> ১৭ নৱেম্বৰ, বৃহস্পতিবাৰ- কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 17 November, Thursday- Tomorrow's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১৭ নৱেম্বৰ, বৃহস্পতিবাৰ- কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 17 November, Thursday- Tomorrow's horoscope in Assamese

 ১৭ নৱেম্বৰ, বৃহস্পতিবাৰ- কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 17 November, Thursday- Tomorrow's  horoscope in Assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Thursday, November 17, 2022)

সুস্থ শৰীৰৰ বাবে বহুত দূৰলৈ খোজ কাঢ়ি ফুৰক। সন্দিগ্ধ আৰ্থিক লেন দেনত ফচাৰ পৰা সাৱধানে থাকক। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমাস্পদৰ বেয়া লাগিব পাৰে আৰু তেখেত আপোনাৰ ওপৰত খং কৰিব পাৰে। ব্যৱসাায়ত যিকোনো চল-চাতুৰীৰ পৰা বাচি থাকিবলৈ হলে আপুনি চকু -কাণ খুলি ৰাখক অৰ্থাত সাৱধানে থাকক। হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভতি লাভ কৰিব। ৰোমাণ্টিক গান , সুগন্ধি মমবাতি , ভাল খোৱা বস্তু আৰু পানীয় আজি এইবোৰেই অপোনাৰ জীৱন লগৰীৰ লগত কটওৱা সময়ত ৰহন সানিব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Thursday, November 17, 2022)

জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষা সমূহক নিয়ন্ত্ৰণ কৰক আৰু যোগৰ সহায় লৈ আধ্যাত্মিক,মানসিক অৰু শাৰীৰিক ভাৱে আপোনাক মন আৰু মগজুক অধিক শক্তিশালী কৰক। আজি আপোনাাৰ বাবে আন এটা উৰ্জা শক্তি ৰে ভৰপুৰ দিন হব আৰু আপোনাৰ আজি হঠাৎ বহুত লাভ প্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। প্ৰিয়জনক ৰুক্ষভাৱে কথা নক'ব নহ'লে পিছলৈ পৰিতাপ কৰিবলগীয়া হব পাৰে। যদি কিবা সমস্যা আহি পৰে তাক নেদেখা নকৰিব , আনকি সোনকালে সেই সমস্যা সমাধান কৰাৰ চেষ্টা কৰক। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা অচিনাকিৰ অশান্তিৰ কাৰণ হব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Thursday, November 17, 2022)

আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। নিজৰ উচ্চকাংক্ষা সমূহ মা-দেউতাক কোৱাৰ এয়াই সঠিক সময়,তেখেত আপোনাক সহযোগ কৰিব,আপুনি নিজৰ সমস্ত ধ্যান একত কেন্দ্ৰীভূত কৰি কঠোৰ ভাৱে কাম কৰক। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। অফিচত আপুনি স্থিতি বুজিয়ে বেলেগক ব্যৱহাৰ কৰা উচিত।যদি আপোনাৰ বক্তব্য ৰখা জৰুৰী নহয় তেন্তে চুপ থাকক, যিকোনো কথা জোৰ-জুলুমকৈ কৈ আপুনি নিজৰ চিন্তা মাতি নানিব। আজি জানি বুজি পদক্ষেপ লোৱা উচিত , য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। আপোনাৰ কাৰণে এয়া এক ধুনীয়া ৰোমাণ্টিক দিন ,কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হব পাৰে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Thursday, November 17, 2022)

ধাৰ্মিক ভাৱনা বোৰৰ কাৰণে আপুনি যিকোনো তীৰ্থস্থান লৈ যাত্ৰা কৰিব পাৰে আৰু কোনোবা সাধুৰ পৰা দৈৱিক জ্ঞান লাভ কৰিব। আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টীত আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিকপক্ষ শক্তিশালী থাকিব। সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হব পাৰে। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। আপোনাৰ অংশীদাৰ আপোনাৰ নতুন যোজনা সমূহ আৰু চিন্তা তথা বিচাৰ সমূহক সমৰ্থন কৰিব। ব্যস্ত দিনযোৰাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে তেন্তে এই সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক। আপোনাৰ জীৱন সংগী আপোনাক আজি প্ৰেমৰ অনুভুতি প্ৰদান কৰিব চেষ্টা কৰিব ,তেখেতৰ সহায় কৰক।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Thursday, November 17, 2022)

আজি শান্ত আৰু সমস্যাৰ পৰা আতঁৰি থাকক। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে -কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব মানে খৰচ হব নিদিব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। অলপ ভালকৈ তথা সাৱধানেৰে ,কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব যেনে মই তোমাক এৰি এই পৃথিৱীখনত আন কাৰোৱেই লগত থাকিব নোৱাৰিম। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই যেনেকৈ দিন আগ বাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ জীৱন সংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Thursday, November 17, 2022)

আপোনাৰ মুড সলনি কৰিবৰ বাবে সামাজিক মিলা প্ৰীতিৰ সহায় লওক। দিনৰ দ্বিতীয় প্ৰহৰত আপোনাৰ আৰ্থিক লাভ হব পাৰে । পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্ব আপোনাৰ বৃদ্ধি পাব ,যি আপোনাক মানসিক ভাৱে হতাশ কৰি তুলিব পাৰে। ৰোমাণ্টিক মনোভাৱ সমূহত হঠাতে পৰিৱৰ্তন আহিব পাৰে। তেেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব ,যেতিয়ালৈকে আপুনি নিজে এই বিষয়ে জানে যে আপুনি যিকোনো উপায়ে সেই কাম সম্পূৰ্ণ কৰিব। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱন সংগীক আজি নিৰাশ কৰিব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Thursday, November 17, 2022)

আধ্যাত্মিকতাৰ সহায়তা লোৱাৰ এইটো সঠিক সময় ,কাৰণ মানসিক অশান্তি দূৰ কৰিবৰ বাবে এইটো সকলোতকৈ ভাল বিকল্প হয় ,ধ্যান আৰু যোগ আপোনাৰ মানসিক শক্তি বঢ়োৱাত বহুত বেছি সহায় কৰিব। সন্তানৰ বাবে অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। আপুোনাৰ পৰিয়ালৰ সদস্যৰ ভাৱনাত আঘাত কৰাৰ পৰা বাচিবৰ বাবে নিজৰ খঙ নামক ইন্দ্ৰীয়ক নিয়ন্ত্ৰণ কৰক। বন্ধন্ধুৰ লগত সাৱধানে কথা পাতক ,কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্বত ফাটঁ মেলিব পাৰে। সতেজ অনুভৱ কৰিবৰ বাবে আৰু মনোৰঞ্জনৰ বাবে আজি এক বঢ়িয়া দিন ,কিন্তু যদি আপুনি আজি কাম কৰি আছে তেন্তে ব্যৱসায়িক লেন্ন-দেন সাৱধানেৰে কৰক। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব । আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। আজি আপোনাৰ জীৱন সংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰেই অসংবেদনশীল হব পাৰে।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Thursday, November 17, 2022)

আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। ধন আপোনাৰ বাবে আৱশ্যকীয় কিন্ত পইচাৰ মোহত নিজৰ মানুহ বোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। যদি আপুনি নিজৰ আকৰ্ষিত প্ৰকৃতি আৰু বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰে তেন্তে বেলেগ মানুহৰ পৰাও আপুনি মনে বিচৰা ব্যৱহাৰ লাভ কৰিব পাৰে। আজি আপোনাক আপোনাৰ প্ৰিয়জনৰ স্মৃতিয়ে আমনি কৰিব। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব। হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভতি লাভ কৰিব। আপোনাৰ জীৱন সংগীৰ ফালৰ পৰা লাভ কৰা কোনো বিশেষ উপহাৰে আপোনাৰ দুখিত মনক উৎসাহ যোগোৱাত বহুত সহায় কৰিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Thursday, November 17, 2022)

সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হব পাৰে। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক ,কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হব আপুনি শান্ত হৈ থাকক । মনত ৰাখিব সংবেদশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। সিহতক অনুভৱ কৰিব দিয়ক যে আপুনি সচাকৈয়ে সকলোৰে কথা চিন্তা কৰে। চোছিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পষ্ট দেখিব ,এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। কাম আৰু ঘৰৰ চাপ আপোনাক খঙাল কৰিব পাৰে। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক ,এনেকৈ শুনিলে আপুনি আজি নিশ্চিত ভাৱে লাভ্ৰ মুখ দেখিবলৈ পাব। জীৱন লগৰীৰ লগত আত্মিকতা আজি আপোনাক সুখী কৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Thursday, November 17, 2022)

কোনোবাই আপোনাৰ মন আজি বেয়া কৰিব পাৰে,কিন্তু এনেকুৱা বস্তুৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰক ।ব্যৰ্থ চিন্তা আৰু অসুবিধা সমূহ শৰীৰত নঞাৰ্থক প্ৰভাৱ পেলাব পাৰে আৰু চেহেৰাৰ লগত জড়িত সমস্যা হব পাৰে। আজি আপোনাৰ মা দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে অৱশ্যে আপুনি এই কথাটো বহুত মনযোগ দি শুনাটো দৰকাৰ নহলে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হব পাৰে। আপোনাৰ জীৱন সংগীৰ লগত প্ৰেম,নিজস্বতা আৰু মৰম অনুভৱ কৰক। আজিি আপুনি কৰোবাত ফুৰিব যাব পাৰে ,ফুৰি আহিলে আপুনি সতেজতা অনুভৱ কৰিব। আত্মীয় উন্নতি আৰু সমৃদ্ধিৰ বাবে নতুন যোজনা আপোনাৰ ওচৰত আনিব। আজি আনে আপোনাৰ বিষয়ে কি ভাৱে সেইবিষয়ে আপুনি গুৰুত্ব নিদিয়ে ।আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্ত ভৱে সময় কটাব বিচাৰিব। আজি দিনটো আপোনাৰ আৰু জীৱন সংগীৰ মাজত আত্মীয়তা পূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Thursday, November 17, 2022)

বহুত বেছি চিন্তা আৰু হতাশাই আপোনাৰ স্বাস্থ্য অধিক বেয়া কৰি তুলিব। মানসিক স্পষ্টতা বাহাল ৰাখিবৰ বাবে শংকা আৰু হতাশাৰ পৰা পৰিত্ৰাণ পাওক। আপোনাৰ সহোদৰ আজি আপোনাৰ পৰা পইচাৰ ধাৰলৈ বিচাৰিব পাৰে , আপুনি সিহতক পইচাতো ধাৰত দি দিব কিন্তু ইয়াৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হব। আজি কোনোবা এনেকুৱা ব্ব্যক্তিৰ লগত সাক্ষাত হোৱাৰ সম্ভাৱনা আছে ,জন আপোনাক গভীৰ ভাৱে প্ৰভাৱিত কৰিব। যদি আপুনি নিজৰ চিন্তা ধাৰা ওচৰে পাজৰে থকা লোক সকলক জনাই যিবোৰ ব্যক্তিয়ে গুৰুত্বপূৰ্ণ নিৰ্ণয় লয় তেন্তে আপোনাৰ লাভ হব ,লগতে আপোনাৰ কামৰ প্ৰতি সমৰ্পণ আৰু একাগ্ৰতা ৰ বাবে প্ৰশংসা প্ৰাপ্ত কৰা সম্ভাৱনা আছে। আজি আপোনাৰ ঘনিষ্ঠ লোক সকল আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু নিজৰ মনটো শান্ত কৰি ৰাখিব বাবে আপুনি অকলে সময় অতিবাহিত কৰিব বিচাৰিব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোতঁত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিন সমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভ বোৰ আকৌ ৰোমন্থন কৰিব পাৰিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Thursday, November 17, 2022)

আজি আপোনাৰ কাষত বহুত উৰ্জা অথবা শক্তি থাকিব কিন্তু কামৰ অধিক হেচাঁই অপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। আজি আপোনাৰ ভণ্টী বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। পাৰিবাৰিক সমস্যা সমূহক প্ৰাধান্য তথা প্ৰাথমিকতা দিয়ক।এই বিষয়ে কোনো কথা বতৰা পাতক, কাৰণ এবাৰ যদি এই বিষয়ে সমাধান উলিয়াই তেন্তে আপোনাৰ জীৱন বহুত সহজ হৈ পৰিঅব আৰু পৰিয়ালৰ লোক সমূহক প্ৰভাৱিত কৰিবলৈ অপুনি একো কঠিনতা লাভ নকৰিব। প্ৰেমৰ দৃষ্টিকোণ দি চাব গলে আজি এক ভাল দিন। আপোনাৰ জীৱন সংগী বহুত সহযোগী আৰু সহায়কাৰী হব। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব, এই সময়খিনিত আপুনি বিনাকথাৰ তৰ্ক নকৰিব। এই দিনটো আপোনাৰ কাৰণে বসন্তৰ দৰে হব-প্ৰেম আৰু সুখেৰে ভৰা ,য'ত আপুনি আৰু আপোনাৰ জীৱন লগৰী চিৰ জীৱন একেলগে থাকিব।

SeeHere is theComments

Sponsored

close