> ৭ আগষ্ট, দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 7 August, Sunday - today's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

৭ আগষ্ট, দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 7 August, Sunday - today's horoscope in assamese

  ৭ আগষ্ট, দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব  আজি আপোনাৰ দিনটো - 7 August, Sunday - today's horoscope in assamese





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Sunday, August 7, 2022)

নিজক শান্ত কৰি ৰাখক কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ'ব পাৰে , যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে। বিশেষকৈ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক কাৰণ খঙ একো নহয় অকল অলপ সময়ৰ মানসিক বিকৃতি । পইচাৰ নাটনিয়ে আজি ঘৰত কলহৰ সৃষ্টি কৰিব পাৰে এনেকুৱা স্থিতিত ঘৰ ৰ মানুহৰ লগত বিচাৰ বেবচনাৰে কথা পাতিব আৰু সিহতঁৰ পৰা পৰামৰ্শ লওক। আপোনাৰ আত্মীয়ক বেয়া ব্যৱহাৰ নকৰিব । আপোনাৰ এনেকুৱা ব্যৱহাৰ আপোনাৰ পৰিয়ালক দুখ দিব পাৰে , আনকি সম্বন্ধ তো দূৰত্ব আহি যাব পাৰে। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব ,যদি আপুনি এনেকুৱা ভাল কামত অকণ মানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। আজি আপুনি জীৱন সংগীৰ লগত ঘুৰা-ফুৰাৰ মজা লব আৰু একেলগে সময় অতিবাহিত কৰাৰ এটা ভাল সুযোগ লাভ কৰিব। আজি আপুনি আপোনাৰ কোনোবা পুৰণি ভুলৰ অনুভূতি হ’ব পাৰে আৰু আপুনি দুখিত হৈ যাব পাৰে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Sunday, August 7, 2022)

কামৰ চাপ আৰু ঘৰুৱা কন্দলে জীৱনলৈ মানসিক অশান্তি আনিব । আজি যদি আপুনি বেলেগৰ কথা মানি ক'ৰবাত অৰ্থ বিনিয়োগ কৰে তেন্তে আৰ্থিক লোকচান হোৱাটো এক প্ৰকাৰ নিশ্চিত। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। আৰু অলপ চেষ্টা কৰক ,আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব কাৰণ আজি আপোনাৰ দিন। অৱসৰ সময়ত আজি আপুনি খেল ধুলা কৰিব পাৰে কিন্তু খেলি থাকোতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে বাবে ভালকৈ থাকিব। আজি দিনটো আপোনাৰ আৰু জীৱন সংগীৰ মাজত আত্মীয়তা পূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। কোনো গছৰ ছাঁত বহি আজি আপুনি বহুত শান্তি লাভ কৰিব। জীৱনক আজি ওচৰৰ পৰা বুজি পাব আপুনি।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Sunday, August 7, 2022)

ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব, লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক,এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ'ব। ধনৰ আৱশ্যকতা যিকোনো সময়ত হব পাৰে সেইবাবে আজি যদি জয়ী হব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। প্ৰেমৰ এই যাত্ৰা চুটি কিন্তু মৰমেৰে ভৰা হব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । অনাকাংক্ষিত ভাৱে অহা অতিথিৰ বাবে আপোনাৰ কিছু পৰিকল্পিত যোজনাত কিছু গণ্ডগোল হব পাৰে, কিন্তু যি কি নহওক আপোনাৰ দিন এনেও বহুত ভাল ভাৱে অতিবাহিত হব। টিভিত চিনেমা চোৱা আৰু নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰা ,ইয়াতকৈ ভাল কাম আৰু কি হব পাৰে ! যদি আপুনি অলপো চেষ্টা কৰে তেন্তে আজিৰ দিনটো বহুত ভাল ভাৱে পাৰ হব পাৰে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Sunday, August 7, 2022)

অসুৰক্ষা আৰু অসুবিধা ৰ বাবে আপুনি ভাল অনুভৱ কৰিব। আজি ওচৰ চুবৰীয়া ৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে, আপোনাক পৰামৰ্শ দিয়া হল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁৰ বিশ্বাসযোগ্যতা চাই লব নহলে পইচাৰ লোকচান হব পাৰে। এনেকুৱা বন্ধুৰ লগত বাহিৰত ফুৰিব যাওক যি আপোনাৰ সমস্যা আৰু প্ৰয়োজন সমূহ বুজিব পাৰে। আজিৰ দিনটো প্ৰেমৰ ৰংত ৰঙীন হব কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হব পাৰে। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোব দুৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোতে গুছি যাব। আজি আপুনি জীৱন সংগীৰ লগত ঘুৰা-ফুৰাৰ মজা লব আৰু একেলগে সময় অতিবাহিত কৰাৰ এটা ভাল সুযোগ লাভ কৰিব। গ্ৰহই আজি ধাৰ্মিক কাম -কাজ যেনে মন্দিৰত যোৱা ,দান-বৰঙনি আগ বঢ়োৱা আৰু ধ্যান কৰা আদিৰ দিহা দিব ।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Sunday, August 7, 2022)

আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। ঘৰৰ পৰিৱেশত অলপ সাল-সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। ৰোমাঞ্চ অধিক আনন্দায়ী আৰু ৰোমাঞ্চকৰ হব। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব ,যি আপুনি শুনিব বিচাৰি আছিল। আপোনাৰ জীৱন সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে ,যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। আপোনাৰ সহকৰ্মী হঠাৎ অসুস্থ হোৱা বাবে আজি আপুনি তেখেতক পুৰ্ণ সমৰ্থন আগবঢ়াব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Sunday, August 7, 2022)

কামৰ চাপ আৰু ঘৰুৱা কন্দলে জীৱনলৈ মানসিক অশান্তি আনিব । ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়্যলৈ ঢাল খাব পাৰে। বন্ধু আৰু জীৱন সংগী আপোনাক আৰাম আৰু সুখ দিব ,নহ'লে বাকী থকা দিন খিনি হতাশা আৰু নিৰস ভাৱে অতিবাহিত হব। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃতি নিৰ্মূলৰ এক আহিলা হিচাপে গন্য কৰে ,সিহতঁৰ ধাৰণা ভুল ,কাৰণ আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব। নিজৰ সুখবোৰ প্ৰকাশ কৰক তেতিয়া আপোনাৰ লগত জড়িত মানুহবোৰো এই সুখৰ ভাগ পাব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Sunday, August 7, 2022)

ভাল খবৰ এটা পাব পাৰে। যদি আপুুনি কাৰোবাক দিয়া ঋণ বহুতদিনৰ পৰা উভতাই বিচাৰি আছে কিন্তু সেই ব্যক্তিজনে আপোনাক অজুহাত দেখুৱাই পইচা দিয়াৰ পৰা বিৰত আছে , তেখেত আজি একো নোকোৱাকৈ আপোনাৰ পাওনা খিনি ঘুৰাই দিব। বৰিষ্ষ্ঠ আত্মীয় আপোনাক অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ বাবে অশান্তি কৰিব পাৰে। যিয়ে নকওক কিয় ,ভালকৈ বুজি আৰু ভাৱি-চিন্তি কওক,কাৰণ ৰুক্ষ শব্দই শান্তি বিনষ্ট কৰে আৰু প্ৰিয়জনৰ লগত দূৰত্ব বঢ়াই তোলে। আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপুনি নিজৰ জীৱন সংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব। আপোনাৰ দিনৰ আৰম্ভণি আজি মধুময় হব সেইবাবে গোটেই দিন আপুনি উদ্দীপ্ত অনুভৱ কৰিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Sunday, August 7, 2022)

কোনো বন্ধু আপোনাৰ সহনশীলতা আৰু খোলা মনৰ পৰীক্ষা ল'ব পাৰে।আপুনি নিজৰ আদৰ্শ জলাঞ্জলী দিব নালাগে আৰু জীৱনৰ প্ৰত্যেক নিৰ্ণয় যুক্তি সহকাৰে লওক। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আপোনাৰ অসফলতাৰ পৰা আপুনি শিক্ষা লোৱা উচিত,কাৰণ আজি আপোনাৰ মনৰ কথা প্ৰকাক্ষ কৰিলে আপোনাৰ লোকচান হব পাৰে। আপোনাৰ ব্যক্তিত্ব বেলেগতকৈ অলপ বেলেগ সেয়ে আপুনি অকলে সময় অতিবাহিত কৰি ভাল পায়। আজি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব কিন্তু অফিচৰ কথাই আপোনাক চিন্তিত কৰি থাকিব। দৈদৈনন্দিন প্ৰয়োজন সমূহ পূৰণ নোহোৱাৰ বাবে আপোনাৰ বৈবাহিক জীৱনত অশান্তিৰ সৃষ্টি হব পাৰে। খোৱা-বোৱা ,চাফা কৰা অথবা আন কোনো ঘৰুৱা বিষয় বস্তু ইয়াৰ কাৰণ হব পাৰে। আপোনাৰ চিন্তাসমূহে আজি আপোনাক আনন্দ কৰাৰ পৰা বিৰত ৰাখিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Sunday, August 7, 2022)

আনন্দিত হৈ যাওক কাৰণ আপোনাৰ ভাল দিন আহি আছে আৰু নিজৰ মাজত অতিৰিক্ত উৰ্জাৰ অনুভৱ কৰিব। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত থাকিব। আপোনাৰ নিৰ্ণয় আপোনাৰ সন্তানৰ ওপৰত থপিলে সিহঁত খঙ কৰিব পাৰে। ভাল হব যে আপুনি সিহঁতক নিজৰ পক্ষ বুজাই দিয়ক ,যাতে সিহঁতে সেই কথাৰ প্ৰকৃত কাৰণ বুজি আপোনাৰ কথাক সহজতে মানি লওক। আজি প্ৰেমৰ জুইত লাহে লাহে কিন্তু অনবৰতে জ্বলি থাকিব। যাত্ৰা আৰু ভ্ৰমণে আপোনাৰ নতুন ব্যক্তি আৰু নতুন ঠাইৰ লগত চিনাকি হোৱাত সহায় কৰিব। ভাল কমিউনিকেশ্বন নোহোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হব পাৰে,কিন্তু মিলি-জুলি বহি কথা পাতিলে বিষয় বস্তুবোৰ ঠিক হব পাৰে। লোকৰ মাজত থাকি আপুনি সকলোৰে সন্মান কৰিব জানে সেইবাবে সকলোৰে মনত আপুনি নিজৰ এটা ভাল ছবি বনোৱাত সফল হৈছে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Sunday, August 7, 2022)

আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে আজি প্ৰেমীৰ কথা সিহতঁৰ মনত পৰিব পাৰে ।ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হব পাৰে। আজি আপুনি বহুত ভাল নিমন্ত্ৰণ পাব পাৰে ,লগতে আপুনি এক আকস্মিক উপহাৰো পাব পাৰে। জীৱন লগৰীৰ পূৰ্ণ সহযোগ নোপোৱা বাবে আপুনি আজি নিৰাশ হৈ পৰিব পাৰে গ্ৰহই আজি ধাৰ্মিক কাম -কাজ যেনে মন্দিৰত যোৱা ,দান-বৰঙনি আগ বঢ়োৱা আৰু ধ্যান কৰা আদিৰ দিহা দিব ।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Sunday, August 7, 2022)

আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধুলা কৰি কটাই দিব পাৰে। অৰ্থ্নৈতিক দিশত শক্তিশালী হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘুৰাই পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। ধন, প্ৰেম আৰু পৰিয়াল ৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে কিন্তু আপোনালোক দুজনে সকলো পৰিস্থিতি চম্ভালি লব পাৰিব। জীৱনত সৰলতা তেতিয়াই থাকে যেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকে । আপোনাকো আপোনাৰ ব্যৱহাৰ্ত সৰলতা আনাটো দৰকাৰ।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Sunday, August 7, 2022)

বহুতদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যা সমূহৰ পৰা স্থায়ী ভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱন-শৈলীত সাল-সলনি অনাৰ প্ৰয়োজন আছে। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হব পাৰে , অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ শাস্থ্যৰ কথা চিন্তা কৰাটোহে বেচি প্ৰয়োজনীয়। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হব। ৰোমাঞ্চৰ বাবে আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সুযোগ থাকিব -কিন্তু এনেকুৱা সুযোগ বহুত কম সময়ৰ বাবে থাকিব। টিভি আৰু মোবাইলৰ ব্যৱহাৰ ভুল নহয় কিন্তু প্ৰয়োজনতকৈ অধিক ব্যৱহাৰ আপোনাৰ জৰুৰী সময় নষ্ট কৰিব পাৰে। জীৱন সংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব। আজি আপোনাৰ সন্তানৰ লগত সময় অতিবাহিত কৰি কিছু সন্তুষ্টিৰে ভৰা সময় পাৰ কৰক।


SeeHere is theComments

Sponsored

close