> ২৮ আগষ্ট, দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 28 August, Sunday - Today's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৮ আগষ্ট, দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 28 August, Sunday - Today's horoscope in assamese

 ২৮ আগষ্ট, দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব  আজি আপোনাৰ দিনটো - 28 August, Sunday - Today's horoscope in assamese





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Sunday, August 28, 2022)

সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হব পাৰে। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলোকো সুখী কৰি তুলিব। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। আজি আপোনাৰ ওচৰত মন পচন্দৰ লোক সকলক লগ কৰিবৰ বাবে আৰু নিজৰ মনোকামনা সমূহ পূৰণ কৰিবলৈ পৰ্যাপ্ত সময় আছে। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব। যাত্ৰাত লগ পোৱা কোনোবা সুন্দৰীৰ কথা ভাৱি আপুনি ভাল অনুভৱ কৰিব পাৰে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Sunday, August 28, 2022)

অফিচ আৰু ঘৰৰ কামৰ চাপে আপোনক খঙাল কৰি তুলিব। আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টীত আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিকপক্ষ শক্তিশালী থাকিব। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। প্ৰেম সন্দৰ্ভত সোনকালে কোনো নিৰ্ণয় নল'ব। ব্যৱসায়িক কাৰণ জনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। অত্যাধিক খৰচে বৈবাহিক জীৱনত মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি ধাৰ্মিক কাৰ্য্য়ত মনোনিবেশ কৰিব সেইবাবে আপোনাৰ মানসিক শান্তিৰ অনুভূতি হ’ব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Sunday, August 28, 2022)

অধিক আৰু বেছি কেলৰীৰ খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ অতি কাল্পনিক যোজনা সমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে। ঘৰত আৰু ঘৰৰ চাৰিওফালে সৰু-সুৰা পৰিৱৰ্তন কৰিলে আপোনাৰ ঘৰ খন শুৱনি হৈ উঠিব। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোতেই যাব ,ইয়াৰ মানে হল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল ! আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব ,যি আপুনি শুনিব বিচাৰি আছিল। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱন এক বিশিষ্ট দিশেদি লৈ যাব। পৰি্যালৰ লগত এক গুৰুত্ব পূৰ্ণ নিৰ্ণয় লোৱা হব পাৰে আৰু এই নিৰ্ণয় লোৱাৰ এইটোয়ে ভাল আৰু সঠিক সময় । আগলৈ গৈ এই নিৰ্ণয়ৰ ফলত আপোনাৰ বহুত লাভ হোৱাৰ সম্ভাৱনা আছে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Sunday, August 28, 2022)

আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। দিনৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক লোকচান হব পাৰে যাৰ ফলত গোটেই দিন বেয়া যাব পাৰে। নাতি-পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব । আজি কোনোবা এনেকুৱা ব্ব্যক্তিৰ লগত সাক্ষাত হোৱাৰ সম্ভাৱনা আছে ,জন আপোনাক গভীৰ ভাৱে প্ৰভাৱিত কৰিব। যাত্ৰা আৰু ভ্ৰমণ আপোনাক আনন্দ প্ৰদান কৰিব আৰু বহুত শিক্ষণীয়ও হব। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱন সংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে ,যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব । অফিচত আজি বহুত কাম হোৱা বাবে আপোনাৰ চকুৰ সমস্যা অলপ হব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Sunday, August 28, 2022)

আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। আজি কাৰ্য্যক্ষেত্ৰ অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। সপোনত থকা সমস্যাসমূহ বাদ দিয়ক আৰু আপোনাৰ সংগীৰ লগত ৰোমাণ্টিক সময় অতিবাহিত কৰক। ঘৰৰ সৰুবোৰৰ লগত ক্থা পাতি আজি আপুনি নিজৰ অৱসৰ সময় খিনি খুব ভালকৈয়ে ব্যৱহাৰ কৰিব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে। দেউতাৰ লগত আজি এজন বন্ধুৰ দৰে আপুনি কথা পাতিব পাৰে । আপোনাৰ কথা শুনি তেখেত সুখী হ’ব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Sunday, August 28, 2022)

গাড়ী চলোৱা সময়ত সাৱধান থাকক,বিশেষকৈ গাড়ী ঘুৰাওতে ।নহলে বেলেগৰ ভুলৰ বাবে আপুনি সমস্যাত পৰিব পাৰে। আজি কৰা আৰ্থিক নিৱেশ সমূহ আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। আজিৰ দিনটোত কামৰ বোজা কম থাকিব আৰু আপুনি আপোনাৰ মূল্যৱান সময় পৰিয়ালৰ লগত কটাব পাৰিব। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। হতাশাৰে ভৰা দিন হব ,যেতিয়া ঘনিষ্ঠ ব্যক্তি সমূহৰ লগত আপোনাৰ মতভেদ হব পাৰে। আপোনাৰ জীৱন লগৰী আপোনাৰ দূৰ্বলতাখিনিক আপোনাক দূৰ্বল কৰিব নিদিব যাৰ বাবে আপুনি বহুত সুখী অনুভৱ কৰিব। আপোনাৰ দেউতা আজি আপোনাৰ বাবে বিশেষ উপহাৰ আনিব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Sunday, August 28, 2022)

আপোনাৰ মন বেয়া হোৱা বাবে নিজৰ পাৰিবাৰিক জীৱনত কন্দলৰ সৃষ্টি নকৰিব।ইয়াৰ পৰা বাচিবলৈ চেষ্টা কৰক,নহলে পিছত পৰিতাপ কৰিব লগা হব পাৰে। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। আপোনাৰ বেছিভাগ সময় বন্ধু আৰু পৰিয়ালৰ লগত অতিবাহিত হব। সুখী আৰু আনন্দিত থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মূখীন হোৱাৰ বাবে তৈয়াৰ থাকক। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোতে শেষ হব । আপুনি নিজৰ বৈবাহিক জীৱন নিৰাশাজনক বুলি অনুভৱ কৰিব পাৰে ,সেয়ে সময় থাকোতেই কিবা নতুনত্ব আনিব চেষ্টা কৰক। দিবা সপোন দেখা ইমান এটা বেয়া কাম নহয়, ইয়ে আপোনাক কিছুমান ধুনীয়া আইডিয়াও প্ৰদান কৰিব আৰু আজি আপুনি এই কাম ভালকৈ কৰিব পাৰিব কাৰণ আজি আপোনাৰ সময়ৰ অভাৱ নহ'ব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Sunday, August 28, 2022)

আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱা ভাল হব। পৰিয়ালৰ স্থিতি আজি আপুনি ভবাৰ দৰে নহব । আজি ঘৰত কিবা সৰু কথালৈ কাজিয়া হব পাৰে এনেকুৱা স্থিতিত নিজৰ ওপৰত নিয়ন্ত্ৰন ৰাখিব। আজি গছ ৰোপন কৰক। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পচন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। আপোনাৰ জীৱন সংগী সম্ভৱত কাম-কাজক কৈ অধিক ব্যস্ত হৈ পৰিব আৰু এয়াই আপোনাৰ উদাস মনৰ কাৰণ হব। আজি আপোনাৰ হাতত পৰ্যাপ্ত সময় থকাৰ সম্ভাৱনা আছে কিন্তু এই সময়বোৰ আপুনি আকাশত চাং পতাৰ নিচিনা চিন্তা কৰি অপচয় নকৰিব , কিছু কামত অহা কাম কৰক যিবোৰে আপোনাক অহা সপ্তাহত বহুত সহায় কৰিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Sunday, August 28, 2022)

দিনৰ আৰম্ভণি আপুনি যোগ-প্ৰানায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনৰ বাবে লাভদায়ক হব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থকিব পাৰে । ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ লব পাৰে। আপোনাৰ দায়িত্বহীন স্বভাৱে আপোনাৰ মা-দেউতাক মনোকষ্ট দিব পাৰে, যিকোনো নতুন পৰিযোজনা আৰম্ভ কৰাৰ আগতে আপুনি বেলেগৰ মতামতো জানি লোৱা উচিত। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। নিজৰ ব্যক্তিত্ব আৰু ৰূপ-ৰং ক ভাল কৰিবৰ বাবে কৰা চেষ্টআ সন্তুষ্ট জনক হব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হব। শান্তিৰ সাহায্য লৈ আজি আপুনি সকলোৰে লগত বাৰ্তালাপ কৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Sunday, August 28, 2022)

আপুনি আজি মানসিক আৰু শাৰীৰিক ভাৱে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে , অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাৰ সেই শক্তি পুনৰ ঘুৰাই অনাত আপোনাক সহায় কৰিব। যিসকল লোকে কৰবাত বিনিয়োগ কৰি থৈছিলে আজিৰ দিনটোত আপোনাৰ আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে । পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বটৰা কৰিব পাৰি। যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে নহ’লে সম্বন্ধ ভাঙিব পাৰে। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। আপোনাৰ সহকৰ্মী হঠাৎ অসুস্থ হোৱা বাবে আজি আপুনি তেখেতক পুৰ্ণ সমৰ্থন আগবঢ়াব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Sunday, August 28, 2022)

আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। বৈবাহিক বন্ধনত বন্ধনৰ বাবে ভাল সময় হব। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমত যাদু কৰাৰ ক্ষমতা আছে। ঘৰত সিচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাব আজি আপুনি পৰিকল্পনা কৰিব কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। জীবনলগৰীৰ লগত আজিৰ সন্ধিয়া সচাঁকৈয়ে কিবা এটা বিশেষ হবলৈ গৈ আছে। আপোনাৰ দিনৰ আৰম্ভণি আজি মধুময় হব সেইবাবে গোটেই দিন আপুনি উদ্দীপ্ত অনুভৱ কৰিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Sunday, August 28, 2022)

অবাঞ্চিত যাত্ৰা আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে,কাৰণ দীঘল যাত্ৰাৰ বাবে আপুনি অস্থিৰ হৈ পৰিব পাৰে।মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি শৰীৰৰ মালিচ কৰক। আজি আপোনাৰ অৰ্থ খৰচ কৰিব দৰকাৰ নহব কাৰণ ঘৰৰ কোনোবা ডাঙৰ জনে আপোনাক পইচা দিব পাৰে। ঘৰৰ মানুহৰ লগত সময় অতিবাহিত কৰিলে সুখী অনুভৱ কৰিব। অনাকাংক্ষিত ৰোমাণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। কাম সোনকলে শেষ কৰি ঘৰলৈ যোৱাটো আপোনাৰ বাবে ভাল হব , ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰো সুখী হব আৰু আপুনিও সতেজ অনুভৱ কৰিব । যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব । আজি কালিৰ এই ব্যস্ততা ভৰা দিনবোৰত নিজৰ পৰিয়ালৰ লগত খুবেই কম সময় অতিবাহিত কৰিব পাৰি, কিন্তু আপোনাৰ হাতত আপোনাৰ প্ৰিয়জন আৰু আপোন মানুহৰ লগত সময় অতিবাহিত কৰাৰ বহুত ভাল সুযোগ আহি পৰিছে।

SeeHere is theComments

Sponsored

close