> ১৯ নৱেম্বৰ, শনিবাৰ- আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো - 19 November, Saturday- Today's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১৯ নৱেম্বৰ, শনিবাৰ- আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো - 19 November, Saturday- Today's horoscope in Assamese

  ১৯ নৱেম্বৰ, শনিবাৰ- আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো - 19 November, Saturday- Today's  horoscope in Assamese





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Saturday, November 19, 2022)

দাতৰ বিষ অথবা পেটৰ অসুখে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, সোনকালে আৰাম পাবলৈ ভাল চিকিৎসকক অৱগত কৰাওক আৰু উপদেশ মতে চলক। আজি আপোনাৰ জীৱন সংগীৰ লগত অৰ্থ সম্বন্ধীও বিষয়ক লৈ কাজিয়া হব পাৰে অৱশ্যে আপোনাৰ শান্ত স্বভাৱে সকলো ঠিক কৰাত আপোনাক বিশেষ সহায় কৰিব। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে।এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হব। জীৱন সংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হব পাৰে। অন্যক সেৱা কৰা কাৰ্য আৰু সামাজিক কাৰণত নিজকে কামত আনিলে আপোনাৰ মানসিক শান্তি অটুট থাকিব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Saturday, November 19, 2022)

ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি নাথাকিব আৰু নিজৰ স্বাস্থ্য ভাল কৰিব চেষ্টা কৰিব কাৰণ ভাগ্য নিজে বহুত এলেহুৱা হয়। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে অৱশ্যে ইয়াৰ লগতে আপুনি দান পূন্য ও কৰিব লাগিব কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হব। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে , লাগে ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোই কৰিব লাগে। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বটৰা কৰিব পাৰি। এই ৰাশিৰ জাতক সকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবি বোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। আপুনি অলপ সময় নিজৰ পচন্দৰ কামবোৰ কৰাত সময় দিয়ক যেনে গান শুনা ,নাচা আৰু বাগিচাৰ কাম কৰা ,ইত্যাদি কৰিলে আপোনাৰ সন্তুষ্টতা অনুভৱ হব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Saturday, November 19, 2022)

আপোনাৰ ইচ্ছা আৰু উচ্চাকাংক্ষা সমূহত ভয়ৰ ছায়া পৰিব পাৰে । ইয়াৰ সন্মূখীন হবলৈ হলে আপুনি কাৰোবাৰ উপদেশ লওক। আজি আপোনাৰ অফিচৰ সহকৰ্মী কোনোবা এজনে আপোনাৰ মূল্যৱান বস্তু চুৰি কৰিব পাৰে সেইবাবে আজি আপুনি নিজৰ বস্তুৰ প্ৰতি অলপ বেছি ধ্যান দিব। নতুন বস্তু সমূহত ধ্যান মনোযোগ দিয়ক আৰু আপোনাৰ সকলোতকৈ ভাল বন্ধুৰ সহায় লওক। আজি আপোনাৰ ধুনীয়া কাম বোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈয়ে ফুলিব। আজি আনে আপোনাৰ বিষয়ে কি ভাৱে সেইবিষয়ে আপুনি গুৰুত্ব নিদিয়ে ।আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্ত ভৱে সময় কটাব বিচাৰিব। আজিৰ দিনটোয়ে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমাণ্টিক ভাৱনা সমূহ সম্পূৰ্ণ ৰূপে দেখুৱাব । পৰিয়ালৰ লগত যিকোনো শ্বপিং ম'ল ত যোৱাৰ সম্ভাৱনা আছে, অৱশ্যে ইয়াৰ ফলত আপোনাৰ খৰচ হব পাৰে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Saturday, November 19, 2022)

মনৰ শান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধু বৰ্গৰ লগত অতিবাহিত কৰক। যিসকল লোকে লোন লৈছিল আজিৰ তাৰিখত সিহঁতে সেই অৰ্থ ঘুৰাব নোৱাৰি বিপদত পৰিব পাৰে। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। প্ৰপ্ৰেমৰ ফালেদি চাব গলে আজি এক ৰোমাঞ্চকৰ দিন ।সন্ধিয়াৰ সময়ত এক বিশেষ যোজনা বনাওক আৰু যিমান পাৰে সেই সময়খিনিক সিমান মায়াময় কৰাৰ চেষ্টা কৰক। আজি গোটেই দিন খালী বহি থাকিব পাৰে আৰু টিভি নাইবা চিনেমা চাব পাৰে। আজি আপুনি আকৌ এবাৰ সময়ৰ সোতঁত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিন সমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভ বোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। আজি আপুনি অফিচৰ কামবোৰ ইমান সোনকালে শেষ কৰিব যে আপোনাৰ সহকৰ্মী সকল আপোনাক দেখি থাকোঁতেই যাব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Saturday, November 19, 2022)

বহুতদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যা সমূহৰ পৰা স্থায়ী ভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱন-শৈলীত সাল-সলনি অনাৰ প্ৰয়োজন আছে। যদি আপুনি ছাত্ৰ হয় আৰু বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিছে তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাৰ ভাগ্য বিষম কৰিব পাৰে। সকলোকে আপোনাৰ আয়োজিত পাৰ্টীত নিমন্ত্ৰণ দিয়ক ,কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে ,যি আপোনাক পাৰ্টী অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। আপুনি কাৰোবাৰ লগত কৰোবাত ঘুৰিব -ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত, এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। আপোনাৰ জীৱন সংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে। আজি আপুনি সৰু ল’ৰা-ছোৱালীৰ লগত সৰু হৈ যাব ফলস্বৰূপে সৰুবোৰ গোটেই দিন আপোনাৰ লগত লাগি থাকিব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Saturday, November 19, 2022)

প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিক ভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। দিনৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক লোকচান হব পাৰে যাৰ ফলত গোটেই দিন বেয়া যাব পাৰে। আপোনাৰ জীৱন-সংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু তেখেতক চিকিৎসকৰ প্ৰয়োজন আছে। আজি ৰোমাঞ্চৰ বাবে ভাল বতৰ নহয় কাৰণ আপোনাৰ প্ৰিয়জনৰ আজি অলপ অধিক আশাবাদী হোৱাৰ আশংকা আছে। যিকোনো পৰিস্থিতিত আপুনি সময়ত ধ্যান দিব লাগে ,যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে তেন্তে আপোনাৰ লোকচান হ’ব। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে কিন্তু আপোনালোক দুজনে সকলো পৰিস্থিতি চম্ভালি লব পাৰিব। দিন ভাল আছে আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ কথাত খিল্খিলাই হাহিব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Saturday, November 19, 2022)

আজি আপুুনি বহুত ভাবুক হৈ পৰিব সেইবাবে এনেকুৱা পৰিস্থিতিৰ পৰা আতৰি ফুৰক যাৰ ফলত আপুনি দুখ পাব পাৰে। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। সন্তানক সিহঁতৰ লগত জড়িত বিষয় বোৰত সহায় কৰাটো আৱশ্যকীয়। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন আপোনাক কিমান ভাল পায়! আজি যিমান পাৰে লোকৰ পৰা দুৰত থাকক। বেলেগক সময় দিয়াতকৈ নিজক সময় দিওঁক। সৰু সৰু কথাক লৈ আপোনাৰ আৰু জীৱন সংগীৰ মাজত চলি থকা বিবাদ আপোনাৰ বৈবাহিক জীৱন অধিক জটিল হৈ পৰিব পাৰে । সেইবাবে অন্যৰ কথা শুনি নিজৰ জীৱন টো দুৰ্বিসহ কৰি নেপেলাব। ইণ্টাৰনেট চাৰ্ফিং কৰাটো আপোনাক ভাল জ্ঞানৰ লগতে কিছুমান বিষয়ৰ সম্যক জ্ঞান দিয়াত অৰিহণা যোগাব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Saturday, November 19, 2022)

কাজিয়াখোৰ স্বভাৱক নিয়ন্ত্ৰণত ৰাখক,নহলে সম্বন্ধত কেতিয়াও শেষ নোহোৱা টেঙা ভাৱ এটা আহি যাব ,ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ চিন্তা ধাৰা সমূহ মুক্ত কৰক আৰু চলিত চিন্তা ধাৰা সমূহ বাদ দিয়ক। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে সিহতঁ আজি যাতে নিজৰ অৰ্থ বিশেষ ভাৱে সুৰক্ষিত ৰখে যেন, চুৰি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ যোজনা বনাবৰ বাবে আজি বহুত ভাল দিন। আপোনাৰ প্ৰেমাস্পদ আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত বেছি গুৰুত্ত্ব দিব ফলস্বৰূপে আপুনি অলপ বিৰক্ত হব পাৰে। যিসকল লোক কামত ব্যস্ত আছিল সিহতঁ আজি নিজলৈ সময় পাব পাৰে কিন্তু ঘৰত কাম এটা আহি যোৱা বাবে আপুনি আকৌ ব্যস্ত হৈ পৰিব পাৰে। আপুনি এগৰাকী ভাল জীৱন লগৰী পোৱাৰ সকলো সুখ আজি অনুভৱ কৰিব । আপোনাৰ ভাল শাস্থ্যই আজি আপোনাৰ ঘৰৰ মানুহক বৰ সুখী কৰিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Saturday, November 19, 2022)

অসীমিত পৰিমাণৰ উৰ্জা আৰু উৎসাহ আপোনাক আৱৰি ধৰিব আৰু আপোনাৰ সন্মুখত অহা বহুত সুযোগৰ আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব , যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। পাৰিবাৰিক তথা সাংসাৰিক দায়িত্বৰ বোজা বাঢ়িব ,যি আপোনাক অশান্তি দিব পাৰে। ৰোমাণ্টিক সাক্ষাৎকাৰ আপোনাক অধিক সুখ প্ৰদান কৰিব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী। জীৱনটো লাহে লাহে গতিময় হৈ আছে সেইকথা আজি আপুনি আনুভৱ কৰিব পাৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Saturday, November 19, 2022)

কোনো বন্ধু আপোনাৰ সহনশীলতা আৰু খোলা মনৰ পৰীক্ষা ল'ব পাৰে।আপুনি নিজৰ আদৰ্শ জলাঞ্জলী দিব নালাগে আৰু জীৱনৰ প্ৰত্যেক নিৰ্ণয় যুক্তি সহকাৰে লওক। যিসকল লোকে বাচ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল ,আজি সিহতঁৰ পইচাৰ বহুত আৱশ্যকতা আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। আপোনালোকৰ মাজৰ কিছুমান লোকে আজি দীঘলীয়া যাত্ৰা কৰিব লগা হব পাৰে , যি বহুত ভাগৰ লগাই দিব পাৰে কিন্তু লগতে আপোনাৰ বাবে বহুত লাভদায়ক বুলিও প্ৰমাণিত হব। আপোনাৰ বৈবাহিক জীৱন আপোনাৰ পৰিয়ালত চলি থকা নঞাৰ্থক ভাৱ ভংগীৰ বাবে বেয়াকৈ প্ৰ্ভাৱিত হব পাৰে ,কিন্তু আপোনালোক দুয়োজনে পৰিস্থিতি চম্ভালি লব। বাদ্যযন্ত্ৰ বজাব জানে যদি আজি আপোনাৰ দিন সংগীতময় ভাৱে অতিবাহিত হব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Saturday, November 19, 2022)

নিজে নিজৰ চিকিৎসা নকৰিব,কাৰণ ঔষধৰ ওপৰত আপোনাৰ নিৰ্ভৰশীলতা বৃদ্ধি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। আজি পাৰ্টীত কোনোবা এনে ব্যক্তিৰ লগত আপোনাৰ চিনাকী হব যিয়ে আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ কিছুমান বহুমূলীয়া উপদেশ আপোনাক দিব। পৰিয়ালত এক নতুন সদস্যৰ অহাৰ খবৰে আপোনাক নথৈ আনন্দিত কৰি তুলিব ,সমাৰোহ আয়োজিত কৰি আপুনি এই সুখৰ বতৰা সকলোৰে লগত ভগাব বিচাৰিব। ৰোমাঞ্চৰ বাবে আজি এক ভাল দিন। যাত্ৰাৰ ফলত সোনকালে লাভ নহ'ব কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ খুটি পুতিব পাৰে। আপোনাৰ মৰম আৰু ভাল পোৱা -আপোনাৰ জীৱন লগৰী আপোনাক বহুত ভাল উপহাৰ দিব পাৰে। আজিৰ দিন যিকোনো ধাৰ্মিক স্থলত সময় অতিবাহিত কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Saturday, November 19, 2022)

আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই ,কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশা বোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গলে আজি আপোনাৰ আৰ্থিক হানি হব পাৰে। আপোনাৰ বেছিভাগ সময় বন্ধু আৰু পৰিয়ালৰ লগত অতিবাহিত হব। একপক্ষীয় প্ৰেম আপোনাৰ বাবে বহুত বেয়া বুলি পৰিগণিত হব।। অফিচ যোৱাৰ পিচতেই আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে । ঘৰ পোৱাৰ পিচত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে । আজি আপোনাৰ অনিচ্ছা সত্বেও আপোনাৰ জীৱন সংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে ,তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব। যদি আপোনাৰ মাত সুৱলা হয় তেনেতে গান এটা গাই আপোনাৰ প্ৰেমিকক আজি আপুনি সুখী কৰিব পাৰিব।

SeeHere is theComments

Sponsored

close