> ২৮ মে' , শনিবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 28 May , Saturday - Today's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৮ মে' , শনিবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 28 May , Saturday - Today's horoscope in assamese

 ২৮ মে' , শনিবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 28 May , Saturday - Today's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Saturday, May 28, 2022)

আপোনাৰ ধনাত্মক চিন্তা ধাৰাক পুৰস্কৃত কৰা হব , কাৰণ আপুনি আপোনাৰ চেষ্টা সমূহত সফলতা লাভ কৰিব। আজি আপুনি ভূলতো পইচা ধাৰলৈ নিদিব আৰু যদি দিয়াটো নিত্যান্তই জৰুৰী তেন্তে দিয়া জনৰ পৰা লিখিত ভাৱে লিখি ৰাখিব। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক ছানি ধৰিব। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰি যাব। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব । ইণ্টাৰনেট চাৰ্ফিং কৰাটো আপোনাক ভাল জ্ঞানৰ লগতে কিছুমান বিষয়ৰ সম্যক জ্ঞান দিয়াত অৰিহণা যোগাব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Saturday, May 28, 2022)

আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হব পাৰে আৰু কথা আদালতলৈকে যাব পাৰে। যাৰ ফলত আপোনাৰ ভালেখিনি ধন খৰচ হব পাৰে। কিশোৰ সমূহে স্কুল প্ৰজেক্টৰ বাবে কিছু উপদেশ লোৱাৰ প্ৰয়োজন আছে। আপুনি যত আছে ততে থাকিব কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লাগতে আজি আপুনি ৰোমাণ্টিক যাত্ৰাত যাব পাৰে। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পচন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। জীৱন লগৰীৰ লগত আত্মিকতা আজি আপোনাক সুখী কৰিব। আজি আপুনি নিজকে সন্তুষ্ট কৰিবৰ বাবে অধিক সময় অতিবাহিত কৰিব যেনে চুলিত নতুন ডিজাইনৰ ষ্টাইল দিয়া ,স্পা কৰোৱা ,এইবোৰ কৰিলে আপুনি বহুত ভাল আৰু সতেজ অনুভৱ কৰিব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Saturday, May 28, 2022)

আজি আপুনি স্বাস্থ্যৰ কথা চিন্তা কৰাৰ কোনো আৱশ্যক নাই। আপোনাৰ ওচৰ-পাজৰৰ লোকসমূহে আপোনাক উৎসাহিত কৰিব আৰু প্ৰশংসা কৰিব। ঘৰৰ প্ৰয়োজনীয় বস্তুৰ ওপৰত আপোনাৰ আজি ধন খৰচ হব যাৰ ফলত আৰ্থিক সমস্যতো নিশ্চয় হব কিন্তু আজিৰ এই খৰচে আপোনাক ভৱিষ্যতত হবলগা সমস্যাৰ পৰা ৰেহাই দিব। দিনৰ দ্বিতীয় প্ৰহৰত বিশ্ৰাম কৰক আৰু পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু-সৰু উপহাৰ বেলেগক দিয়ক। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়! আপুনি বহুত কিবা-কিবি কৰিব বিচাৰে ,তথাপিও আজি আপুনি বহুত কাম পিছলৈ কৰিব বুলি স্থগিত কৰি থ'ব পাৰে,দিনটো শেষ হোৱাৰ আগতে কিছুমান কাৰ্য কৰি থব যত্ন কৰক নহ'লে আপুনি অনুভৱ কৰিব পাৰে যে গোটেই দিনটো এনেই গুচি গ'ল।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Saturday, May 28, 2022)

বন্ধুৰ পৰা পোৱা বিশেষ প্ৰশংসা আপোনাৰ আজি সুখৰ এটা কাৰক বনিব , কাৰণ আপুনি নিজকে গছৰ নিচিনা বনাই লৈছে যিয়ে অনবৰতে ৰ'দত থিয় হৈ সেই ৰ'দ সহ্য কৰি বেলেগক অনবৰতে ছাঁ দি থাকে। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হব। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। প্ৰেমীক আজি আপোনাৰ কিবা এটা কথাই দুখ দিব পাৰে। তেখেত আপোনাক বেয়া পোৱাৰ আগতে আপুনি কথাটো উপলব্ধি কৰি তেখেতক মনোৱাটো আপোনাৰ কৰণীয়। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হব পাৰে। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আৰু আপোনাৰ জীৱন লগৰী এটা শান্ত দিন অতিবাহিত কৰিব পাৰিব, যেতিয়া কোনো হাই-কাজিয়া নহব অকল প্ৰেমৰ বাহৰ হব। প্ৰেমতকৈ ধুনীয়া অনুভূতি একো নাই ,এইবোৰ কথা মাজে মাজে আপুনি প্ৰেমাস্পদক ক’ব লাগে যাৰ ফলত তেখেতৰ আপোনাৰ বিশ্বাস গভীৰ হব লগতে প্ৰেমত এক নতুনত্ব প্ৰাপ্ত হ’ব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Saturday, May 28, 2022)

আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশা মতে নহ'ব। ঘৰৰ কোনো এজন সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি চিন্তিত থাকিব । আপুনি তেখেতৰ লগত কথা পাতিব লাগে। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব । আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হব যিবোৰ আপুনি অকল অনবৰতে ভাৱি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা এনেই জীৱনটোৱে প্ৰত্যেক ক্ষণতেই কিবা নতুন আৰু বিশেষ ধৰণৰ চাৰপ্ৰাইজ আপোনাৰ সন্মুখত আনি থাকে ,কিন্তু আজি আপুনি নিজৰ জীৱন লগৰীৰ এটা নতুন আৰু ধুনীয়া ব্যক্তিত্ব চাই আকৌ আপ্লুত হৈ পৰিব। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশ টো প্ৰকাশ কৰিব পাৰে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Saturday, May 28, 2022)

হতাশা আৰু ভাগৰুৱা অনুভৱক নিজৰ ওপৰত প্ৰভাৱ পেলাব নিদিব। কোৰ্ট ত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হব পাৰে। আপোনাৰ দায়িত্বহীন স্বভাৱে আপোনাৰ মা-দেউতাক মনোকষ্ট দিব পাৰে, যিকোনো নতুন পৰিযোজনা আৰম্ভ কৰাৰ আগতে আপুনি বেলেগৰ মতামতো জানি লোৱা উচিত। শাৰীৰিক ব্যায়ামৰ যেন এতিয়া কোনো প্ৰয়োজন নাই , আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে আজি যিমান পাৰে লোকৰ পৰা দুৰত থাকক। বেলেগক সময় দিয়াতকৈ নিজক সময় দিওঁক। জীৱন সংগীৰ কাৰণে আজি আপুনি অনুভৱ কৰিব যে তেখেতৰ বাবে আপুনিয়ে সকলো। পানীৰ জীৱনত কি মূল্য সেই কথাক বিষয় হিচাপে লৈ আপুনি ঘৰৰ সৰুবোৰক ভাষণ এটা দিব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Saturday, May 28, 2022)

আপুনি কামত বহুত বেছি পিছুৱাই যাব ,কাৰণ আপোনাৰ স্বাস্থ্য ভালে নাথাকিব আৰু আপোনাৰ লগ নিদিব ,ইয়াৰ বাবে আপুনি বহুত জৰুৰী কাম মাজতে এৰি দিব লগা হব পাৰে,এনেকুৱা অৱস্থাত ধৈৰ্য আৰু সাহসেৰে কামৰ সন্মুখীন হওক। আপুনি জীৱনত পইচাৰ মূল্য কোনো দিনে বুজি নাপালে , আজি যেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰয়োজন আহি পৰিছে তেতিয়া আপুনি বুজি পাইছে জীৱনত পইচাৰ মাহাত্ম্য কিন্তু পৰ্যাপ্ত মূল্যৰ ধন আপোনাৰ ওচৰত এতিয়া নাই। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে কিন্তু ভাঙি নপৰিব কাৰণ শেষত গৈ জয় সচাঁ প্ৰেমৰে হয়। ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ ক্থা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। স্কুলত আজি আপুনি চিনিয়ৰৰ লগত কাজিয়া লাগিব পাৰে। এনেকুৱা কৰাটো আপোনাৰ বাবে ঠিক নহব । নিজৰ খঙত নিয়ন্ত্ৰণ ৰাখিব ।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Saturday, May 28, 2022)

অবাঞ্চিত চিন্তা ধাৰা মগজুত চানি ধৰিব পাৰে ,নিজকে শাৰীৰিক ব্যায়ামৰ মজা লব দিয়ক কাৰণ খালী মগজু চয়তানৰ ঘৰ। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। সন্তানক আপোনাৰ উদাৰ ভাৱৰ অনাহকত লাভ উঠাব নিদিব। প্ৰেমৰ দৃষ্টিকোণ দি চালে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হব। সময়ৰ সদ্ব্যৱহাৰ কৰিবৰ বাবে আপুনি আজি পাৰ্কত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে কিন্তু তাত কোনোবা অচিনাকি লোকৰ লগত আপোনাৰ তৰ্ক হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। আজি আপুনি এনেেকুৱা অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ জৰিয়তে আপোনাক সৰু কৰিব বিচৰা হৈছে , যিমান দূৰ সম্ভৱ এইবোৰ কথাক গুৰুত্বসহকাৰে নলব। আজি আপুনি খঙত পৰিয়ালৰ কোনোবা এজন সদস্যক বেয়াকৈ ক’ব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Saturday, May 28, 2022)

ধ্যান আৰু যোগ আধ্যাত্মিক দিশৰ উপৰিও আপোনাৰ শাৰীৰিক দিশ দিও লাভান্বিত কৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হব াৰু এইবাbএ মানসিক অশান্তিৰ কাৰণো হব পাৰে। ভুল সংবাদ অথবা ভুল বুজাবুজিয়ে আপোনাৰ দিন বেয়া কৰিব পাৰে। ফুৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হব। জটিল সময়ৰ ৰ পৰা ওলোৱাত আপোনাক আপোনাৰ জীৱন সংগীয়ে ইমান এটা সহযোগ নিদিব। আপোনাৰ জীৱন সংগী ৰ লগত কেণ্ডেল লাইট ডিনাৰ কৰাৰ সম্ভাৱনা আছে,আপোনাৰ সপ্তাহৰ গোটেই ভাগৰ দূৰ হব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Saturday, May 28, 2022)

আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। হতাশাৰ এক দীঘল সময় চলি থাকিব ,অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। আপোনাৰ প্ৰিয়জন আজি খুব ধুনীয়াভাৱে এক পৰিকল্পনা কৰি আপোনাক বিশেষ অনুভৱ কৰাব পাৰে। আজি বন্ধুগণৰ লগত দেখা হব পাৰে কিন্তু সেইখিনি সময়ত আপুনি মাদ্যদ্ৰব্য সেৱনৰ পৰা দুৰত থকাটোয়ে ভাল নহলৰ সময়ৰ অপচয় হব পাৰে। আজি আপোনাৰ জীৱন সংগী আপোনাক মৰম আৰু সুখৰ এক বেলেগ পৃথিৱীত বিচৰণ কৰাব পাৰে। যাত্ৰাত লগ পোৱা কোনোবা সুন্দৰীৰ কথা ভাৱি আপুনি ভাল অনুভৱ কৰিব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Saturday, May 28, 2022)

আপোনাৰ উৰ্জাৰ স্তৰ আজি উচ্চ থাকিব আৰু ইমান দিনৰ যাম কামবোৰ আপুনি আজি কৰি শেষ কৰিব পাৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। বৰিষ্ঠ জনৰ স্বাস্থ্য চিন্তাৰ কাৰক হৈ উঠিব পাৰে। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰী আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে।আজি মোবাইল বা টিভিত প্ৰয়োজনতকৈ বেছি সময় নষ্ট কৰিব পাৰে।। আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ যেন নোহোৱা হৈ গৈছে ,আপোনাৰ জীৱন সংগীৰ লগত কথা পাতক আৰু কিছু জীৱন দায়িনী পৰিকল্পনা তৈয়াৰ কৰক। আপুনি অলপ সময় নিজৰ পচন্দৰ কামবোৰ কৰাত সময় দিয়ক যেনে গান শুনা ,নাচা আৰু বাগিচাৰ কাম কৰা ,ইত্যাদি কৰিলে আপোনাৰ সন্তুষ্টতা অনুভৱ হব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Saturday, May 28, 2022)

নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। কোনোবা বন্ধু নিজৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰি আপোনাৰ কাষ চাপিব পাৰে। আপুনি আজিয়ে আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে ,কাৰণ আজিয়ে নক'লে কাইলৈ ৰখিলে বহুত দেৰি হৈ যাব। খালি সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেইকামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ নাই হোৱা। আপুনি অনুভৱ কৰিব যে জীৱন লগৰীৰ প্ৰেম ,ভাল পোৱাই সকলো দুখ পাহৰাই দিব পাৰে। যদি আজিৰ কাম আপুনি কাইলৈ পেলাই আছে তেন্তে ইয়াৰ বেয়া পৰিণাম আপুনি ভূগিব লাগিব পাৰে।

SeeHere is theComments

Sponsored

close