> ১৯ জুন , দেওবাৰ । কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 19 June,Sunday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১৯ জুন , দেওবাৰ । কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 19 June,Sunday - Tomorrow's horoscope in assamese

 ১৯ জুন , দেওবাৰ । কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 19 June,Sunday - Tomorrow's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Sunday, June 19, 2022)

জটিিল পৰিস্থিতিৰ সন্মুখীন হব লগা হব পাৰে , সাহস হেৰুৱাই নেপেলাব আৰু ভাল ফল পাবৰ বাবে বহুত কষ্ট কৰিব লাগিব । এই অসফলতা সমূহক সফলতাৰ আধাৰ বনাওক । জটিল সময়ত আত্মীয় কামত আহিব। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। ওচৰ-চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে ।কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুয়াই নেপেলাব, এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব । যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লাগত কাজিয়া কৰিব নোৱাৰে।সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। আপোনাৰ ৰোমাণ্টিক ভাৱনা সমূহ অন্যক কৈ নুফুৰিব। যিসকল লোকক ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেখেতে তেওঁলোকক পৰ্যাপ্ত সময় নিদিয়ে ,তেনেলোকে অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব কিন্তু অধিক কাম হোৱা বাবে তেখেতে সময় দিব নোৱাৰিব। জীৱন সংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব। নিজৰ প্ৰিয়জনৰ যত্ন লোৱা ভাল কথা কিন্তু সিহতঁৰ যত্ন লোওঁতে লোওঁতে নিজৰ শাস্থ্য বেয়া নকৰিব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Sunday, June 19, 2022)

আপোনাৰ ইচ্ছা আৰু উচ্চাকাংক্ষা সমূহ পূৰ্ণ কৰিবৰ বাবে ব্যক্তিগত সম্বন্ধৰ ব্যৱহাৰ কৰাটো আপোনাৰ জীৱন সংগীৰ মন বেয়া কৰি তুলিব পাৰে। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। পাৰিবাৰিক তথা সাংসাৰিক দায়িত্বৰ বোজা বাঢ়িব ,যি আপোনাক অশান্তি দিব পাৰে। বহুত ধুনীয়া আৰু মৰমীয়াল ব্যক্তিৰ লগত সাক্ষাৎকাৰ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি কৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। গ্ৰহই আজি ধাৰ্মিক কাম -কাজ যেনে মন্দিৰত যোৱা ,দান-বৰঙনি আগ বঢ়োৱা আৰু ধ্যান কৰা আদিৰ দিহা দিব ।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Sunday, June 19, 2022)

বহুত বেছি মানসিক হেচা আৰু ভাগৰ আপোনাৰ অসুবিধাৰ কাৰণ হব পাৰে।। স্বাস্থ্যক ভাল ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। দিনৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক লোকচান হব পাৰে যাৰ ফলত গোটেই দিন বেয়া যাব পাৰে। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে , লাগে ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোই কৰিব লাগে। একপক্ষীয় প্ৰেম আপোনাৰ বাবে বহুত বেয়া বুলি পৰিগণিত হব।। কিবা বেলেগ কাৰণত আজি আপোনাৰ অফিচ সোনকালে ছুটী হব পাৰে , ইয়াৰ আপুনি লাভ উঠাব আৰু পৰিয়ালৰ লোকৰ লগত কৰবাত ফুৰিব যাব। জীৱন সংগী আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকাৰ বাবে তেখেত কি কি সমস্যাৰ সন্মুখীন হব লগা হৈ আছে। স্বাস্থ্য ভালে ৰাখিবৰ বাবে দৌৰাটো আপোনাৰ পক্ষে লাভদায়ক হব ,কাৰণ দৌৰাতো বিনামূল্য হোৱাৰ লগতে এটা ভাল শাৰীৰিক ব্যায়ামও হয়।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Sunday, June 19, 2022)

আপোনাৰ অতি সোনকালে দীৰ্ঘ দিনৰ পৰা চলি অহা বেমাৰ ভাল হ'ব আৰু সম্পুৰ্ণ ৰূপে সুস্থ হ'ব পাৰে,কিন্তু এনেকুৱা স্বাৰ্থপৰ আৰু খঙাল মানুহৰ পৰা সাৱধানে থাকক ,যি আপোনাক হতাশ কৰি তুলিব পাৰে আৰু আপোনাৰ সমস্যা বহুত বাঢ়ি যাব পাৰে। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ লব পাৰে যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠ ই আৰ্থিক সহায় আগবঢ়াব পাৰে। প্ৰেম,মিলা-প্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হব। বন্ধন্ধুৰ লগত সাৱধানে কথা পাতক ,কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্বত ফাটঁ মেলিব পাৰে। জিৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব পাৰে, কিন্তু বাটত অত্যাধিক ভিৰৰ বাবে আপুনি এনেকুৱা কৰাত ব্যৰ্থ হ’ব। আজি আপোনাৰ জীৱন সংগী আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে। আজি আপুনি গোটেই দিন দুখী থাকিব ,ইয়াৰ কাৰণটোও আপুনি বুজি নাপাব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Sunday, June 19, 2022)

আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আজিৰ দিনটোত এনেকুৱা বস্তু কিনি ৰখা ভাল হব ,যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। যাক আপুনি বহুত বিশ্বাস কৰে ,তেখেত আপোনাক পূৰ্ণ সত্যৰ ঊমান নিদিয়াৰ সম্ভাৱনা আছে। আপোনাৰ অন্যক পতিয়ন নিয়াব পৰা ক্ষমতা আহিব লগা বহুত সমস্যাৰ সমাধান উলিওয়াত সক্ষম হব। আজিৰ দিনটো প্ৰেমৰ ৰংত ৰঙীন হব কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হব পাৰে। এই ৰাশিৰ জাতক সকল আজি অৱসৰ সময়ত ৰচনাত্মক কাম কৰাৰ পৰিকল্পনা কৰিব কিন্তু তেখেতৰ এই পৰিকল্পনা সম্পূৰ্ণ নহব। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হব পাৰে। যদি আজি কিবা অধিক কৰিবলৈ নাই তেন্তে পুথিঁভৰালত সময় অতিবাহিত কৰাটো এটা ভাল বিকল্প হব পাৰে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Sunday, June 19, 2022)

আপোনাৰ শক্তিশালী আৰু অভয়তা ৰ এই গুণ সমূহ আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুত গতিক বাহাল ৰাখক । আপোনাৰ ধন তেতিয়া হে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব , এই কথা টো ভাল দৰে জানি লওক নহলে আহিব লগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হব পাৰে। সন্তানক আপোনাৰ উদাৰ ভাৱৰ অনাহকত লাভ উঠাব নিদিব। প্ৰেমৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ধুনীয়া ,প্ৰেমক সদায় উদযাপন কৰক। দিন ভাল যাব , বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব। বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে আৰু এই বস্তু বোৰৰ অনুভৱ আপুনি আজি কৰিব । লোকৰ মাজত থাকি আপুনি সকলোৰে সন্মান কৰিব জানে সেইবাবে সকলোৰে মনত আপুনি নিজৰ এটা ভাল ছবি বনোৱাত সফল হৈছে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Sunday, June 19, 2022)

আপোনাৰ উচ্চ বৌদ্ধিক ক্ষমতা আপোনাৰ অদক্ষতাৰ লগত যুজঁ কৰাত সহায় কৰিব। অকল ধনাত্মক বিচাৰৰ জৰিয়তে এই সমস্যাবোৰৰ পৰা ৰেহাই পাব পাৰি । দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থত লাভ হ'ব। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক , সিহঁতক অনুভৱ কৰাওক যে আপুনি সচাকৈয়ে মৰম কৰে ,সিহতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। পূৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুত্বক পুনঃ জীৱিত কৰক আৰু সতেজ কৰাৰ এয়াই উত্তম সময়। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। জীৱনৰ আনন্দ নিজৰ লোকসকলক লগত লৈ চলাতহে হয়। এই কথা আজি আপুনি স্পষ্টভাৱে বুজি পাব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Sunday, June 19, 2022)

ওচৰ-পাজৰৰ লোক সমূহৰ সহযোগে আপোনাক সুখদ অনুভূতি প্ৰদান কৰিব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হব। আজি আপোনাক বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হব পাৰে। বেলগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। আপোনালোকৰ মাজৰ কিছুমান লোকে আজি দীঘলীয়া যাত্ৰা কৰিব লগা হব পাৰে , যি বহুত ভাগৰ লগাই দিব পাৰে কিন্তু লগতে আপোনাৰ বাবে বহুত লাভদায়ক বুলিও প্ৰমাণিত হব। আপোনাৰ জীৱন সংগী আজি লগৰ বন্ধু-বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে ,যাৰ বাবে আজি আপুনি হতাশ হৈ পৰিব পাৰে। বহুত আলহীৰ আগমণে আপোনাৰ মন মেজাজ বেয়া কৰি দিব পাৰে, কিন্তু ভাল কথা এইটোয়ে যে আপুনি বহুত পূৰণি বন্ধু লগ কৰিব পাৰিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Sunday, June 19, 2022)

সুখেদি ভৰা ভাল দিন হয়। মা অথবা দেউতাৰ শাস্থ্যৰ ওপৰত আজি বহুত খৰচ হব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে কিন্ত আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হব। দিন ৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। পূৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুত্বক পুনঃ জীৱিত কৰক আৰু সতেজ কৰাৰ এয়াই উত্তম সময়। ধন, প্ৰেম আৰু পৰিয়াল ৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। আপোনাৰ বন্ধু অথবা জীৱন সংগীৰ লগত অনলাইন চিনেমা দেখি আপুনি নিজৰ লেপটপ আৰু ইণ্টাৰনেটৰ সদ্ব্যৱহাৰ কৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Sunday, June 19, 2022)

আপোনাৰ উৰ্জাৰ স্তৰ আকৌ বঢ়াবৰ বাবে বহুত বিশ্ৰাম কৰক ,কাৰণ ভাগৰুৱা শৰীৰে মগজুকো ভাগৰাই দিয়ে। আপুনি নিজৰ প্ৰকৃত ক্ষমতা চিনাক্ত কৰাৰ প্ৰয়োজন আছে, কাৰণ আপোনাৰ তাত ক্ষমতাৰ কম নাই হোৱা ,কম হৈছে ইচ্ছা শক্তিৰ । আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হব পাৰে । যিমান পাৰে এইবোৰ বস্তুৰ ওপৰত নিৱেশ কৰাৰ পৰা দূৰত থাকক। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব কাৰণ এনেকুৱা কৰা বাবে পিছত গৈ আপুনি পৰিতাপ কৰিব লগীয়া হব পাৰে। নিজৰ ব্যক্তিত্ব আৰু ৰূপ-ৰং ক ভাল কৰিবৰ বাবে কৰা চেষ্টআ সন্তুষ্ট জনক হব। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। যদি আপোনাতকৈ সৰু ব্যক্তিয়ে আপোনাক কেতিয়াবা উপদেশ দিয়ে আপুনি সেইটো শুনিব লাগে কাৰণ কেতিয়াবা সৰুবোৰৰ পৰা ডাঙৰ শিক্ষা পাব পাৰি।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Sunday, June 19, 2022)

এজন আধ্যাত্মিক ব্যক্তি প্ৰচুৰ আশীৰ্বাদ আৰু মনত শান্তি লৈ আপোনালোকৰ তাত পদাৰ্পন কৰিব। আৰ্থিক দিশত ভাল চলি থকা বাবে আপুনি জৰুৰী বস্তু বোৰ কিনাত সহজ হব। আপোনাৰ সন্তান আৰু পৰিয়াল আপোনাৰ দিনৰ কেন্দ্ৰ বিন্দু হব। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত কৰোবাত ফুৰিব গৈ ,লগতে ৰোমাণ্টিক ভাৱে ৰাতিৰ আহৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। চিঠি-পত্ৰ ,লাগতিয়াল কাগজ আদি অতি সাৱধানে আৰু যতনেৰে সৰহ বৰাহ কৰা উচিত। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক চোছিয়েল মিডিয়াত পঢ়ি হাহিঁ থাকিব ,কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে। যাত্ৰাত আজি কোনোবা অচিনাকি এজনে আপোনাক বিৰক্ত কৰিব পাৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Sunday, June 19, 2022)

আপোনাৰ শৈশৱৰ স্মৃতিয়ে আপোনাক ব্যস্ত ৰাখিব,কিন্তু ইয়াৰ ফলত আপুনি নিজকে মানসিক ভাৱে অশান্তি দিব পাৰে। আপোনাৰ অশান্তিৰ প্ৰধান কাৰণ হব যে আপুনি আকৌ সেই জীৱন জীয়াব বিচাৰিব আৰু জীৱনক প্ৰাণ খুলি উপভোগ কৰিব বিচাৰিব। আজি সফলতা প্ৰাপ্তৰ মন্ত্ৰ হ'ল সেই সকল লোকৰ পৰামৰ্শ মৰ্মে পইচা লগাওঁক যি সকল লোক মৌলিক চিন্তা কৰে আৰু বহুত অনুভূৱী হয়। আপুনি আপোনাৰ ভাৱনাক নিয়ন্ত্ৰিত কৰাত জটিলতাৰ সন্মূখীন হব পাৰে। কিন্তু ওচৰে-পাজৰে থকা লোক সকলৰ লগত কাজিয়া নকৰিব নহলে নিঃসংগতা ই খুলি খুলি খাব। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বটৰা কৰিব পাৰি। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে । আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে। বাগিচাৰ কাম কৰাটো আপোনাক সন্তুষ্টতা দিব পাৰে ,আৰু ইয়াৰ ফলত পৰিবেশৰো লাভ হব।


SeeHere is theComments

Sponsored

close