> ৬ জুন , সোমবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 6 June, Monday -Today's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

৬ জুন , সোমবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 6 June, Monday -Today's horoscope in assamese

 ৬ জুন , সোমবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 6 June, Monday -Today's horoscope in assamese





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Monday, June 6, 2022)

খেল অথবা অন্য বাহিৰা গতিবিধি সমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘুৰাই পাব। ঘৰত হবলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুত খৰচ হব পাৰে যাৰ ফলত আৰ্থিক স্থিতি অলপ দূৰ্বল হব পাৰে। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হব। এই ৰাশিৰ ব্যৱসায়ী সকল আজি কোনোবা ঘনিষ্ঠই দিয়া ভুল উপদেশৰ বাবে চিন্তিত থাকিব। চাকৰি কৰাবোৰও আজি সাৱধানে চলা উচিত। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ চাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Monday, June 6, 2022)

আজি আপোনাৰ আত্ম-বিশ্বাস আৰু উৰ্জাৰ স্তৰ বাঢ়িব। এই ৰাশিৰ ডাঙৰ ব্যৱসায়ী বোৰক আজি বহুত ভাৱি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যকীয়। পৰিয়ালত কোনোবা সদস্যৰ অসুস্থ শৰীৰৰ কাৰণে আপোনালোকৰ ফুৰিব যোৱাৰ পৰিকল্পনাত যতি পৰিব পাৰে। ৰোমাঞ্চৰ ফালেদি আজি আপোনাৰ জীৱনত বহুত জটিলতা নামি আহিব। জটিল বিষয় সমূহৰ পৰা বিৰত থাকিবৰ বাবে আপুনি নিজৰ সম্পৰ্ক ব্যৱহাৰ কৰা উচিত । আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হব যিবোৰ আপুনি অকল অনবৰতে ভাৱি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা জীৱন সংগীৰ লগত কিছু মতভেদ হব পাৰে ।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Monday, June 6, 2022)

আজি আপোনাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব, সেইবাবে এই সুযোগৰ লাভ উঠাওক আৰু সুস্থ স্বাস্থ্যৰ বাবে খোজ কাঢ়ি ঘুৰি ফুৰক আজিৰ দিনটোত আপুনি মাদ্যদ্ৰব্যৰ পৰা আতঁৰি থকাটো ভাল নহলে নিচা ৰ ৰাগিত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। আপুোনাৰ লগত বাস কৰা লোকজন আপোনাৰ নতুন ব্যৱহাৰৰ বাবে অতিকৈ অসহ্য অনুভৱ কৰিব। আপোনাৰ প্ৰিয়জনৰ অৱহেলা কৰাটো ঘৰত নতুন অশান্তি লৈ আহিব। আপুনি অফিচত আজি পৰিৱেশ ভাল হোৱা আৰু কাম-কাজৰ স্তৰত শুধৰণি হোৱা অনুভৱ কৰিব। সেইসকল লোকৰ লগত মিলা-প্ৰীতি কমাই দিওঁক যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। জীৱন সংগী আজি অলপ অধিক আত্ম কেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Monday, June 6, 2022)

আপোনাৰ ইচ্ছা শক্তি উৎসাহিত হব কাৰণ আপুনি বহুত জটিল অৱস্থাৰ পৰা বাহিৰ হ'বলৈ সক্ষম হ'ব। ভাবুক নিৰ্ণয় লোৱাৰ সময়ত নিজৰ যুক্তিসংগতা এৰি নিদিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। এনেকুৱা মানুহৰ পৰা দূৰত থাকক যাৰ বেয়া অভ্যাস আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। বন্ধন্ধুৰ লগত সাৱধানে কথা পাতক ,কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্বত ফাটঁ মেলিব পাৰে। আপোনাৰ অতিৰিক্ত কাম কৰাৰ ক্ষমতা সেই সকল লোকক আচৰ্য চকিত কৰি দিব যি আপোনাতকৈ বহুত কম হব। যদি আপুনি কোনোবা পৰিস্থিতিৰ পৰা ভয় খাই পলাব বিচাৰিব তেন্তে সেই ভয় আপোনাৰ পিছত নিকৃষ্ট ভাৱে পৰি থাকিব। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা অচিনাকিৰ অশান্তিৰ কাৰণ হব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Monday, June 6, 2022)

আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। আজি কোনোবা লেনদাৰ আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফিৰত বিচাৰিব পাৰে। আপুনি ধন ঘুৰাই দিয়াৰ পিছত আৰ্থিক ভাৱে দূৰ্বল হব। আপোনাক পৰামৰ্শ দিয়া হল যে ঋন লোৱাৰ পৰা বিৰত থাকক। আজি আপোনাক বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হব পাৰে। আজি ৰোমাঞ্চ আপোনাৰ মন -মগজুত আৱৰি থাকিব। অফিচত প্ৰপ্ৰত্যেক ব্যক্তিয়ে আজি আপোনাক গম্ভীৰতাৰে শুনিব। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি কৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। জীৱনৰ সকলোতকৈ জটিল সময়ত আপোনাৰ জীৱন লগৰী আপোনাক পুৰ্ণ সহযোগ আগ বঢ়াব ।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Monday, June 6, 2022)

নিজক শান্ত কৰি ৰাখক কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ'ব পাৰে , যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে। বিশেষকৈ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক কাৰণ খঙ একো নহয় অকল অলপ সময়ৰ মানসিক বিকৃতি । বাকীদিনৰ তুলনাত আজিৰ দিনটো আৰ্থিক ভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হব আৰু আপোনাক পৰ্যাপ্ত পৰিমাণৰ ধনৰ প্ৰাপ্তি হব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। ৰোমাাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। নতুনকৈ আৰম্ভ কৰা পৰিযোজনা আশা কৰামতে পৰিণাম নিদিব। আজি আপুনি আপোনাৰ জীৱনসংগীক চাৰপ্ৰাইজ দিব পাৰে , আপোনাৰ সকলো কাম এৰি আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰে। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Monday, June 6, 2022)

সোনকালে বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে ,যাক সমাধান কৰিবৰ বাবে আপোনাৰ পিতৃ অথবা পিতৃতুল্য কৰোবাৰ পৰা উপদেশ লব পাৰে। সন্তানৰ পঢ়া-শুনাৰ ওপৰত ধ্যান দিয়ক অৰু ভৱিষ্যতৰ যোজনা ৰ ওপৰত পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে কিন্তু ভাঙি নপৰিব কাৰণ শেষত গৈ জয় সচাঁ প্ৰেমৰে হয়। চাকৰিত হোৱা নতুন পৰিৱৰ্তনে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। অধিবক্তাৰ ওচৰলৈ গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি বহুত ভাল দিন । জীৱন সংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব।



বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Monday, June 6, 2022)

আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়া শুনা অথবা চাকৰি কৰিছে তেন্তে সেইবোৰ মানুহৰ পৰা দূৰত থাকক যাৰ বাবে আপোনাৰ সময় আৰু ধনৰ অপচয় হয়। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হব াৰু এইবাbএ মানসিক অশান্তিৰ কাৰণো হব পাৰে। আপোনাৰ হৃদয়ে আজি প্ৰেমৰ ৰাগ বুকুৰ ধপধপনিৰ দৰে বজাব কাৰণ আজি আপুনি প্ৰিয়জনৰ লগত গোটেই দিন ভালকৈ কাটিব। আপুনি দীঘলীয়া সময়ৰ পৰা অফিচত কাৰোবাৰ লগত কথা পাতিব বিচাৰি আছিল ,আজি এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰৰ মূৰত আজি প্ৰেমৰ ভূত লম্ভিব পাৰে আৰু এইবাবে সিহতৰ বহুত সময় লোকচান হব পাৰে। বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে আৰু এই বস্তু বোৰৰ অনুভৱ আপুনি আজি কৰিব ।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Monday, June 6, 2022)

নিজৰ স্বাস্থ্যৰ যত্ন লওক। গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হব আৰু সমৃদ্ধবান হব। যেতিয়া আপুুুনি একেলগে বহুত লোক থাকে তেতিয়া আপুনি কি কৰি আছে সেই বিষয়ে গুৰুত্ব প্ৰদান কৰিব, অধিক চিন্তা-চৰ্চা অবিহনে হঠাৎ কৈ দিয়া শব্দৰ বাবে আপুনি বহুত কঠোৰ সমালোচনাৰ সন্মুখীন হব পাৰে। আপোনাৰ প্ৰিয়জনৰ সততাৰ ওপৰত সন্দেহ নকৰিব। আজি বিশ্ৰাম কৰিবৰ বাবে বহুত কম সময় ,কাৰণ প্ৰথমতে থৈ দিয়া কাম আজি আপোনাক ব্যস্ত ৰাখিব। যাত্ৰাৰ ফলত সোনকালে লাভ নহ'ব কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ খুটি পুতিব পাৰে। আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়!


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Monday, June 6, 2022)

সামাজিক মিলাপ্ৰীতি ৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দিয়া আৰম্ভ কৰক। আপুনি আগতে যিমান পইচা ব্যয় কৰিছে তাৰ পৰিণতিৰ মুখামুখি হব লাগিব। আজি আপোনাৰ পইচাৰ দৰকাৰ হব কিন্তু পইচা আপোনাৰ হাতত নাহিব। আপুনি চিন্তামুক্ত হৈ আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ মাজত আনন্দৰ মুহূৰ্ত বিচাৰি প্ৰয়োজন আছে। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। কেতিয়াবা এনেকুৱা লাগিব পাৰে যে আপুনি বহুত বেছি নিঃ সংগ ,সহকৰ্মী আৰু সহযোগী আপোনাক সহায় কৰিব আহিব কিন্তু আপোনাক অধিক সহযোগ আগ -বঢ়াব নোৱাৰিব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব। জীৱন সংগীৰ ফালৰ পৰা পোৱা অশান্তিৰ বাবে আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Monday, June 6, 2022)

আজি আপোনাৰ আত্ম-বিশ্বাস বাঢ়িব আৰু প্ৰগতি নিশ্চিত হব। ঘৰত হবলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুত খৰচ হব পাৰে যাৰ ফলত আৰ্থিক স্থিতি অলপ দূৰ্বল হব পাৰে। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব , আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোয়ে হব যে কোনটো আগত লোৱা যায়। ৰোমাঞ্চৰ বাবে আজি এক ভাল দিন। বহুুত বিখ্যাত ব্যক্তিৰ লগত উঠা-বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তা সমূহত বহুত অৰিহণা লাভ কৰিব। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক সিহতেঁ আপুনি পৰ্যাপ্ত সময় নিদিয়া বাবে অভিযোগ দিব পাৰে। আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমাণ্টিক , ভাল ভাল খোৱা বস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Monday, June 6, 2022)

আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। যি আপোনাৰ পৰিয়ালৰ মানুহবোৰক বিবুধিত পেলাই দিব পাৰে। সেইবোৰ লোক ভাগ্যৱান হয় যি নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে,ইয়াৰ আগত যাতে আপোনাৰ খঙে আপোনাক ধ্বংস কৰি নিদিয়ে তাৰ বাবে আপুনি তাক শেষ কৰি দিয়ক। আজি আপোনাৰ অফিচৰ সহকৰ্মী কোনোবা এজনে আপোনাৰ মূল্যৱান বস্তু চুৰি কৰিব পাৰে সেইবাবে আজি আপুনি নিজৰ বস্তুৰ প্ৰতি অলপ বেছি ধ্যান দিব। আপোনাৰ সমস্যা সমূহ অতি গুৰুত্বপূৰ্ণ হব ,কিন্তু ওচৰে পাজৰে থকা লোক সমূহ আপোনাৰ মনৰ দুখ বুজি নাপাব । সিহঁতৰ এনেকুৱা অনুভৱ হব পাৰে যে সিহঁতৰ এইবোৰ বিষয়ত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই। আজি হঠাৎ কাৰোবাৰ লগত ৰোমাণ্টিক সাক্ষাৎকাৰ হব পাৰে। আজি অফিচত আপুনি ভাল ফলাফল লাভ নকৰিব। আপোনাৰ কোনোব বিশেষে আজি আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে যাৰ ফলত আপুনি গোটেই দিন চিন্তিত থাকিব। কৰ্মক্ষেত্ৰত এটা কামৰ বিসংগতিৰ বাবে আজি আপুনি চিন্তিত থাকিব আৰু এই বিষয়ে ভাৱি ভাৱি সময়ো বৰবাদ কৰি দিব। আপোনাৰ জীৱন লগৰী আপোনাক পাই নিজকে ভাগ্যৱান বুলি ভাৱিৱ ,এই মুহুৰ্ত সমূহৰ ভৰপূৰ ব্যৱহাৰ কৰক।

SeeHere is theComments

Sponsored

close