> ৬ আগষ্ট, শনিবাৰ। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 6 August, Saturday - today's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

৬ আগষ্ট, শনিবাৰ। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 6 August, Saturday - today's horoscope in assamese

   ৬ আগষ্ট, শনিবাৰ। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব  আজি আপোনাৰ দিনটো - 6 August, Saturday - today's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Saturday, August 6, 2022)

পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। আজি সফলতা প্ৰাপ্তৰ মন্ত্ৰ হ'ল সেই সকল লোকৰ পৰামৰ্শ মৰ্মে পইচা লগাওঁক যি সকল লোক মৌলিক চিন্তা কৰে আৰু বহুত অনুভূৱী হয়। নতুুন ৰূপ-ৰং, নতুন কাপোৰ ,নতুন বন্ধু-বান্ধৱ আজিৰ দিনটোক বিশেষ কৰি তুলিব। অবৈধ প্ৰেম সম্পৰ্ক আপোনাৰ মান-সন্মান শেষ কৰি দিব পাৰে। ছাত্ৰ-ছাত্ৰী আজিৰ কাম কাইলৈ পেলাই নথ’ব ,যেতিয়াই খালী সময় পাব তেতিয়াই কামখিনি পুৰা কৰি লব।এইটো আপোনাৰ বাবেই হিতকৰ। আপোনাৰ জীৱন সংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে । কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে। আজি আপুনি আত্মীয়সকলক সাক্ষাৎ কৰি নিজৰ সামাজিক দায়িত্ব পূৰণ কৰিব পাৰে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Saturday, August 6, 2022)

আপোনাৰ দ্ৰুতভাৱে কৰা কামৰ প্ৰতিভাই আপোনাক প্ৰেৰিত কৰিব। সফলতা লাভ কৰিবৰ বাবে সময়ৰ লগত তাল মিলাই নিজৰ চিন্তা ধাৰাও সলনি কৰক।ইয়াৰ ফলত আপোনাৰ দৃষ্টিকোণ ব্যাপক হ'ব আৰু চিন্তা ধাৰাও সলনি কৰিব,ব্যক্তিত্ব বিকাশ আৰু মগজুত বিকশিত হ'ব। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয় টোত বিশেষ মনযোগ দিয়া দৰকাৰ। আপোনাৰ সন্তান আপোনাৰ মন সুখী কৰিব পৰা খবৰ লৈ আহিব পাৰে। আপুনি চিন্তা কৰাৰ কোনো আৱশ্যক নাই,আপোনাৰ মনত জমা হোৱা সকলো দুখ আজি বৰফৰ দৰে গলি যাব। নিজৰ সময় আৰু উৰ্জা অন্যৰ সহায় কৰাত লগাওক ,কিন্তু এনেকুৱা বিষয় সমূহৰ পৰা দূৰত থাকক যাৰ লগত আপোনাৰ লগত কোনো সম্বন্ধ নাই। আপোনাৰ বৈবাহিক জীৱনত শাৰীৰিক সুখৰ ফালেদি কিছুমান ধুনীয়া পৰিৱৰ্তন পৰিলক্ষিত হব। সুখ আপোনাৰ অন্তৰতেই থাকে আপুনি অকল অনুভৱ কৰিব দৰকাৰ।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Saturday, August 6, 2022)

খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। পইচাৰ নাটনিয়ে আজি ঘৰত কলহৰ সৃষ্টি কৰিব পাৰে এনেকুৱা স্থিতিত ঘৰ ৰ মানুহৰ লগত বিচাৰ বেবচনাৰে কথা পাতিব আৰু সিহতঁৰ পৰা পৰামৰ্শ লওক। আপোোনাৰ সন্তানৰ লগত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আপুনি বিকসিত কৰক।পূৰণি কথাসমূহক এৰি দি আহিব লগা ভাল সময়ৰ পিনে চাওক,আপোনাৰ এই চেষ্টা নিশ্চয় সফল হব। আপোনাৰ সাক্ষাত এনে বন্ধুৰ লগত হব ,যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। চিঠি-পত্ৰ ,লাগতিয়াল কাগজ আদি অতি সাৱধানে আৰু যতনেৰে সৰহ বৰাহ কৰা উচিত। আজি দিনটো আপোনাৰ আৰু জীৱন সংগীৰ মাজত আত্মীয়তা পূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। আজি আপোনাৰ উৎসাহী স্বভাৱৰ বাবে আপোনাৰ সহকৰ্মীসকল আপোনাৰ প্ৰতি আকৃষ্ট হ’ব পাৰে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Saturday, August 6, 2022)

অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হব ,এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক আপোনাৰ পৰিয়ালৰ সদস্য সকল সৰু এটা কথা লৈ বহু ডাঙৰ বিবাদ এখনৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাক মনত কৰাত সময় অতিবাহিত কৰিব। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। জীৱন সংগীৰ লগত প্ৰেম, হাঁহি-ধেমালি ,আত্মীয়তা ইত্যাদিৰে আজিৰ দিনটো স্মৰণীয় হৈ ৰব। বন্ধু নিঃসংগতা দূৰ কৰাৰ সকলোতকৈ ভাল মাধ্যমৰ এটা ,বন্ধুৰ লগত সময় অতিবাহিত কৰাটো আপোনাৰ আজিৰ দিনৰ সকলোতকৈ ভাল নিৱেশ হব ।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Saturday, August 6, 2022)

আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হব পাৰে। পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পাৰিবাৰিক দায়িত্বক অৱহেলা কৰা বাবে আপোনাক সকলোৱে বেয়া পাব পাৰে। আপোনাৰ প্ৰিয়জনৰ অলাগতিয়াল প্ৰয়োজনৰ ওচৰত সমৰ্পিত নহ'ব। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব কিন্তু এই সময়খিনিতেই ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে কিন্তু আপোনালোক দুজনে সকলো পৰিস্থিতি চম্ভালি লব পাৰিব। ছাত্ৰই নিজৰ দুৰ্বল বিষয় লৈ শিক্ষকৰ কাষ চাপিব পাৰে আৰু শিক্ষকৰ পৰামৰ্শ অনুযায়ী আপুনি সেই বিষয়ৰ জটিলতা বুজি পোৱাত সহায় হ’ব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Saturday, August 6, 2022)

কোনোবা বন্ধুৰ পৰা পোৱা জ্যোতিষী উপদেশ আপোনাক শাৰীৰিক ফালৰ পৰা বহুত উপকৃত কৰিব। আপোনাৰ মন ত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। পৰিয়ালৰ সদস্যৰ মাজত পইচালৈ কলহ হব পাৰে । পইচাৰ বিষয়ত আপুনি ঘৰৰ সকলো মানুহকে স্পষ্ট হোৱাৰ পৰামৰ্শ দিব পাৰে। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হব যিবোৰ আপুনি অকল অনবৰতে ভাৱি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা আপোনাৰ জীৱন সংগীৰ বাবে আপুনি আজি মানসিক অশান্তিৰ সন্মুখীন হব পাৰে। মনৰ কথাসমূহ প্ৰকাশ কৰাটো বহুত জৰুৰী ,ইয়াৰ ফলত প্ৰেমত গভীৰতা বাঢ়ে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Saturday, August 6, 2022)

আপোনাক নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সাৱধান হোৱাৰ দৰকাৰ আছে , বিশেষকৈ ৰক্তচাপৰ ৰোগী সকল যত্ন লোৱা উচিত। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থকিব পাৰে । ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ লব পাৰে। কোনো নতুন সম্বন্ধ আপোনাৰ বাবে লাভদায়ক হোৱাৰ লগতে দীঘলীয়া সময়ৰ বাবেও অটুট থাকিব। আপোনাৰ প্ৰেম জীৱন আজি এক নতুন দিশা লাভ কৰিব, আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। কাম সোনকলে শেষ কৰি ঘৰলৈ যোৱাটো আপোনাৰ বাবে ভাল হব , ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰো সুখী হব আৰু আপুনিও সতেজ অনুভৱ কৰিব । আপোনাৰ আৰু জীৱনসংগীৰ মাজত অশান্তি অধিক বৃদ্ধি হব পাৰে ,আপুনি যদি সঠিক সময়ত সঠিক পদক্ষেপ নলয় তেন্তে পৰিস্থিতি অধিক বেয়ালৈ ঢাল খাব পাৰে। পানীৰ জীৱনত কি মূল্য সেই কথাক বিষয় হিচাপে লৈ আপুনি ঘৰৰ সৰুবোৰক ভাষণ এটা দিব পাৰে।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Saturday, August 6, 2022)

কামৰ চাপ আৰু ঘৰুৱা কন্দলে জীৱনলৈ মানসিক অশান্তি আনিব । বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। পাৰিবাৰিক মৰ্চাত সকলো বস্তু ভাল ভাৱে গৈ থাকিব আৰু আপোনাৰ যোজনা সমূহৰ বাবে আপুনি পূৰ্ণ সহযোগ লাভ কৰিব। আজি আপুনি প্ৰেমাস্পদৰ আগত নিজৰ জীৱনৰ সমস্য়া ভাগ কৰিব বিচাৰিব , কিন্তু তেখেত নিজৰ সমস্যাৰ বিষয়ে কৈ আপোনাক বেছি চিন্তিত কৰি তুলিব। পৰিয়ালৰ প্ৰয়োজন পুৰ কৰোতে-কৰোতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে। কিন্তু আজি আপুনিসকলোৰ পৰা দুৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। আজি আপুনি বৈবাহিক জীৱনক শ্বাসৰুদ্ধকৰ হেন অনুভৱ কৰিব কাৰণ আপুনি আজি একপ্ৰকাৰৰ অসহজতা অনুভৱ কৰি থাকিব। আপোনাৰ আজি সকলোতকৈ অধিক প্ৰয়োজন হল জীৱন সংগীৰ লগত ভাল ভাৱে আত্মীয়তাৰে কথা পাতক। আজি আপুনি অফিচৰ কামবোৰ ইমান সোনকালে শেষ কৰিব যে আপোনাৰ সহকৰ্মী সকল আপোনাক দেখি থাকোঁতেই যাব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Saturday, August 6, 2022)

সুখী দিনৰ বাবে মানসিক অশান্তিৰ পৰা বাচি থাকক। ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। বিদেশত থকা কোনোবা সম্বন্ধীয়ৰ পৰা পোৱা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব পাৰে। আপোনাৰ প্ৰেম জীৱন আজি এক নতুন দিশা লাভ কৰিব, আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । আপোনাৰ জীৱন সংগী আপোনাক আজি প্ৰেমৰ অনুভুতি প্ৰদান কৰিব চেষ্টা কৰিব ,তেখেতৰ সহায় কৰক। আপোনাৰ সংগী আজি আপোনাৰ বাবে আজি এটা চাৰপ্ৰাইজ ৰেচিপি তৈয়াৰ কৰিব পাৰে যাৰ ফলত আপোনাৰ গোটেই দিনৰ ভাগৰ শেষ হৈ যাব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Saturday, August 6, 2022)

ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব আগতীয়াকৈ নজনাই কোনোবা দেনদাৰে আপোনাৰ বেংক একাউণ্টত পইচা দিব পাৰে, যি কথা জানি আপুনি আচৰিত হোৱাৰ লগতে সুখীও হব। পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পাৰিবাৰিক দায়িত্বক অৱহেলা কৰা বাবে আপোনাক সকলোৱে বেয়া পাব পাৰে। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। হতাশাৰে ভৰা দিন হব ,যেতিয়া ঘনিষ্ঠ ব্যক্তি সমূহৰ লগত আপোনাৰ মতভেদ হব পাৰে। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব। আজি আপুনি সৰু ল’ৰা-ছোৱালীৰ লগত সৰু হৈ যাব ফলস্বৰূপে সৰুবোৰ গোটেই দিন আপোনাৰ লগত লাগি থাকিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Saturday, August 6, 2022)

আজি খেল ধূলা ত অংশগ্ৰহণ কৰাটো জৰুৰী ,কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱে হয়। অৱশ্যে আপোনাৰ আৰ্থিক স্থিতিত বহুত শুধৰণি আহিব,কিন্তু পইচাক পানীৰ দৰে অনবৰতে খৰচ কৰি থাকিলে আপোনাৰ গোটেই আৰ্থিক যোজনা সমূহত বাধা আহি পাব পাৰে। সন্ধিয়াৰ সময়খিনিত হঠাৎ লাভ কৰা কোনো ভাল খবৰ আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু উৎসাহৰ এক কাৰণ বুলি প্ৰমাণ হব। এক দীঘল আৰু নিঃসংগ সময় যি আপোনাক হাত কাৰি আছিল ,সেই সময় শেষ হৈ গৈছে -কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱন-সংগী লাভ কৰিব। দিন ভাল যাব , বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। লোকৰ পৰা দুৰত থকাটো কেতিয়াবা জীৱনৰ বাবে বহুত জৰুৰী কিন্তু আপোনাৰ ভাল চিন্তা কৰা মানুহৰ পৰা দুৰত্ব নাৰাখিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Saturday, August 6, 2022)

জীৱনত প্ৰাপ্তি হোৱা প্ৰত্যেক ভাল অনুভুতি আৰু বস্তুক বহুত সন্মানেৰে অনুভৱ কৰিবলৈ আপোনাৰ মন আৰু মগজুৰ দুৱাৰ খোলক ,অহেতুক চিন্তা কৰিবলৈ এৰটো ইয়াৰ প্ৰথম পদক্ষেপ। আপোনাৰ মন ত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আপুনি বন্ধু-বান্ধৱৰ লগত এক ভাল সময় অতিবাহিত কৰিব পাৰে ,কিন্তু গাড়ী চলোৱা সময়ত অধিক সাৱধান থাকক। প্ৰত্যেক দিনাই প্ৰেমত পৰাৰ আপোনাৰ এই অভ্যাসটোক সলনি কৰক। যদি আপুনি ভাৱে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল ,তেন্তে আপুনি ভুল , এইবোৰেই আপোনাক আহিবলগা সময়ত বিপদত পেলাব পাৰে। দৈনিন্দিন বস্তু কিনা-মেলাক লৈ জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ সম্ভাৱনা আছে। এই দিিনটো বন্ধু অথবা পৰিয়ালৰ লগত শ্বপিং কৰিব গৈ অলপ ফুৰ্তি কৰাৰ ,অকল নিজৰ খৰচৰ প্ৰতি অলপ মন দিয়া উচিত হব।

SeeHere is theComments

Sponsored

close