> ১০ অক্টোবৰ, সোমবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 10 October, Monday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১০ অক্টোবৰ, সোমবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 10 October, Monday - Tomorrow's horoscope in assamese

 ১০ অক্টোবৰ, সোমবাৰ কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব  কাইলৈ আপোনাৰ দিনটো - 10 October, Monday - Tomorrow's horoscope in assamese




মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Monday, October 10, 2022)

উচ্চ কেলৰি যুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্য সন্মত হৈ থাকিব আৰু নিয়মিত ব্যায়াম কৰক। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণ ৰূপে সেই কাম কৰাত সক্ষম নহব। এনেকুুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত দিব পাৰে। এক দীঘলীয়া সময়ৰ পৰা চলি অহা মতভেদ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Monday, October 10, 2022)

অধিক খাদ্য গ্ৰহণৰ পৰা বাচক আৰু নিজৰ ওজনৰ ওপৰত ধ্যান দিয়ক। ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। প্ৰেমৰ কোনো সীমনা নাই, ই সকলো সীমাতকৈ উৰ্ধত; আপুনি এই কথা আগতে শুনিছিল চাগে, কিন্তু আজি সেই দিন যেতিয়া আপুনি বিচাৰিলে এই ভাৱনা সমূহ অনুভৱ কৰিব পাৰে। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। আজি আপুনি দিনযোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। আপোনাৰ আৰু জীৱন সংগীৰ মাজত বিশ্বাসৰ এক দূৰ্বলতা আহিব পাৰে ,যাৰ ফলত বৈবাহিক জীৱনত কিছু অশান্তিৰ সৃষ্টি হব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Monday, October 10, 2022)

জীৱনত প্ৰাপ্তি হোৱা প্ৰত্যেক ভাল অনুভুতি আৰু বস্তুক বহুত সন্মানেৰে অনুভৱ কৰিবলৈ আপোনাৰ মন আৰু মগজুৰ দুৱাৰ খোলক ,অহেতুক চিন্তা কৰিবলৈ এৰটো ইয়াৰ প্ৰথম পদক্ষেপ। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হব পাৰে। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে আজি প্ৰেমীৰ কথা সিহতঁৰ মনত পৰিব পাৰে ।ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হব পাৰে। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি কৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। ৰোমাণ্টিক গান , সুগন্ধি মমবাতি , ভাল খোৱা বস্তু আৰু পানীয় আজি এইবোৰেই অপোনাৰ জীৱন লগৰীৰ লগত কটওৱা সময়ত ৰহন সানিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Monday, October 10, 2022)

হিংসা আৰু ঘৃণা আপোনাৰ বাবে বিপদ মাতি অনিব পাৰে ,ই আপোনাৰ সহ্য শক্তি কমাই দিয়ে আনকি আপোনাৰ বিবেকৰ লগত যুজ লগাই দিয়ে আৰু সম্বন্ধত চিৰদিনৰ বাবে বেয়া কৰিব পাৰে। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয় টোত বিশেষ মনযোগ দিয়া দৰকাৰ। মনোৰঞ্জনৰ লগত জড়িত গতিবিধি সমূহত সময় অতিবাহিত কৰিলে আনন্দ লাভ কৰিব, যদিহে গোটেই পৰিয়ালৰ সদস্য সমূহ তাত অংশগ্ৰহণ কৰে। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। দিনৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শক্তিৰ কম অনুভৱ নকৰিব। এই ৰাশিৰ লোকসকল বহুত কৌতুহলদ্দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায় কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Monday, October 10, 2022)

শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হব লগতে উচিত মূল্যৰ ধন জমা হব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ হাহিঁত কোনো আৱেগ অথবা অৰ্থ নাথাকিব, নাথাকিব কোনো শব্দ না কোনো চন্দ কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা উৰুঙা হৈ থাকিব। যিকোনো ব্য্যৱসায় কৰাৰ আগতে এবাৰ নিজৰ অন্তৰ আত্মাক শুধি চাব আৰু সেইমতে আগ বাঢ়িব। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱা বহুত কঠিন। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত খঙ কৰি থাকিব পাৰে, কাৰণ আপুনি কিবা গুৰুত্বপূৰ্ণ কথা তেখেতক কবলৈ পাহৰি গৈছে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Monday, October 10, 2022)

এজন আধ্যাত্মিক ব্যক্তি প্ৰচুৰ আশীৰ্বাদ আৰু মনত শান্তি লৈ আপোনালোকৰ তাত পদাৰ্পন কৰিব। খৰচত হোৱা অপ্ৰত্যাশিত বৃদ্ধিয়ে আপোনাৰ মনৰ অশান্তি ভংগ কৰিব পাৰে। বন্ধু আপোনাৰ ব্যক্তিগত জীৱনত লগাতকৈ অধিক হস্তক্ষেপ কৰিব। আপোনাৰ সাক্ষাত এনে বন্ধুৰ লগত হব ,যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। আপুনি এনেকুৱা পৰিযোজনা সমূহত কাম কৰা উচিত ,যি আগলৈ গৈ আপোনাক লাভ দিব পাৰে। অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে কিন্তু ফিল্ম খন আপোনাৰ মনপুত নহব যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ’ব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Monday, October 10, 2022)

আপোনাৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ'ব লগীয়া হ'ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে,এনেকুৱা বিষয়ত সাৱধানতাৰ অলপ ঊনৈছ বিছে আপোনাৰ ক্ষতি কৰিব পাৰে, আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। প্ৰেমৰ পিনেদি এই দিন বহুত বিশেষ হব। নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক আৰু প্ৰয়োজন হ'লে সেই ব্যক্তিৰ পৰামৰ্শ লওক যি আপোনাৰ বহুত ঘনিষ্ঠ। যাত্ৰা আৰু ভ্ৰমণে আপোনাৰ নতুন ব্যক্তি আৰু নতুন ঠাইৰ লগত চিনাকি হোৱাত সহায় কৰিব। জীৱন সংগীৰ লগত প্ৰেম, হাঁহি-ধেমালি ,আত্মীয়তা ইত্যাদিৰে আজিৰ দিনটো স্মৰণীয় হৈ ৰব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Monday, October 10, 2022)

আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে ভৰা হ'ব কাৰণ আপুনি জীৱন টোক সম্পুৰ্ণ ৰূপে জীয়াব । ভাই -ভণিৰ সহায়ত অৰ্থ লাভৰ পুৰ্ণ আশংকা আছে। নিজৰ ভাই ভণিৰ উপদেশ লওক। ৰুক্ষ স্বভাৱ হোৱা স্বত্বেও আপোনাৰ জীৱন সংগিনী আপোনাক পূৰ্ণ সহযোগ কৰিব। প্ৰেমাস্পদ আজি আপোনাৰ পৰা কিবা বস্তুৰ দাবী কৰিব পাৰে কিন্তু আপুনি এই দাবী পূৰণ কৰিব নোৱাৰাৰ কাৰণে আপোনাৰ ওপৰত তেখেতে অভিমান কৰিব পাৰে। যি কাম কৰিছে তাৰ চলি থাকোতে আপুনি আজি খ্যাতি লাভ কৰিব। পৰপ্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ পাত্ৰ কৰি তুলিব। জীৱন লগৰীৰ পূৰ্ণ সহযোগ নোপোৱা বাবে আপুনি আজি নিৰাশ হৈ পৰিব পাৰে


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Monday, October 10, 2022)

বহুত কিবাকিবি আপোনাৰ ওপৰত ভৰষা কৰি আছে আৰু নিৰ্ণয় ল'ব বাবে স্পষ্ট চিন্তা ধাৰা আৱশ্যকীয়। আপোনাৰ ধন তেতিয়া হে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব , এই কথা টো ভাল দৰে জানি লওক নহলে আহিব লগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হব পাৰে। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। বিনা কাৰণৰ সন্দেহ সম্বন্ধ বেয়া কৰাত অৰিহনা যোগায়। আপোনাকো আপোনাৰ প্ৰেমাস্পদৰ ওপৰত সন্দেহ কৰিব নালাগে। যদি কিবা কথালৈ আপোনাৰ মনত তেখেতক লৈ সংশয় হৈছে তেন্তে তেখেতৰ লগত বহি এই কথা সমাধান কৰিব চেষ্টা কৰিব। অফিচত লক্ষ্যত উপনীত হোৱাৰ বাবে আপোনাৰ শক্তি পূৰ্ণ দমে লগোৱাৰ বাবে এয়া ভাল সময়। আজি আপুনি অফিচৰ কামখিনি সময়ত শেষ কৰিব চেষ্টা কৰিব লাগে । মনত ৰাখিব যে ঘৰত কোনোবাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। আপুনি নিজৰ বৈবাহিক জীৱন নিৰাশাজনক বুলি অনুভৱ কৰিব পাৰে ,সেয়ে সময় থাকোতেই কিবা নতুনত্ব আনিব চেষ্টা কৰক।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Monday, October 10, 2022)

আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই ,কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশা বোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। চাকৰি কৰি থকা লোক সকলৰ আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে কিন্তু বেহিচাপী স্বভাৱৰ বাবে আজি সিহতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব পাৰে,যদিহে আপুনি বন্ধু-বান্ধৱৰ লগত সন্ধিয়া সময়ত ফুৰিব যাব পাৰে। আপোনাৰ বছ আপোনাৰ কোনো কথাতে পতিয়ন নাযাব সেয়ে যিমান পাৰে আপোনাৰ কাম ভালভাৱে কৰিব যত্ন কৰক। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ’ব পাৰে। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Monday, October 10, 2022)

কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব। সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিবলগা সময়ত সমস্যাৰ সন্মুখীন হব লাগিব। বৰিষ্ঠ জনৰ স্বাস্থ্য চিন্তাৰ কাৰক হৈ উঠিব পাৰে। প্ৰেমৰ কোনো সীমনা নাই, ই সকলো সীমাতকৈ উৰ্ধত; আপুনি এই কথা আগতে শুনিছিল চাগে, কিন্তু আজি সেই দিন যেতিয়া আপুনি বিচাৰিলে এই ভাৱনা সমূহ অনুভৱ কৰিব পাৰে। আইটি ৰ লগত জড়িত লোক সমূহক নিজৰ শৈলী দেখুওৱাৰ সুযোগ লাভ কৰিব পাৰে ,আপুনি সফলতা পাবৰ বাবে কামত একাগ্ৰতাৰে কষ্ট কৰিলে সুফল লাভ কৰিব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব। এক দীঘলীয়া সময়ৰ পৰা চলি অহা মতভেদ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Monday, October 10, 2022)

নিজৰ ব্যক্তিত্ব ক বিকশিত কৰিবৰ বাবে গভীৰ ভাৱে চেষ্টা কৰক। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হব পাৰে আৰু কথা আদালতলৈকে যাব পাৰে। যাৰ ফলত আপোনাৰ ভালেখিনি ধন খৰচ হব পাৰে। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। প্ৰিয়জনক ৰুক্ষভাৱে কথা নক'ব নহ'লে পিছলৈ পৰিতাপ কৰিবলগীয়া হব পাৰে। আপোনাৰ সহকৰ্মী আৰু তলতীয়া কৰ্মচাৰী আজি আপোনাক বহুত চিন্তাজনিত কাৰণ দিব পাৰে। যদি আপুনি ভাৱে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল ,তেন্তে আপুনি ভুল , এইবোৰেই আপোনাক আহিবলগা সময়ত বিপদত পেলাব পাৰে। আপোনাৰ জীৱন সংগীৰ বাবে আপোনাৰ সমাজীয় প্ৰতিষ্ঠাত আঘাত পাব পাৰে।

SeeHere is theComments

Sponsored

close