> ২৪ নৱেম্বৰ, বৃহস্পতিবাৰ - কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো- 24 November, Thursday- Tomorrow's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৪ নৱেম্বৰ, বৃহস্পতিবাৰ - কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো- 24 November, Thursday- Tomorrow's horoscope in Assamese

  ২৪ নৱেম্বৰ, বৃহস্পতিবাৰ - কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো- 24 November, Thursday- Tomorrow's  horoscope in Assamese





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Thursday, November 24, 2022)

দিনৰ আৰম্ভণি আপুনি যোগ-প্ৰানায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনৰ বাবে লাভদায়ক হব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। যদি আপুুনি কাৰোবাক দিয়া ঋণ বহুতদিনৰ পৰা উভতাই বিচাৰি আছে কিন্তু সেই ব্যক্তিজনে আপোনাক অজুহাত দেখুৱাই পইচা দিয়াৰ পৰা বিৰত আছে , তেখেত আজি একো নোকোৱাকৈ আপোনাৰ পাওনা খিনি ঘুৰাই দিব। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক ,সিহতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহতে অনুভৱ কৰে যে আপুনি সচাকৈয়ে সিহতক নিজৰ জীৱনৰ এক গুৰুত্বপুৰ্ণ অংগ বুলি ভাৱে। অনাকাংক্ষিত ৰোমাণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। ব্যৱসায় যিমানেই নহওক নিজৰ ব্যৱসায় ৰ বিষয়ে কাৰো লগত ইমান কথা নকব ।যদি আপুনি এনেকুৱা কৰে তেন্তে আপোনাৰ বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হব পাৰে। সময়ৰ সদ্ব্যৱহাৰ কৰিবৰ বাবে আপুনি আজি পাৰ্কত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে কিন্তু তাত কোনোবা অচিনাকি লোকৰ লগত আপোনাৰ তৰ্ক হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Thursday, November 24, 2022)

আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। দিনৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক লোকচান হব পাৰে যাৰ ফলত গোটেই দিন বেয়া যাব পাৰে। বন্ধু আৰু আত্মীয়ৰ লগত আনন্দ আৰু ফূৰ্তি কৰক। আপোনাৰ প্ৰেম সম্বন্ধ আজি অলপ শলঠেকত পৰিব পাৰে। কাম-কাজৰ লগত জড়িত বিষয় সমূহত বন্ধু সকলৰ সহযোগে আপোনাক বহুত সহায় কৰিব। ছাত্ৰ-ছাত্ৰী আজিৰ কাম কাইলৈ পেলাই নথ’ব ,যেতিয়াই খালী সময় পাব তেতিয়াই কামখিনি পুৰা কৰি লব।এইটো আপোনাৰ বাবেই হিতকৰ। জীৱন সংগীৰ ফালৰ পৰা পোৱা অশান্তিৰ বাবে আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Thursday, November 24, 2022)

গৰ্ভৱতী মহিলা সমূহৰ বাবে বহুত ভাল দিন । চলা ফিৰা আৰু ফুৰা চকা সময়ত বিশেষ ধ্যান ৰখা উচিত। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনা সমূহক গোপনীয় ৰাখক। আপুনি বিবাদযুক্ত বিষয় সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক ,যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ পিনে দি চাব গ'লে আজি আপোনাৰ জীৱন সীমাহীন আনন্দ সমূহ উপভোগ কৰিব পাৰে। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনিয়ে আজি ৰাজত্ব কৰিব। আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব । ইয়াৰ ফলত আপোনাৰ জীৱন সংগী বিৰক্ত হৈ পৰিব কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিব সময় নাই। যোৱাকেইদিন ধৰি আপোনাৰ জীৱন টো বহুত জটিল অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সহজ অনুভৱ কৰিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Thursday, November 24, 2022)

মনৰ শান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধু বৰ্গৰ লগত অতিবাহিত কৰক। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। যিমান আপুনি ভাৱি আছিল,আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হব। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদ আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ ক্থাখিনি স্পষ্টভাৱে তেখেতেৰ আগত খুলি কওক। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আৰহণ কৰিব। আজি আপুনি নিিজৰ লুকাই থকা বিশেষত্বৰ ব্যৱহাৰ কৰি দিনটো বহুত ধুনীয়া কৰি তুলিব পাৰে। আজি আপুনি জীৱন সংগীৰ লগত ঘুৰা-ফুৰাৰ মজা লব আৰু একেলগে সময় অতিবাহিত কৰাৰ এটা ভাল সুযোগ লাভ কৰিব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Thursday, November 24, 2022)

আপুনি অতীতক এৰিব লাগিব যদিহে আজি আপুনি নিজকে চিন্তাৰ দেওনাৰ পৰা বাহিৰ কৰিব বিচাৰে। আজি যদি আপুনি বেলেগৰ কথা মানি ক'ৰবাত অৰ্থ বিনিয়োগ কৰে তেন্তে আৰ্থিক লোকচান হোৱাটো এক প্ৰকাৰ নিশ্চিত। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। আপোনাৰ ৰোমাণ্টিক ভাৱনা সমূহ অন্যক কৈ নুফুৰিব। কাম-কাাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হব। আজি জানি বুজি পদক্ষেপ লোৱা উচিত , য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। আজি আপুনি বৈবাহিক জীৱনক শ্বাসৰুদ্ধকৰ হেন অনুভৱ কৰিব কাৰণ আপুনি আজি একপ্ৰকাৰৰ অসহজতা অনুভৱ কৰি থাকিব। আপোনাৰ আজি সকলোতকৈ অধিক প্ৰয়োজন হল জীৱন সংগীৰ লগত ভাল ভাৱে আত্মীয়তাৰে কথা পাতক।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Thursday, November 24, 2022)

আজি আপোনাৰ আত্ম-বিশ্বাস আৰু উৰ্জাৰ স্তৰ বাঢ়িব। আজি আপুনি ভাল ভাৱে পইচা আয় কৰিব-কিন্তু দৈনন্দিন জীৱনত হোৱা অতিৰিক্ত খৰচৰ বৃদ্ধিয়ে আপোনাৰ সময় অধিক জটিল কৰি তুলিব। অপ্ৰয়োজনীয় বস্তুৰ ওপৰত পইচা খৰচ কৰি আপুনি আপোনাৰ জীৱন সংগীক হতাশ কৰিব পাৰে। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। অফিচত প্ৰপ্ৰত্যেক ব্যক্তিয়ে আজি আপোনাক গম্ভীৰতাৰে শুনিব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। আজিৰ দিনটো আন দিনৰ তুলনাত আপোনাৰ জীৱন লগৰীৰ লগত ভালকৈ কটাব পাৰিব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Thursday, November 24, 2022)

আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব , যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। দিনৰ দ্বিতীয় প্ৰহৰত বিশ্ৰাম কৰক আৰু পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। বৰিষ্ঠ সকলৰ সহযোগ আৰু প্ৰশংসা আপোনাৰ আত্ম বিশ্বাস আৰু উৎসাহক দুগুণ কৰি দিব। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব । আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱন সংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে ,যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব ।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Thursday, November 24, 2022)

নিজে নিজৰ চিকিৎসা নকৰিব,কাৰণ ঔষধৰ ওপৰত আপোনাৰ নিৰ্ভৰশীলতা বৃদ্ধি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এই কথা ভালকৈয়ে বুজি লওক যে দুখৰ সময়ত আপোনাৰ সঞ্চিত ৰাশিয়ে কামত আহিব সেয়ে আজিয়ে ধন সঞ্চয় কৰাৰ কথা বিচাৰ কৰক। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হব। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰ ঔষধ সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব তেনেত সফলতা আৰু প্ৰতিষ্ঠা লাভ কৰিব। পৰপ্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ পাত্ৰ কৰি তুলিব। বৈবাহিক জীৱনৰ বহুত ধৰণৰ লাভ থাকে আৰু আপুনি আজি সেই লাভ প্ৰাপ্ত কৰিব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Thursday, November 24, 2022)

মনত জমা হৈ থকা সমস্যা অথবা অসুবিধা সমূহ প্ৰকাশ নকৰিলে মানসিক ভাৱে হতাশ হৈ যাব পাৰে। আজি আপুনি ভূলতো পইচা ধাৰলৈ নিদিব আৰু যদি দিয়াটো নিত্যান্তই জৰুৰী তেন্তে দিয়া জনৰ পৰা লিখিত ভাৱে লিখি ৰাখিব। ঘৰত আৰু ঘৰৰ চাৰিওফালে সৰু-সুৰা পৰিৱৰ্তন কৰিলে আপোনাৰ ঘৰ খন শুৱনি হৈ উঠিব। প্ৰপ্ৰেমৰ ফালেদি চাব গলে আজি এক ৰোমাঞ্চকৰ দিন ।সন্ধিয়াৰ সময়ত এক বিশেষ যোজনা বনাওক আৰু যিমান পাৰে সেই সময়খিনিক সিমান মায়াময় কৰাৰ চেষ্টা কৰক। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব। আজি আপুনি বহুত ভাল নিমন্ত্ৰণ পাব পাৰে ,লগতে আপুনি এক আকস্মিক উপহাৰো পাব পাৰে। জীবনলগৰীৰ লগত আজিৰ সন্ধিয়া সচাঁকৈয়ে কিবা এটা বিশেষ হবলৈ গৈ আছে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Thursday, November 24, 2022)

আপোনাৰ পৰিয়ালৰ লোক আপোনাৰ পৰা বহুত বেছি আশা কৰে, যাৰ বাবে আপুনি বহুত চিন্তিত আৰু হতাশ হৈ পৰিব। যি লোকসকলে ভেটি-মাটী কিনিছিল আৰু এতিয়া সেই মাটী বিক্ৰী কৰিব বিচাৰে , সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমানৰ ধন লাভ হব। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু-সৰু উপহাৰ বেলেগক দিয়ক। আপোনাৰ বছ আপোনাৰ কোনো কথাতে পতিয়ন নাযাব সেয়ে যিমান পাৰে আপোনাৰ কাম ভালভাৱে কৰিব যত্ন কৰক। এই ৰাশিৰ লোকসকল আজি নিজৰ বাবে সময় উলিওৱাটো নিত্যান্তই জৰুৰী যদি আপুনি এনে নকৰে তেন্তে আপুনি মানসিক্ভাৱে ভাগৰি পৰিব পাৰে। আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Thursday, November 24, 2022)

আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই ,কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশা বোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হব পাৰে। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। আপুনি আজি প্ৰেমৰ মনোদশাত থাকিব আপুনি আজি বহুত সুযোগো লাভ কৰিব। আপুনি আজি যিয়ে কৰিব , আপুনি এক প্ৰভাৱশালী স্থিতিতে বিৰাজ কৰিব। বেলেগক এইটো কবলৈ অধিক উত্তেজিত নহব যে আপুনি আজি কেনেকুৱা অনুভৱ কৰি আছে। আপোনাৰ জীৱন সংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Thursday, November 24, 2022)

স্বাস্থ্যৰ অধিক যতন লোৱা উচিত। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক। আপোনাৰ সন্তান আজি এক ৰোমাঞ্চকৰ খবৰ আনিব পাৰে। প্ৰিয়জনক ৰুক্ষভাৱে কথা নক'ব নহ'লে পিছলৈ পৰিতাপ কৰিবলগীয়া হব পাৰে। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হব। এই ৰাশিৰ লোকসকল আজি মদ আৰু চিগাৰেটৰ পৰা দুৰ থাকিব নহ’লে আপোনাৰ সময় নষ্ট হ’ব। আপোনাৰ জীৱন সংগীৰ আব্দাৰ বোৰে আপোনাক আশান্তি প্ৰদান কৰিব পাৰে।

SeeHere is theComments

Sponsored

close