> ৬ জানুৱাৰী, শুকুৰবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 6 January, Friday - Today's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

৬ জানুৱাৰী, শুকুৰবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 6 January, Friday - Today's horoscope in Assamese

  ৬ জানুৱাৰী, শুকুৰবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 6 January, Friday - Today's  horoscope in Assamese







মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Friday, January 6, 2023)

আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। কোনোবা আপোনৰ লগত কথা বতৰা কমি যোৱাৰ বাবে আপুনি মনত বহুত দুখ পাব পাৰে। আজি আপুুনি জীৱনত সচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অধিক চিন্তা নকৰিব ,প্ৰত্যেক বস্তুই সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমাণ্টিক জীৱনত পৰিৱৰ্তন আহিব। আজি আপুনি নিশ্চিত ভাৱে এনেকুৱা মানুহৰ লগত দেখা হব যি আপোনাৰ কেৰিয়াৰৰ বাবে সহায়কাৰী বুলি প্ৰমাণিত হব। জীৱন দৌৰৰ মাজত আজি আপুনি সন্তানৰ বাবে সময় উলিয়াব চেষ্টা কৰিব। সিহতঁৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ’ব যে আপুনি জীৱনৰ বহুত মুহুৰ্ত হেৰুৱাইছে সময়ৰ গতিত চলিব গৈ। আপুনি আপোনাৰ জীৱন সংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব,কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেত আপোনাৰ বাবেই কিবাকিবি কৰোতে ব্যস্ত আছিল।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Friday, January 6, 2023)

আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। পূৰ্ব পূৰুষৰ সম্পত্তিৰ খবৰ আপোনাৰ আৰু পৰিয়ালৰ বাবে সুখৰ খবৰ আনিব পাৰে। আপুনি উদাৰতা আৰু স্নেহেৰে ভৰা প্ৰেমৰ উপহাৰ পাব পাৰে। ভালকৈ পঢ়ি নাচাই যিকোনো ব্যৱসায়িক অথবা আইনী দলিলত চহী নকৰিব। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Friday, January 6, 2023)

শাৰীৰিক ব্যায়াম আৰু ওজন কমোৱাৰ উপায়বোৰ মানি চলিলে আপোনাৰ ৰেহ-ৰূপ উজ্বলি উঠাত সহায় হ'ব। যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল আজি সেই ঋণ তেখেত সকলে কিবা প্ৰকাৰে হলেও ঘুৰাবলগীয়া হব পাৰে। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। বহুত মানুহৰ বাবে আজিৰ ৰোমাণ্টিক সন্ধিয়া ধুনীয়া উপহাৰ আৰু ফুলেদি ভৰপূৰ হব। আপুনি ভাৱি থকাতকৈ আপোনাৰ জীৱনত এনেকুৱা বহুত ঘটনা ঘটিছে যিবোৰ আপুনি কল্পনাও কৰা নাছিল। আহিবলগা দিন বোৰত আপোনাৰ হাতত বহুত এনে ভাল সুযোগ আহিব। জীৱনৰ আনন্দ ল’ব বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে।যদি আপুনি সমাজৰ পৰা দুৰ হৈ থাকে তেনেতে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক চোছিয়েল মিডিয়াত পঢ়ি হাহিঁ থাকিব ,কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Friday, January 6, 2023)

ব্বেলেগৰ প্ৰতি বেয়া চিন্তা মনত ৰাখিলে আপোনাৰ মানসিক শান্তি বেয়া হব পাৰে। আপুনি এনেকুৱা চিন্তা বৰ্জন কৰিব লাগে ,নিজৰ ভাৱনা নিয়ন্ত্ৰণ কৰক এইবোৰ বৰ্জন কৰিবৰ বাবে । আজি কোনোবা লেনদাৰ আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফিৰত বিচাৰিব পাৰে। আপুনি ধন ঘুৰাই দিয়াৰ পিছত আৰ্থিক ভাৱে দূৰ্বল হব। আপোনাক পৰামৰ্শ দিয়া হল যে ঋন লোৱাৰ পৰা বিৰত থাকক। যদি আপুনি সামাজিক অনুষ্ঠান আৰু কাৰ্যক্ৰম সমূহত অংশগ্ৰহণ কৰে, তেন্তে আপুনি নিজৰ সংগী আৰু বন্ধুৰ তালিকাখন আৰু দীঘল কৰিব পাৰে। অকল এবাৰ আপুনি নিজৰ প্ৰিয়জনক একেবাৰৰ বাবে নিজৰ কৰি লওক তেন্তে জীৱনত আপোনাৰ আৰু একো বস্তুৰে প্ৰয়োজন নাই ,এই কথাক বহুত গভীৰ ভাৱে আপুনি হৃদয়ংগম কৰিব। অফিচত কোনোবাই আপোনাক কিছু বঢ়িয়া খবৰ অথবা সংবাদ দিব পাৰে। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক ,এনেকৈ শুনিলে আপুনি আজি নিশ্চিত ভাৱে লাভ্ৰ মুখ দেখিবলৈ পাব। আপুনি জীৱন লগৰীৰ পৰা আজি কিবা ধুনীয়া বিশেষ উপহাৰ লাভ কৰিব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Friday, January 6, 2023)

আপোনাৰ বেপৰোৱা আৰু জেদী স্বভাৱক নিয়ন্ত্ৰণত ৰাখক ,বিশেষকৈ কোনোবা পাৰ্টীত চম্ভালি থাকক। কাৰণ এনেকুৱা হ’লে তাত পৰিস্থিতি বেয়াৰ ফালে ঢাল খাব পাৰে। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ লব পাৰে যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠ ই আৰ্থিক সহায় আগবঢ়াব পাৰে। ঘৰত সংবেদনশীল বিষয় সমূহক সমাধান কৰিবলৈ আপুনি আপোনাৰ প্ৰভাৱ আৰু বুদ্ধিদীপ্ততাৰ প্ৰয়োগ কৰিব লাগিব পাৰে। জীৱন্ত বাস্তৱৰ মুখামুখি হবলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। দৰমহাত বৃদ্ধি আপোনাৰ উৎসাহ অধিক কৰি তুলিব পাৰে , এই সময় আপোনাৰ সকলো হতাশা আৰু সমস্যাবোৰ শেষ কৰাৰ। অআজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাৰ লগতেই বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব ,বহুত কম মানুহেহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তন্ত্বৰ ৰহস্য জানিব পাৰে। আপোনাৰ জীৱন সংগীক চাৰ প্ৰাইজ দি থাকক,নহ'লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাৱিব ধৰিব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Friday, January 6, 2023)

চকুৰ বেমাৰীসকল প্ৰদূষত্ত ঠাইত যোৱাৰ পৰা সাৱধান হওক ,কাৰণ ধোৱা আপোনাৰ চকুৰ বাবে হানিকাৰক আৰু সৰু সৰু কণাবোৰে আপোনাৰ চক্কুত অধিক ক্ষতি কৰিব পাৰে, যদি সম্ভৱপৰ হয় তেন্তে সূৰ্যৰ চোকা ৰশ্মিৰ পৰা চকুক বচাই ৰাখক। পইচাৰ নাটনিয়ে আজি ঘৰত কলহৰ সৃষ্টি কৰিব পাৰে এনেকুৱা স্থিতিত ঘৰ ৰ মানুহৰ লগত বিচাৰ বেবচনাৰে কথা পাতিব আৰু সিহতঁৰ পৰা পৰামৰ্শ লওক। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক ,সিহতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহতে অনুভৱ কৰে যে আপুনি সচাকৈয়ে সিহতক নিজৰ জীৱনৰ এক গুৰুত্বপুৰ্ণ অংগ বুলি ভাৱে। আজি আপুনি আপোোনাৰ প্ৰিয়জনৰ সন্মূখত নিজৰ ভাৱনা প্ৰকাশ কৰিবৰ সময়ত অসুবিধা অনুভৱ কৰিব। সতেজ অনুভৱ কৰিবৰ বাবে আৰু মনোৰঞ্জনৰ বাবে আজি এক বঢ়িয়া দিন ,কিন্তু যদি আপুনি আজি কাম কৰি আছে তেন্তে ব্যৱসায়িক লেন্ন-দেন সাৱধানেৰে কৰক। আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে।ইয়াৰ পিছত ঘৰৰ মানুহক মনাওতে বহুত সময় লাগি যাব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা অচিনাকিৰ অশান্তিৰ কাৰণ হব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Friday, January 6, 2023)

পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাক বহুত সুখী কৰিব। অনাকাংক্ষিত ভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হব আৰু দিনটো বহুত ভাল ভাৱে আপোনাৰ অতিবাহিত হব। কোনোবা বৰিষ্ঠ আত্মীয়ক তেখেতৰ নিজৰ সমস্যা সমূহত সহায় কৰি আপুনি তেখেতৰ আশীৰ্বাদ লাভ কৰিব। আপোনাৰ প্ৰিয়জনৰ প্ৰতি থকা প্ৰতিশোধ মূলক ভাৱনা ৰাখিলে আপোনাৰ একো লাভ নহ'ব,ইয়াৰ সলনি আপুনি শান্ত হৈ প্ৰিয়জনক নিজৰ প্ৰকৃত প্ৰেমৰ প্ৰতি পৰিচয় কৰাওক। লঘু ব্যৱসায় কৰা এই ৰাশিৰ ব্যক্তিসকলৰ আজি লোকচান হব পাৰে। অৱশ্যে ভয় খোৱাৰ দৰকাৰ নাই যদি কষ্ট ঠিক দিশত আছে তেন্তে ভাল ফল এদিন নিশ্চয় পাব। আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ কথা ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব। আপোনাৰ জীৱন সংগীৰ আব্দাৰ বোৰে আপোনাক আশান্তি প্ৰদান কৰিব পাৰে।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Friday, January 6, 2023)

আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ'ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ন কৰিব পাৰিব। আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। বন্ধুৰ সান্নিধ্য আপোনাক সুখ আৰু সন্তুষ্টি দিব। আজি সেই কাপোৰ নিপিন্ধিব যি কাপোৰ আপোনাৰ প্ৰিয়জনৰ পচন্দৰ নহয়, নহ'লে আপোনাৰ প্ৰিয়জনে দুখ পাব পাৰে। আপোনাৰ কলাত্মক কাম ওচৰে পাজৰে থকা লোক সকলক আচৰিত কৰি দিব আৰু আপুনি বহুত প্ৰশংসা লাভ কৰিব। এনেকুুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত দিব পাৰে। আপোনাক আৰু আপোনাৰ জীৱন লগৰীক বৈবাহিক জীৱনত কিছু নিজস্বতাৰ আৱশ্যক আছে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Friday, January 6, 2023)

স্বাস্থ্য ভালে থাকিব। দূৰণি বটীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব ,কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পুৰ্ণ কৰিব পাৰিব। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। কাম আৰু ঘৰৰ চাপ আপোনাক খঙাল কৰিব পাৰে। মনৰ নিকটতম মানুহকেইজনৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু আপুনি এইটো কামত অসক্ষম হব। আজি আপুনি নিজৰ বৈবাহিক জীৱনত অকল ভাল খোৱা আৰু ভাল টোপনি পাব আশা আছে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Friday, January 6, 2023)

নিজৰ ব্যক্তিত্ব ক বিকশিত কৰিবৰ বাবে গভীৰ ভাৱে চেষ্টা কৰক। কোনোবা পূৰণি বন্ধুয়ে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে যদি আপুনি তেখেতক আৰ্থিক ভাৱে সহায় কৰে তেন্তে আপোনাৰ আৰ্থিক অবস্থাও অলপ দূৰ্বল হব পাৰে। পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ আপোনাৰ শিশুসুলভ ব্যৱহাৰে বহুত ডাঙৰ অৰিহণা যোগাব। প্ৰিয়জনক ৰুক্ষভাৱে কথা নক'ব নহ'লে পিছলৈ পৰিতাপ কৰিবলগীয়া হব পাৰে। আজিৰ দিন হল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। প্ৰয়োজনীয় কামবোৰ শেষ কৰি আপুনি সময়তো ৰাহি কৰিব কিন্তু সময়বোৰ ভাল কামত ব্যৱহাৰ কৰিব নোৱাৰিব। বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Friday, January 6, 2023)

ওচৰ-পাজৰৰ লোক সমূহৰ সহযোগে আপোনাক সুখদ অনুভূতি প্ৰদান কৰিব। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব। সন্ধিয়াৰ সময়ত ৰান্ধনি ঘৰত প্ৰয়োজন হোৱা বস্তুৰ ক্ৰয় কৰাত আপুনি ব্যস্ত থাকিব। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে ,যেতিয়া নেকি আন কোনোবা এতিয়াহে জীৱন্ত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। অফিচত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হব। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব, এই সময়খিনিত আপুনি বিনাকথাৰ তৰ্ক নকৰিব। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱন সংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে ,যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব ।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Friday, January 6, 2023)

আপোনাৰ উৰ্জা বহুত থাকিলেও আজি আপুনি এনেও কাৰোবাক মনত কৰিব যি এই মূহুৰ্তত আপোনাৰ লগত নাই। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। আপোনাৰ সাক্ষাত এনে বন্ধুৰ লগত হব ,যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। কাম আৰু ঘৰৰ চাপ আপোনাক খঙাল কৰিব পাৰে। আজি আপুনিি নতুন চিন্তা ধাৰা ৰে পৰিপূৰ্ণ হব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব ,তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। আপুনি এই কথা জানে নে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱ দূতৰ দৰে ,তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব।

SeeHere is theComments

Sponsored

close