> ১২ আগষ্ট, শুক্ৰবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 12 August, Friday - tomorrow's horoscope in assames - নিয়মীয়া খবৰ

ads5

ads2

adsz

১২ আগষ্ট, শুক্ৰবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 12 August, Friday - tomorrow's horoscope in assames

 ১২ আগষ্ট, শুক্ৰবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব  কাইলৈ আপোনাৰ দিনটো - 12 August, Friday - tomorrow's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Friday, August 12, 2022)

আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। বেংকৰ লগত জড়িত লেন দেন সমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে। আজিৰ দিনাখন অন্যৰ কথা শুনাত আৰু সেইবোৰত অমল কৰাত গুৰুত্ব প্ৰদান কৰক। মন বেয়া নকৰিব, কেতিয়াব বিফলতাৰ সোৱাদ পোৱাটো একো বেয়া কথা নহয় , এয়া তো জীৱনৰ এক সৌন্দৰ্য। নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক আৰু প্ৰয়োজন হ'লে সেই ব্যক্তিৰ পৰামৰ্শ লওক যি আপোনাৰ বহুত ঘনিষ্ঠ। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ , গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। জীৱন সংগীৰ বাবে আপোনাৰ কিছুমান যোজনা বেয়া হব পাৰে ,কিন্তু ধৈৰ্য ধৰি থাকক।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Friday, August 12, 2022)

আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। দীৰ্ঘবধি নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহুৰ্ত অতিবাহিত কৰক। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব পাৰে,যদিহে আপুনি বন্ধু-বান্ধৱৰ লগত সন্ধিয়া সময়ত ফুৰিব যাব পাৰে। যদি আপুনি এদিনৰ বাবে ছুটী লব বিচাৰে তেন্তে চিন্তা নকৰিব ! আপোনাৰ অনুপস্থিতিত সকলো কাম ভাল ভাৱে চলিব আৰু যদি হঠাত কিব অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। যাত্ৰা আৰু শিক্ষাৰ লগত জড়িত কাম আপোনাক অধিক সজাগ কৰি তুলিব। যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে,তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Friday, August 12, 2022)

আপোনাৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে।আপুনি বুজিব লাগিব যে ভয়ে অকল শাৰীৰিক শক্তিক শুহি লয় আনকি জীৱনটোৰ আয়ু কম কৰি দিব। দিনৰ দ্বিতীয় প্ৰহৰত আপোনাৰ আৰ্থিক লাভ হব পাৰে । প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। আপুনি ৰোমাণ্টিক ভাৱনা আৰু সপোনতে উটি ভাহি থাকিব। নিজৰ কামত এনেকুৱা মানুহৰ সহায় লওক যাৰ চিন্তা-ধাৰা আপোনাৰ লগত মিলে ,সঠিক সময়ত সিহঁতৰ সহায় গুৰুত্বপূৰ্ণ আৰু লাভদায়ক হব । মেডিকেল ট্ৰাঞ্চক্ৰিপশ্বনৰ লগত জড়িত মানুহৰ বাবে এয়া বহুত ভাল দিন। নিজৰ কাম সময়মতে কৰিব লাগে , কাম জমা কৰি থ’লে আপোনাৰে অসুবিধা হ’ব পিচলৈ ।কাম সোনকালে শেষ কৰিলে আজি আপুনি ধেৰ অৱসৰ সময় পাব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Friday, August 12, 2022)

আপোনাৰ ধনাত্মক চিন্তা ধাৰাক পুৰস্কৃত কৰা হব , কাৰণ আপুনি আপোনাৰ চেষ্টা সমূহত সফলতা লাভ কৰিব। আজি আপোনাৰ সহোদৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহতঁৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে যদিও অৱস্থা সোনকালে ভাললৈ আহিব। আপোনাৰ নিৰ্ণয় আপোনাৰ সন্তানৰ ওপৰত থপিলে সিহঁত খঙ কৰিব পাৰে। ভাল হব যে আপুনি সিহঁতক নিজৰ পক্ষ বুজাই দিয়ক ,যাতে সিহঁতে সেই কথাৰ প্ৰকৃত কাৰণ বুজি আপোনাৰ কথাক সহজতে মানি লওক। সময়,কামকাজ ,পইচা, বন্ধু-বান্ধৱ ,আত্মীয় সকলো একপিনে আৰু আপুনি আৰু আপোনাৰ প্ৰিয়জন আন এক পিনে ,দুয়ো প্ৰেমতে বিলীন হৈ থাকিব, আজি আপোনালোক নিজৰ মুডতে থাকিব। অফিচত কোনোবাাই আপোনাৰ কামৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে ,সেইবাবে চকু খুলি ৰাখক আৰু সাৱধানে থাকক আৰু চাৰিওফালৰ সকলো গতিবিধিৰ পিনে সজাগ থাকক। প্ৰেমাস্পদক সময় দিব চেষ্টা কৰিব কিন্তু লাগতিয়াল কাম এটা আহি পৰাত আপুনি এই পৰিকল্পনাত সফল হব নোৱাৰিব। আজি জীৱন সংগীৰ লগত কিছু মধুৰতম সময় ,ভাল খানা আৰু কিছু ৰোমাণ্টিক মুহুৰ্তই আপোনাৰ বাবে বিশেষ হব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Friday, August 12, 2022)

নিজক শান্ত কৰি ৰাখক কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ'ব পাৰে , যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে। বিশেষকৈ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক কাৰণ খঙ একো নহয় অকল অলপ সময়ৰ মানসিক বিকৃতি । আপুনি এনেেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে -কিন্তু আজি আপুনি নিজৰ খৰচ সমূহ খৰচ হৈ যোৱাৰ পৰা বাচক। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক ,কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হব আপুনি শান্ত হৈ থাকক । মনত ৰাখিব সংবেদশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। সিহতক অনুভৱ কৰিব দিয়ক যে আপুনি সচাকৈয়ে সকলোৰে কথা চিন্তা কৰে। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰি তেখেতক বিৰক্ত কৰিব পাৰে। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোতে নিজৰ চকু মগজু খুলি ৰাখক ,হব পাৰে যে আপোনাত কিবা কামত এই চিন্তা সমূহ আহিব পাৰে। সেইসকল লোকৰ লগত মিলা-প্ৰীতি কমাই দিওঁক যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। আপুনি অথবা আপোনাৰ জীৱন সংগী আজি বিচনাত দুখ পাব পাৰে সেইবাবে এজনে আনজনৰ যত্ন লোৱাটো উচিত।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Friday, August 12, 2022)

আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে ভৰা হ'ব কাৰণ আপুনি জীৱন টোক সম্পুৰ্ণ ৰূপে জীয়াব । আজি আপুনি ভূলতো পইচা ধাৰলৈ নিদিব আৰু যদি দিয়াটো নিত্যান্তই জৰুৰী তেন্তে দিয়া জনৰ পৰা লিখিত ভাৱে লিখি ৰাখিব। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হব পাৰে। প্ৰেমৰ এই যাত্ৰা চুটি কিন্তু মৰমেৰে ভৰা হব। কাৰ্যালয়ত সকলো মানুহ আপোনাৰ পক্ষত থকা যেন মনত অনুভৱ হব। খালি সময়ত আজি আপুনি মোবাইলত ৱেব চিৰিজ চাব পাৰে। কোনোবা ধুনীয়া স্মৃতিৰ কাৰণে আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজত থকা বিবাদ সমাপ্ত হব পাৰে, এইবাবে বাদ-বিবাদ হোৱা সময়ত পূৰণা দিনৰ স্মৃতি সতেজ কৰিবলৈ নাপাহৰিব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Friday, August 12, 2022)

কথা কোৱাৰ আগত দুবাৰ ভাৱক , নজনাকৈ কোৱা যিকোনো কথা বেলেগক কষ্ট দিব পাৰে। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব তাৰ অতি ভাল ভাৱে বিবেচনা কৰক ।কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনা সমূহক ভালকৈ অধ্যয়ণ কৰি ল'ব। আপোনাৰ বন্ধু বহুত সহায়কাৰী আৰু সহযোগী হব। ব্যক্তিগত বিষয় সমূহ নিয়ন্ত্ৰণত থাকিব। ব্যৱসায়ী সকলৰ বাবে আজি বহুত ভাল দিন ,কাৰণ সিহঁত হঠাতকৈ লাভান্বিত হব পাৰে। এই ৰাশিৰ জাতক সকল আজি ভাই – ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Friday, August 12, 2022)

আজি এটা সুখৰ দিন, আজি আপোনাৰ প্ৰত্যেকটো কাম আপোনাৰ মতে হ'ব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ অলপ সমস্যা হব পাৰে, কিন্তু এই কাৰণত আপোনাৰ মানসিক শান্তি ভংগ হব নিদিব। প্ৰেমাস্পদ আজি আপোনাৰ আগত নিজৰ মনোভাৱ খোলাকৈ ৰাখিব নোৱাৰাৰ বাবে আপুনি বিৰক্তি পাব পাৰে এই ৰাশিৰ ব্যৱসায়ী সকল আজি কোনোবা ঘনিষ্ঠই দিয়া ভুল উপদেশৰ বাবে চিন্তিত থাকিব। চাকৰি কৰাবোৰও আজি সাৱধানে চলা উচিত। আজি আপোনাৰ ঘনিষ্ঠ লোক সকল আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু নিজৰ মনটো শান্ত কৰি ৰাখিব বাবে আপুনি অকলে সময় অতিবাহিত কৰিব বিচাৰিব। আপুনি আপোনাৰ জীৱন সংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব,কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেত আপোনাৰ বাবেই কিবাকিবি কৰোতে ব্যস্ত আছিল।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Friday, August 12, 2022)

জীৱনত প্ৰাপ্তি হোৱা প্ৰত্যেক ভাল অনুভুতি আৰু বস্তুক বহুত সন্মানেৰে অনুভৱ কৰিবলৈ আপোনাৰ মন আৰু মগজুৰ দুৱাৰ খোলক ,অহেতুক চিন্তা কৰিবলৈ এৰটো ইয়াৰ প্ৰথম পদক্ষেপ। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেট ত নিৱেশ কৰিব পাৰে। ৰুক্ষ স্বভাৱ হোৱা স্বত্বেও আপোনাৰ জীৱন সংগিনী আপোনাক পূৰ্ণ সহযোগ কৰিব। প্ৰেমৰ সম্বন্ধ যদি কটকটীয়া কৰি ৰাখিব কৰি বিচাৰে তেন্তে কোনো তৃতীয়ৰ প্ৰলোভনত ভোল গৈ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ বিষয়ে অযথা কথা নাভাবিব। আপুনি সফলতা নিশ্চয় লাভ কৰিব, অকল এটা এটা জৰি গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যক। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। জীৱন সংগীক নোসোধাকৈ কিছু পৰিকল্পনাৰ যোজনা কৰিলে তেখেতৰ ফালৰ আপুনি ঋণাত্মক সহাঁৰি পাব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Friday, August 12, 2022)

আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত ,যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। ঘৰত হবলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুত খৰচ হব পাৰে যাৰ ফলত আৰ্থিক স্থিতি অলপ দূৰ্বল হব পাৰে। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। আপুনি উদাৰতা আৰু স্নেহেৰে ভৰা প্ৰেমৰ উপহাৰ পাব পাৰে। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Friday, August 12, 2022)

আপুনি যিমান পাৰে সোনকালে নিজৰ অনুভূতি সমূহক নিয়ন্ত্ৰণ কৰক আৰু ভয়ৰ পৰা যিমান পাৰে সোনকালে পৰিত্ৰাণ পাবৰ কৰক কাৰণ এই অসুবিধা সমূহে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু সুস্থ শাৰীৰিক অৱস্থাক উপভোগ কৰাৰ পৰা বিৰত থাকিব পাৰে। সোনকালে ভৱা -চিন্তা নকৰাকৈ কোনো দিশত বিনিয়োগ নকৰিব ,যদি আপুনি গুৰুত্বপূৰ্ণ কোণ সমূহ ভালকৈ চালি জাৰি নাচাই তেন্তে আপোনাৰ লোকচান হব পাৰে। আপোনাাৰ বন্ধুৰ উদাৰ ভাৱৰ ভুল ব্যৱহাৰ নকৰিব। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কোমনীয় হয়। অফিচত শান্ত আৰু সন্তুষ্টিৰে ভৰা চিন্তা বিচাৰ আপোনাৰ মনক উৎসাহিত কৰিব। ভৱিষ্যতৰ যোজনাসমূহৰ বাবে আপুনি নতুন সম্পৰ্ক বনোৱা উচিত । ই কেৰিয়াৰৰ উন্নতিত বহুত সহায়কাৰী হব। নিজৰ কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিচু সময় নিজৰ জীৱন সংগীৰ লগত কটাব পাৰিব । জীৱন লগৰীৰ অসুস্থতাৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Friday, August 12, 2022)

আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক। আপোনাৰ জীৱনত এক সংগীত আৰম্ভ কৰক, সমৰ্পনৰ মূল্য বুজক আৰু হৃদয়ত প্ৰেম অথবা কৃতজ্ঞতাৰ ফুল ফুলিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন অধিক অৰ্থপূৰ্ণ হৈ উঠিব। আপুনি আজি প্ৰেমৰ মনোদশাত থাকিব আপুনি আজি বহুত সুযোগো লাভ কৰিব। যদি আপুনি এদিনৰ বাবে ছুটী লব বিচাৰে তেন্তে চিন্তা নকৰিব ! আপোনাৰ অনুপস্থিতিত সকলো কাম ভাল ভাৱে চলিব আৰু যদি হঠাত কিব অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। আজি এনেকুৱা বহুত বস্তু সংঘটিত হব ,যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব।

SeeHere is theComments

Sponsored

close