> ১৭ মে’, বুধবাৰ - কাইলৈৰ দিনটোৰ ৰাশিফল - 17 May, Wednesday - Tomorrow's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১৭ মে’, বুধবাৰ - কাইলৈৰ দিনটোৰ ৰাশিফল - 17 May, Wednesday - Tomorrow's horoscope in Assamese

 ১৭ মে’, বুধবাৰ - কাইলৈৰ দিনটোৰ ৰাশিফল -  17 May, Wednesday - Tomorrow's  horoscope in Assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Wednesday, May 17, 2023)

স্বাস্থ্যৰ ৰ ওপৰত যত্ন লোৱা আৱশ্যকতা আছে। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। যাক আপুনি ভাল পায় ,তাইৰ/তাৰ লগত কৰা বেয়া ব্যৱহাৰে আপোনাৰ সম্বন্ধত দূৰত্ব আনিব পাৰে। অলপ কথা বাৰ্তা আৰু চতুৰতা আপোনাক লাভান্বিত কৰিব পাৰে। আজি সময়ৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব।কিন্তু অফিচৰ এটা কাম হঠাৎ আহি যোৱা বাবে আপুনি আৰু সময় নাপাব। বৈবাহিক জীৱনৰ ফালেদি চাব গলে আজি আপুনি সমস্যাৰ সন্মুখীন হব পাৰে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Wednesday, May 17, 2023)

মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাৱি চিন্তি খৰচ কৰিব , ধন হানি হোৱাৰ আশাংকা আছে। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। যদি আপুনি আপোনাৰ প্ৰেমাস্পদৰ লগত কৰব্বত ফুৰিব গৈ আছে তেন্তে কাপোৰ ভাৱি চিন্তি পিন্ধিব । যদি আপুনি এনে নকৰে তেখেত বেয়া পব পাৰে। আপোনাৰ বৰিিষ্ঠ জনক অৱহেলা নকৰিব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । জীৱন সংগীৰ লগত কিছু মতভেদ হব পাৰে দিনটোত কিন্তু সন্ধিয়া খোৱা সময়ত সকলো ভুল বুজাবুজি ভাল হৈ যাব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Wednesday, May 17, 2023)

আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হব পাৰে , অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ শাস্থ্যৰ কথা চিন্তা কৰাটোহে বেচি প্ৰয়োজনীয়। এই সময় এই কথাটো বুজাৰ সময় যে খঙ পাগলামীৰ প্ৰথম স্তৰ আৰু ই আপোনাক প্ৰত্যেক দিশেদি হানি কৰিব পাৰে আৰু আপোনাক লোকচানৰ মুখত পেলাব পাৰে। আপোনাৰ প্ৰেম জীৱন আজি এক নতুন দিশা লাভ কৰিব, আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। নতুুন যোজনা সমূহ আকৰ্ষক হব আৰু ভাল আমদানি ৰ এক বাট বুলি পৰিগণিত হব। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। বৈবাহিক জীৱনৰ ভেঁটি হল প্ৰেম আৰু ভাল খাদ্য ,আৰু আজি আপুনি দুয়োটা বস্তুৰ অভিজ্ঞতা লাভ কৰিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Wednesday, May 17, 2023)

বন্ধুৰ ৰুক্ষ ব্যৱহাৰে আপোনাক কষ্ট দিব পাৰে কিন্তু নিজকে শান্ত ৰাখক । এই কথাক চিন্তাৰ কাৰণ বনিব নিদিব আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰক। যি সকল লোক আপোনাক চিনি পায় ,সিহতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হব পাৰে। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক ,কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। কামত আপোনাৰ প্ৰোফেশ্বনাল অভিজ্ঞতা বহুত ভাল হব। কিছুমান ব্যক্তিৰ বাবে আকস্মিক যাত্ৰা ভাগৰুৱা আৰু হতাশাজনক হব পাৰে। বিয়াৰ আগৰ ধুনীয়া দিনৰ স্মৃতিখিনি আজি সতেজ হব পাৰে ,সেই আগৰ দৰে ঘুৰি ফুৰা, হাঁহি -ধেমালি ,আৰু ফূৰ্তি ইত্যাদি বোৰে আপোনালোকৰ বাবে উপহাৰ।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Wednesday, May 17, 2023)

ধাৰ্মিক আৰু আধ্যাত্মিক ৰুচি অনুযায়ী কাম কৰিবৰ বাবে আজি ভাল দিন হয়। দূৰণি বটীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব ,কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। সম্বন্ধীয় আত্মীয়ৰ পৰা আপুনি সহায় লাভ কৰিব। প্ৰেমৰ দিশৰ পৰা আজি এক লেখত লবলগীয়া দিন, আপোনাৰ প্ৰিয়জন আপোনাৰ সকলো কল্পনা বাস্তৱত পৰিণত কৰিবৰ বাবে আজি সম্পূৰ্ণ ৰূপে তৈয়াৰ। আজিৰ দিনাখন জানি বুজি পদক্ষেপ লোৱা উচিত,এই কাৰণে তেতিয়ালৈকে আপুনি নিজৰ চিন্তা ধাৰা ব্যক্ত কৰিব নালগে যেতিয়ালৈকে আপুনি সফলতাৰ বাবে নিজকে আশ্বাসত লব নোৱাৰে। দিন বহুত ভাল , আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষ বোৰ ভল্কৈ চালি-জাৰি চাওঁক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। আপুনি পৃথিৱীত নিজকে সকলোতকৈ অধিক সম্পত্তি শালী বুলি আজি অনুভৱ কৰিব, কাৰণ আপোনাৰ জীৱন সংগীৰ ব্যৱহাৰে আপোনাক এই অনুভৱ কৰাব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Wednesday, May 17, 2023)

ধ্যান আৰু আত্ম-চিন্তন লাভদায়ক সিদ্ধ হ'ব। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হব পাৰে। যিকোনো চতুৰতাৰে ভৰা কাম কৰাৰ পৰা বাচক । মানসিক শান্তিৰ বাবে এই প্ৰকাৰৰ কামৰ পৰা দূৰত থাকক। আজি এই ধুনীয়া দিন টোত প্ৰেম-সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হব। অংশীদাৰী ব্যৱসায়ত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক,কাৰণ অংশীদাৰ সকল আপোনাৰ বেয়া ভাৱে লাভ উঠাব পাৰে। প্ৰয়োজনীয় কামবোৰ শেষ কৰি আপুনি সময়তো ৰাহি কৰিব কিন্তু সময়বোৰ ভাল কামত ব্যৱহাৰ কৰিব নোৱাৰিব। আপোনাৰ জীৱন লগৰীৰ আন্তৰিক সৌন্দৰ্য বাহ্যিক ফালেদিও আপুনি অনুভৱ কৰিব পাৰিব ।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Wednesday, May 17, 2023)

নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে চিঞৰ বাখৰ কৰাৰ পৰা বিৰত থাকক। সন্দিগ্ধ আৰ্থিক লেন দেনত ফচাৰ পৰা সাৱধানে থাকক। কাম-কাজত প্ৰয়োজনতকৈ অধিক অশান্তি চলি থকাৰ বাবে পৰিয়ালৰ প্ৰয়োজন আৰু ইচ্ছাসমূহক অৱহেলা নকৰিব। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজি দিনটো ব্যস্ত ৰাখিব। চাকৰি সলনি কৰাটো লাভদায়ক বুলি পৰিগণিত হব ,আপুনি আপোনাৰ বৰ্তমানৰ চকৰি এৰি দি এক নতুন ক্ষেত্ৰত মাৰ্কেটিং ইত্যাদিত যাব পাৰে , যি আপোনাৰ বাবে ভাল হ্ব। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। জীৱন লগৰীৰ ওপৰত কৰা সন্দেহে আপোনালোকৰ মাজত এক নতুন বিবাদৰ সৃষ্টি কৰিব পাৰে।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Wednesday, May 17, 2023)

খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। আৰ্থিক নিৱেশৰ বাবে আজি বহুত ভাল দিন ,কিন্তু উচিত পৰামৰ্শ অনুযায়ী নিৱেশ কৰক। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। যদি প্ৰেমাস্পদক জীৱন্ সংগীৰূপে পাব বিচাৰে তেন্তে আজিয়ে তেখেতেৰ লগত এই বিষয়ে কথা পাতক। অৱশ্যে কথা পতাৰ আগতে তেখেতৰ মনোভাৱ জানি লোৱাটো আপোনাৰ কৰণীয়। এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিবিচাৰিলেও যাত্ৰা কৰিবলগীয়া হব পাৰে। এই যাত্ৰা আপোনাক মানসিক অশান্তি দিব পাৰে। চাকৰি কৰি থকা লোক সকল আজি অফিচৰ যা- তা ক্থাৰ পৰা বাচি থাকিব। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিব লগীয়া দিন বোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Wednesday, May 17, 2023)

আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। আপোনাৰ উচ্চাকাংক্ষা সমূহক ডাঙৰ কাৰোবাৰ লগত ভাগ-বতৰা কৰক ,যি জনে আপোনাক সহায়ৰ হাত আগ বঢ়াব পাৰে। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হব, মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি লব। আপুনি এই কথা সদায় মনত ৰখা উচিত যে ভগৱান অথবা আল্লাহ তাৰেই সহায় কৰে যি নিজৰ সহায় নিজে কৰিব জানে। জীৱন সংগীৰ কোমল তথা সৰল মনে আপোনাৰ দিন আজি বিশেষ বনাই দিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Wednesday, May 17, 2023)

নিজৰ ভাৱনাত বিশেষকৈ খঙত নিয়ন্ত্ৰণ ৰাখক। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিক কৈ খৰচ হৈ থাকিব ,কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰ সমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব। অন্য মানুহ আপোনাক আশা আৰু সপোন দিব ,কিন্তু প্ৰকৃততে সকলো আকাংক্ষা আপোনাৰ নিজৰ কাম আৰু কষ্টৰ ওপৰত নিৰ্ভৰ কৰিব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আৰহণ কৰিব। খালী সময়ৰ সদ্ব্যৱহাৰ হব লাগে কিন্তু আজি আপোনাৰ দ্বাৰা দুৰ্ব্যৱহাৰ হৈ যাব, আৰু এইবাবে আপোনাৰ মনো বেয়া হৈ যাব। আজি আপুনি জীৱন সংগীৰ লগত ঘুৰা-ফুৰাৰ মজা লব আৰু একেলগে সময় অতিবাহিত কৰাৰ এটা ভাল সুযোগ লাভ কৰিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Wednesday, May 17, 2023)

ঘৰত কাম কৰোতে অধিক সাৱধান থাকক।ঘৰুৱা বস্তু সমূহক অৱহেলা কৰি ব্যৱহাৰ কৰিলে নতুন সমস্যাৰ সৃষ্টি হব পাৰে। আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক নহলে লগা সময়ত আপোনাৰ তাত পইচাৰ নাটনি হব পাৰে। আজি আপুুনি যি সামাজিক কাৰ্যক্ৰম ত যাব তাত আপুনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আপোনাৰ জীৱন সংগীৰ বাবে আপোনাৰ সমাজীয় প্ৰতিষ্ঠাত আঘাত পাব পাৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Wednesday, May 17, 2023)

নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। যিসকল লোকে নিজৰ ষষ্ঠ ইন্দ্ৰীয়ক নিয়ন্ত্ৰন কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল সিহতে নিজকে নিয়ন্ত্ৰন কৰাটো অত্যন্ত প্ৰয়োজনীয়। কোনোবা পূৰণি পৰিচিত ব্যক্তি আপোনাৰ সমস্যাৰ কাৰণ হব পাৰে। আজি আপুনি প্ৰেম পূৰ্ণ মনোভাৱত থাকিব ,এইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। আপুনি আজি ব্যৱসায়িক লেন দেন সমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। আজি আপুনি বেলেগক সহায় কৰিবৰ বাবে স্বেচ্ছাই যিবোৰ কাম কৰিব সেই কাম তেখেতক সহায় কৰাৰ উপৰি আপোনাকো নিজৰ দিশে অলপ ধনাত্মকভাৱে চাবলৈ শিকাব। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব ।

SeeHere is theComments

Sponsored

close