> ৮ এপ্ৰিল, শুক্ৰবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 8 April , Friday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

৮ এপ্ৰিল, শুক্ৰবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 8 April , Friday - Tomorrow's horoscope in assamese

৮ এপ্ৰিল, শুক্ৰবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 8 April , Friday - Tomorrow's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Friday, April 8, 2022)

আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। আপুনি সেই যোজনা সমূহত বিনিয়োগ কৰাৰ আগত দুই বাৰ চিন্তা কৰক ,যিবোৰ আজি আপুনি দেখিছে। শিশু সকল অধিক সময় একেলগে থাকিব বিচাৰিব,কিন্তু সিহঁতৰ ব্যৱহাৰ সহযোগী আৰু বুজা-বুজিৰে ভৰা হব। প্ৰেমৰ দিশেদি চাব গ'লে আজিৰ দিনটো অলপ কষ্টকৰ হব। লঘু ব্যৱসায় কৰা এই ৰাশিৰ ব্যক্তিসকলৰ আজি লোকচান হব পাৰে। অৱশ্যে ভয় খোৱাৰ দৰকাৰ নাই যদি কষ্ট ঠিক দিশত আছে তেন্তে ভাল ফল এদিন নিশ্চয় পাব। আজি আপুনি এনেকুৱা ব্যৱহাৰ কৰক যেনিবা আপুনি এজন বিখ্যাত ব্যক্তি ,কিন্তু আজি অকল প্ৰশংসাৰ যোগ্য কাম হে কৰক। জীৱন সংগী আজি অলপ অধিক আত্ম কেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Friday, April 8, 2022)

স্বাস্থ্য ভালে থাকিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। আপুনি বন্ধু-বান্ধৱৰ লগত এক ভাল সময় অতিবাহিত কৰিব পাৰে ,কিন্তু গাড়ী চলোৱা সময়ত অধিক সাৱধান থাকক। শাৰীৰিক ব্যায়ামৰ যেন এতিয়া কোনো প্ৰয়োজন নাই , আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধিক গুৰুত্ব সহকাৰে লওক ,কাৰণ আপোনাৰ কামৰ শ্ৰেয় আন কোনোবাই লব পাৰে। অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে কিন্তু ফিল্ম খন আপোনাৰ মনপুত নহব যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ’ব। আপোনাৰ জীৱন সংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Friday, April 8, 2022)

যদি সম্ভৱ হয় তেন্তে দীঘল যাত্ৰা কৰাৰ পৰা বিৰত থাকক,কাৰণ দূৰণি বটীয়া যাত্ৰাৰ বাবে আপুনি বহুত দূৰ্বল আৰু এনে কৰিলে আপুনি আৰু অধিক দুৰ্বল হৈ পৰিব। নিজৰ দৈনিন্দিন খৰচত নিয়ন্ত্ৰণ ৰাখক আৰু আজি হাত খুলি ব্যয় কৰাৰ পৰা পৰিত্ৰাণ পাওক। অনাকাংক্ষিতভাৱে সন্ধিয়া আগমণ হোৱা আত্মীয়ৰ বাবে আপোনাৰ ঘৰ ভৰি থাকিব পাৰে। আজি প্ৰেমৰ জুইত লাহে লাহে কিন্তু অনবৰতে জ্বলি থাকিব। আজিৰ দিনাখন আপুোনাৰ কঠোৰ পৰিশ্ৰম ফলদায়ক সিদ্ধ হব। আজি আপুনি বিনা কাৰণত কিছুলোকৰ লগত তৰ্কা তৰ্কি লাগিব পাৰে। এইটোৱে আপোনাৰ মনতো বেয়া কৰিবই লগতে আপোনাৰ মূল্যৱান সময়ো বৰবাদ হৈ যাব। যদি আপুনি নিজৰ জীৱন সংগীৰ সৰু সৰু কথা সমূহক গুৰুত্ব প্ৰদান নকৰে তেন্তে তেখেতে বেয়া পাব পাৰে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Friday, April 8, 2022)

আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। এই ৰাশিৰ বিবাহিত ব্যক্তি সকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। প্ৰেম,মিলা-প্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হব। আপোনাৰ প্ৰিয়জন আজি ৰোমাণ্টিক মুডত থাকিব। যদি আপুনি প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্ক অটুট ৰাখে তেন্তে কেৰিয়াৰত আৰু অধিক উন্নতি কৰিব আৰু ডাঙৰ পদক্ষেপ কৰিব। পৰিয়ালৰ প্ৰয়োজন পুৰ কৰোতে-কৰোতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে। কিন্তু আজি আপুনিসকলোৰ পৰা দুৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Friday, April 8, 2022)

আপোনাৰ ৰুক্ষ স্বভাৱে আপোনাৰ জীৱন সংগীৰ লগত অসুবিধাৰ সৃষ্টি কৰিব পাৰে।যিকোনো এনেকুৱা কাম কৰাৰ আগত ইয়াৰ পৰিণাম আগতে ভাৱি লোৱা উচিত,যদি সম্ভৱ হয় তেতে আপোনাৰ মন ভাল কৰিবলৈ আপুনি ক'ৰবাত বেলেগ ঠাইত যাওক। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। আপোনাৰ নতুন পৰিযোজনা সমূহক লৈ আপোনাৰ মা-দেউতাকক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ পৰা অকল বিশ্বাস আৰু প্ৰতিশ্ৰুতিহে বিচাৰিব। আপোনাৰ ভিতৰত নেতৃত্বৰ গুণ আৰু বেলেগক বুজিবৰ বাবে সংবেদনশীলতা আপোনাৰ মাজত থাকিব ,যদি আপুনি নিজৰ অভিব্যক্তিত আৰু অধিক কাম কাৰিব তেন্তে সফলতা আপোনাৰ কাষত আহিবই। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপুনি আৰু আপোনাৰ জীৱনলগৰী পৰস্পৰে পৰস্পৰৰ লগত আজি ধুনীয়া ভাৱনা সমূহ ব্যক্ত কৰিব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Friday, April 8, 2022)

আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক ,কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হব আপুনি শান্ত হৈ থাকক । মনত ৰাখিব সংবেদশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। সিহতক অনুভৱ কৰিব দিয়ক যে আপুনি সচাকৈয়ে সকলোৰে কথা চিন্তা কৰে। একপক্ষীয় ভাল লগা আপোনাৰ মন ভঙাৰ কাম কৰিব। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন । আজি আপোনাৰ ওচৰত মন পচন্দৰ লোক সকলক লগ কৰিবৰ বাবে আৰু নিজৰ মনোকামনা সমূহ পূৰণ কৰিবলৈ পৰ্যাপ্ত সময় আছে। বৈবাহিক জীৱনৰ কিছুমান দায় দোষ থাকি যায় , আজি আপুনি এইবোৰৰ সন্মুখীন হব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Friday, April 8, 2022)

নাৰ্ভাচ ব্ৰেকডাউন আপোনাৰ ভৱাৰ শক্তিক আৰু শৰীৰৰ প্ৰতিৰোধ ক্ষমতাক কমাই দিয়ে ,ধনাত্মক চিন্তাৰ জৰিয়তে নিজকে বেমাৰৰ লগত যুঁজ দিবৰ বাবে উৎসাহিত কৰক। আৰ্থিক দিশত শুধৰণি হোৱাৰ বাবে প্ৰয়োজনীয় বস্তু কিনাত সুবিধা হব। বন্ধু আৰুু জীৱন সংগী আপোনাক সন্তুষ্টি আৰু সুখ দিবলৈ আপোনাৰ ওচৰলৈ আহিব,নহলে আপোনাৰ দিন হতাশা আৰু ব্যস্ততাৰে ভৰপূৰ থাকিব। আপোনাৰ প্ৰেম-প্ৰসংগৰ বিষয়ে বেছি ইফালে-সিফালে কথা কৈ নুফুৰিব। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। জীৱন সংগীৰ কিবা হঠাৎ হোৱা পৰিকল্পনাৰ বাবে আপোনাৰ আগৰ পৰা কৰা পৰিকল্পনা বাতিল হব পাৰে ,কিন্তু আকৌ আপুনি অনুভৱ কৰিব যে যি হয় ভালৰ বাবে হয়।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Friday, April 8, 2022)

আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। যিসকল লোকে জুৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল সিহতৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুৱা খেলৰ পৰা দূৰত থকাটোয়ে আপোনাৰ বাবে শ্ৰেয়। অন্যৰ ভুল ধৰা আৰু অপ্ৰয়োজনীয় সমালোচনা কৰা আপোনাৰ এই দোষটো আপোনাৰ আত্মীয়ই আপোনাক সমালোচনা কৰিব পাৰে। আপুনি অনুভৱ কৰিব পাৰে যে এইটো আন একো নহয় অকল সময়ৰ অপচয় আৰু ইয়াৰ ফলত আপুনি একো প্ৰাপ্ত কৰিব নোৱাৰে। আপুনি নিজৰ এই অভ্যাস সলনি কৰাটোয়ে আপোনাৰ পক্ষে ভাল হ'ব। আজি গছ ৰোপন কৰক। আপোনাৰ প্ৰফেশ্বনাল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে ।আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে ,আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। হতাশাৰে ভৰা দিন হব ,যেতিয়া ঘনিষ্ঠ ব্যক্তি সমূহৰ লগত আপোনাৰ মতভেদ হব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা অচিনাকিৰ অশান্তিৰ কাৰণ হব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Friday, April 8, 2022)

আবেলিৰ সময়ত অলপ আৰাম কৰক। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক ক্খৰচ নকৰিব। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলোকো সুখী কৰি তুলিব। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক কৰাৰ আগতে বেলেগৰ চাপত কাণ নিদিব। সময়ৰ গতিৰ লগত চলা লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হব কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হব। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Friday, April 8, 2022)

আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে ভৰা হ'ব কাৰণ আপুনি জীৱন টোক সম্পুৰ্ণ ৰূপে জীয়াব । দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। পাৰিবাৰিক সদস্যৰ সহায় আপোনাৰ প্ৰয়োজনৰ ধ্যান ৰাখিব। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হব পাৰে আৰু সমস্যাৰ সন্মূখীন হব পাৰে,দিনৰ শেষত অধিক চিন্তিত নহ'ব আৰু বিশ্ৰাম কৰক। ব্যৱসায়ী সকলৰ বাবে আজি বহুত ভাল দিন ,কাৰণ সিহঁত হঠাতকৈ লাভান্বিত হব পাৰে। আজিৰ দিনটো আপুনি বহুত ব্যস্ত থাকিব কিন্তু গধূলিৰ সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব। জীৱন সংগীৰ অসুুস্থতাৰ বাবে আপোনাৰ কাম-কাজত বেয়া প্ৰভাৱ পৰিব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Friday, April 8, 2022)

নিজৰ কামৰ বাবে বেলগৰ ওপৰত হেচা নিদিব,বেলেগৰ ইচ্ছা আৰু অনিচ্ছা সমূহক ভালকৈ মন কৰক ,ইয়াৰ ফলত আপোনাৰ সুখ অনুভৱ হব। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসৰ্গতাক লক্ষ্য কৰিব আৰু ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভ পাব পাৰে। পূৰণি পৰিচিতৰ লগত মিলি-জুলি আৰু পূৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। আপোনাৰ ৰোমাণ্টিক ভাৱনা সমূহ অন্যক কৈ নুফুৰিব। এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। ঘৰৰ সৰুবোৰৰ লগত ক্থা পাতি আজি আপুনি নিজৰ অৱসৰ সময় খিনি খুব ভালকৈয়ে ব্যৱহাৰ কৰিব। আপোনাৰ বৈবাহিক জীৱন আপোনাৰ পৰিয়ালত চলি থকা নঞাৰ্থক ভাৱ ভংগীৰ বাবে বেয়াকৈ প্ৰ্ভাৱিত হব পাৰে ,কিন্তু আপোনালোক দুয়োজনে পৰিস্থিতি চম্ভালি লব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Friday, April 8, 2022)

আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। খৰচত হোৱা অপ্ৰত্যাশিত বৃদ্ধিয়ে আপোনাৰ মনৰ অশান্তি ভংগ কৰিব পাৰে। আপোনাৰ জ্ঞান পিপাসু মন টোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হব। সাৱধানে থাকক , কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে কিন্তু ! যি ব্যক্তি কলা আৰু ৰংগ মঞ্চৰ লগত জড়িত সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হব। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হব।

SeeHere is theComments

Sponsored

close