> ১১ জুন , শনিবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 11 June , Saturday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১১ জুন , শনিবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 11 June , Saturday - Tomorrow's horoscope in assamese

 ১১ জুন , শনিবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 11 June , Saturday - Tomorrow's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Saturday, June 11, 2022)

স্বাস্থ্য ভালে থাকিব। আজি ওচৰ চুবৰীয়া ৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে, আপোনাক পৰামৰ্শ দিয়া হল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁৰ বিশ্বাসযোগ্যতা চাই লব নহলে পইচাৰ লোকচান হব পাৰে। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। আপোনাৰ বৈবাহিক জীৱন আপোনাৰ পৰিয়ালত চলি থকা নঞাৰ্থক ভাৱ ভংগীৰ বাবে বেয়াকৈ প্ৰ্ভাৱিত হব পাৰে ,কিন্তু আপোনালোক দুয়োজনে পৰিস্থিতি চম্ভালি লব। আজি আপুনি অফিচৰ কামবোৰ ইমান সোনকালে শেষ কৰিব যে আপোনাৰ সহকৰ্মী সকল আপোনাক দেখি থাকোঁতেই যাব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Saturday, June 11, 2022)

ঘৰত কাম কৰোতে অধিক সাৱধান থাকক।ঘৰুৱা বস্তু সমূহক অৱহেলা কৰি ব্যৱহাৰ কৰিলে নতুন সমস্যাৰ সৃষ্টি হব পাৰে। এই ৰাশিৰ ডাঙৰ ব্যৱসায়ী বোৰক আজি বহুত ভাৱি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যকীয়। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়। জীৱনৰ আনন্দ ল’ব বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে।যদি আপুনি সমাজৰ পৰা দুৰ হৈ থাকে তেনেতে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। বৈবাহিক জীৱনৰ অকলে থকাটোও বহুত আৱশ্যক, কিন্তু আজিৰ দিনাখন আপোনালোক দুয়োজন এজনে আনজনৰ বেছি কাষ চাপিব। আজিৰ দিনটো আপুনি নিজৰ ব্যক্তিত্ব ভাল কৰাত ব্যতিত কৰিব পাৰে, এনেই বহি থকাতকৈ এনেকুৱা কাম কৰাটো বেছি ভাল।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Saturday, June 11, 2022)

আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বটৰা কৰে । কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হব পাৰে। আজি যদি আপুনি বেলেগৰ কথা মানি ক'ৰবাত অৰ্থ বিনিয়োগ কৰে তেন্তে আৰ্থিক লোকচান হোৱাটো এক প্ৰকাৰ নিশ্চিত। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোতেই যাব ,ইয়াৰ মানে হল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল ! অআজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাৰ লগতেই বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব ,বহুত কম মানুহেহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তন্ত্বৰ ৰহস্য জানিব পাৰে। সৰু সৰু কথাক লৈ আপোনাৰ আৰু জীৱন সংগীৰ মাজত চলি থকা বিবাদ আপোনাৰ বৈবাহিক জীৱন অধিক জটিল হৈ পৰিব পাৰে । সেইবাবে অন্যৰ কথা শুনি নিজৰ জীৱন টো দুৰ্বিসহ কৰি নেপেলাব। জীৱনটো লাহে লাহে গতিময় হৈ আছে সেইকথা আজি আপুনি আনুভৱ কৰিব পাৰিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Saturday, June 11, 2022)

আধ্যাত্মিকতাৰ সহায়তা লোৱাৰ এইটো সঠিক সময় ,কাৰণ মানসিক অশান্তি দূৰ কৰিবৰ বাবে এইটো সকলোতকৈ ভাল বিকল্প হয় ,ধ্যান আৰু যোগ আপোনাৰ মানসিক শক্তি বঢ়োৱাত বহুত বেছি সহায় কৰিব। আপোনাৰ বহুত উৎসৰ পৰা লাভ হব। নিজৰ উচ্চকাংক্ষা সমূহ মা-দেউতাক কোৱাৰ এয়াই সঠিক সময়,তেখেত আপোনাক সহযোগ কৰিব,আপুনি নিজৰ সমস্ত ধ্যান একত কেন্দ্ৰীভূত কৰি কঠোৰ ভাৱে কাম কৰক। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ ক্থা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। ওচৰ -চুবুৰীয়া আজি আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ আগত আপোনালোকৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়া ভাৱে প্ৰকাশ কৰিব পাৰে। যেতিয়া আপোনাৰ ওচৰত অধিক খালী সময় থাকিব তেতিয়া ঋণাত্মক চিন্তাক লৈ অধিক চিন্তিত নহ'ব। অন্তঃ ধনাত্মক কিতাপ পঢ়ক ,মনোৰঞ্জক চিনেমা দেখক অথবা বন্ধুৰ লগত সময় অতিবাহিত কৰক।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Saturday, June 11, 2022)

আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধুলা কৰি কটাই দিব পাৰে। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হব । পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক ,সিহতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহতে অনুভৱ কৰে যে আপুনি সচাকৈয়ে সিহতক নিজৰ জীৱনৰ এক গুৰুত্বপুৰ্ণ অংগ বুলি ভাৱে। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। কৰ্ম-কাণ্ড/পূজা আদি আজি ঘৰত অনুষ্ঠিত হব। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে। আজি প্ৰিয়জনক লগ কৰাতকৈ তেখেতক মনত কৰি থকাই ভাল হব কাৰণ লগ কৰিলে আপোনালোকৰ মাজত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Saturday, June 11, 2022)

চকুৰ বেমাৰীসকল প্ৰদূষত্ত ঠাইত যোৱাৰ পৰা সাৱধান হওক ,কাৰণ ধোৱা আপোনাৰ চকুৰ বাবে হানিকাৰক আৰু সৰু সৰু কণাবোৰে আপোনাৰ চক্কুত অধিক ক্ষতি কৰিব পাৰে, যদি সম্ভৱপৰ হয় তেন্তে সূৰ্যৰ চোকা ৰশ্মিৰ পৰা চকুক বচাই ৰাখক। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। এনেকুৱা কামত সহযোগ কৰাৰ এএইটোয়ে ভাল সময় যত যুৱক আৰু যুৱতী সকল জড়িত থাকিব। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। আজি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে ,যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে আৰু বহুত সময় এই ক্থা ভাবোতে নষ্ট কৰিব পাৰে। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা ,কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। কাম কৰাৰ আগতে সেই বিষয়ে ইমান ভাৱি নাথাকিব , কামৰ একাগ্ৰ হোৱাৰ চেষ্টা কৰিব ফলস্বৰূপে কামবোৰ ভালভাৱে হ’ব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Saturday, June 11, 2022)

মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাও লোৱা উচিত, তেতিয়াহে সৰ্বাংগীন বিকাস সম্ভৱ । মনত ৰাখিব সুস্থ চিন্ত ধাৰা অকল সুস্থ শৰীৰতহে নিবাস কৰে। বিবাহিত দম্পতী সকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হব পাৰে। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হব। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব । যদি আপোনাৰ এনে অনুভৱ হয় যে কিছুমান মানুহৰ সংগ আপোনাৰ সময়ৰ অপচয় কৰি আছে ,তেন্তে আপুনি তেখেতসকলৰ পৰ দুৰত থকাই শ্ৰেয়। জীৱন সংগীৰ কাৰণে আজি আপুনি অনুভৱ কৰিব যে তেখেতৰ বাবে আপুনিয়ে সকলো। আপোনাৰ সহকৰ্মী হঠাৎ অসুস্থ হোৱা বাবে আজি আপুনি তেখেতক পুৰ্ণ সমৰ্থন আগবঢ়াব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Saturday, June 11, 2022)

স্বাস্থ্য ভালে থাকিব। আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। আপোনাৰ ব্যক্তিগত জীৱনত কিছুমান মহত্বপূৰ্ণ ঘটনা ঘটিত হব যি আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে প্ৰসন্নতা লৈ আহিব। আপোনাৰ প্ৰিয়জনক বুজাৰ চেষ্টা কৰক ,নহ'লে বিপদত পৰিব পাৰে। এইটো এনেকুৱা এটা দিন যিদিনাখন আপুনি নিজকে সময় দিব বিচাৰে কিন্তু সময় উলিৱাব নোৱাৰে। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। বহুত বেছি কথা কোৱা বাবে আজি আপোনাৰ মূৰত বিষ হ’ব পাৰে। সেইবাবে যিমান আৱশ্যক সিমানেই কথা পাতা উচিত।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Saturday, June 11, 2022)

গৰ্ভ্বতী মহিলা অতিৰিক্ত সাৱধান হোৱা ভাল। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব। আপোনাৰ পত্নী/গিৰিয়েকৰ লগত পিকনিক যোৱাৰ বাবে আজি বহুত ধুনীয়া দিন,এই দিনটো আপোনাৰ মন ভাল কৰাৰ লগতে দুয়োজনৰ মাজত থকা মতভেদ দূৰ কৰিব। আপুনি ৰোমাণ্টিক ভাৱনা আৰু সপোনতে উটি ভাহি থাকিব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। জীৱন সংগীৰ লগত অলপ হাঁহি -খিকিন্দালি ,অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘুৰাই অনাত সক্ষম হব। আপোনাৰ গোটেই দিন অবাবত নষ্ট হৈ গল বুলি দুখ কৰি নাথাকিব ,এতিয়া কেনেকৈ বাকী থকা সময় খিনি আপুনি ভালকৈ সময়ৰ ব্যৱহাৰ কৰিব সেই বিষয়ে চিন্তা কৰক।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Saturday, June 11, 2022)

প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিক ভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। পৰিয়ালৰ বাবে কিবা ভাল আৰু উচ্চ লক্ষ্যৰ বস্তু আহৰণ কৰিবৰ বাবে জানি বুজি অলপ বিপদ উঠাব পাৰে। ভুল হোৱা সুযোগ বোৰৰ পৰা ভয় নাখাব। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰ ভাৱে ভাল পায়। আপুনি যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তাতেই আপোনাৰ প্ৰতিযোগী স্বভাৱ আপোনাক জয়ী কৰাত মূল ভূমিকা গ্ৰহণ কৰিব। এগৰাকী ধুনীয়া ব্যক্তিত্ব সম্পন্ন জীৱন লগৰীৰ লগত জীৱন সচাঁকৈয়ে বহুত অদ্ভুত হৈ পৰে আৰু আজি আপুনি এই কথা ভালকৈয়ে অনুভৱ কৰিব। বন্ধুৰ লগত আপুনি বহুত ধুনীয়া সময় অতিবাহিত কৰিব পাৰে,এনেকুৱা কিছুমান ঠাইত যোৱাৰ সম্ভাৱনা আছে য'ত গলে আপুনি নতুন মানুহ লগ পাব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Saturday, June 11, 2022)

কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। যিসকল লোকে নিজৰ আত্মীয় অথবা ঘনিষ্ঠ বন্ধুৰ লগত ব্যবসায় কৰিছে আজি সিহঁতে ভাৱি চিন্তি পদক্ষেপ লোৱাটো জৰুৰী নহলে আৰ্থিল লোকচান হোৱাৰ আশাংকা আছে। প্ৰেম,মিলা-প্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হব। প্ৰেমৰ যাদু যেন আপোনাক নিয়ন্ত্ৰণ কৰাত কোনো প্ৰকাৰে বাদ দিয়া নাই , ইয়াক অনুভৱ কৰক। সময়ৰ মূল্য বুজক , সেইবোৰ মানুহৰ মাজত থকা যাৰ কথা আপুনি বুজি নাপায় ভুল । এনেকুৱা কৰাটো আপোনাৰ ভৱিষ্যতলৈ ব্বিপদ মাতি আনিব পাৰে। আজি জীৱন সংগীৰ লগত কিছু মধুৰতম সময় ,ভাল খানা আৰু কিছু ৰোমাণ্টিক মুহুৰ্তই আপোনাৰ বাবে বিশেষ হব। আজি আপোনাৰ হাতত পৰ্যাপ্ত সময় থকাৰ সম্ভাৱনা আছে কিন্তু এই সময়বোৰ আপুনি আকাশত চাং পতাৰ নিচিনা চিন্তা কৰি অপচয় নকৰিব , কিছু কামত অহা কাম কৰক যিবোৰে আপোনাক অহা সপ্তাহত বহুত সহায় কৰিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Saturday, June 11, 2022)

বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। খৰচত বৃদ্ধি হব,কিন্তু লগতে আমদানী ত হোৱা বৃদ্ধিত ইয়াত হোৱা গোটেই খৰচ সন্তুলিত হৈ যাব। আপুনি চিন্তামুক্ত হৈ আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ মাজত আনন্দৰ মুহূৰ্ত বিচাৰি প্ৰয়োজন আছে। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। আজি মগজুৰ বহুত ব্যায়াম হব পাৰে , আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হব পাৰে লগতে বৰ্গ সাথঁৰৰ খেলো হব পাৰে ,আন কিছুমানে গল্প,চুটি গল্প আৰু কবিতা আৰু ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। আজিিৰ দিনটো আপোনাৰ বাবে এটা লেখত লবল'গীয়া দিন হ'ব পাৰে ,, আপোনাৰ আজি বন্ধু আৰু আত্মীয়ৰ লগত চিনেমা চাবলৈ যোৱাৰ পৰিকল্পনা হব পাৰে।


SeeHere is theComments

Sponsored

close