহুত ঘটনা ঘটিছে যিবোৰ আপুনি কল্পনাও কৰা নাছিল। আহিবলগা দিন বোৰত আপোনাৰ হাতত বহুত এনে ভাল সুযোগ আহিব। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। আজি আপুনি জীৱন সংগীৰ লগত ৰোমাণ্টিক ভাৱে কটাব পাৰে , এনেকৈ দুয়োজনৰে সম্বন্ধ অধিক শক্তিশালী হব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Friday, March 11, 2022)

সুস্থ শৰীৰৰ বাবে বহুত দূৰলৈ খোজ কাঢ়ি ফুৰক। যিসকল লোকে নিজৰ ষষ্ঠ ইন্দ্ৰীয়ক নিয়ন্ত্ৰন কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল সিহতে নিজকে নিয়ন্ত্ৰন কৰাটো অত্যন্ত প্ৰয়োজনীয়। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগ বাঢ়িব । অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ , গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক চোছিয়েল মিডিয়াত পঢ়ি হাহিঁ থাকিব ,কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Friday, March 11, 2022)

নিজৰ শক্তি আৰু উৰ্জা আনৰ সহায় কৰিবলৈ ব্যৱহাৰ কৰক।মনত ৰাখিব - এই পাৰ্থিৱ শাৰীৰৰ কোনো মহত্ব নাই যদিহে আপুনি কাৰো উপকাৰ কৰিব নোৱাৰে। আপোনাৰ ধন কত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব নহলে অদূৰ ভৱিষ্যত ত সমস্যাৰ উদ্ভৱ হব পাৰে। বৈবাহিক বন্ধনত বন্ধনৰ বাবে ভাল সময় হব। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা বতৰা পাতোতে অধিক সমস্যাৰ সন্মূখীন হব পাৰে। কামত কম উন্নতি তথা প্ৰগতি আপোনাক অলপ মানসিক অশান্তি প্ৰদান কৰিব পাৰে। আজি বতৰ বহুত ভাল হোৱা বাবে আপোনাৰ বিচনা এৰিব মন নাযাব। বিচনাৰ পৰা উঠাৰ পিছত অনুভৱ হব যে আপুনি কিমান সময় বৰবাদ কৰিলে। ওৱৰ চুবুৰীয়াই আপোনালোকৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে ,কিন্তু আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজৰ সম্পৰ্ক বহুত শক্তিশালী সেইবাবে এই সম্পৰ্ক ভঙাটো সহজ নহব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Friday, March 11, 2022)

আজি খেল ধূলা ত অংশগ্ৰহণ কৰাটো জৰুৰী ,কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱে হয়। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। যেতিয়া আপুুনি বিনিয়োগ কৰাৰ প্ৰশ্ন সন্মুখত আহিব ,তেতিয়া স্বতন্ত্ৰ হোৱাৰ চেষ্টা কৰক আৰু নিজৰ নিৰ্ণয় নিজে লওক। ৰোমাণ্টিক সাক্ষাৎকাৰ আপোনাক অধিক সুখ প্ৰদান কৰিব। আজি আপুনি নিশ্চিত ভাৱে এনেকুৱা মানুহৰ লগত দেখা হব যি আপোনাৰ কেৰিয়াৰৰ বাবে সহায়কাৰী বুলি প্ৰমাণিত হব। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হব। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Friday, March 11, 2022)

খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। অপ্ৰত্যাশিতভাৱে আগমণ হোৱা অতিথিৰ ভাগ্যৰ বলত আপোনাৰ আৰ্থিক লাভ হব। নতুন পাৰিবাৰিক ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আজি এটা শূভ দিন ,ইয়াক সফল কৰিবৰ বাবে বেল্লেগ সদস্যৰ সহায় লওক। আপোনাৰ পৰপ্ৰিয়জন আপোনাক গোটেই দিন মনত কৰি থাকিব ,তেহেতক কিবা ধুনীয়া এক বস্তু চাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। আজিৰ দিন হল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। আজি আপুনি বেলেগক সহায় কৰিবৰ বাবে স্বেচ্ছাই যিবোৰ কাম কৰিব সেই কাম তেখেতক সহায় কৰাৰ উপৰি আপোনাকো নিজৰ দিশে অলপ ধনাত্মকভাৱে চাবলৈ শিকাব। আজি আপুনি অনুুভৱ কৰিব যে আপোনাৰ জীৱন সংগীয়ে আপোনাৰ চিৰন্তনৰ লগৰী আৰু তেখেতেই আপোনাৰ একমাত্ৰ লগৰী।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Friday, March 11, 2022)

বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জল হ'ব। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহতৰ শাস্থ্য বেয়া হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হব পাৰে। জীৱন সংগী আপোনাৰ বহুত যত্ন লব। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বটৰা কৰিব পাৰি। কাম আৰু ঘৰৰ চাপ আপোনাক খঙাল কৰিব পাৰে। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোতে শেষ হব । আজি আপুনি আকৌ এবাৰ সময়ৰ সোতঁত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিন সমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভ বোৰ আকৌ ৰোমন্থন কৰিব পাৰিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Friday, March 11, 2022)

অনিচ্ছাকৃত ভাৱে অহা চিন্তা ধাৰা সমূহ আপোনাৰ মগজুক নিয়ন্ত্ৰণ কৰিব নিদিব । শান্ত আৰু চিন্তিত নহ’বলৈ চেষ্টা কৰক, ইয়াৰ ফলত মানসিক দৃঢ়তা বাঢ়িব। আজি আপোনাৰ সহোদৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহতঁৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে যদিও অৱস্থা সোনকালে ভাললৈ আহিব। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। প্ৰেমৰ যাদু যেন আপোনাক নিয়ন্ত্ৰণ কৰাত কোনো প্ৰকাৰে বাদ দিয়া নাই , ইয়াক অনুভৱ কৰক। আজি কৰ্মক্ষেত্ৰত হঠাৎ আপোনাৰ কামৰ পৰ্যাৱেক্ষণ হব পাৰে, এনেতে আপুনি যদি কিবা ভুল কৰিছে তেনে তাৰ পৰিণতি আপুনি ভুগিব লাগিব , এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিজৰ ব্যৱসায়ক নতুন দিশ দিয়াৰ বাবে চিন্তা চৰ্চা কৰিব। চহৰৰ বাহিৰত কৰা যাত্ৰা অধিক আৰামদায়ক নহ'ব ,কিন্তু আৱশ্যকীয় চিনাকি হবৰ বাবে এই যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হব। বৈবাহিক জীৱনত বহুত ভাল বেয়া সময়ৰ পিছত আজিয়ে সেইটো দিন যিদিনা আপুনি এজনে আনজনৰ প্ৰতি থকা মৰম আৰু ভাল পোৱা সমূহ উপলব্ধি কৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Friday, March 11, 2022)

মাদক দ্ৰব্যৰ পৰা দূৰত থাকক,কাৰণ আপোনাৰ অধিক মদ্যপানে টোপনিত ব্যাঘাত জন্মাব পাৰে আৰু গভীৰ বিশ্ৰামত আপোনাক বাধা প্ৰদান কৰিব। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হব পাৰে। আপুনি বিবাদযুক্ত বিষয় সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক ,যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। প্ৰত্যেক দিনাই প্ৰেমত পৰাৰ আপোনাৰ এই অভ্যাসটোক সলনি কৰক। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়ম বোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাৱি থৈ দিছে। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। বেলেগ কাৰোবাৰ কথা শুনি আজি আপোনাৰ জীৱন সংগী আপোনাৰ লগত কাজিয়া কৰিব পাৰে, কিন্তু মৰম আৰু ভাল পোৱা আদিৰে বিষয়টো ভাল হৈ যাব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Friday, March 11, 2022)

উৰ্জাৰ এই অসীমিত পৰিমাণক আজি ভাল কামত খটুৱাওক। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। দিনটোক অধিক ৰোমাঞ্চকৰ বনাবৰ বাবে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰক। আজি আপুনি নিৰাশ হব পাৰে ,কাৰণ আপুনি ভৱা মতে আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব যোৱাৰ পৰিকল্পনাত যতি পৰিব পাৰে। এই ৰাশিৰ ব্যৱসায়ী সকল আজি কোনোবা ঘনিষ্ঠই দিয়া ভুল উপদেশৰ বাবে চিন্তিত থাকিব। চাকৰি কৰাবোৰও আজি সাৱধানে চলা উচিত। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে। জীৱন সংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে ।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Friday, March 11, 2022)

অলপ বিশ্ৰাম কৰক আৰু কামৰ মাজত যিমান পাৰে সিমান বেছি আৰাম কৰক। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। ৰোমাঞ্চৰ বাবে আগ-বঢ়োৱা পদক্ষেপ কামত নাহিবও পাৰে। সঠিক পথত সততাৰে লোৱা পদক্ষেপ নিশ্চিত ভাৱে লাভদায়ক হব। একো কামে অসম্ভৱ নহয় যদি আপুনি সেই কাম সমাধান কৰিবৰ বাবে মনশক্তি গোটাই লৈছে। আপোনাৰ জীৱন লগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব ,কিন্তু তেখেত আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে।

SeeHere is theComments

Sponsored

close