> ৭ জুলাই , বৃহস্পতিবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 7 July , Thursday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

৭ জুলাই , বৃহস্পতিবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 7 July , Thursday - Tomorrow's horoscope in assamese

 ৭ জুলাই , বৃহস্পতিবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 7 July , Thursday - Tomorrow's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Thursday, July 7, 2022)

কাজিয়াখোৰ স্বভাৱক নিয়ন্ত্ৰণত ৰাখক,নহলে সম্বন্ধত কেতিয়াও শেষ নোহোৱা টেঙা ভাৱ এটা আহি যাব ,ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ চিন্তা ধাৰা সমূহ মুক্ত কৰক আৰু চলিত চিন্তা ধাৰা সমূহ বাদ দিয়ক। বাকীদিনৰ তুলনাত আজিৰ দিনটো আৰ্থিক ভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হব আৰু আপোনাক পৰ্যাপ্ত পৰিমাণৰ ধনৰ প্ৰাপ্তি হব। দুপৰীয়াৰ পিছত কোনোবা পূৰণা বন্ধুৰ লগত দেখা হোৱা বাবে আপোনাৰ গোটেই দিনটো ধুনীয়া হৈ পৰিব। আপুনি এই সোণালী দিন সদায় মনত ৰাখিব। আপোনাৰ গিৰিয়েক অথবা ঘৈনীয়েকৰ পৰিয়ালৰ সদস্যৰ বাবে আপওনাৰ দিন অলপ সমস্যা জড়িত যাব পাৰে। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হব। আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু আপোনাৰ ওচৰত তেখেতক দিবলৈ সময়ৰ অভাৱৰ বাবে তেখেতকতো বেয়া লাগিবই লগতে আপোনাকো বেয়া লাগিব। অধিক খৰচ কৰাৰ বাবে জীৱন সংগীৰ লগত অলপ বিবাদ হব পাৰে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Thursday, July 7, 2022)

অযুক্তিকৰ কথাত এনেই তৰ্ক কৰাত নিজৰ শক্তি ব্যায় নকৰিব। মনত ৰাখিব যে বাদ-বিবাদৰ ফলত আপুনি একোলাভ কৰিব নোৱাৰে,কিন্তু লোকচান নিশ্চয় হব পাৰে। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে সিহতঁ আজি যাতে নিজৰ অৰ্থ বিশেষ ভাৱে সুৰক্ষিত ৰখে যেন, চুৰি হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ পৰা পোৱা খবৰে আপোনাৰ দিন ভাল কৰি তুলিব পাৰে। আকাশ খন অধিক উজ্জ্বল দেখা যাব , ফুল সমূহত ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হব আৰু আপোনাৰ ওচৰে-পাজৰে থকা সকলো বস্তু উজ্বলি উঠিব ,কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। ব্যৱসায়ী সকলৰ বাবে আজি বহুত ভাল দিন ,কাৰণ সিহঁত হঠাতকৈ লাভান্বিত হব পাৰে। আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আজি আপোনাৰ জীৱন সংগী বহুত সুখী বুলি আপোনাৰ অনুভৱ হব। আপুনি অকল বৈবাহিক জীৱন ৰ যোজনা সমূহত তেখেতক সহায় কৰিলে হল।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Thursday, July 7, 2022)

আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ লব পাৰে যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠ ই আৰ্থিক সহায় আগবঢ়াব পাৰে। সম্বন্ধীয় সকলৰ লগত লগ কৰি আশা কৰাতকৈ বেছি ভাল অনুভৱ কৰিব। আপোনাৰ প্ৰপ্ৰিয়জন আপোনাৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিব,কিন্তু এনেকুৱা প্ৰতিশ্ৰুতি নিদিব যি আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে। যি ব্যক্তি কলা আৰু ৰংগ মঞ্চৰ লগত জড়িত সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হব। অৱসৰ সময়ত আপুনি যিকোনো কিতাপ পঢ়িব পাৰে । কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ একাগ্ৰতা ভংগ হব পাৰে। আপোনাৰ জীৱন সংগী আজি আপোনাক সকলোধৰণৰ ভাল অনুভুতি বোৰ দেখুৱাব, আজি তেখেতে আপোনাক বহুত মৰম দেখুৱাব অতীতত হোৱা সকলো ঘটনাৰ পৰিৱৰ্তে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Thursday, July 7, 2022)

আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই ,কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশা বোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। নিৱেশ কৰাটো বহুত বাৰ লাভদায়ক বুলি প্ৰমাণিত হয় আজি আপুনি এই কথাটো বুজি পাব কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হব পাৰে। সন্তানৰ লগত সময় অতিবাহিত কৰাটো বিশেষ হব। অলপ ভালকৈ তথা সাৱধানেৰে ,কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব যেনে মই তোমাক এৰি এই পৃথিৱীখনত আন কাৰোৱেই লগত থাকিব নোৱাৰিম। ব্যৱসায় যিমানেই নহওক নিজৰ ব্যৱসায় ৰ বিষয়ে কাৰো লগত ইমান কথা নকব ।যদি আপুনি এনেকুৱা কৰে তেন্তে আপোনাৰ বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হব পাৰে। সময়ৰ চকা বহু দ্ৰুত গতিত চলে সেয়ে সময় থাকোঁতেই সময়ৰ সঠিক ব্যৱহাৰ শিকি যাওঁক। জীৱন সংগীৰ লগত অলপ হাঁহি -খিকিন্দালি ,অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘুৰাই অনাত সক্ষম হব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Thursday, July 7, 2022)

সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হব পাৰে। যদি আপুনি নিজৰ আয়ত বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰি আছে ,তেনেতে সুৰক্ষিত আৰ্থিক পৰিযোজনা সমূহত নিৱেশ অথবা বিনিয়োগ কৰক। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোক সকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। মনত ৰাখিব মানুহৰ চকুয়ে কেতিয়াও মিছা কথা নকয়।আজি আপোনাৰ প্ৰিয়জনৰ চকু আপোনাক সচাকৈয়ে এক বিশেষ কথা কৈ যাব। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হব, মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি লব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে।এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হব। আপোনাৰ জীৱন লগৰীৰ আন্তৰিক সৌন্দৰ্য বাহ্যিক ফালেদিও আপুনি অনুভৱ কৰিব পাৰিব ।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Thursday, July 7, 2022)

আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। সন্তানৰ বাবে অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। আজি আপুনি বহুত আনন্দিত হব আৰু আপোনাৰ বন্ধু তথা পৰিয়ালৰ সদস্যৰ ওপৰত পইচা খৰচ কৰাৰ আনন্দ লব পাৰে। স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মক ভাৱে সহায় কৰিব পাৰিব। কাম-কাাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হব। আজি আপোনাৰ ঘনিষ্ঠ লোক সকল আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু নিজৰ মনটো শান্ত কৰি ৰাখিব বাবে আপুনি অকলে সময় অতিবাহিত কৰিব বিচাৰিব। আপুনি অনুভৱ কৰিব যে বৈবাহিক জীৱন সচাঁকৈয়ে আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিছে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Thursday, July 7, 2022)

শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। শিশু সকলৰ তাত এই ক্ষমতা প্ৰকৃতিয়ে দিয়া ,এই গুণ আপোনাৰ পৰিয়ালৰ লগতে পৃথিৱীৰ সকলোও শিশুৰ মাজতে প্ৰদত্ত। সিহতে আপোনাক সন্তুষ্টি আৰু শান্তি দিব পাৰে। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেট ত নিৱেশ কৰিব পাৰে। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। ব্যক্তিগত দিকদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। নিজৰ চেষ্টাক সঠিক দিশ দিয়ক আৰু আপোনাক ইয়াৰ বাবে অসাধাৰণ সফলতাৰে সম্বৰ্ধনা জনোৱা হব। সাীমাহীন সৃজনআত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱন সংগীৰ লগত অতিবাহিত কৰিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Thursday, July 7, 2022)

নিজৰ বেমাৰ বিষয়ে আলোচনা কৰা বাদ দিয়ক । এইবোৰৰ পৰা মনোযোগ দূৰ কৰিবলৈ আপুনি বেলেগ বস্তুৰ প্ৰতি ধ্যান দিয়া উচিত হব কাৰণ ইয়াৰ বিষয়ে আপুনি যিমানে চিন্তা কৰিব সিমানেই আপুনি দুখ পাব। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে সেইবাবে যিমান পাৰে এই বিশয়ত গুৰুত্ব দিব। বৰিষ্ষ্ঠ আত্মীয় আপোনাক অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ বাবে অশান্তি কৰিব পাৰে। নিজৰ প্ৰিয়জনৰ সৰু-সুৰা ভুল সমূহক এৰাই চলক। অফিচত আজি আপুনি বহুত প্ৰশংসা পাব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে।এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হব। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃতি নিৰ্মূলৰ এক আহিলা হিচাপে গন্য কৰে ,সিহতঁৰ ধাৰণা ভুল ,কাৰণ আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Thursday, July 7, 2022)

নিজৰ বেমাৰ বিষয়ে আলোচনা কৰা বাদ দিয়ক । এইবোৰৰ পৰা মনোযোগ দূৰ কৰিবলৈ আপুনি বেলেগ বস্তুৰ প্ৰতি ধ্যান দিয়া উচিত হব কাৰণ ইয়াৰ বিষয়ে আপুনি যিমানে চিন্তা কৰিব সিমানেই আপুনি দুখ পাব। খৰচত হোৱা অপ্ৰত্যাশিত বৃদ্ধিয়ে আপোনাৰ মনৰ অশান্তি ভংগ কৰিব পাৰে। কল্পনাৰ পিছত দৌৰা বাদ দিয়ক আৰু যিমান পাৰে বাস্তৱ বাদী তথা যথাৰ্থ বাদী হওক -কিচু সময় নিজৰ বন্ধুৰ লগত অতিবাহিত কৰক, কাৰণ এই নিৰ্ণয় আপোনাৰ বাবে সঠিক বুলি প্ৰমাণিত হব। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব পাৰে,যদিহে আপুনি বন্ধু-বান্ধৱৰ লগত সন্ধিয়া সময়ত ফুৰিব যাব পাৰে। কাৰ্যক্ষেত্ৰ ৰ পৰিস্থিতি আপোনাৰ পক্ষত আহিব বুলি অনুভৱ হব। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক সিহতেঁ আপুনি পৰ্যাপ্ত সময় নিদিয়া বাবে অভিযোগ দিব পাৰে। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Thursday, July 7, 2022)

আপুনি কামত বহুত বেছি পিছুৱাই যাব ,কাৰণ আপোনাৰ স্বাস্থ্য ভালে নাথাকিব আৰু আপোনাৰ লগ নিদিব ,ইয়াৰ বাবে আপুনি বহুত জৰুৰী কাম মাজতে এৰি দিব লগা হব পাৰে,এনেকুৱা অৱস্থাত ধৈৰ্য আৰু সাহসেৰে কামৰ সন্মুখীন হওক। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হব। বন্ধুৰ লগত সন্ধিয়া অতিবাহিত কৰা সময় খিনি বহুত আনন্দ আৰু হাঁহিৰে ভৰপুৰ হব। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে-কাৰণ আজি আপোনাৰ প্ৰিয়জন বহুত সোনকালে খঙ কৰিব পাৰে। আপোনাৰ আত্ম বিশ্বাস ত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্ট ভাৱে দেখা যাব। নিজকে সুস্থ সবল কৰিব বাবে আপুনি আজিও ধেৰ পৰিকল্পনা কৰিব কিন্তু বাকীদিন বোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হব। আপোনাৰ জীৱন সংগীৰ যিকোনো সৰু মিছা কথাত আপুনি আহত হোৱা অনুভৱ কৰিব ।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Thursday, July 7, 2022)

আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। আজি আপুনি ভূলতো পইচা ধাৰলৈ নিদিব আৰু যদি দিয়াটো নিত্যান্তই জৰুৰী তেন্তে দিয়া জনৰ পৰা লিখিত ভাৱে লিখি ৰাখিব। যাক আপুনি ভাল পায় ,সিহতৰ লগত উপহাৰৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন । আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হব। আপোনাৰ বায়োডটা অথবা ইণ্টাৰভিউ দিয়াৰ বাবে এয়াই ভাল সময়। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Thursday, July 7, 2022)

আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। বৈবাহিক বন্ধনত বন্ধনৰ বাবে ভাল সময় হব। ঘৰত সমস্যাৰ সৃ্ষ্টি হব পাৰে কিন্তু আপুনি জীৱন সংগীক সৰু সৰু কথাৰ বাবে কথা শুনোৱা বন্ধ কৰক। যদি আজি আপুনি বিনম্ৰ আৰু পৰোপকাৰী হয় তেন্তে আজি আপুনি আপোনাৰ অংশীদাৰ সকলৰ পৰা ধনাত্মক প্ৰতিক্ৰিয়া লাভ কৰিব। আপুনি যোৱাকেইদিন অফিচৰ কাম আধৰুৱা থৈ দিছিলে যাৰ ফলস্বৰূপে আপুনি আজি অৱসৰ সময়তো অফিচৰ কাম কৰিব লাগিব। অধিক খৰচ কৰাৰ বাবে জীৱন সংগীৰ লগত অলপ বিবাদ হব পাৰে।

SeeHere is theComments

Sponsored

close