> ১১ জুলাই , সোমবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 11 July , Monday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১১ জুলাই , সোমবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 11 July , Monday - Tomorrow's horoscope in assamese

  ১১ জুলাই , সোমবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 11 July , Monday - Tomorrow's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Monday, July 11, 2022)

আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আজি আপোনাাৰ বাবে আন এটা উৰ্জা শক্তি ৰে ভৰপুৰ দিন হব আৰু আপোনাৰ আজি হঠাৎ বহুত লাভ প্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। প্ৰেম,মিলা-প্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হব। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদ আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ ক্থাখিনি স্পষ্টভাৱে তেখেতেৰ আগত খুলি কওক। কাম-কাজ ৰ বিষয়ত আজি আপোনাৰ বক্তব্য সকলোৱে শুনিব। নিজৰ ব্যক্তিত্ব আৰু ৰূপ-ৰং ক ভাল কৰিবৰ বাবে কৰা চেষ্টআ সন্তুষ্ট জনক হব। ৰোমাঞ্চৰ পিনেদি চাব গলে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Monday, July 11, 2022)

নিজকে সৃজনাত্মক কামৰ লগত জড়িত কৰক ,আপোনাৰ এই বহি থাকি কৰা কামৰ বাবে মানসিক্ভাৱে আপোনাক শান্ত কৰিব পাৰে। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিক কৈ খৰচ হৈ থাকিব ,কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰ সমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব। পৰিয়ালত কোনোবা সদস্যৰ অসুস্থ শৰীৰৰ কাৰণে আপোনালোকৰ ফুৰিব যোৱাৰ পৰিকল্পনাত যতি পৰিব পাৰে। ৰোমাাঞ্চৰ ফালেদি চাব গ'লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সচা প্ৰেমক বিচাৰোতে বিফল হব। আজি বিশ্ৰাম কৰিবৰ বাবে বহুত কম সময় ,কাৰণ প্ৰথমতে থৈ দিয়া কাম আজি আপোনাক ব্যস্ত ৰাখিব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে।এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হব। দিনত জীৱন সংগীৰ লগত তৰ্ক কৰাৰ অন্তত আপোনালোকে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Monday, July 11, 2022)

আপোনাৰ ধনাত্মক ব্যৱহাৰৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আপোনাৰ অসফলতাৰ পৰা আপুনি শিক্ষা লোৱা উচিত,কাৰণ আজি আপোনাৰ মনৰ কথা প্ৰকাক্ষ কৰিলে আপোনাৰ লোকচান হব পাৰে। আজিৰ দিনাখন ভাগ্য আপোনাৰ লগ দিব আৰু আপুনি লাভান্বিত হব কাৰণ আপুনি সঠিক সময়ত সঠিক ঠাইত উপস্থিত হব। আপোনাৰ কথন শৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয়। আজি আপোনাৰ জীৱন সংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰেই অসংবেদনশীল হব পাৰে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Monday, July 11, 2022)

আজিৰ দিনটো কৰা দান-পূণ্যৰ কাম আপোনাক মানসিক শান্তি আৰু সন্তুষ্টি দিব। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে -কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব মানে খৰচ হব নিদিব। আপোনাৰ কথা আৰু কৰ্মৰ ফলত যাতে কোনো মনত আঘাত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক আৰু ভালভাৱে চলিব চেষ্টা কৰক। পাৰিবাৰিক প্ৰয়োজনৰ প্ৰতিও লক্ষ্য ৰাখিব ৰোমাাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। এনেেকুৱা মানুহৰ লগত বন্ধুত্ব কৰক যিবোৰ মানুহ কলাত্মক মনৰ হয় আৰু সিহঁতৰ চিন্তা ধাৰাৰ আপোনাৰ লগত সাদৃশ্য আছে। ধন, প্ৰেম আৰু পৰিয়াল ৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Monday, July 11, 2022)

বিজয়ী হোৱাৰ আনন্দই আপোনাৰ মন সুখেদি ভৰাই দিব। এই উৎসাহক দুগুন কৰিবৰ বাবে আপুনি নিজৰ সুখত বন্ধুসকলক অংশীদাৰ বনাব পাৰে। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। কোনোবা ঘনিষ্ঠ আত্মীয় আৰু বন্ধুৰ তৰফৰ পৰা পোৱা ভাল খবৰৰ লগত দিনৰ আৰম্ভণি ভাল ভাৱে হব। আজিৰ দিনাখন প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হব পাৰে। আপোনাৰ মগজু আজি কম-কাজত ব্যস্ত থাকিব ,যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ কাৰণে সময় উলিয়াব পাৰিব। ছাত্ৰৰ মূৰত আজি প্ৰেমৰ ভূত লম্ভিব পাৰে আৰু এইবাবে সিহতৰ বহুত সময় লোকচান হব পাৰে। এই কথাৰ প্ৰবল সম্ভাৱনা আছে যে আপোনাৰ ওচৰে পাজৰে থকা মানুহবোৰে আপোনালোকৰ মাজত মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিব সেইবাবে বাহিৰা মানুহৰ কথাত যিকোনো নিৰ্ণয় লোৱাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত নহব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Monday, July 11, 2022)

নিজক শান্ত কৰি ৰাখক কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ'ব পাৰে , যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে। বিশেষকৈ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক কাৰণ খঙ একো নহয় অকল অলপ সময়ৰ মানসিক বিকৃতি । আজি আপোনাৰ অৰ্থ খৰচ কৰিব দৰকাৰ নহব কাৰণ ঘৰৰ কোনোবা ডাঙৰ জনে আপোনাক পইচা দিব পাৰে। বন্ধুৰ লগত সন্ধিয়া অতিবাহিত কৰা সময়ত কৰা বজাৰে আপোনাক বহুত আনন্দ আৰু ৰোমাঞ্চকৰ হব। আপোনাৰ জীৱনত প্ৰেমৰ লহৰ আহিব পাৰে , আপুনি অকল সতৰ্ক থকাৰ হে প্ৰয়োজন কাৰণ কোন কেতিয়া আহিব আপুনি নাজনিবও পাৰে। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুত গতিত সম্পূৰ্ণ হব। কিবা নতুন কামৰ আভাস পাব হ’লে আপুনি সেইবিষয়ে অনুভৱী লোকৰ লগত কথা পাতি ল’ব লাগে। যদি আপোনাৰ ওচৰত আজি সময় আছে তেন্তে সেই ক্ষেত্ৰৰ অনুভৱী লোকৰ লগত মিলি কাম আৰম্ভ কৰি দিব লাগে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগিনী মৌতকৈও বহুত মিঠা।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Monday, July 11, 2022)

হাহিঁমুখীয়া আত্মীয়বোৰৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰ হতাশা কম হ'ব আৰু আপোনাক বহুত আৰাম দিব । আপুনি বহুত ভাগ্যৱান যে আপোনাৰ এনেকুৱা আত্মীয় আছে। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। ৰোমাাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। কোনো এটা বস্তু হোৱাৰ বাবে ৰখি নাথাকিব ,নিজে বাহিৰত ওলাই যাওক আৰু সুযোগৰ সন্ধান কৰক। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। আপুনি অনুুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Monday, July 11, 2022)

আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। জীৱন সংগীৰ শাৰিৰীক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হব পাৰে কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। আপুনি আপোনাৰ জীৱন সংগীৰ মতামতক অগ্ৰাহ্য কৰিব আৰু এইবাবে আপোনাৰ জীৱন-সংগী ধৈৰ্য হেৰুৱাই পেলাব পাৰে। আজি আ[পোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। কামৰ মাজত মানুহৰ লগত মিলা-প্ৰীতিত বুজি মেলি আৰু ধৈৰ্য ধৰি সাৱধান হোৱা উচিত। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। তেখেতৰ জন্মদিন পাহৰি যোৱা বাবে আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হহোৱাৰ সম্ভাৱনা আছে। কিন্তু অন্তত সকলো বাক-বিতণ্ডতা ভাল হৈ যাব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Monday, July 11, 2022)

আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ'ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ন কৰিব পাৰিব। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। যদি আপুনি আজি নিজৰ অনুভৱ তথা মনৰ ভাৱনা সমূহ প্ৰকাশ কৰে ,তেনেতে আপোনাৰ প্ৰেম এক দেৱদূতৰ ৰূপত আপোনাৰ সন্মূখত হাজিৰ হ'ব। ইয়াৰ আগত কি আপোনাৰ বৰিষ্ঠ সকল এই বিষয়ে অৱগত হওক তাৰ আগতে কাম টো শেষ কৰা উচিত। সময়ৰ সদ্ব্যৱহাৰ কৰিবৰ বাবে আপুনি আজি পাৰ্কত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে কিন্তু তাত কোনোবা অচিনাকি লোকৰ লগত আপোনাৰ তৰ্ক হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। আজি বিবাহৰ পিনেদি চালে সকলো বোৰ বস্তু আজি আপোনাৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Monday, July 11, 2022)

খাই থকা সময়ত সাৱধান থাকক, অৱহেলা বেমাৰৰ কাৰণ বনিব পাৰে। অকল ভালকৈ ভাৱি চিন্তি কৰা নিৱেশৰ ফলত আপুনি লাভান্বিত হব -এইকাৰণে নিজৰ আয়ৰ পইচা ভাৱি চিন্তি নিৱেশ কৰাতহে লাভ আছে। সন্তানক আপোনাৰ উদাৰ ভাৱৰ অনাহকত লাভ উঠাব নিদিব। আজি কোনোবা এনেকুৱা ব্ব্যক্তিৰ লগত সাক্ষাত হোৱাৰ সম্ভাৱনা আছে ,জন আপোনাক গভীৰ ভাৱে প্ৰভাৱিত কৰিব। আপুনি আজি ব্যৱসায়িক লেন দেন সমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। আজি আপুনি জীৱনসংগীক ফুৰাব লৈ যোৱাৰ পৰিকল্পনা কৰিব কিন্তু তেখেতৰ গা বেয়া হোৱা বাবে আপোনালোক যাব নোৱাৰিব। যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে,তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Monday, July 11, 2022)

দিনৰ আৰম্ভণি আপুনি যোগ-প্ৰানায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনৰ বাবে লাভদায়ক হব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। আজি সফলতা প্ৰাপ্তৰ মন্ত্ৰ হ'ল সেই সকল লোকৰ পৰামৰ্শ মৰ্মে পইচা লগাওঁক যি সকল লোক মৌলিক চিন্তা কৰে আৰু বহুত অনুভূৱী হয়। কিছুমান যিমান কৰিব পাৰে ,তাতকৈ বহুত বেছি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, এনেকুৱা লোকৰ লগত সম্পৰ্ক নৰখাই শ্ৰেয় যি অকল নিজৰ গুণ গান গাই থাকে আৰু কোনো ধৰণৰ পৰিণাম নিদিয়ে। অনাকাংক্ষিত ভাৱে হোৱা ৰোমাণ্টিক সাক্ষাৎকাৰে আপোনাক দদুল্যমান অৱস্থাত পেলাব পাৰে। আজি সেেই দিন কেইটাৰ মাজত পৰে যেতিয়া আপোনাৰ সৃজনাত্মক দক্ষতা চৰম সীমাত থাকে। হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভতি লাভ কৰিব। আপোনাৰ জীৱন লগৰীৰ মন-মেজাজ আজি খুবেই ভাল হব ,আপুনি কিবা চাৰপ্ৰাইজ লাভ কৰিব পাৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Monday, July 11, 2022)

হতাশা আৰু ভাগৰুৱা অনুভৱক নিজৰ ওপৰত প্ৰভাৱ পেলাব নিদিব। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হব পাৰে। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আপুনি কাৰোবাৰ লগত কৰোবাত ঘুৰিব -ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। ব্যৱসায়িক আলোচনাৰ মাজত কথকী আৰু ভাৱুক নহব ,যদি আপুনি নিজৰ কথাক নিয়ন্ত্ৰণত নাৰাখে তেন্তে আপুনি অতি সহজতে প্ৰতিষ্ঠা ভূমিত মিলাই দিব পাৰে। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব।

SeeHere is theComments

Sponsored

close