> ২৫ নৱেম্বৰ, শুকুৰবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 25 November, Friday- Today's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৫ নৱেম্বৰ, শুকুৰবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 25 November, Friday- Today's horoscope in Assamese

 ২৫ নৱেম্বৰ, শুকুৰবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 25 November, Friday- Today's  horoscope in Assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Friday, November 25, 2022)

ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। ঘনিষ্ঠ বন্ধু আৰু অংশীদাৰ বেয়া পাই আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে। আপোনাক প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেক মেইল কৰাৰ পৰা বিৰত থাকক। যিকোনো খৰচী কাম অথবা যোজনাত হাত দিয়াৰ আগতে ভাল কৈ চিন্তা-চৰ্চা কৰি লওক। নিজৰ ব্যক্তিত্ব আৰু ৰূপ-ৰং ক ভাল কৰিবৰ বাবে কৰা চেষ্টআ সন্তুষ্ট জনক হব। মন-মগজু বেয়া হোৱা বাবে আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আপোনাক বিনা কাৰণত অশান্তি প্ৰদান কৰি আছে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Friday, November 25, 2022)

খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। বেপৰোৱা ভাৱে জীয়াই থকাৰ আপোনাৰ এই প্ৰবৃতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মনোৰঞ্জনৰ বস্তু সমূহত প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। বহুত ধুনীয়া আৰু মৰমীয়াল ব্যক্তিৰ লগত সাক্ষাৎকাৰ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। নিজকে সুস্থ সবল কৰিব বাবে আপুনি আজিও ধেৰ পৰিকল্পনা কৰিব কিন্তু বাকীদিন বোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হব। এইদিন টো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Friday, November 25, 2022)

আপোনাৰ অতি সোনকালে দীৰ্ঘ দিনৰ পৰা চলি অহা বেমাৰ ভাল হ'ব আৰু সম্পুৰ্ণ ৰূপে সুস্থ হ'ব পাৰে,কিন্তু এনেকুৱা স্বাৰ্থপৰ আৰু খঙাল মানুহৰ পৰা সাৱধানে থাকক ,যি আপোনাক হতাশ কৰি তুলিব পাৰে আৰু আপোনাৰ সমস্যা বহুত বাঢ়ি যাব পাৰে। গ্ৰহ- নক্ষত্ৰৰ স্থিতি আজি আপোনাৰ বাবে প্ৰতিকূল , আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব লাগিব। আপুনি আজি নিজৰ সন্তানৰ পৰা কিছু শিক্ষা লব পাৰে , সিহঁতৰ সহজ সৰল ব্যৱহাৰে ওচৰ পাজৰৰ লোকক স্নেহ আৰু উৎসাহ প্ৰদান কৰিব আৰু বেলেগৰ মাজত পৰিৱৰ্তন আনিব। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰ ঔষধ সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। যিবিলাক লোক বিদেশ ব্যৱসায়ৰ লগত জড়িত সিহতঁৰ আজি যথেষ্ঠ লাভ হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ লগতে চাকৰি ৰ লগত জড়িত এই ৰাশিৰ জাতক সকল নিজৰ প্ৰতিভাৰ ব্যৱহাৰ কৰ্মক্ষেত্ৰত পুৰাদমে কৰিব পাৰিব। যাত্ৰা আৰু শিক্ষাৰ লগত জড়িত কাম আপোনাক অধিক সজাগ কৰি তুলিব। যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱন সংগীৰ লগত আজিৰ দিনটো বহুত ৰোমাণ্টিক ধৰণে অতিবাহিত হব পাৰে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Friday, November 25, 2022)

সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হব পাৰে। এই ৰাশিৰ যিসকল লোক বিদেশত ব্যবসায় কৰে ভাল পৰিমাণৰ অৰ্থ লাভ হব পাৰে। যিসকল লোকৰ লগত আপুনি থাকে সিহঁত আপোনাৰ লগত ইমান সুখী নহ'ব ,তাৰ কৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয় !! বিবাহ-প্ৰস্তাৱৰ বাবে এয়াই ভাল সময় ,কাৰণ আপোনাৰ প্ৰেম জীৱন ভৰা এক যাত্ৰা লৈ সলনি হব পাৰে। নিজৰ কামক লৈ আজি ব্যস্ত থাকক আৰু বেলেগৰ ভৰষা কৰি নাথাকিব সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰিব কাৰণ আজি কোনো আপোনাৰ সহায় কৰিব নাহে। জীৱনৰ আনন্দ ল’ব বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে।যদি আপুনি সমাজৰ পৰা দুৰ হৈ থাকে তেনেতে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। আপুনি এই কথা জানে নে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱ দূতৰ দৰে ,তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Friday, November 25, 2022)

আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাৱি চিন্তি খৰচ কৰিব , ধন হানি হোৱাৰ আশাংকা আছে। যিমান আপুনি ভাৱি আছিল,আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হব। সতেজ ফুলৰ দৰে আপোনাৰ প্ৰেমতো সতেজতা বাহাল ৰাখক। আপুনি আজি ব্যৱসায়িক লেন দেন সমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হব যিবোৰ আপুনি অকল অনবৰতে ভাৱি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা জীবনলগৰীৰ লগত আজিৰ সন্ধিয়া সচাঁকৈয়ে কিবা এটা বিশেষ হবলৈ গৈ আছে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Friday, November 25, 2022)

শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহত সম্ভাৱনা আছে আৰু এই বাবে আপুনি অতি সোনকালে খেলা ধুলাত অংশ গ্ৰহণ কৰিব পাৰিব। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। জীৱন-সংগিনী আপোনাৰ ধুম্ৰ পাণৰ দৰে বদ-অভ্যাস এৰুৱাওৰ সময়ত বহুত সহায় কৰিব লগতে আপোনাৰ প্ৰেৰণাৰ মুখ্য উৎস তেখেতেই হব। আন বেয়া অভ্যাস এৰাবৰ বাবেও এয়াই ভাল সময় ,কাৰণ যেতিয়া মনোবল অটুট থাকে তেতিয়াই জটিল পদক্ষেপ লোৱা উচিত । সন্ধিয়াৰ সময় খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম ভ্ৰা হওক। জটিল বিষয় সমূহৰ পৰা বিৰত থাকিবৰ বাবে আপুনি নিজৰ সম্পৰ্ক ব্যৱহাৰ কৰা উচিত । আজি আপোনাৰ ঘনিষ্ঠ লোক সকল আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু নিজৰ মনটো শান্ত কৰি ৰাখিব বাবে আপুনি অকলে সময় অতিবাহিত কৰিব বিচাৰিব। আপুনি অনুুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Friday, November 25, 2022)

ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। কিন্তু সদায় এনেকৈ থাকিব বুলি আপুনি অলীক সপোনত নাথাকিব, নিজৰ জীৱন আৰু স্বাস্থ্যৰ সন্মান কৰক। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী। যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থা ৰ উন্নতি হব পাৰে। ঘৰত আপোনাৰ সন্তান যিকোনো সৰু ঘটনা এটাক বহুত ডাঙৰ কৰি কোৱাৰ বাবে আপুনি পৰিস্থিতিক চালি-জাৰি নোচোৱাকৈ একো পদক্ষেপ নলয় যাতে। প্ৰেমাস্পদ আজি আপোনাৰ আগত নিজৰ মনোভাৱ খোলাকৈ ৰাখিব নোৱাৰাৰ বাবে আপুনি বিৰক্তি পাব পাৰে আজি কৰা বিনিয়োগ বহুত লাভদায়ক বুলি প্ৰমাণিত হব ,কিন্তু আপুনি অংশীদাৰ সকলৰ বিৰোধৰ সন্মুখীন হব লাগিব পাৰে। কিছুমান ব্যক্তিৰ বাবে আকস্মিক যাত্ৰা ভাগৰুৱা আৰু হতাশাজনক হব পাৰে। আপোনাৰ জীৱন লগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব ,কিন্তু তেখেত আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Friday, November 25, 2022)

আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব কিন্তু কামৰ বোজাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব। যদি আপুুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হব। যেতিয়া আপুুুনি একেলগে বহুত লোক থাকে তেতিয়া আপুনি কি কৰি আছে সেই বিষয়ে গুৰুত্ব প্ৰদান কৰিব, অধিক চিন্তা-চৰ্চা অবিহনে হঠাৎ কৈ দিয়া শব্দৰ বাবে আপুনি বহুত কঠোৰ সমালোচনাৰ সন্মুখীন হব পাৰে। আপোনাৰ প্ৰিয়জনৰ মুড আজি ভাল নহ'ব ,এইবাবে জানি-বুজি সকলো কাম কৰিব। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। খালি সময়ত আজি আপুনি মোবাইলত ৱেব চিৰিজ চাব পাৰে। আপোনাৰ জীৱন সংগীৰ ৰুক্ষ ব্যৱহাৰে আপোনাক গোটেই দিন অশান্তিৰ্দি থাকিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Friday, November 25, 2022)

অন্যৰ সফলতা ক প্ৰশংসা কৰি আপুনি মানসিক তৃপ্তি লাভ কৰিব পাৰে। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হব পাৰে। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে , লাগে ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোই কৰিব লাগে। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপোনাৰ প্ৰেম জীবন ভালে যাব , আপুনি নিজৰ সংগীক সুখ দিয়াত সফল হব। যি কাম আপুুনি কৰিছে ,তাৰ শ্ৰেয় আন কাৰোবাক লৈ যাব নিদিব। যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে নহ’লে সম্বন্ধ ভাঙিব পাৰে। আপুনি আপোোনাৰ জীৱন লগৰীৰ প্ৰেমৰ প্ৰত্যেকটো পল অনুভৱ কৰিব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Friday, November 25, 2022)

আজি আপোনাৰ কাষত বহুত উৰ্জা অথবা শক্তি থাকিব কিন্তু কামৰ অধিক হেচাঁই অপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। নিৱেশ কৰাটো বহুত বাৰ লাভদায়ক বুলি প্ৰমাণিত হয় আজি আপুনি এই কথাটো বুজি পাব কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হব পাৰে। মা-দেউতাৰ স্বাস্থ্যৰ উন্নতি হব আৰু তেখেত নিজৰ গোটেই মৰম আপোনাৰ ওপৰত বিলাই দিব। প্ৰেমৰ দৃষ্টিকোণ দি চাব গলে আজি এক ভাল দিন। কাম -কাজৰ দিশত আপুনি কৰা পৰিশ্ৰম আজি সফল হব। আজি আপুনি গোটেই দিন পৰিয়ালৰ লগত সময় কটাব ফলত আপুনি সম্বন্ধৰ বান্ধ কেনেকুৱা বুজি পাব। আপোনাৰ জীৱন সংগী আজি বহুত ৰোমাণ্টিক মন -মেজাজত থাকিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Friday, November 25, 2022)

ধৈৰ্য বনাই ৰাখক , কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব তাৰ অতি ভাল ভাৱে বিবেচনা কৰক ।কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনা সমূহক ভালকৈ অধ্যয়ণ কৰি ল'ব। ঘৰুৱা বিষয় সমূূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ।আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগে। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। অফিচত আপোনাৰ প্ৰতিদ্বন্দিতা কৰা ব্যক্তিজনক আজি ভুল কাম কৰাৰ ফল প্ৰাপ্ত হব। এই ৰাশিৰ জাতক সকল আজি ভাই – ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আপোনাৰ জীৱন সংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব ।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Friday, November 25, 2022)

আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পুৰ্ণ কৰিব পাৰিব। আজি আপোনাৰ প্ৰেমাস্পদক লৈ কৰবাত ফুৰিব যাব পাৰে কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহব পাৰে ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হব পাৰে। আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধিক গুৰুত্ব সহকাৰে লওক ,কাৰণ আপোনাৰ কামৰ শ্ৰেয় আন কোনোবাই লব পাৰে। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰন দেখিবলৈ পাব।

SeeHere is theComments

Sponsored

close