> এই ৫টা গুণ আপোনাৰ যদি আছে, জীৱনত কেতিয়াও আপোনাৰ উন্নতি নহয় - 5 signs which never make you success - নিয়মীয়া খবৰ

ads5

ads2

adsz

এই ৫টা গুণ আপোনাৰ যদি আছে, জীৱনত কেতিয়াও আপোনাৰ উন্নতি নহয় - 5 signs which never make you success

 

এই ৫টা গুণ আপোনাৰ যদি আছে, জীৱনত কেতিয়াও আপোনাৰ উন্নতি নহয়- 5 signs which never make you success




মানুহৰ জীৱন দুদিনীয়া বুলি ভাৱিলেও এই দুদিনীয়া জীৱনত কৰিব লগীয়া বহু থাকে। বহুতে এই জীৱনটো এনেদৰে সজাই লব জানে যে, তেওঁ মৰাৰ পিছত স্বৰ্গ নহয়, জী থাকোতেই এইখন পৃথিৱীয়েই স্বৰ্গ বনাই লব জানে। এনে মানুহৰ জীৱনত উন্নতিও হয়। আচলতে ৫টা গুণৰ অধিকাৰী মানুহৰ জীৱনত কেতিয়াও উন্নতি নহয়। সেই ৫টা গুণ হৈছে-

১. যি মানুহে সকলো সময়তে আনক ঘৃণা কৰে আৰু ঘৃণা বিয়পোৱাত ব্যস্ত হৈ থাকে। তেনে মানুহ শেষত নিজেই ঘৃণাৰ পাত্ৰ হৈ পৰে।


২. আনে কি ভাৱিব বুলি বেছি ভাৱি থকা মানুহৰ জীৱনত উন্নতি নহয়। নিজৰ বিবেকে ভাল বুলি ভৱা সকলো কামেই সঠিক। মাত্ৰ নিজৰ অন্তঃ আত্মাক এবাৰ নিজে সুধি সেই কাম কৰিব লাগে। আনে কি ভাৱে, তাক ভাৱিলে একো নহয়গৈ।


৩. যি লোক সদায় অসন্তুষ্ট হৈ থাকে আৰু সকলো কথাতে দোষ খুচৰি খং কৰি থাকে। তেনে লোক জীৱনত কোনো কথাতে সন্তুষ্ট নহয় আৰু উন্নতিও নহয়

৪. যি মানুহ ভয় কৰে আৰু ৰিক্স নলৈ পিছ হুহকি আহে। তেনে লোকৰ বাবে জীৱনটো বৰ সহজ নহয়। তেনে লোক প্ৰতিটো কামতে পিছ পৰি থাকে। সুযোগৰ সদব্যৱহাৰ তেওলোকে কেতিয়াও কৰিব নোৱাৰে।

৫. নিজৰটো নাচাই আনৰ বেয়া ভাৱি থকা সকলৰ কেতিয়াও উন্নতি নাই। আনক মাৰি নিজে উঠিম বুলি ভৱা লোকৰ এদিন পতন নিশ্চিত। গতিকে আনৰ বেয়া নাভাৱি সমানে কাম কৰি যাব লাগে। ফল নিজেই পাব।

গতিকে এই ৫টা গুণ যদি আপোনাৰো আছে আতৰাবলৈ যত্ন কৰক আৰু জীৱনত লাভ কৰক সফলতা

SeeHere is theComments

Sponsored

close