> ২৪ অক্টোবৰ , সোমবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 24 October , Monday Tomorrow's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৪ অক্টোবৰ , সোমবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 24 October , Monday Tomorrow's horoscope in Assamese

 ২৪ অক্টোবৰ , সোমবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 24 October , Monday Tomorrow's horoscope in Assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Monday, October 24, 2022)

সুখী জীৱনৰ বাবে আপোনাৰ জেদী আৰু বেপৰোৱা স্বভাৱক বৰ্জন কৰক,কাৰণ ইয়াৰ ফলত অকল সময় বৰ্বাদ হয়। জীৱন সংগীৰ লগত পইচাৰ বিষয়লৈ তৰ্ক বিতৰ্ক হব পাৰে । আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ ভাইৰ সহায় লওক। বিবাদক অধিক বঢ়োৱাৰ বিপৰীতে তাক বন্ধুত্ত্ব সূলভ পদ্ধতিৰে ভাল কৰাৰ চেষ্টা কৰক। আজি হঠাৎ কাৰোবাৰ লগত ৰোমাণ্টিক সাক্ষাৎকাৰ হব পাৰে। আপুনি ভাৱি থকাতকৈ আপোনাৰ জীৱনত এনেকুৱা বহুত ঘটনা ঘটিছে যিবোৰ আপুনি কল্পনাও কৰা নাছিল। আহিবলগা দিন বোৰত আপোনাৰ হাতত বহুত এনে ভাল সুযোগ আহিব। এই ৰাশিৰ লোকসকল আজি মদ আৰু চিগাৰেটৰ পৰা দুৰ থাকিব নহ’লে আপোনাৰ সময় নষ্ট হ’ব। বহুুত দীঘলীয়া সময়ৰ অন্তত আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত বহুত সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব।



বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Monday, October 24, 2022)

শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহতেঁ আজি পইচাৰ মূল্য বুজি পাব যেতিয়া সিহতঁক পইচাৰ আৱশ্যকতা হব কিন্তু সিহতঁৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। সন্তানক আপোনাৰ উদাৰ ভাৱৰ অনাহকত লাভ উঠাব নিদিব। আপুনি আজি প্ৰেমৰ মনোদশাত থাকিব আপুনি আজি বহুত সুযোগো লাভ কৰিব। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক।যদি আপোনাৰ ওচৰত অৱসৰ সময় আছে তেন্তে কলাত্মক কাম কৰাৰ চেষ্টা কৰক। সময় বৰ্বাদ কৰা ভাল কথা নহয়। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী।



মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Monday, October 24, 2022)

মাদক দ্ৰব্য সেৱনৰ পৰা অৱসৰ লোৱাৰ এইটোয়ে ভাল দিন ।আপুনি বুজিব লাগে যে মাদক দ্ৰৱ্য সেৱন শৰীৰৰ বাবে ক্ষতিকাৰক আৰু ইয়ে আপোনাৰ ক্ষমতা আৰু দক্ষতাৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। যদি আপুুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হব। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আৰু অলপ চেষ্টা কৰক ,আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব কাৰণ আজি আপোনাৰ দিন। সংযম আৰু সাহসৰ হাত ধৰি থাকক ,বিশেষকৈ যেতিয়া আপুনি অন্যৰ বিৰোধ কৰে ,যিটো কাম-কাজৰ সময়ত সম্ভাৱনা আছে। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে।এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হব। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হব ।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Monday, October 24, 2022)

আপোনাৰ উৰ্জা বহুত থাকিলেও আজি আপুনি এনেও কাৰোবাক মনত কৰিব যি এই মূহুৰ্তত আপোনাৰ লগত নাই। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। আপোনাৰ সন্তান আজি এক ৰোমাঞ্চকৰ খবৰ আনিব পাৰে। ৰোমাাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে তেন্তে আপুনি বহুত ভুল ভাৱি আছে। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰ আপ্নাক বহুত লাভ দিব পাৰে। জীৱন সংগীৰ লগত অলপ হাঁহি -খিকিন্দালি ,অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘুৰাই অনাত সক্ষম হব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Monday, October 24, 2022)

খোৱা-লোৱাৰ এনেকুৱা বস্তুৰ পৰা বাচি থাকিবৰ পৰা চেষ্টা কৰক,যিবোৰত কলেষ্ট্ৰলৰ মাত্ৰা অধিক থাকে । যদি ও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব কিন্ত আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। হতাশাৰ এক দীঘল সময় চলি থাকিব ,অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ'লে জীৱনটোক উদযাপন কৰি সময় বোৰ অতিবাহিত কৰক। যদি আপোনাৰ লগৰীয়া আপোনাক প্ৰতিশ্ৰুতি দি বেয়া অনুভৱ কৰি আছে তেন্তে বহি মেলি আপোনালোকে এই কথাৰ মীমাংসা কৰাৰ প্ৰয়োজন আছে। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়!


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Monday, October 24, 2022)

আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। আপুনি আকৰ্ষণীয় তথা সৃজনাত্মক কাম কৰাৰ বাবে আজি ঘৰৰ পৰিৱেশ সুখেৰে ভৰা হব। বন্ধন্ধুৰ লগত সাৱধানে কথা পাতক ,কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্বত ফাটঁ মেলিব পাৰে। বহুত ভাল দিন ,কাৰণ আপুনি নিজৰ লক্ষ্যত উপনীত হবলৈ বহুত ভাল সুযোগ লাভ কৰিব ,আইটি ৰ লগত জড়িত লোক সকলৰ বাবে বিদেশৰ পৰা আমন্ত্ৰণ আহিব পাৰে। পৰিয়ালৰ প্ৰয়োজন পুৰ কৰোতে-কৰোতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে। কিন্তু আজি আপুনিসকলোৰ পৰা দুৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। আপোনাৰ জীৱন সংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে । কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Monday, October 24, 2022)

আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। গোটেই দিনটো আপুনি যদিও অৰ্থ সংকটত ভূগিছে কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। সন্ধিয়াৰ সময়ত অলপ হাঁহিৰে ভৰা সময় নিজৰ সন্তানৰ লগত অতিবাহিত কৰক। মনত ৰাখিব মানুহৰ চকুয়ে কেতিয়াও মিছা কথা নকয়।আজি আপোনাৰ প্ৰিয়জনৰ চকু আপোনাক সচাকৈয়ে এক বিশেষ কথা কৈ যাব। যদি আপুনি সঠিক ব্যক্তিক নিজৰ ক্ষমতা আৰু প্ৰতিভা দেখুৱাই তেন্তে সোনকালে সকলোৰে সন্মুখত আপোনাৰ এক অধিক ভাল পৰিচয় গঢ় লৈ উঠিব। জীৱনসংগীৰ লগত সময় কটাই থকা অৱস্থাত আপোনালোকৰ পুৰণা কথালৈ আকৌ দুয়োজনৰ মাজত কাজিয়া হব পাৰে। বৈবাহিক জীৱনত বহুত ভাল বেয়া সময়ৰ পিছত আজিয়ে সেইটো দিন যিদিনা আপুনি এজনে আনজনৰ প্ৰতি থকা মৰম আৰু ভাল পোৱা সমূহ উপলব্ধি কৰিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Monday, October 24, 2022)

আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হব পাৰে। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক ,কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। এই ৰাশিৰ মানুহ যিবিলাল ৰচনাত্মক কাৰ্য্যৰ লগত জড়িত সিহতঁ আজি সমস্যাৰ সন্মুখীন হব পাৰে । সিহতঁৰ এনেকুৱা অনুভৱ হব পাৰে যে সিহতঁ ইয়াতকৈ ভাল চাকৰি পাব পাৰিলহেতেঁন।  কিবা নতুন কামৰ আভাস পাব হ’লে আপুনি সেইবিষয়ে অনুভৱী লোকৰ লগত কথা পাতি ল’ব লাগে। যদি আপোনাৰ ওচৰত আজি সময় আছে তেন্তে সেই ক্ষেত্ৰৰ অনুভৱী লোকৰ লগত মিলি কাম আৰম্ভ কৰি দিব লাগে। জীৱন লগৰীৰ লগত ভাল ধৰণৰ কথা বতৰা হব ,আপুনি অনুভৱ কৰিব যে আপোনালোক দুজনৰ মাজত কিমান মৰম আৰু ভাল পোৱা আছে!


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Monday, October 24, 2022)

আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। মা অথবা দেউতাৰ শাস্থ্যৰ ওপৰত আজি বহুত খৰচ হব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে কিন্ত আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হব। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। অফিচত নিজৰ ভুল স্বীকাৰ কৰিলে পক্ষ আপোনাৰ পিনে যাব,কিন্তু অপুনি ইয়াক শুদ্ধ কৰাৰ বাবে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে ,আপোনাৰ বাবে যাৰ ক্ষতি অথবা লোকচান হৈছে তেখেতৰ পৰা ক্ষমা বিচাৰক , আৰু মনত ৰাখিব যে যিকোনো ব্যক্তিয়ে ভুল কৰিব পাৰে ,কিন্তু অকল মুৰ্খই হে সেই ভুল আকৌ কৰিব পাৰে। আপুনি এই কথা সদায় মনত ৰখা উচিত যে ভগৱান অথবা আল্লাহ তাৰেই সহায় কৰে যি নিজৰ সহায় নিজে কৰিব জানে। আপোনাৰ জীৱন সংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Monday, October 24, 2022)

অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হব ,এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। আপোনাৰ সহোদৰ আজি আপোনাৰ পৰা পইচাৰ ধাৰলৈ বিচাৰিব পাৰে , আপুনি সিহতক পইচাতো ধাৰত দি দিব কিন্তু ইয়াৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। এনেকুৱা কামত সহযোগ কৰাৰ এএইটোয়ে ভাল সময় যত যুৱক আৰু যুৱতী সকল জড়িত থাকিব। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেক নিকৰ সহায় লওক ,আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে,যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Monday, October 24, 2022)

অসুৰক্ষা আৰু অসুবিধা ৰ বাবে আপুনি ভাল অনুভৱ কৰিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। সেইসকল লোকৰ লগত কিছু সময় অতিবাহিত কৰক ,যি আপোনাক ভাল পায় আৰু আপোনাৰ যতন লয় আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খংত থাকিব ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হব পাৰে। যদি তেখেত খংত থাকে তেখেতক শান্ত কৰিব চেষ্টা কৰিব। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হব, মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি লব। এই ৰাশিৰ জাতকসকল খালী সময়খিনিত সমস্যা এটাৰ সমাধান উলিয়াব চেষ্টা কৰিব। বেলেগ বেলেগ মতামত হোৱা বাবে আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত বাদ-বিবাদ হব পাৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Monday, October 24, 2022)

মনত জমা হৈ থকা সমস্যা অথবা অসুবিধা সমূহ প্ৰকাশ নকৰিলে মানসিক ভাৱে হতাশ হৈ যাব পাৰে। কিছুমান নিশ্চিত গুৰুত্বপুৰ্ণ কাম আপোনাৰ অভাৱীয় আৰ্থিক পৰিস্থিতিৰ বাবে মাজতে ৰৈ যাব পাৰে। নতুন পাৰিবাৰিক ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আজি এটা শূভ দিন ,ইয়াক সফল কৰিবৰ বাবে বেল্লেগ সদস্যৰ সহায় লওক। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। যি সকল ব্যক্তি আপোনাৰ সফলতাৰ আগত আহি আছিল সিহঁত আজি আপোনাৰ সন্মুখতে তললৈ যাব পাৰে। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। আপোনাৰ জীৱন সংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব ।

SeeHere is theComments

Sponsored

close