> ২৩ এপ্ৰিল, শনিবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 23 April , Saturday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৩ এপ্ৰিল, শনিবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 23 April , Saturday - Tomorrow's horoscope in assamese

 ২৩ এপ্ৰিল, শনিবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 23 April , Saturday - Tomorrow's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Saturday, April 23, 2022)

কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হব। যদি আজি আপুনি আপোনাৰ পৰিচিত লোক সকলৰ ওপৰত নিজৰ মতামত নিক্ষেপ কৰিব বিচাৰে ,তেন্তে আপোনাৰ হিতৰ হানি হব পাৰে। পৰিস্থিতি ৰ সন্মুখীন ধৈৰ্য সহকাৰে কৰা উচিত যাতে তাৰ ফলত ভাল পৰিণাম পাব পাৰে। ৰোমাাঞ্চৰ ফালেদি চাব গ'লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সচা প্ৰেমক বিচাৰোতে বিফল হব। কাম সোনকলে শেষ কৰি ঘৰলৈ যোৱাটো আপোনাৰ বাবে ভাল হব , ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰো সুখী হব আৰু আপুনিও সতেজ অনুভৱ কৰিব । দৈনিন্দিন বস্তু কিনা-মেলাক লৈ জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ সম্ভাৱনা আছে। ঘৰত আজি আপোনাৰ ভাল গুণ বোৰৰ কথা আলোচনা হ’ব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Saturday, April 23, 2022)

অবাঞ্চিত চিন্তা ধাৰা মগজুত চানি ধৰিব পাৰে ,নিজকে শাৰীৰিক ব্যায়ামৰ মজা লব দিয়ক কাৰণ খালী মগজু চয়তানৰ ঘৰ। আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হব পাৰে । যিমান পাৰে এইবোৰ বস্তুৰ ওপৰত নিৱেশ কৰাৰ পৰা দূৰত থাকক। বৈবাহিক বন্ধনত বন্ধনৰ বাবে ভাল সময় হব। প্ৰেম জীৱনত আশাৰ নতুন কিৰণ নামি আহিব। বেলেগক এইটো কবলৈ অধিক উত্তেজিত নহব যে আপুনি আজি কেনেকুৱা অনুভৱ কৰি আছে। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰন দেখিবলৈ পাব। সময়ৰ ভাল কৈ ব্যতিত কৰিবলৈ আপুনি টিভি চাই অধিক সময় নষ্ট কৰিব পাৰে সেইবাবে আপুনি আপোনাৰ চকুৰ বহুত ভাল কৈ যত্ন লব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Saturday, April 23, 2022)

আপোনাৰ দিনৰ আৰম্ভণি ব্যায়াম দি কৰক, এইটোয়ে সেই সময় যেতিয়া আপুনি নিজৰ বিষয়ে ভাল অনুভৱ কৰিব আৰম্ভ কৰিব আৰু এই ব্যায়াম কৰা অভ্যাসটো দিনৰ ৰুটিনৰ লগত অন্তৰ্ভুক্ত কৰক আৰু নিয়মিত ৰখাৰ চেষ্টা কৰক । আজি আপোনাৰ মা দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে অৱশ্যে আপুনি এই কথাটো বহুত মনযোগ দি শুনাটো দৰকাৰ নহলে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হব পাৰে। আপুনি বিবাদযুক্ত বিষয় সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক ,যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ দিশেদি আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব লগতে আনন্দৰে ভৰপূৰ হ'ব। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক ,এনেকৈ শুনিলে আপুনি আজি নিশ্চিত ভাৱে লাভ্ৰ মুখ দেখিবলৈ পাব। আজি আপুনি অনুুভৱ কৰিব যে আপোনাৰ জীৱন সংগীয়ে আপোনাৰ চিৰন্তনৰ লগৰী আৰু তেখেতেই আপোনাৰ একমাত্ৰ লগৰী। সম্বন্ধতকৈ ডাঙৰ আপোনাৰ আন এটা পৃথিৱী আছে আৰু এই পৃথিৱী আপোনাৰ ওচৰত আহিব পাৰে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Saturday, April 23, 2022)

আপোনাৰ মন বেয়া হোৱা বাবে নিজৰ পাৰিবাৰিক জীৱনত কন্দলৰ সৃষ্টি নকৰিব।ইয়াৰ পৰা বাচিবলৈ চেষ্টা কৰক,নহলে পিছত পৰিতাপ কৰিব লগা হব পাৰে। দূৰণি বটীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব ,কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। বন্ধুৰ সান্নিধ্য আপোনাক সুখ আৰু সন্তুষ্টি দিব। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। নিজৰ কাম সময়মতে কৰিব লাগে , কাম জমা কৰি থ’লে আপোনাৰে অসুবিধা হ’ব পিচলৈ ।কাম সোনকালে শেষ কৰিলে আজি আপুনি ধেৰ অৱসৰ সময় পাব। আপোনাৰ জীৱন সংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। আপোনাৰ জীৱন সংগী ৰ লগত কেণ্ডেল লাইট ডিনাৰ কৰাৰ সম্ভাৱনা আছে,আপোনাৰ সপ্তাহৰ গোটেই ভাগৰ দূৰ হব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Saturday, April 23, 2022)

লাভ ল'বৰ বাবে ডাঙৰক অতিৰিক্ত উৰ্জাৰ ধনাত্মক ব্যৱহাৰ কৰক। জীৱন সংগীৰ শাৰিৰীক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হব পাৰে কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। প্ৰেমৰ দৃষ্টিকোণ দি চাব গলে আজি এক ভাল দিন। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। আপোনাৰ কোনোবা পুৰণি বন্ধু আজি আপোনাৰ ওচৰলৈ আপোনালোকৰ অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ জীৱন লগৰীৰ বহুতো ধুনীয়া স্মৃতি লৈ আহিব। আজি কালিৰ এই ব্যস্ততা ভৰা দিনবোৰত নিজৰ পৰিয়ালৰ লগত খুবেই কম সময় অতিবাহিত কৰিব পাৰি, কিন্তু আপোনাৰ হাতত আপোনাৰ প্ৰিয়জন আৰু আপোন মানুহৰ লগত সময় অতিবাহিত কৰাৰ বহুত ভাল সুযোগ আহি পৰিছে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Saturday, April 23, 2022)

ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব, লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক,এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ'ব। কিছুমান বিশেষ লোক যিকোনো যোজনাত পইচা নিৱেশ কৰাৰ বাবে তৈয়াৰ থাকে, যত সম্ভাৱনা দেখা যায় আৰু যত প্ৰাধান্য আছে। আপোনাৰ নিৰ্ণয় আপোনাৰ সন্তানৰ ওপৰত থপিলে সিহঁত খঙ কৰিব পাৰে। ভাল হব যে আপুনি সিহঁতক নিজৰ পক্ষ বুজাই দিয়ক ,যাতে সিহঁতে সেই কথাৰ প্ৰকৃত কাৰণ বুজি আপোনাৰ কথাক সহজতে মানি লওক। যদি আপুুনি আদেশ দিব চেষ্টা কৰিব তেনেতে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব পাৰে। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজঁ কাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব,কিন্তু নিজৰ ভাল পোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব। স্ব-অহমিকাৰ পৰা আজি বাচি থাকক নহ’লে এনেকুৱা কৰাৰ ফলত নিকটতম মানুহসমূহ আপোনাৰ পৰা দুৰ হৈ যাব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Saturday, April 23, 2022)

আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। ঘৰৰ সদস্যৰ লগত মিলি আজি কিবা বেলেগ ধৰণৰ ৰোমাঞ্চকৰ কিবা এটা কৰক। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পুৰ্ণ সম্ভাৱনা আছে , আপোনাৰ প্ৰেমাস্পদ আজি বিয়াৰ কথালৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব । আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। জীৱন লগৰীৰ লগত ভাল ধৰণৰ কথা বতৰা হব ,আপুনি অনুভৱ কৰিব যে আপোনালোক দুজনৰ মাজত কিমান মৰম আৰু ভাল পোৱা আছে! জীৱনত সৰলতা তেতিয়াই থাকে যেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকে । আপোনাকো আপোনাৰ ব্যৱহাৰ্ত সৰলতা আনাটো দৰকাৰ।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Saturday, April 23, 2022)

আপোনাৰ জীৱন সংংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰৰ সমাধান কৰক আৰু পৰস্পৰে পৰস্পৰক বুজাৰ চেষ্টা কৰক আৰু দুয়োজনে একেলগে সময় অতিবাহিত কৰিব চেষ্টা কৰিব আৰু নিজকে সফল দাম্পত্য হিচাপে প্ৰতিষ্ঠা কৰক ।আপোনাৰ সন্তানও ঘৰত সুখী অৰু শান্ত পৰিৱেশ লাভ কৰিব । ইয়াৰ ফলত আপোনাৰ দুয়োজনৰ মাজত বহুত ভাল ব্যৱহাৰ আৰু প্ৰকাশ কৰিব পাৰিব। বিবাহিত দম্পতী সকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হব পাৰে। পৰিয়ালৰ সদস্য সমূহ আপোনাক বহুত সহযোগ কৰিব , কিন্তু তাৰ ফলত সিহঁতৰ বহুত চৰ্ত হব পাৰে। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু-সৰু উপহাৰ বেলেগক দিয়ক। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে।এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হব। আপুনি এই কথা জানে নে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱ দূতৰ দৰে ,তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব। ছাত্ৰই নিজৰ দুৰ্বল বিষয় লৈ শিক্ষকৰ কাষ চাপিব পাৰে আৰু শিক্ষকৰ পৰামৰ্শ অনুযায়ী আপুনি সেই বিষয়ৰ জটিলতা বুজি পোৱাত সহায় হ’ব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Saturday, April 23, 2022)

আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসৰ্গতাক লক্ষ্য কৰিব আৰু ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভ পাব পাৰে। ঘৰুৱা কাম-কাজত আপুনি অধিক ব্যস্ত থাকিব। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। আপোনাৰ চিন্তা ধাৰাৰ পৰাই আপোনাৰ পৃথিৱী খন গঠন হয় ,ভাল কিতাপ এখন পঢ়ি আপুনি নিজৰ চিন্তা ধাৰা অধিক শক্তিশালী কৰিব পাৰে ।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Saturday, April 23, 2022)

আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱা ভাল হব। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোক সকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব । আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোতে শেষ হব । যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱন সংগীৰ লগত আজিৰ দিনটো বহুত ৰোমাণ্টিক ধৰণে অতিবাহিত হব পাৰে। যাত্ৰাত আজি কোনোবা অচিনাকি এজনে আপোনাক বিৰক্ত কৰিব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Saturday, April 23, 2022)

যেতিয়া স্বাস্থ্যৰ লগত জড়িত যিকোনো সমস্যা হওক সেই সমস্যাক অৱহেলা কৰিব নালাগে আৰু সাৱধানতা বৰ্তাই চলক। যিসকলৰ এতিয়ালৈ মহিলী দৰমহা নাই অহা সিহতৰ পইচাৰ অভাৱ হব পাৰে আৰু বন্ধুৰ পৰা পইচা ঋণ লব পৰা অৱস্থা আহিব পাৰে। নিজৰ উচ্চকাংক্ষা সমূহ মা-দেউতাক কোৱাৰ এয়াই সঠিক সময়,তেখেত আপোনাক সহযোগ কৰিব,আপুনি নিজৰ সমস্ত ধ্যান একত কেন্দ্ৰীভূত কৰি কঠোৰ ভাৱে কাম কৰক। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰ ভাৱে ভাল পায়। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আপুনি জীৱন লগৰীৰ পৰা আজি কিবা ধুনীয়া বিশেষ উপহাৰ লাভ কৰিব পাৰে। আজি পৰিয়াল অথবা বন্ধুৰ লগত সময় অতিবাহিত কৰিব পাৰিব , আপুনি নিজকে তাত বন্ধ হৈ থকা যেন অনুভৱ কৰিব পাৰে কাৰণ বাকী সকলো সদস্য কিনা মেলা ত ব্যস্ত হৈ থাকিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Saturday, April 23, 2022)

স্বাস্থ্য ভালে থাকিব। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হব। পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ ভাইৰ সহায় লওক। বিবাদক অধিক বঢ়োৱাৰ বিপৰীতে তাক বন্ধুত্ত্ব সূলভ পদ্ধতিৰে ভাল কৰাৰ চেষ্টা কৰক। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে ,সিহঁতৰ বাব এই সময় খিনি লেখতলব'লগীয় মূহূৰ্ত হব। সেইবস্তু বোৰ পুনৰাবৃত্ত কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মহত্ব নাই , আপোনাৰ বাবে ঠিক নহয়। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময়ৰ অপচয় হব আৰু একো নহয়। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃতি নিৰ্মূলৰ এক আহিলা হিচাপে গন্য কৰে ,সিহতঁৰ ধাৰণা ভুল ,কাৰণ আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব। যিবোৰ কথা সচাঁ হয় সেইবোৰ উপস্থাপন কৰোতেও কম শব্দ খৰচ হয় । সেইবাবে আজি আপোনালৈ এই পৰামৰ্শ থাকিল যে নিজৰ কাম আৰু কথাত সততা ৰাখিব।


SeeHere is theComments

Sponsored

close