> ৫ মাৰ্চ, দেওবাৰ - কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো- 5 March, Sunday - Tomorrow's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

৫ মাৰ্চ, দেওবাৰ - কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো- 5 March, Sunday - Tomorrow's horoscope in Assamese

 ৫ মাৰ্চ, দেওবাৰ - কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো- 5 March, Sunday - Tomorrow's  horoscope in Assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Sunday, March 5, 2023)

আজি আপোনাক বিশ্ৰামৰ বহুত প্ৰয়োজন লগতে ঘনিষ্ঠ বন্ধু আৰু আত্মীয় তথা পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰাটো জৰুৰী। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব যাৰ ফলত আৰ্থিক হানি হয়। আজিৰ দিনাখন আপুনি বহুত অৱসৰ সময় পাব ,তাৰ সম্পুৰ্ণ লাভ লওক আৰু আপোনাৰ পৰিয়ালৰ লগত মৰম ভৰা অলপ মুহূৰ্ত অতিবাহিত কৰক। আপুনি কেতিয়াবা গোলাপ আৰু কেৱড়া জল একেলগে শুঙি চাইছেনে ? আজি আপোনাৰ জীৱন প্ৰেমৰ বাবে এনেই সুগন্ধৰে মল-মলাই থাকিব। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। আপোনাৰ জীৱন সংগী আপোনাক আজি প্ৰেমৰ অনুভুতি প্ৰদান কৰিব চেষ্টা কৰিব ,তেখেতৰ সহায় কৰক। অফিচত আজি বহুত কাম হোৱা বাবে আপোনাৰ চকুৰ সমস্যা অলপ হব পাৰে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Sunday, March 5, 2023)

আনন্দিত হৈ যাওক কাৰণ আপোনাৰ ভাল দিন আহি আছে আৰু নিজৰ মাজত অতিৰিক্ত উৰ্জাৰ অনুভৱ কৰিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। আজি আপুনি বহুুত ৰোমাঞ্চিত অনুভৱ কৰিব ,কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হব। হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভতি লাভ কৰিব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে। দিবা সপোন দেখা ইমান এটা বেয়া কাম নহয়, ইয়ে আপোনাক কিছুমান ধুনীয়া আইডিয়াও প্ৰদান কৰিব আৰু আজি আপুনি এই কাম ভালকৈ কৰিব পাৰিব কাৰণ আজি আপোনাৰ সময়ৰ অভাৱ নহ'ব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Sunday, March 5, 2023)

আলস্য জীবনত এক বিষৰ দৰে কাম কৰে সেইবাবে নিজকে কলাত্মক কামৰ লগত জড়িত কৰি ৰাখক আৰু এই বেমাৰৰ পৰা নিজকে উৎসাহিত কৰি ৰাখক। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হব। পাৰিবাৰিক মৰ্চাত সকলো বস্তু ভাল ভাৱে গৈ থাকিব আৰু আপোনাৰ যোজনা সমূহৰ বাবে আপুনি পূৰ্ণ সহযোগ লাভ কৰিব। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব ,যদি আপুনি এনেকুৱা ভাল কামত অকণ মানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হব । আপুনি অলপ সময় নিজৰ পচন্দৰ কামবোৰ কৰাত সময় দিয়ক যেনে গান শুনা ,নাচা আৰু বাগিচাৰ কাম কৰা ,ইত্যাদি কৰিলে আপোনাৰ সন্তুষ্টতা অনুভৱ হব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Sunday, March 5, 2023)

আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। সন্তানৰ বাবে অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। আজি আপুুনি যি সামাজিক কাৰ্যক্ৰম ত যাব তাত আপুনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব , আপোনাৰ প্ৰেমৰ আমেজ লওক। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হব পাৰে। কিছুুমান মানুহ একেলগে থাকে কিন্তু সিহতঁৰ জীৱনত প্ৰেমাভূতি খুব কমি যায় কিন্তু আপোনাৰ বাবে এই দিনটো বহুত ৰোমাণ্টিকৰ বুলি প্ৰমাণিত হব। চুটীৰ দিনাখন কোনোবা আৰাম দায়ক চিনেমা হলত ভাল চিনেমা চোৱাতকৈ ভাল কাম আৰু কি হব পাৰে!


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Sunday, March 5, 2023)

আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে , সেইবোৰ বিষয়ত গভীৰ ভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। আপোনাৰ চকু উজ্বল হব আৰু কলিজা বহুত জোৰকৈ ধপধপাব ধৰিব যেতিয়া আপুনি নিজৰ সপোনৰ ৰাজকুমাৰীক প্ৰথম লগ পাব। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে । আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। আপোনাৰ জীৱন সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে ,যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। দিনৰ প্ৰথম ভাগত আপুনি অলপ এলাহ অনুভৱ কৰিব পাৰে কিন্তু যদি আপুনি ঘৰৰ পৰা বাহিৰত যোৱাৰ সাহস গোটাই লব পাৰিছে তেন্তে বহুত কাম সম্পূৰ্ণ হব পাৰে আজি।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Sunday, March 5, 2023)

শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। যদি আপুুনি কাৰোবাক দিয়া ঋণ বহুতদিনৰ পৰা উভতাই বিচাৰি আছে কিন্তু সেই ব্যক্তিজনে আপোনাক অজুহাত দেখুৱাই পইচা দিয়াৰ পৰা বিৰত আছে , তেখেত আজি একো নোকোৱাকৈ আপোনাৰ পাওনা খিনি ঘুৰাই দিব। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোক সকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। আজি হঠাৎ কাৰোবাৰ লগত ৰোমাণ্টিক সাক্ষাৎকাৰ হব পাৰে। যাত্ৰা আৰু ভ্ৰমণ আপোনাক আনন্দ প্ৰদান কৰিব আৰু বহুত শিক্ষণীয়ও হব। কিছুমান মানুহে বিবাহ সম্পৰ্ক টো অকল কাজিয়া আৰু যৌন সম্পৰ্কক কেন্দ্ৰ কৰি ঘূৰি থাকে বুলি কব খোজে, কিন্তু আজি আপুনি সকলোবোৰ অৱস্থা শান্ত বুলি অনুভৱ কৰিব। আধ্যাত্মিকতাৰ প্ৰতি আজি আপুনি অলপ লীন হ’ব পাৰে আৰু কোনোবা আধ্যাত্মিক গুৰুক লগ কৰিব যাব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Sunday, March 5, 2023)

শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। আপোনালৈ মোৰ এটাই পৰামৰ্শ যে ধূম্ৰপাণ আৰু মাদক দ্ৰব্য সেৱনৰ পৰা এৰাই চলক , এইবোৰে আপোনাৰ শাস্থ্যৰ অপকাৰিতাৰ লগতে আপোনাক আৰ্থিক ভাবে দূৰ্বলো কৰি তোলে। ঘৰুৱা বিষয় সমূহত অধিক সমস্যা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয় টো গুৰ্ত্ব দিয়ে যেন। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজি দিনটো ব্যস্ত ৰাখিব। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব । আপুনি আপোনাৰ জীৱন লগৰীৰ গুণ বোৰৰ বাবে আকৌ তেওঁৰ প্ৰেমত পৰিব পাৰে। আপোনাৰ দিনৰ আৰম্ভণি আজি মধুময় হব সেইবাবে গোটেই দিন আপুনি উদ্দীপ্ত অনুভৱ কৰিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Sunday, March 5, 2023)

আপোনাৰ মাজৰ পৰা যিসকল লোক অফিচত অধিক সময় কাম কৰি আছিল ,সিহত আজি শক্তিৰ নাটনীৰ লগত যুজি আছে ,আজি সেই সকল লোক আকৌ তেনেকুৱা সমস্যাৰ পৰা জৰ্জৰিত হ'ব পাৰে। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰি তেখেতক বিৰক্ত কৰিব পাৰে। যদি আপুনি আজি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাৱেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। যদি আপুনি নিজৰ জীৱন সংগীৰ সৰু সৰু কথা সমূহক গুৰুত্ব প্ৰদান নকৰে তেন্তে তেখেতে বেয়া পাব পাৰে। কোনোবা এনেকুৱা ব্যক্তিৰ ফোন আহিব পাৰে যাৰ লগত আপুনি বহুত দীঘলীয়া সময়ৰ পৰা কথা কব বিচাৰি আছিল ,বহুত এনেকুৱা পূৰণি কথা মনত পৰিব যিবোৰে আপোনাক এতিয়াও সতেজতা প্ৰদান কৰে আৰু এইবোৰ স্মৃতিয়ে আপোনাক আগৰ দিনলৈ উভতাই লৈ যাব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Sunday, March 5, 2023)

আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। সোনকালে ভৱা -চিন্তা নকৰাকৈ কোনো দিশত বিনিয়োগ নকৰিব ,যদি আপুনি গুৰুত্বপূৰ্ণ কোণ সমূহ ভালকৈ চালি জাৰি নাচাই তেন্তে আপোনাৰ লোকচান হব পাৰে। যি ব্যক্তি আগৰ পৰাই আপোনৰ প্ৰতি ভাল ভাৱ পোষণ কৰি থকা নাছিল তাৰ লগত আজিয়ে আপুনি সকলো কথা মীমাংসা কৰি লোৱা উচিত। আপুনি আজি প্ৰেমৰ মনোদশাত থাকিব আপুনি আজি বহুত সুযোগো লাভ কৰিব। আজি এই ৰাশিৰ ছাত্ৰ সকল চিনেমা চাই নিজৰ সময় অপচয় কৰিব পাৰে। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা। নিজৰ পচন্দৰ গান শুনিলে আপুনি একাপ ছাহ খোৱাতকৈ অধিক সতেজ অনুভৱ কৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Sunday, March 5, 2023)

আপোনাৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে।আপুনি বুজিব লাগিব যে ভয়ে অকল শাৰীৰিক শক্তিক শুহি লয় আনকি জীৱনটোৰ আয়ু কম কৰি দিব। বেংকৰ লগত জড়িত লেন দেন সমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে। আপোনাৰ জীৱন সংগী ৰ দায়িত্ব হীনতাৰ দৰে স্বভাৱৰ পৰা আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব, লগত থাকি নিজৰ মূল্যবান সময় অতিবাহিত কৰক আৰু স্মৃতি বিজৰিত ঘটনা সমূহ মনত কৰি মনত সতেজতা আনক ,যাতে পূৰণি দিন সমূহ আকৌ ঘুৰাই আনিব পাৰে। আপুনি প্ৰথম দেখাতে কাৰোবাক ভাল পাব পাৰে। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হব । বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। আজি দিনটো আপোনাৰ আৰু জীৱন সংগীৰ মাজত আত্মীয়তা পূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। বন্ধুৰ সহায় কৰি আজি আপুনি ভাল অনুভৱ কৰিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Sunday, March 5, 2023)

আজি আপোনাৰ আত্ম-বিশ্বাস আৰু উৰ্জাৰ স্তৰ বাঢ়িব। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হব লগতে উচিত মূল্যৰ ধন জমা হব। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব , আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোয়ে হব যে কোনটো আগত লোৱা যায়। এক দীঘল আৰু নিঃসংগ সময় যি আপোনাক হাত কাৰি আছিল ,সেই সময় শেষ হৈ গৈছে -কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱন-সংগী লাভ কৰিব। আজি আপুনি দিনযোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে। আজি আপুনি ধাৰ্মিক কাৰ্য্য়ত মনোনিবেশ কৰিব সেইবাবে আপোনাৰ মানসিক শান্তিৰ অনুভূতি হ’ব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Sunday, March 5, 2023)

ধ্যান কৰিলে শান্তি লাভ কৰিব। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ'ব লগীয়া হ'ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে,এনেকুৱা বিষয়ত সাৱধানতাৰ অলপ ঊনৈছ বিছে আপোনাৰ ক্ষতি কৰিব পাৰে, যিসকল লোকৰ লগত আপুনি থাকে সিহঁত আপোনাৰ লগত ইমান সুখী নহ'ব ,তাৰ কৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয় !! সপোনত থকা সমস্যাসমূহ বাদ দিয়ক আৰু আপোনাৰ সংগীৰ লগত ৰোমাণ্টিক সময় অতিবাহিত কৰক। আজি এই ৰাশিৰ ছাত্ৰ সকল চিনেমা চাই নিজৰ সময় অপচয় কৰিব পাৰে। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক চোছিয়েল মিডিয়াত পঢ়ি হাহিঁ থাকিব ,কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে। আজি বিদেশত থকা কোনোবা ব্যক্তিৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে।

SeeHere is theComments

Sponsored

close