> ১০ মে' , মঙলবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 10 May , Tuesday - Today's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১০ মে' , মঙলবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 10 May , Tuesday - Today's horoscope in assamese

   ১০ মে' , মঙলবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 10 May , Tuesday - Today's horoscope in assamese




মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Tuesday, May 10, 2022)

ব্বেলেগৰ প্ৰতি বেয়া চিন্তা মনত ৰাখিলে আপোনাৰ মানসিক শান্তি বেয়া হব পাৰে। আপুনি এনেকুৱা চিন্তা বৰ্জন কৰিব লাগে ,নিজৰ ভাৱনা নিয়ন্ত্ৰণ কৰক এইবোৰ বৰ্জন কৰিবৰ বাবে । আৰ্থিক সমস্যাই আপোনাৰ সৃজনাত্মক ক্ষমতাটোক অকামিলা কৰি দিছে। আজি অকল অচিনাকি ব্যক্তি নহয় আনকি নিজৰ বন্ধু-বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে। প্ৰেমৰ পিনেদি এই দিন বহুত বিশেষ হব। কেতিয়াবা এনেকুৱা লাগিব পাৰে যে আপুনি বহুত বেছি নিঃ সংগ ,সহকৰ্মী আৰু সহযোগী আপোনাক সহায় কৰিব আহিব কিন্তু আপোনাক অধিক সহযোগ আগ -বঢ়াব নোৱাৰিব। এনেেকুৱা পৰিৱৰ্তন আনক যি আপোনাৰ ৰূপ-ৰংত এক সৌন্দৰ্য কঢ়িয়াই আনে আৰু সম্ভাৱিত প্ৰেম প্ৰাৰ্থীসমূহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। বিবাহৰ পিছত কিছুমান কথা প্ৰয়োজনতকৈ অধিক আগ-বঢ়াটো অনিবাৰ্য হৈ পৰে, আজি আপুনি এইবোৰ কথাৰ বাবে ব্যস্ত থাকিব পাৰে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Tuesday, May 10, 2022)

নিজৰ জীৱন সংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলেই আপোনাৰ ভাল হব, অলপ দখল দিলে একো নাই ,ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব পাৰে। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিনৰ বেয়া হৈ আছে তেখেতক আজি আপুনি দেখিব যাব পাৰে। আজি আপোনাৰ ধুনীয়া কাম বোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈয়ে ফুলিব। অফিচত থকা আপোনাৰ বহুত শত্ৰু আজি আপোনাৰ বন্ধু হৈ যাব অকল আপোনাৰ এক ভাল কামৰ সলনি। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰ আপ্নাক বহুত লাভ দিব পাৰে। আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Tuesday, May 10, 2022)

শিশু আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিন বোৰক সামৰণি মৰাৰ দিন আহি গৈছে তাৰ বাবে আপুনি এক নৈশ ভোজনৰ আয়োজন কৰা উচিত । যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিক কৈ খৰচ হৈ থাকিব ,কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰ সমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পুৰ্ণ কৰিব পাৰিব। জীৱনত এক নতুনত্ব আহিব পাৰে ,যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব পাৰে। নিৰ্ণয় লোৱা সময়ত আপোনাৰ অহং ভাৱক মাজত আহিব নিদিব ,আপোনাৰ কনিষ্ঠ সহকৰ্মীৰ কথাত মনোযোগ দিব। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি কৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Tuesday, May 10, 2022)

আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। যদি ও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব কিন্ত আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। কোনো পূৰণা বন্ধুৰ লগত আজি হঠাৎ সাক্ষাতকাৰ হব পাৰে,যাৰ বাবে পূৰণি ধুনীয়া স্মৃতি আকৌ সতেজ হৈ পৰিব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব কাৰন আজি গোটেই দিন আপুনি অফিচৰ কামৰ চাপত থাকিব। আপোনাৰ আত্ম বিশ্বাস ত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্ট ভাৱে দেখা যাব। যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ হাতত আপোনাৰ পৰিয়াল আৰু বন্ধুগণক দিবলৈ সময়ৰ অভাৱ তেতিয়াই আপোনাৰ মন বেয়া হৈ যায় ,আজিও আপোনাৰ মনৰ স্থিতি এনেকুৱাই থাকিব। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Tuesday, May 10, 2022)

গৰ্ভৱতী মহিলা সমুহ ঘুৰা-ফুৰা সময়ত অলপ বেছি সাৱধান হোৱা দৰকাৰ ,যদি সম্ভৱপৰ হয় ধুম্ৰপান কৰা লোকৰ পৰা দূৰত থাকক,কাৰণ ইয়াৰ ফলত হোৱা ধোৱাই আপোনাৰ সন্তানক অপকাৰ কৰিব পাৰে। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব, আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হব পাৰে। ঘৰৰ পৰিৱেশত অলপ সাল-সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। যিবিলাক লোক বিদেশ ব্যৱসায়ৰ লগত জড়িত সিহতঁৰ আজি যথেষ্ঠ লাভ হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ লগতে চাকৰি ৰ লগত জড়িত এই ৰাশিৰ জাতক সকল নিজৰ প্ৰতিভাৰ ব্যৱহাৰ কৰ্মক্ষেত্ৰত পুৰাদমে কৰিব পাৰিব। খালি সময়ত আজি আপুনি মোবাইলত ৱেব চিৰিজ চাব পাৰে। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব ।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Tuesday, May 10, 2022)

মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাও লোৱা উচিত, তেতিয়াহে সৰ্বাংগীন বিকাস সম্ভৱ । মনত ৰাখিব সুস্থ চিন্ত ধাৰা অকল সুস্থ শৰীৰতহে নিবাস কৰে। ঘৰত হবলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুত খৰচ হব পাৰে যাৰ ফলত আৰ্থিক স্থিতি অলপ দূৰ্বল হব পাৰে। যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্ব সমূহক নেদেখাৰ ভাও জোৰে তেন্তে কিছুমান এনেকুৱা লোক আপোনাক খঙ কৰিব পাৰে যি সকল আপোনাৰ লগত একেলগে বাস কৰে। জীৱন্ত বাস্তৱৰ মুখামুখি হবলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। যিকোনো খৰচী কাম অথবা যোজনাত হাত দিয়াৰ আগতে ভাল কৈ চিন্তা-চৰ্চা কৰি লওক। যদি আপুনি আজি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাৱেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। আপোনাৰ জীৱন সংগীৰ ফালৰ পৰা লাভ কৰা কোনো বিশেষ উপহাৰে আপোনাৰ দুখিত মনক উৎসাহ যোগোৱাত বহুত সহায় কৰিব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Tuesday, May 10, 2022)

কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। যদি আপুুনি কাৰোবাক দিয়া ঋণ বহুতদিনৰ পৰা উভতাই বিচাৰি আছে কিন্তু সেই ব্যক্তিজনে আপোনাক অজুহাত দেখুৱাই পইচা দিয়াৰ পৰা বিৰত আছে , তেখেত আজি একো নোকোৱাকৈ আপোনাৰ পাওনা খিনি ঘুৰাই দিব। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হব লাগে। সন্ধিয়াৰ সময় খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম ভ্ৰা হওক। যি ব্যক্তি কলা আৰু ৰংগ মঞ্চৰ লগত জড়িত সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হব। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক ,এনেকৈ শুনিলে আপুনি আজি নিশ্চিত ভাৱে লাভ্ৰ মুখ দেখিবলৈ পাব। যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে,তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হব পাৰে।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Tuesday, May 10, 2022)

ব্বেলেগৰ প্ৰতি বেয়া চিন্তা মনত ৰাখিলে আপোনাৰ মানসিক শান্তি বেয়া হব পাৰে। আপুনি এনেকুৱা চিন্তা বৰ্জন কৰিব লাগে ,নিজৰ ভাৱনা নিয়ন্ত্ৰণ কৰক এইবোৰ বৰ্জন কৰিবৰ বাবে । যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোক সকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আজি ৰোমাঞ্চৰ বাবে ভাল বতৰ নহয় কাৰণ আপোনাৰ প্ৰিয়জনৰ আজি অলপ অধিক আশাবাদী হোৱাৰ আশংকা আছে। আপোনাৰ কাম কৰাৰ শৈলী কিছুমান সহকৰ্মী একদমে পচন্দ নকৰিব ,কিন্তু আপোনাক সিহঁত এই বিষয়ে নকব , যদি আপুনি অনুভৱ কৰে যে ফলাফল আপুনি ভৱামতে নাহিব তেন্তে আপুনি যোজনাক আকৌ বিশ্লেষণ কৰি আকৌ তাত শুধৰণি কৰিব পাৰে। হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভতি লাভ কৰিব। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Tuesday, May 10, 2022)

ওচৰ-পাজৰৰ লোক সমূহৰ সহযোগে আপোনাক সুখদ অনুভূতি প্ৰদান কৰিব। কোনোবা পূৰণি বন্ধুয়ে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে যদি আপুনি তেখেতক আৰ্থিক ভাৱে সহায় কৰে তেন্তে আপোনাৰ আৰ্থিক অবস্থাও অলপ দূৰ্বল হব পাৰে। বৈবাহিক বন্ধনত বন্ধনৰ বাবে ভাল সময় হব। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। আপুনি বঢ়িয়া পৰিণাম পাবৰ বাবে নিজৰ ফালৰ পৰা ভালকৈ প্ৰয়াস কৰক। এনেকুুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত দিব পাৰে। দৈনিন্দিন বস্তু কিনা-মেলাক লৈ জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ সম্ভাৱনা আছে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Tuesday, May 10, 2022)

শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমত যাদু কৰাৰ ক্ষমতা আছে। কাম-কাাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হব। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব কিন্তু এই সময়খিনিতেই ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হব পাৰে। 


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Tuesday, May 10, 2022)

বেলেগক সমালোচনা কৰি নিজৰ অমূল্য সময় নষ্ট নকৰিব কাৰণ ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। ঘৰুৱা বিষয় সমূূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ।আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগে। আপুনি কাৰোবাৰ লগত কৰোবাত ঘুৰিব -ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। বেংকিং ক্ষেত্ৰৰ লগত জড়িত লোক সমূহ ভাল খবৰ পাব পাৰে, পদোন্নতিৰ বহুত সম্ভাৱনা আছে ,আপুনি নিজৰ সুখ দুগুণ কৰিবৰ বাবে সহকৰ্মীৰ লগত শ্বেয়াৰ কৰিব পাৰে। আজি আপুনি বিনা কাৰণত কিছুলোকৰ লগত তৰ্কা তৰ্কি লাগিব পাৰে। এইটোৱে আপোনাৰ মনতো বেয়া কৰিবই লগতে আপোনাৰ মূল্যৱান সময়ো বৰবাদ হৈ যাব। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Tuesday, May 10, 2022)

স্বাস্থ্য ভালে থাকিব। কিছুমান বিশেষ লোক যিকোনো যোজনাত পইচা নিৱেশ কৰাৰ বাবে তৈয়াৰ থাকে, যত সম্ভাৱনা দেখা যায় আৰু যত প্ৰাধান্য আছে। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। নতুনকৈ আৰম্ভ কৰা পৰিযোজনা আশা কৰামতে পৰিণাম নিদিব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব। আপোনাৰ জীৱন সংগীৰ বাবে আপোনাৰ সমাজীয় প্ৰতিষ্ঠাত আঘাত পাব পাৰে।



SeeHere is theComments

Sponsored

close