> ৯ এপ্ৰিল, শনিবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 9 April , Saturday - Today's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

৯ এপ্ৰিল, শনিবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 9 April , Saturday - Today's horoscope in assamese

 ৯ এপ্ৰিল, শনিবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 9 April , Saturday - Today's horoscope in assamese





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Saturday, April 9, 2022)

আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হব আৰু আপুনিও আজি ফুৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। যি লোকসকলে ভেটি-মাটী কিনিছিল আৰু এতিয়া সেই মাটী বিক্ৰী কৰিব বিচাৰে , সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমানৰ ধন লাভ হব। বহুতদিনৰ পৰা ৰৈ থকা ঘৰুৱা কাম সমূহ আপোনাৰ জীৱন-সংগীৰ লগত মিলি পূৰণ কৰাৰ ব্যৱস্থা কৰক। আজি আপোনাাৰ প্ৰিয়জন আপোনাৰ পৰা সময়ৰ লগতে উপহাৰৰ আশা কৰিব পাৰে। একান্তত থকা নিজৰ বাবে ভাল ,কিন্তু যদি আপোনাৰ মনত কিবা কথা চলি আছে তেন্তে লোকৰ পৰা দুৰত থাকিলে আপুনি বেছি চিন্তিত হ’ব পাৰে। সেইবাবে চিন্তিত থাকিলে কোনোবা অনুভৱী লোকৰ লগত নিজৰ সমস্যাবোৰ আলোচনা কৰিব। ৰোমাণ্টিক গান , সুগন্ধি মমবাতি , ভাল খোৱা বস্তু আৰু পানীয় আজি এইবোৰেই অপোনাৰ জীৱন লগৰীৰ লগত কটওৱা সময়ত ৰহন সানিব। ৰাতি আপুনি কাকো নোকোৱাকৈ ঘৰৰ বহিৰত ওলাই যাব পাৰে কাৰণ আপুনি কিবা মন দ্বন্দ্বৰ মাজত থাকিব যাৰ সমাধান আপুনি উলিয়াব পৰা নাই।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Saturday, April 9, 2022)

আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। আজি সফলতা প্ৰাপ্তৰ মন্ত্ৰ হ'ল সেই সকল লোকৰ পৰামৰ্শ মৰ্মে পইচা লগাওঁক যি সকল লোক মৌলিক চিন্তা কৰে আৰু বহুত অনুভূৱী হয়। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। আজি আপুনি নিৰাশ হব পাৰে ,কাৰণ আপুনি ভৱা মতে আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব যোৱাৰ পৰিকল্পনাত যতি পৰিব পাৰে। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। আপোনাৰ জীৱন লগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব ,কিন্তু তেখেত আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে। ছাত্ৰই নিজৰ দুৰ্বল বিষয় লৈ শিক্ষকৰ কাষ চাপিব পাৰে আৰু শিক্ষকৰ পৰামৰ্শ অনুযায়ী আপুনি সেই বিষয়ৰ জটিলতা বুজি পোৱাত সহায় হ’ব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Saturday, April 9, 2022)

আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি হল আপোনাৰ বেলেগক হহুৱাই ৰাখিব পৰা দক্ষতা ,নিজৰ বেমাৰ ঠিক কৰিবৰ বাবে ইয়াৰ প্ৰয়োগ কৰিব পাৰে। নিশ্চিত ভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব -কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হৈ পৰিব। এই সময় এই কথাটো বুজাৰ সময় যে খঙ পাগলামীৰ প্ৰথম স্তৰ আৰু ই আপোনাক প্ৰত্যেক দিশেদি হানি কৰিব পাৰে আৰু আপোনাক লোকচানৰ মুখত পেলাব পাৰে। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। যদি আপোনাৰ এনে অনুভৱ হয় যে কিছুমান মানুহৰ সংগ আপোনাৰ সময়ৰ অপচয় কৰি আছে ,তেন্তে আপুনি তেখেতসকলৰ পৰ দুৰত থকাই শ্ৰেয়। পৰিয়ালৰ সদস্য সমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হব পাৰে ,কিন্তু দিনৰ অন্তত আপোনাৰ জীৱন সংগী আপোনাৰ এই সমস্যা সমূহক অলপ সহজ হোৱাত আপোনাক সহায় কৰিব। সৰু ভাইটীৰ লগত ফুৰিব যাব পাৰে, ইয়াৰ ফলত আপোনালোকৰ সম্বন্ধ বেছি কটকটীয়া হ’ব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Saturday, April 9, 2022)

ভাল খবৰ এটা পাব পাৰে। আপোনাৰ মন ত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আজিৰ দিনাখন আপুনি কিছুমান সমস্যাৰ সন্মুখীন হব পাৰে। যথাৰ্থবাদী ব্যৱহাৰ আকোৱালি লওক আৰু জনে আপোনাক সহায়ৰ হাত আগ-বঢ়াব তেখেতেৰ পৰা চম্ৎকাৰৰ আশা নকৰিব। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰ ঔষধ সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। পাৰ্কত ফুৰি থাকোঁতে আপোনাৰ এনে এজন ব্যক্তিৰ লগত দেখা হব যাৰ লগত অতীতত আপোনাৰ মতভেদ আছিল। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে , যিমান দূৰ সম্ভৱ কথা আগ বাঢ়িব নিদিব। বহুত মনোযোগেৰে কাম কৰক তাতোকৈ ফূৰ্তিৰে পাৰ্টী কৰক -এইটো চাব গ'লে আধুনিক সময়ৰ সকলোতকৈ প্ৰসিদ্ধ মন্ত্ৰ কিন্তু আৱশ্যকতকৈ অধিক পাৰ্টী কৰাটো শৰীৰৰ পক্ষে ভাল বুলি পৰিগণিত নহ'ব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Saturday, April 9, 2022)

সাৱধান থাকক !! কোনোবাই আপোনাক বুৰ্বক বনাব বিচাৰি আছে। মানসিক অশান্তি আৰু হতাশা বৃদ্ধি পাব পাৰে। সন্দিগ্ধ আৰ্থিক লেন দেনত ফচাৰ পৰা সাৱধানে থাকক। দিন শেেষ হোৱাৰ সময়ত কোনোবা পূৰণি মিত্ৰক লগ পাব পাৰে। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে ,সিহঁতৰ বাব এই সময় খিনি লেখতলব'লগীয় মূহূৰ্ত হব। আপোনাৰ কথা-বতৰাত মৌলিকতা ৰাখক ,কাৰণ যিকোনো ধৰণৰ কৃত্ৰিমতাই আপোনাক একো লাভান্বিত কৰিব নোৱাৰে। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব। আপুনি বহুত কিবা-কিবি কৰিব বিচাৰে ,তথাপিও আজি আপুনি বহুত কাম পিছলৈ কৰিব বুলি স্থগিত কৰি থ'ব পাৰে,দিনটো শেষ হোৱাৰ আগতে কিছুমান কাৰ্য কৰি থব যত্ন কৰক নহ'লে আপুনি অনুভৱ কৰিব পাৰে যে গোটেই দিনটো এনেই গুচি গ'ল।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Saturday, April 9, 2022)

আপোনাৰ কাজিয়াখোৰ স্বভাৱে আপোনাৰ শত্ৰুৰ তালিকা খন দীঘল হে কৰিব,কাকো নিজৰ ওপৰত ইমান অধিকাৰ নিদিব যে তেখেতে আপোনাক দুখ দিব ,যাৰ বাবে আপুনি পস্তাব লগীয় হব পাৰে। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন ,বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। আজি আপুনি ধৈৰ্য শীল ভাৱে চলিব নোৱাৰিব,সেইবাবে সংযমতা ৰাখক কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। বিনা কাৰণৰ সন্দেহ সম্বন্ধ বেয়া কৰাত অৰিহনা যোগায়। আপোনাকো আপোনাৰ প্ৰেমাস্পদৰ ওপৰত সন্দেহ কৰিব নালাগে। যদি কিবা কথালৈ আপোনাৰ মনত তেখেতক লৈ সংশয় হৈছে তেন্তে তেখেতৰ লগত বহি এই কথা সমাধান কৰিব চেষ্টা কৰিব। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব, এই সময়খিনিত আপুনি বিনাকথাৰ তৰ্ক নকৰিব। হাহিঁ -ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পূৰণি কথা হঠাৎ আহি যাব পাৰে ,যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে। ল’ৰা- ছোৱালীৰ লগত সময় কেনেকৈ পাৰ হয় গমে পোৱা নাযায় ,এই কথাটো আজি আপুনি সন্তানৰ লগত সময় অতিবাহিত কৰা সময়ত গম পাব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Saturday, April 9, 2022)

বাহিৰত ঘুৰা ফুৰা , ফুৰ্তি আৰু পাৰ্টী কৰি থাকিলে আপোনাৰ মন ভালে থাকিব। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। আপুনি মা-দেউতাকক সুখ কৰাত আপুনি বহুত জটিলতা অনুভৱ কৰিব। সিহঁতক বুজিব চেষ্টা কৰিব আৰু সিহঁতৰ দৃষ্টি দি বস্তু বোৰ পৰীক্ষণ কৰিব চেষ্টা কৰক ,আপুনি ধনাত্মক পৰিণাম লাভ কৰিব , সিহঁতৰ আৱশ্যকীয় বস্তু হল কেৱল আপোনাৰ মৰম,স্নেহ আৰু সময় । স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মক ভাৱে সহায় কৰিব পাৰিব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপুনি এগৰাকী ভাল জীৱন লগৰী পোৱাৰ সকলো সুখ আজি অনুভৱ কৰিব । সপ্তাহত ছুটিৰ দিনাখন অফিচৰ বছৰ নাম নিজৰ মোবাইলত দেখিলে কাৰ বাৰু ভাল লাগিব ? কিন্তু এই সপ্তাহত আপোনাৰ লগত এনেকুৱাই কিবা হব পাৰে।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Saturday, April 9, 2022)

মনোবৈজ্ঞানিক ভয়ে আপোনাক অস্থিৰ কৰি তুলিব পাৰে। ধনাত্মক চিন্তা আৰু ধনাত্মক ভাৱনাই আপোনাৰ আজিৰ দিনৰ বাবে বহুত বেছি আৱশ্যকীয়। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। পঢ়া-শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা-দেউতাৰ খঙৰ স্বীকাৰ হব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা-ধুলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা-দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত। বহুুত কাম পৰি থকা স্বত্তেও আপুনি ৰোমাঞ্চকৰ ঘুৰা-ফুৰা ইত্যাদি আপোনাৰ মন-মগজুত বিৰাজ কৰি থাকিব। আজি এই ৰাশিৰ ছাত্ৰ সকল চিনেমা চাই নিজৰ সময় অপচয় কৰিব পাৰে। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে। घर पर आज आपके अच्छे गुणों की चर्चा हो सकती है। ঘৰত আজি আপোনাৰ ভাল গুণ বোৰৰ কথা আলোচনা হ’ব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Saturday, April 9, 2022)

আপোনাৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। কোনোবা এজন যাৰ লগত আপুনি একেলগে থাকে ,আপোনাৰ দায়িত্বহীনতা আৰু অনিশ্চিত ব্যৱহাৰৰ বাবে খঙ কৰিব পাৰে। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰ ভাৱে ভাল পায়। এই ৰাশিৰ লোকসকল আজি নিজৰ বাবে সময় উলিওৱাটো নিত্যান্তই জৰুৰী যদি আপুনি এনে নকৰে তেন্তে আপুনি মানসিক্ভাৱে ভাগৰি পৰিব পাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগিনী মৌতকৈও বহুত মিঠা। আজি আপোনাৰ অনুভৱ হ’ব যে আপোনাৰ প্ৰেমাস্পদ আপোনাৰ পৰা দুৰ হৈ আছে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Saturday, April 9, 2022)

নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিবলগা সময়ত সমস্যাৰ সন্মুখীন হব লাগিব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। আপোনাাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব, এই সময়খিনিত আপুনি বিনাকথাৰ তৰ্ক নকৰিব। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। দিন ভাল আছে আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ কথাত খিল্খিলাই হাহিব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Saturday, April 9, 2022)

স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ'ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। ঘৰত কাকো যাতে আপুনি দুখ নিদিয়ে তাৰ প্ৰতি আজি আপুনি অলপ সচেতন থাকক আৰু আপোনাৰ পৰিয়ালৰ প্ৰয়োজন হিচাপে নিজকে ঢাল খুৱাওক। আজি ৰোমাঞ্চ আপোনাৰ মন -মগজুত আৱৰি থাকিব। ঘৰত সিচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাব আজি আপুনি পৰিকল্পনা কৰিব কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। আজি আপুনি নিজৰ জীৱন লগৰীৰ দৈৱিক ৰূপ দেখাৰ সৌভাগ্য পাব পাৰে। নিজৰ নিকটতম লোকক নজনোৱাকৈ এনেকুৱা ঠাইত বিনিয়োগ নকৰিব যাৰ বিষয়ে আপুনি নিজেও নাজানে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Saturday, April 9, 2022)

গাড়ী চলোৱা সময়ত সাৱধান থাকক। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাব তেতিয়া সাজ-সজ্জা আৰু ব্যৱহাৰ এক নতুনত্ব আনক। একো কামে অসম্ভৱ নহয় যদি আপুনি সেই কাম সমাধান কৰিবৰ বাবে মনশক্তি গোটাই লৈছে। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হব পাৰে। সময়ক এনেই কটাই দিয়াতকৈ আজি বিদেশী ভাষা এটা শিকিলে আপোনাৰ বাৰ্তালাপ কৰাৰ এটা প্ৰক্ৰিয়া বৃদ্ধি হব ।

SeeHere is theComments

Sponsored

close