> ২০ মে' , শুক্ৰবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 20 May , Friday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২০ মে' , শুক্ৰবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 20 May , Friday - Tomorrow's horoscope in assamese

 ২০ মে' , শুক্ৰবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 20 May , Friday - Tomorrow's horoscope in assamese



 মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Friday, May 20, 2022)

যিবোৰ সমস্যা আপোনাক চিন্তিত কৰি তুলিছে,সেইবোৰক সাহস, কুটনীতি আৰু প্ৰতুতপন্ন্তাৰে সমাধান কৰাৰ চেষ্টা কৰক। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। প্ৰেমৰ এক নতুন আৱেগে আপোনাক ৰাতি শুব নোৱাৰিব। এই ৰাশিৰ জাতক সকল কৰ্মক্ষেত্ৰত লগাত কৈ অধিক কথা কোৱাৰ পৰা বিৰত থাকক নহলে আপোনাৰ ছবিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব ।এই ৰাশিৰ ব্যৱসায়ীসকলক পূৰণা বিনিয়োগৰ বাবে লোকচান হব পাৰে। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। কোনোবা ধুনীয়া স্মৃতিৰ কাৰণে আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজত থকা বিবাদ সমাপ্ত হব পাৰে, এইবাবে বাদ-বিবাদ হোৱা সময়ত পূৰণা দিনৰ স্মৃতি সতেজ কৰিবলৈ নাপাহৰিব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Friday, May 20, 2022)

আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। ঘৰুৱা বিষয় সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। অফিচত প্ৰপ্ৰত্যেক ব্যক্তিয়ে আজি আপোনাক গম্ভীৰতাৰে শুনিব। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। এই দিনটো আপোনাক আপোনাৰ জীৱন সংগীৰ এক অসাধাৰণ দিশ দেখুৱাব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Friday, May 20, 2022)

আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগ -বঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। প্ৰেমৰ দৃষ্টিকোণ দি চালে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হব। আপুনি ধৈৰ্য আৰু কষ্ট ৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হব পাৰিব। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনা সমূহৰ ওপৰত আকৌ এবাৰ বিবেচনা কৰাৰ এয়া সঠিক সময়। কিছুুমান মানুহ একেলগে থাকে কিন্তু সিহতঁৰ জীৱনত প্ৰেমাভূতি খুব কমি যায় কিন্তু আপোনাৰ বাবে এই দিনটো বহুত ৰোমাণ্টিকৰ বুলি প্ৰমাণিত হব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Friday, May 20, 2022)

আপোনাৰ আকাংক্ষা সমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। যিসকল লোকে নিজৰ ষষ্ঠ ইন্দ্ৰীয়ক নিয়ন্ত্ৰন কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল সিহতে নিজকে নিয়ন্ত্ৰন কৰাটো অত্যন্ত প্ৰয়োজনীয়। যিসকল লোকৰ লগত আপুনি থাকে সিহঁত আপোনাৰ লগত ইমান সুখী নহ'ব ,তাৰ কৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয় !! আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হব । বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। ভাল কমিউনিকেশ্বন নোহোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হব পাৰে,কিন্তু মিলি-জুলি বহি কথা পাতিলে বিষয় বস্তুবোৰ ঠিক হব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Friday, May 20, 2022)

সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম কৰক। এই ৰাশিৰ যিসকল লোক বিদেশত ব্যবসায় কৰে ভাল পৰিমাণৰ অৰ্থ লাভ হব পাৰে। কোনোবাই আপোনাক অপকাৰ কৰিব চেষ্টা কৰিব বিচাৰিব। বহুত শক্তিশালী মানুহ আপোনাৰ বিৰুদ্ধে কাম কৰিব , আপুনি এনেকুৱা পদক্ষেপ লোৱাৰ পৰা বিৰত থাকিব লাগে যে যাৰ বাবে আপোনাৰ আৰু তেখেতৰ সাক্ষাতকাৰ হওক। যদি আপুনি হিচাপ সমান সমান কৰিব বিচাৰে তেন্তে এনেকুৱা পদ্ধতিতে কৰিব লাগিব। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগ বাঢ়িব । দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই যেনেকৈ দিন আগ বাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Friday, May 20, 2022)

ব্যক্তিগত সমস্যাই আপোনাৰ মানসিক শন্তি ভংগ কৰিব পাৰে।মানসিক হেচাৰ পৰা হাত সাৰিবলে বাহিৰা কিতাপ পঢ়ক। নিশ্চিত ভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব -কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হৈ পৰিব। সন্তানৰ পঢ়া-শুনাৰ ওপৰত ধ্যান দিয়ক অৰু ভৱিষ্যতৰ যোজনা ৰ ওপৰত পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনাত এট বেলেগ উৰ্জা দেখা যাব । আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হব। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী হব আৰু গোটেই দিন সেই বস্তুটো চাফা কৰাত অতিবাহিত কৰিব পাৰে। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Friday, May 20, 2022)

কোনোবা সন্ত অথবা সজ্জন পুৰুষৰ নৈতিক কথা আপোনাক সন্তুষ্টি আৰু মোক্স প্ৰাপ্ত কৰিব। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। আপুনি মা-দেউতাকক সুখ কৰাত আপুনি বহুত জটিলতা অনুভৱ কৰিব। সিহঁতক বুজিব চেষ্টা কৰিব আৰু সিহঁতৰ দৃষ্টি দি বস্তু বোৰ পৰীক্ষণ কৰিব চেষ্টা কৰক ,আপুনি ধনাত্মক পৰিণাম লাভ কৰিব , সিহঁতৰ আৱশ্যকীয় বস্তু হল কেৱল আপোনাৰ মৰম,স্নেহ আৰু সময় । শাৰীৰিক ব্যায়ামৰ যেন এতিয়া কোনো প্ৰয়োজন নাই , আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে আজিৰ দিন হল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে । আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। বৈবাহিক জীৱনৰ ফালেদি আজিৰ দিনটো বহুত ধুনীয়া দিন , একেলগে এক ধুনীয় সন্ধিয়া অতিবাহিত কৰিবৰ বাবে পৰিকল্পনা এক হাতত লওক।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Friday, May 20, 2022)

আজি এটা বিশেষ দিন, কাৰণ শাৰীৰিক ভাৱে সুস্থ হোৱা বাবে আপুনি কিছুমান অসাধাৰণ কাম কৰিব ক্ষমতা লাভ কৰিব। সন্তানৰ বাবে অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। পাৰম্পৰিক নিয়ম আৰু কোনোবা পৱিত্ৰ আয়োজন ঘৰত কৰা উচিত । অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজি দিনটো ব্যস্ত ৰাখিব। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে তেন্তে আপোনাৰ সহযোগী বেয়া পাব পাৰে। নিজৰ কাম সময়মতে কৰিব লাগে , কাম জমা কৰি থ’লে আপোনাৰে অসুবিধা হ’ব পিচলৈ ।কাম সোনকালে শেষ কৰিলে আজি আপুনি ধেৰ অৱসৰ সময় পাব। আজি আপুনি জীৱন সংগীৰ লগত ঘুৰা-ফুৰাৰ মজা লব আৰু একেলগে সময় অতিবাহিত কৰাৰ এটা ভাল সুযোগ লাভ কৰিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Friday, May 20, 2022)

স্বাস্থ্য ভালে থাকিব। ধনৰ আৱশ্যকতা যিকোনো সময়ত হব পাৰে সেইবাবে আজি যদি জয়ী হব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। সময়ত আপোনাৰ সহায় যিকোনো মানুহৰ অথবা জীৱৰ জীৱন ৰক্ষা কৰিব পাৰে ,এই কথা আপোনাৰ পৰিয়ালৰ সদস্যসকলক আপোনাৰ ওপৰত গৰ্ব কৰাৰ সুবিধা দিব আৰু সিহঁতৰ প্ৰেৰণাৰ উৎস হৈ থিয় দিব। প্ৰেম সন্দৰ্ভত সোনকালে কোনো নিৰ্ণয় নল'ব। চাকৰিত হোৱা নতুন পৰিৱৰ্তনে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। যাত্ৰা আৰু ভ্ৰমণে আপোনাৰ নতুন ব্যক্তি আৰু নতুন ঠাইৰ লগত চিনাকি হোৱাত সহায় কৰিব। জীৱন সংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰোফেশ্বনাল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Friday, May 20, 2022)

জীৱনত আৰু এটা উদাৰ ভাৱ ৰাখিব । আপোনাৰ অৱস্থাৰ অভিযোগ কৰি আৰু তাত দুখী হৈ কোনো এটা কাম আপোনাৰ সিদ্ধ নহ'ব । এই অধিক পোৱাৰ মনোভাৱ আপুনি বাদ দিয়াটো ভাল হ'ব কাৰণ এইটোয়ে আপোনাৰ জীৱনৰ সুগন্ধি বিনষ্ট কৰিব আৰু সন্তুষ্টতাৰে ভৰা জীৱনৰ আশা ভংগ কৰি দিব। গোটেই দিনটো আপুনি যদিও অৰ্থ সংকটত ভূগিছে কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। আপুনি আপোনাৰ জীৱন সংগীৰ মতামতক অগ্ৰাহ্য কৰিব আৰু এইবাবে আপোনাৰ জীৱন-সংগী ধৈৰ্য হেৰুৱাই পেলাব পাৰে। ধুনীয়া ফুল দি নিজৰ প্ৰেমৰ প্ৰকাশ কৰক। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুক্ষ ভাৱে কথা কয়,কাৰণ জানি আপুনি স্বস্তিৰ নিশ্বাস পেলাব। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি কৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। আজিৰ দিনটোয়ে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমাণ্টিক ভাৱনা সমূহ সম্পূৰ্ণ ৰূপে দেখুৱাব ।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Friday, May 20, 2022)

আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজি কৰা আৰ্থিক নিৱেশ সমূহ আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। জীয়েকৰ বেমাৰে আপোনাৰ মন বেয়া কৰিব পাৰে , উৎসাহ বৃদ্ধি কৰিবলৈ তাইক বহুত মৰম আৰু স্নেহ প্ৰদান কৰক, মৰমে হাজাৰ ডাঙৰ বেমাৰ ভাল কৰাৰ ক্ষমতা ৰাখে। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়ম বোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাৱি থৈ দিছে। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Friday, May 20, 2022)

আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক,লগতে পিঠি আৰু ককাঁল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্ম-বিশ্বাসঅৰ উন্নতি হ'ব। সন্তানৰ বাবে অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰ ভাৱে ভাল পায়। আপুনি অফিচত আজি পৰিৱেশ ভাল হোৱা আৰু কাম-কাজৰ স্তৰত শুধৰণি হোৱা অনুভৱ কৰিব। দিন বহুত ভাল , আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষ বোৰ ভল্কৈ চালি-জাৰি চাওঁক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হব।


SeeHere is theComments

Sponsored

close