> ২৪ এপ্ৰিল, দেওবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 24 April , Sunday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৪ এপ্ৰিল, দেওবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 24 April , Sunday - Tomorrow's horoscope in assamese

২৪ এপ্ৰিল, দেওবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 24 April , Sunday - Tomorrow's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Sunday, April 24, 2022)

নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰিব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। ঘৰৰ পৰিৱেশত অলপ সাল-সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। এই ব্যস্ত ভৰা জীৱনত আপুনি নিজকে ভাগ্যশালী বুলি অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন সকলোতকৈ ভাল । আজি খালী সময়খিনি কোনোবা নিবনুৱাৰ বাবে শেষ হ’ব পাৰে। বৈবাহিক জীৱনৰ ভেঁটি হল প্ৰেম আৰু ভাল খাদ্য ,আৰু আজি আপুনি দুয়োটা বস্তুৰ অভিজ্ঞতা লাভ কৰিব। দিন ভাল আছে আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ কথাত খিল্খিলাই হাহিব পাৰে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Sunday, April 24, 2022)

আজি আপুুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সচাকৈয়ে ভাল লাগে। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। পৰিয়ালৰ সদস্য আপোনাক সকলো কথাতে সমৰ্থন কৰিব। আপোনাাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। অচিনাকি লোকৰ লগত কথা পতা ভাল কিন্তু তেখেতক ভাল্কৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়হে অপচয় কৰিব। যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে,তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হব পাৰে। নিজৰ জীীৱন সংগীৰ কাৰণে এক বিশেষ খোৱা বস্তু বনালে আপোনাৰ নিৰাশাজনক জীৱনত আশাৰ কিৰণ এটা আহিব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Sunday, April 24, 2022)

আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থকিব পাৰে । ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ লব পাৰে। আপুনি আজি নিজৰ সন্তানৰ পৰা কিছু শিক্ষা লব পাৰে , সিহঁতৰ সহজ সৰল ব্যৱহাৰে ওচৰ পাজৰৰ লোকক স্নেহ আৰু উৎসাহ প্ৰদান কৰিব আৰু বেলেগৰ মাজত পৰিৱৰ্তন আনিব। আৰু অলপ চেষ্টা কৰক ,আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব কাৰণ আজি আপোনাৰ দিন। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱন সংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে ,যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব । চুটীৰ দিনাখন অফিচৰ কাম কৰাতকৈ বেয়ানো আৰু কি হব পাৰে ! কিন্তু হতাশ নহ'ব ,কাৰণ কাম কৰিলে আপুনি অধিক অভিজ্ঞতা লাভ কৰিব ।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Sunday, April 24, 2022)

আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। আপুনি আজি নিজৰ জীবন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিহতৰ লগত কথা -বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হব। আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যি আপোনাক নিজৰ জীৱনতকৈয়ো অধিক ভাল পায় । সেইসকল লোকৰ লগত মিলা-প্ৰীতি কমাই দিওঁক যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। আপোনাৰ জীৱন সংগী আজি আপোনাক সুখী কৰিবলৈ যতপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। সেইবোৰ লোকৰ কথালৈ মন বেয়া নকৰিব যাৰ কোনো গুৰুত্ব আপোনাৰ জীৱনত নাই।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Sunday, April 24, 2022)

ধ্যান আৰু যোগ আধ্যাত্মিক দিশৰ উপৰিও আপোনাৰ শাৰীৰিক দিশ দিও লাভান্বিত কৰিব। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হব পাৰে। ওচৰ-চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে ।কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুয়াই নেপেলাব, এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব । যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লাগত কাজিয়া কৰিব নোৱাৰে।সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। আপোনাৰ চকু উজ্বল হব আৰু কলিজা বহুত জোৰকৈ ধপধপাব ধৰিব যেতিয়া আপুনি নিজৰ সপোনৰ ৰাজকুমাৰীক প্ৰথম লগ পাব। আজি যিমান পাৰে লোকৰ পৰা দুৰত থাকক। বেলেগক সময় দিয়াতকৈ নিজক সময় দিওঁক। আপোনাৰ জীৱন সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে ,যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। এই দিিনটো বন্ধু অথবা পৰিয়ালৰ লগত শ্বপিং কৰিব গৈ অলপ ফুৰ্তি কৰাৰ ,অকল নিজৰ খৰচৰ প্ৰতি অলপ মন দিয়া উচিত হব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Sunday, April 24, 2022)

বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। যি সকল লোক আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ , সিহঁতক কিছুমান কথা বুজোৱাত আপুনি অধিক জটিলতাৰ সন্মুখীন হব পাৰে। আপোনাৰ প্ৰেম-প্ৰসংগৰ বিষয়ে বেছি ইফালে-সিফালে কথা কৈ নুফুৰিব। অন্যাকাংক্ষিত উৎসৰ পৰা আজি আপোনালৈ গুৰুত্বপুৰ্ণ কামৰ বাবে নিমন্ত্ৰণী পত্ৰ আহিব। যদি আপুনি নিজৰ জীৱন সংগীৰ সৰু সৰু কথা সমূহক গুৰুত্ব প্ৰদান নকৰে তেন্তে তেখেতে বেয়া পাব পাৰে। জীৱন আপোনাৰ মতে তেতিয়াই চলিব যেতিয়া আপুনি শুদ্ধ বিচাৰ আৰু ভাল সংগৰ লগত থাকিব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Sunday, April 24, 2022)

আকাশত চাং পতা বাদ দিয়ক ,ই কোনো ধৰণে আপোনাক সহায় নকৰিব।পৰিয়ালৰ আকাংক্ষাৰ ওপৰত থিয় দিবলৈ হ'লে আপুনি কিবা কৰি দেখুৱাব লাগিব। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনা সমূহক গোপনীয় ৰাখক। হঠাৎ অহা দায়িত্বি আপোনাৰ আজিৰ দিনৰ যোজনাত বাধা দিব পাৰে , আপুনি অনুভৱ কৰিব যে আপুনি নিজতকৈ অধিক আনৰ কাম হে বেছিকৈ কৰিছে। সত্য আৰু পৱিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। যদি আপুনি কোনোবা পৰিস্থিতিৰ পৰা ভয় খাই পলাব বিচাৰিব তেন্তে সেই ভয় আপোনাৰ পিছত নিকৃষ্ট ভাৱে পৰি থাকিব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে। সুখ আপোনাৰ অন্তৰতেই থাকে আপুনি অকল অনুভৱ কৰিব দৰকাৰ।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Sunday, April 24, 2022)

আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশা মতে নহ'ব। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হব। আজি আ[পোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। কিবা নতুন কামৰ আভাস পাব হ’লে আপুনি সেইবিষয়ে অনুভৱী লোকৰ লগত কথা পাতি ল’ব লাগে। যদি আপোনাৰ ওচৰত আজি সময় আছে তেন্তে সেই ক্ষেত্ৰৰ অনুভৱী লোকৰ লগত মিলি কাম আৰম্ভ কৰি দিব লাগে। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে কিন্তু আপোনালোক দুজনে সকলো পৰিস্থিতি চম্ভালি লব পাৰিব। যোগ ধ্যান কৰিলে আজি আপুনি মানসিক ৰূপে প্ৰবল বনিব পাৰিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Sunday, April 24, 2022)

আজিৰ দিনটোত আপোনাক ফুৰ্ত্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। সন্দিগ্ধ আৰ্থিক লেন দেনত ফচাৰ পৰা সাৱধানে থাকক। আপুনি বিবাদযুক্ত বিষয় সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক ,যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদ আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ ক্থাখিনি স্পষ্টভাৱে তেখেতেৰ আগত খুলি কওক। এই ৰাশিৰ লোকসকল আজি নিজৰ বাবে সময় উলিওৱাটো নিত্যান্তই জৰুৰী যদি আপুনি এনে নকৰে তেন্তে আপুনি মানসিক্ভাৱে ভাগৰি পৰিব পাৰে। আজি আপুনি জীৱন সংগীৰ লগত ঘুৰা-ফুৰাৰ মজা লব আৰু একেলগে সময় অতিবাহিত কৰাৰ এটা ভাল সুযোগ লাভ কৰিব। নিঃসংগতা কেতিয়াবা বহুত জটিল হব পাৰে ,বিশেষকৈ তেতিয়া যেতিয়া আপোনাৰ তাত কৰিবলৈ একো গুৰুত্বপূৰ্ণ কাম নাথাকে । ইয়াৰ পৰা হাত সাৰিব চেষ্টা কৰক আৰু বন্ধু সকলৰ লগত সময় অতিবাহিত কৰক।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Sunday, April 24, 2022)

আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে , সেইবোৰ বিষয়ত গভীৰ ভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। আপোনাৰ দিনৰ যোজনা আপুনি বহুত সাৱধানে ঠিক কৰাটো উচিত। এনে লোকৰ লগত কথা পাতক ,যি আপোনাৰ প্ৰত্যেক পদতে সহায় কৰিব পাৰে। অপোনাৰ প্ৰিয়জন আজি বহুত বিৰক্তিত অনুভৱ কৰিব ,যি আপোনাৰ মগজুত অধিক চাপ প্ৰয়োগ কৰিব। আজি আপুনি নিজকে বেলেগৰ গুৰুত্বৰ কেন্দ্ৰ বিন্দু হিচাপে পাব ,আৰু এই গোটেই খিনি গুৰুত্ব আপুনি পাব আপোনাৰ সহযোগ ৰ পুৰস্কাৰ হিচাপে। আপুনি আপোনাৰ জীৱন সংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব,কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেত আপোনাৰ বাবেই কিবাকিবি কৰোতে ব্যস্ত আছিল। আজি আপুনি আপোনাৰ বন্ধুৰ বাবে কোনোব ডাঙৰ সমস্যাত পৰাৰ পৰা বাচিব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Sunday, April 24, 2022)

আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। আজিৰ দিনটোত আপুনি মাদ্যদ্ৰব্যৰ পৰা আতঁৰি থকাটো ভাল নহলে নিচা ৰ ৰাগিত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। আজি আপুনি ধৈৰ্য শীল ভাৱে চলিব নোৱাৰিব,সেইবাবে সংযমতা ৰাখক কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে কিন্তু এই কামটোত আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে। যিকোনো কাম যেতিয়ালৈকে সম্পুৰ্ণ নহয় তেতিয়ালৈকে নতুন কাম হাতত নল’ব,যদি আপুনি এনেকুৱা নকৰে ভৱিষ্যতে আপোনাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Sunday, April 24, 2022)

নিজৰ ভাৱনাত বিশেষকৈ খঙত নিয়ন্ত্ৰণ ৰাখক। ব্যৱসায়ীসকলৰ আজি ব্যৱসায়ত লোকচান হব পাৰে আৰু ব্যৱসায় ভাল কৰিবৰ বাবে পইচা খৰচ কৰিব লগাত পৰিব পাৰে। পৰিয়ালৰ লোক সকল আপোনাৰ আশা-আকাংক্ষা থিয় হব নোৱাৰিব । এই কথা কেতিয়াও নাভাবিব যে তেখেত আপোনাৰ সকলো কথা মানি লব অথবা আপোনাৰ মতে কাম কৰিব , আনকি নিজৰ কাম কৰাৰ পদ্ধতিৰ সলনি কৰক। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰে, তেখেতে খং কৰিলে আপুনি বেয়া নাপাই তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। জীৱন সংগীৰ লগত কিছু মতভেদ হব পাৰে দিনটোত কিন্তু সন্ধিয়া খোৱা সময়ত সকলো ভুল বুজাবুজি ভাল হৈ যাব। আজি কোনো সামজিক কামত অংশগ্ৰহণ কৰি আপোনাৰ ভাল অনুভৱ হ’ব।


SeeHere is theComments

Sponsored

close