> ২৩ অক্টোবৰ , দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো - 23 October , Sunday Today's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৩ অক্টোবৰ , দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো - 23 October , Sunday Today's horoscope in Assamese

  ২৩ অক্টোবৰ , দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো - 23 October , Sunday Today's horoscope in Assamese





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Sunday, October 23, 2022)

হতাশা আৰু চিন্তাই আপোনাৰ বেমাৰ বঢ়াব পাৰে ,শান্ত অনুভৱ কৰিবলৈ পৰিয়াল আৰু বন্ধুৰ লগত সময় অতিবাহিত কৰক। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হব। ঘৰৰ পৰিৱেশত অলপ সাল-সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। আপোনাক প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেক মেইল কৰাৰ পৰা বিৰত থাকক। আজি আপুনি নিজকে বেলেগৰ গুৰুত্বৰ কেন্দ্ৰ বিন্দু হিচাপে পাব ,আৰু এই গোটেই খিনি গুৰুত্ব আপুনি পাব আপোনাৰ সহযোগ ৰ পুৰস্কাৰ হিচাপে। আপোনাৰ জীৱন সংগী দৈনন্দিন প্ৰয়োজন বোৰ পূৰণ কৰিব যাওতে পিছ হুঁহকিব পাৰে ,যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব পাৰে। পৰিয়ালৰ লগত যিকোনো শ্বপিং ম'ল ত যোৱাৰ সম্ভাৱনা আছে, অৱশ্যে ইয়াৰ ফলত আপোনাৰ খৰচ হব পাৰে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Sunday, October 23, 2022)

যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুজি আছে তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। গ্ৰহ- নক্ষত্ৰৰ স্থিতি আজি আপোনাৰ বাবে প্ৰতিকূল , আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব লাগিব। পৰিয়ালৰ বাবে কিবা ভাল আৰু উচ্চ লক্ষ্যৰ বস্তু আহৰণ কৰিবৰ বাবে জানি বুজি অলপ বিপদ উঠাব পাৰে। ভুল হোৱা সুযোগ বোৰৰ পৰা ভয় নাখাব। আজি প্ৰেম সম্বন্ধত নিজৰ স্বাধীন বিবেকৰ ব্যৱহাৰ কৰক। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে যাৰ বাবে তেখেত হতাশ হৈ যায়। আজি তেখেতৰ হতাশা স্পৰ্শ ভাৱে প্ৰকাশ পাব। আপুনি এগৰাকী ভাল জীৱন লগৰী পোৱাৰ সকলো সুখ আজি অনুভৱ কৰিব । বহুত মনোযোগেৰে কাম কৰক তাতোকৈ ফূৰ্তিৰে পাৰ্টী কৰক -এইটো চাব গ'লে আধুনিক সময়ৰ সকলোতকৈ প্ৰসিদ্ধ মন্ত্ৰ কিন্তু আৱশ্যকতকৈ অধিক পাৰ্টী কৰাটো শৰীৰৰ পক্ষে ভাল বুলি পৰিগণিত নহ'ব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Sunday, October 23, 2022)

আজি আপোনাৰ কাষত বহুত উৰ্জা অথবা শক্তি থাকিব কিন্তু কামৰ অধিক হেচাঁই অপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। অৱশ্যে আপোনাৰ আৰ্থিক স্থিতিত বহুত শুধৰণি আহিব,কিন্তু পইচাক পানীৰ দৰে অনবৰতে খৰচ কৰি থাকিলে আপোনাৰ গোটেই আৰ্থিক যোজনা সমূহত বাধা আহি পাব পাৰে। আপোনাৰ সন্তানৰ বাবে কিছু বিশেষ যোজনা বনাওক,সুনিশ্চিত কৰক যে আপোনাৰ যোজনা যথাৰ্থ বাদী হয় আৰু সিহঁতক যাতে আপুনি বাস্তৱত ৰূপায়িত কৰিব পাৰে। আহিব লগা সময় এই উপহাৰৰ বাবে আপোনাক সদায় মনত ৰাখিব। প্ৰেমৰ দিশেদি আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব লগতে আনন্দৰে ভৰপূৰ হ'ব। আজিৰ দিনটো আপুনি বহুত ব্যস্ত থাকিব কিন্তু গধূলিৰ সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব। সৰু সৰু কথাক লৈ আপোনাৰ আৰু জীৱন সংগীৰ মাজত চলি থকা বিবাদ আপোনাৰ বৈবাহিক জীৱন অধিক জটিল হৈ পৰিব পাৰে । সেইবাবে অন্যৰ কথা শুনি নিজৰ জীৱন টো দুৰ্বিসহ কৰি নেপেলাব। পৰিয়ালত কোনোবা সদস্যৰ লগত তৰ্কা তৰ্কি চলি থকাৰ বাবে ঘৰত অলপ অৱস্থা বেয়া চলি থাকিব পাৰে কিন্তু যদি আপুনি নিজকে শান্ত ৰাখে আৰু ধৈৰ্য ধৰি থাকে তেন্তে সকলোৰে মন ভালে থাকিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Sunday, October 23, 2022)

আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। ধন আপোনাৰ বাবে আৱশ্যকীয় কিন্ত পইচাৰ মোহত নিজৰ মানুহ বোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। হতাশাৰ এক দীঘল সময় চলি থাকিব ,অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। আপোনাাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পচন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়! গ্ৰহই আজি ধাৰ্মিক কাম -কাজ যেনে মন্দিৰত যোৱা ,দান-বৰঙনি আগ বঢ়োৱা আৰু ধ্যান কৰা আদিৰ দিহা দিব ।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Sunday, October 23, 2022)

বহুত বেছি চিন্তা আৰু হতাশাই আপোনাৰ স্বাস্থ্য বেয়াৰ পিনে ঠেলি দিব পাৰে। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিক কৈ খৰচ হৈ থাকিব ,কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰ সমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব। আপোনাৰ জীৱন-সংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু তেখেতক চিকিৎসকৰ প্ৰয়োজন আছে। আপুনি আজিৰ দিনাখন কেতিয়াও পাহৰি নাযাব ,যদি আপুনি প্ৰেমৰ নৈ খনত আজি ডুবি থাকি সময় নষ্ট নকৰে। আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাত হব। বৰষুণক সদায় প্ৰেমৰ লগত জড়িত বুলি মানি অহা হৈছে আৰু আজি আপুনি নিজৰ লগৰীৰলগত প্ৰেমৰ বৰষুণত তিতি আকৌ এক অজান প্ৰেমৰ অনুভৱ কৰিব। পানীৰ জীৱনত কি মূল্য সেই কথাক বিষয় হিচাপে লৈ আপুনি ঘৰৰ সৰুবোৰক ভাষণ এটা দিব পাৰে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Sunday, October 23, 2022)

স্বাস্থ্য ভালে থাকিব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। আপোনাৰ নিজস্ব জীৱনত বহুত ভাল পৰামৰ্শ আপোনাৰ বন্ধুবৰ্গে আগ-বঢ়াব পাৰে। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু-সৰু উপহাৰ বেলেগক দিয়ক। হতাশাৰে ভৰা দিন হব ,যেতিয়া ঘনিষ্ঠ ব্যক্তি সমূহৰ লগত আপোনাৰ মতভেদ হব পাৰে। আজি দিনটো আপোনাৰ আৰু জীৱন সংগীৰ মাজত আত্মীয়তা পূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। টিভিত চিনেমা চোৱা আৰু নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰা ,ইয়াতকৈ ভাল কাম আৰু কি হব পাৰে ! যদি আপুনি অলপো চেষ্টা কৰে তেন্তে আজিৰ দিনটো বহুত ভাল ভাৱে পাৰ হব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Sunday, October 23, 2022)

আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বটৰা কৰে । কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হব পাৰে। সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিবলগা সময়ত সমস্যাৰ সন্মুখীন হব লাগিব। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত অসহনীয় হব। আপোনাৰ ব্যক্তিত্ব বেলেগতকৈ অলপ বেলেগ সেয়ে আপুনি অকলে সময় অতিবাহিত কৰি ভাল পায়। আজি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব কিন্তু অফিচৰ কথাই আপোনাক চিন্তিত কৰি থাকিব। আজি আপোনাৰ জীৱন সংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় ওলোৱাত অসম্ভৱ হব। আধ্যাত্মিকতাৰ প্ৰতি আজি আপুনি অলপ লীন হ’ব পাৰে আৰু কোনোবা আধ্যাত্মিক গুৰুক লগ কৰিব যাব পাৰে।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Sunday, October 23, 2022)

আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ ধন নাই তেন্তে ঘৰৰ কোনোবা ডাঙৰৰ লগত বহি কেনেকৈ ধন সঞ্চয় কৰিব পাৰি তাৰ উপদেশ লওক। আপোনাৰ পৰিয়ালৰ সদস্যসমূহক নিয়ন্ত্ৰণ কৰা স্বভাৱটো েৰাৰ এয়াই ভাল সময় । জীৱনৰ খোলা-বমাত সিহঁতৰ খোজত খোজ মিলাই সহযোগ কৰক । আপোনাৰ পৰিৱৰ্তিত ব্যৱহাৰ সিহঁতৰ বাবে আনন্দৰ কাৰক হৈ উঠিব। আপোনাৰ সাক্ষাত এনে বন্ধুৰ লগত হব ,যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। ধন, প্ৰেম আৰু পৰিয়াল ৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব। মনৰ কথাসমূহ প্ৰকাশ কৰাটো বহুত জৰুৰী ,ইয়াৰ ফলত প্ৰেমত গভীৰতা বাঢ়ে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Sunday, October 23, 2022)

ভাল লগা কিবা পঢ়ি মগজুৰ ব্যায়াম কৰিব। এই ৰাশিৰ বিবাহিত ব্যক্তি সকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। কোনো চিঠি অথবা ই-মেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব। আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত নহ'ব ,কাৰণ আপোনাৰ এনেকুৱা লাগিব পাৰে যে আজি সকলো বস্তু আপোনাৰ পক্ষত থাকিব আৰু আজি সকলো কামতে আপুনি সফল হোৱাৰ লগতে উচ্চ স্থানত থাকিব । আত্মত্মীয় সমূহক লৈ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি বন্ধু নাইবা ঘনিষ্ঠ সম্বন্ধীয় কাৰোবাৰ লগত নিজৰ মনৰ কথা প্ৰকাশ কৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Sunday, October 23, 2022)

আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই ,কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশা বোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। বন্ধুৰ লগত কিবা কৰাৰ সময়ত নিজৰ হিতৰ কথা মনত ৰাখিব ,হ'ব পাৰে যে তেখেত আপোনাৰ প্ৰয়োজনক অধিক গম্ভীৰতাৰে নলবও পাৰে। সৰু সুৰা কথালৈ ও আপোনাৰ প্ৰিয়জনৰ লগত বাদ-বিবাদ হব পাৰে। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপোনাৰ জীৱন সংগীৰ যিকোনো সৰু মিছা কথাত আপুনি আহত হোৱা অনুভৱ কৰিব । আজি বহুত ধুনীয়া দিন -চিনেমা, পাৰ্টী আৰু বন্ধুৰ লগত ঘুৰা-ফুৰা কৰাৰ সম্ভাৱনা আছে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Sunday, October 23, 2022)

আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। ব্যৱসায়ীসকলৰ আজি ব্যৱসায়ত লোকচান হব পাৰে আৰু ব্যৱসায় ভাল কৰিবৰ বাবে পইচা খৰচ কৰিব লগাত পৰিব পাৰে। যিমান আপুনি ভাৱি আছিল,আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হব। প্ৰিয়জনৰ অনাৱশ্যকীয় প্ৰয়োজন সমূহৰ সন্মূখত মূৰ নত নকৰিব। এই ৰাশিৰ জাতক সকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবি বোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। আপোনাৰ জীৱন সংগীৰ এলেহুৱা প্ৰকৃতিয়ে আপোনাৰ বহুত কামত সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিজৰ নিকটতম লোকক নজনোৱাকৈ এনেকুৱা ঠাইত বিনিয়োগ নকৰিব যাৰ বিষয়ে আপুনি নিজেও নাজানে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Sunday, October 23, 2022)

আপোনাৰ স্বাস্থ্যক অৱহেলা নকৰিব আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হব। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব । ইয়াৰ ফলত আপোনাৰ জীৱন সংগী বিৰক্ত হৈ পৰিব কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিব সময় নাই। ৰোমাঞ্চৰ পিনেদি চাব গলে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন। জীৱনৰ আনন্দ নিজৰ লোকসকলক লগত লৈ চলাতহে হয়। এই কথা আজি আপুনি স্পষ্টভাৱে বুজি পাব।

SeeHere is theComments

Sponsored

close