> ৫ ফেব্ৰুৱাৰী, দেওবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 5 February, Sunday - Today's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

৫ ফেব্ৰুৱাৰী, দেওবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 5 February, Sunday - Today's horoscope in Assamese

  ৫ ফেব্ৰুৱাৰী, দেওবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 5 February, Sunday - Today's  horoscope in Assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Sunday, February 5, 2023)

অসহজ হোৱা স্বভাৱটোয়ে আপোনাক মানসিক অশান্তি দিব পাৰে,কিন্তু কোনোবা বন্ধু আপোনাৰ সমস্যাৰ সমাধান উলিয়াওঁতে আপোনাক বহুত সহায় কৰিব । হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰুতি মধুৰ সংগীতৰ সহায় লওক । আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হব। প্ৰেমৰ ফালেদি আজি দিনটোত একো বিশেষ আশা কৰিব নোৱাৰি। খালী সময়ৰ সদ্ব্যৱহাৰ হব লাগে কিন্তু আজি আপোনাৰ দ্বাৰা দুৰ্ব্যৱহাৰ হৈ যাব, আৰু এইবাবে আপোনাৰ মনো বেয়া হৈ যাব। অধিক খৰচ কৰাৰ বাবে জীৱন সংগীৰ লগত অলপ বিবাদ হব পাৰে। কোনো গছৰ ছাঁত বহি আজি আপুনি বহুত শান্তি লাভ কৰিব। জীৱনক আজি ওচৰৰ পৰা বুজি পাব আপুনি।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Sunday, February 5, 2023)

স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ'ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হব। ডাক অথবা পোষ্ট অফিচৰ দ্বাৰা লাভ কৰা যিকোনো মহত্বপূৰ্ণ বাৰ্তা অথবা খবৰ আপোনাৰ আৰু আপোনাৰ সম্পুৰ্ণ পৰিয়ালৰ বাবে সুখৰ বতৰা লৈ আহিব। অবৈধ প্ৰেম সম্পৰ্ক আপোনাৰ মান-সন্মান শেষ কৰি দিব পাৰে। আজি আপুনি গোটেই দিন পৰিয়ালৰ লগত সময় কটাব ফলত আপুনি সম্বন্ধৰ বান্ধ কেনেকুৱা বুজি পাব। দৈদৈনন্দিন প্ৰয়োজন সমূহ পূৰণ নোহোৱাৰ বাবে আপোনাৰ বৈবাহিক জীৱনত অশান্তিৰ সৃষ্টি হব পাৰে। খোৱা-বোৱা ,চাফা কৰা অথবা আন কোনো ঘৰুৱা বিষয় বস্তু ইয়াৰ কাৰণ হব পাৰে। আজি নদীৰ পাৰত বহিলে অথবা মন্দিৰত গ'লে আপুনি মনত শান্তি প্ৰাপ্ত কৰিব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Sunday, February 5, 2023)

আপোনাৰ নঞাৰ্থক স্বভাৱৰ বাবে আপুনি জীৱনত উন্নতি কৰিব পৰা নাই ,এই সময় টোৱে এইটো কথা বুজাৰ সঠিক সময় যে অধিক চিন্তা কৰি থকাৰ অভ্যাসটোৱে আপোনাৰ বুজাৰ ক্ষমতা হ্ৰাস কৰি দিছে ।পৰিস্থিতিৰ মুহুৰ্ত সমূহ চাওক আৰু চাব যে জীৱনটোত শুধৰণি আহি আছে। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্ব আপোনাৰ বৃদ্ধি পাব ,যি আপোনাক মানসিক ভাৱে হতাশ কৰি তুলিব পাৰে। ব্যক্তিগত দিকদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। একান্তত থকা নিজৰ বাবে ভাল ,কিন্তু যদি আপোনাৰ মনত কিবা কথা চলি আছে তেন্তে লোকৰ পৰা দুৰত থাকিলে আপুনি বেছি চিন্তিত হ’ব পাৰে। সেইবাবে চিন্তিত থাকিলে কোনোবা অনুভৱী লোকৰ লগত নিজৰ সমস্যাবোৰ আলোচনা কৰিব। আপোনাৰ জীৱন সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে ,যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। প্ৰেমতকৈ ধুনীয়া অনুভূতি একো নাই ,এইবোৰ কথা মাজে মাজে আপুনি প্ৰেমাস্পদক ক’ব লাগে যাৰ ফলত তেখেতৰ আপোনাৰ বিশ্বাস গভীৰ হব লগতে প্ৰেমত এক নতুনত্ব প্ৰাপ্ত হ’ব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Sunday, February 5, 2023)

আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। আজি আপোনাৰ অৰ্থ খৰচ কৰিব দৰকাৰ নহব কাৰণ ঘৰৰ কোনোবা ডাঙৰ জনে আপোনাক পইচা দিব পাৰে। যাক আপুনি ভাল পায় ,সিহতৰ লগত উপহাৰৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন । ঘৰত সমস্যাৰ সৃ্ষ্টি হব পাৰে কিন্তু আপুনি জীৱন সংগীক সৰু সৰু কথাৰ বাবে কথা শুনোৱা বন্ধ কৰক। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলায় তেন্তে নতুন পোছাক এযোৰ লব পাৰে। ওচৰ -চুবুৰীয়া আজি আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ আগত আপোনালোকৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়া ভাৱে প্ৰকাশ কৰিব পাৰে। কাৰোবাক দিয়া ঋণ গুৰাই পাব পাৰে যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যা দূৰ হ’ব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Sunday, February 5, 2023)

পৰিবাৰৰ কিছুমান সদস্য নিজৰ হিংসুক প্ৰবৃতিৰ বাবে আপোনাক অসুবিধা দিব পাৰে।কিন্তু আপুনি নিজকে নিয়ন্ত্ৰণ কৰি ৰখা শিকক,নহ'লে অৱস্থা তথৈবচ হব পাৰে।মনত ৰাখিব যে যাক ভাল কৰিব নোৱাৰি ,সেইটো স্বীকাৰ কৰি লোৱাই ভাল। বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক ,এনেকৈ শুনিলে আপুনি আজি নিশ্চিত ভাৱে লাভ্ৰ মুখ দেখিবলৈ পাব। যেতিয়া আপোনাৰ জীৱন সংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘুৰি আহিব ,তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব। যদি আজিৰ কাম আপুনি কাইলৈ পেলাই আছে তেন্তে ইয়াৰ বেয়া পৰিণাম আপুনি ভূগিব লাগিব পাৰে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Sunday, February 5, 2023)

কোনো কাৰণ অবিহনে নিজৰ কথা আলোচনা কৰি থাকিলে আপোনাৰ আত্ম বিশ্বাস কম কৰি দিব পাৰে। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত থাকিব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধু বৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ'লে জীৱনটোক উদযাপন কৰি সময় বোৰ অতিবাহিত কৰক। যদি আপুনি আজি এনেই এটা সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে ,তেন্তে আজিৰ দিনটো বহুত হতাশাজনক হব। আজি দিনটো আপোনাৰ আৰু জীৱন সংগীৰ মাজত আত্মীয়তা পূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। এই দিিনটো বন্ধু অথবা পৰিয়ালৰ লগত শ্বপিং কৰিব গৈ অলপ ফুৰ্তি কৰাৰ ,অকল নিজৰ খৰচৰ প্ৰতি অলপ মন দিয়া উচিত হব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Sunday, February 5, 2023)

আপোনাৰ বেলেগক সমালোচনা কৰাৰ স্বভাৱৰ বাবে অন্যই আপোনাক সমালোচনা কৰিব পাৰে। আপোনাৰ চেন্স অফ হিউমাৰ ৰাখক আৰু এনে কৰিলে আপুনি সমালোচনা কৰিলেও তাক ভাল ভাৱে গ্ৰহণ কৰিব পাৰিব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। ঘৰৰ কোনো এজন সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি চিন্তিত থাকিব । আপুনি তেখেতৰ লগত কথা পাতিব লাগে। ৰোমাণ্টিক সাক্ষাৎকাৰ আপোনাক অধিক সুখ প্ৰদান কৰিব। সেইসকল লোকৰ লগত মিলা-প্ৰীতি কমাই দিওঁক যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। আপুনি অনুুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। বহুত আলহীৰ আগমণে আপোনাৰ মন মেজাজ বেয়া কৰি দিব পাৰে, কিন্তু ভাল কথা এইটোয়ে যে আপুনি বহুত পূৰণি বন্ধু লগ কৰিব পাৰিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Sunday, February 5, 2023)

প্ৰকৃতিয়ে আপোনাক চোকা মগজু আৰু আত্ম বিশ্বাস দিছে, ইয়াৰ আপুনি পূৰ্ণ ব্যৱহাৰ কৰক। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। আপুনি বিবাদযুক্ত বিষয় সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক ,যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি আপোোনাৰ প্ৰিয়জনৰ সন্মূখত নিজৰ ভাৱনা প্ৰকাশ কৰিবৰ সময়ত অসুবিধা অনুভৱ কৰিব। প্ৰয়োজনীয় কামবোৰ শেষ কৰি আপুনি সময়তো ৰাহি কৰিব কিন্তু সময়বোৰ ভাল কামত ব্যৱহাৰ কৰিব নোৱাৰিব। আপোনাৰ জীৱন সংগীৰ বাবে আপোনাৰ সমাজীয় প্ৰতিষ্ঠাত আঘাত পাব পাৰে। নিজৰ বাবে ভাল সময় উলিওৱা বহুত ভাল হব , ইয়াৰ বহুত বেছি প্ৰয়োজনীয়তা আহি পৰিছে ,যদি আপুনি বন্ধু সমূহক ইয়াৰ সহযোগী বনায় তেন্তে আনন্দ দুগুণ হৈ যাব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Sunday, February 5, 2023)

দিনৰ আৰম্ভণি আপুনি যোগ-প্ৰানায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনৰ বাবে লাভদায়ক হব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। আজি এই ৰাশিৰ চাকৰি বিচাৰি থকা কিছুমান লোকে চাকৰি পাব পাৰে আৰু সিহঁতৰ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে। আত্মীয় লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। যাত্ৰা আৰু শিক্ষাৰ লগত জড়িত কাম আপোনাক অধিক সজাগ কৰি তুলিব। জীৱন সংগীৰ লগত কিছু মতভেদ হব পাৰে দিনটোত কিন্তু সন্ধিয়া খোৱা সময়ত সকলো ভুল বুজাবুজি ভাল হৈ যাব। আজি আপোনাৰ মনটো প্ৰশান্তিৰে ভৰি থাকিব সেয়ে ঘৰতো ভাল পৰিৱেশ এটা বিৰাজ কৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Sunday, February 5, 2023)

আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধুলা কৰি কটাই দিব পাৰে। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হব পাৰে। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। আকাশ খন অধিক উজ্জ্বল দেখা যাব , ফুল সমূহত ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হব আৰু আপোনাৰ ওচৰে-পাজৰে থকা সকলো বস্তু উজ্বলি উঠিব ,কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। পৰিয়ালৰ প্ৰয়োজন পুৰ কৰোতে-কৰোতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে। কিন্তু আজি আপুনিসকলোৰ পৰা দুৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। কিছুুমান মানুহ একেলগে থাকে কিন্তু সিহতঁৰ জীৱনত প্ৰেমাভূতি খুব কমি যায় কিন্তু আপোনাৰ বাবে এই দিনটো বহুত ৰোমাণ্টিকৰ বুলি প্ৰমাণিত হব। ৰাতি আপুনি কাকো নোকোৱাকৈ ঘৰৰ বহিৰত ওলাই যাব পাৰে কাৰণ আপুনি কিবা মন দ্বন্দ্বৰ মাজত থাকিব যাৰ সমাধান আপুনি উলিয়াব পৰা নাই।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Sunday, February 5, 2023)

আপোনাৰ শৈশৱৰ স্মৃতিয়ে আপোনাক ব্যস্ত ৰাখিব,কিন্তু ইয়াৰ ফলত আপুনি নিজকে মানসিক ভাৱে অশান্তি দিব পাৰে। আপোনাৰ অশান্তিৰ প্ৰধান কাৰণ হব যে আপুনি আকৌ সেই জীৱন জীয়াব বিচাৰিব আৰু জীৱনক প্ৰাণ খুলি উপভোগ কৰিব বিচাৰিব। আজি আপোনাৰ সহোদৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহতঁৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে যদিও অৱস্থা সোনকালে ভাললৈ আহিব। কিছুমান যিমান কৰিব পাৰে ,তাতকৈ বহুত বেছি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, এনেকুৱা লোকৰ লগত সম্পৰ্ক নৰখাই শ্ৰেয় যি অকল নিজৰ গুণ গান গাই থাকে আৰু কোনো ধৰণৰ পৰিণাম নিদিয়ে। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমত যাদু কৰাৰ ক্ষমতা আছে। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী। আপোনাৰ সন্তান শিক্ষাৰ ক্ষেত্ৰত ভাল কৰিব পাৰে যদি আপুনি সিহতঁৰ লগত সহযোগ কৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Sunday, February 5, 2023)

বহুত কিবাকিবি আপোনাৰ ওপৰত ভৰষা কৰি আছে আৰু নিৰ্ণয় ল'ব বাবে স্পষ্ট চিন্তা ধাৰা আৱশ্যকীয়। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব , যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। দিনটোক অধিক ৰোমাঞ্চকৰ বনাবৰ বাবে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰক। যদি আপুনি আপোনাৰ প্ৰেমাস্পদৰ লগত কৰব্বত ফুৰিব গৈ আছে তেন্তে কাপোৰ ভাৱি চিন্তি পিন্ধিব । যদি আপুনি এনে নকৰে তেখেত বেয়া পব পাৰে। আজি সময় উলিয়াই আপুনি জীৱনসংগীৰ লগত ক’ৰবাত ফুৰিব যাব পাৰে ।কিন্তু এইখিনি সময়ত আপোনালোক দুজনৰ অলপ তৰ্ক হ’ব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে কিন্তু আপোনালোক দুজনে সকলো পৰিস্থিতি চম্ভালি লব পাৰিব। বহুত মনোযোগেৰে কাম কৰক তাতোকৈ ফূৰ্তিৰে পাৰ্টী কৰক -এইটো চাব গ'লে আধুনিক সময়ৰ সকলোতকৈ প্ৰসিদ্ধ মন্ত্ৰ কিন্তু আৱশ্যকতকৈ অধিক পাৰ্টী কৰাটো শৰীৰৰ পক্ষে ভাল বুলি পৰিগণিত নহ'ব।



SeeHere is theComments

Sponsored

close