> ১৭ জুন, শনিবাৰ- আজিৰ দিনটোৰ ৰাশিফল - 17 June, Saturday - Today's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১৭ জুন, শনিবাৰ- আজিৰ দিনটোৰ ৰাশিফল - 17 June, Saturday - Today's horoscope in Assamese

  ১৭ জুন, শনিবাৰ- আজিৰ  দিনটোৰ ৰাশিফল -  17 June, Saturday - Today's  horoscope in Assamese 





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Saturday, June 17, 2023)

আপোনাৰ বন্ধু সমূহ অতি সমৰ্থন কৰা হব আৰু আপোনাক সদায় সুখী ৰাখিব। যি সকল লোক আপোনাক চিনি পায় ,সিহতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। সন্তানৰ লগত অধিক ৰুক্ষতা ভাৱে ব্যৱহাৰ নকৰিব, নিজকে নিয়ন্ত্ৰিত ৰাখক আৰু এইটো কথা মনত ৰখাৰ প্ৰয়োজন যে এনেকুৱা কৰিলে আপুনি তেখেতৰ আৰু নিজৰ মাজত দেৱাল এখন থিয় কৰাব পাৰে। আজি ৰোমাঞ্চৰ বাবে ভাল বতৰ নহয় কাৰণ আপোনাৰ প্ৰিয়জনৰ আজি অলপ অধিক আশাবাদী হোৱাৰ আশংকা আছে। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হব । বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। জীৱন সংগীক নোসোধাকৈ কিছু পৰিকল্পনাৰ যোজনা কৰিলে তেখেতৰ ফালৰ আপুনি ঋণাত্মক সহাঁৰি পাব পাৰে। আপোনাৰ ভৱিষত্যৰ পৰিকল্পনা বনাবৰ বাবে এয়া উপযুক্ত দিন,কাৰণ আপোনাৰ ওচৰত অলপ ভাল কৈ আজৰি সময় আছে ,কিন্তু পৰিকলল্পনা ব্যৱহাৰিক ৰাখিলে ভাল ,কাল্পনিক কেতিয়াও আপোনাৰ কামত নাহে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Saturday, June 17, 2023)

অসীমিত পৰিমাণৰ উৰ্জা আৰু উৎসাহ আপোনাক আৱৰি ধৰিব আৰু আপোনাৰ সন্মুখত অহা বহুত সুযোগৰ আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। যিসকল বিবাহিত সিহতঁৰ আজি নিজৰ সন্তানৰ পঢ়া শুনাৰ ওপৰত বৃহৎ পৰিমাণৰ ধন খৰচ হব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। ৰোমাঞ্চৰ বতৰ হয় ,কিন্তু নিজৰ ভাৱনা সমূহক নিয়ন্ত্ৰণত ৰাখক,নহ'লে সম্বন্ধত ফাটঁ মেলিব পাৰে। যদি কৰোবাত বাহিৰত যোৱাৰ পৰিকল্পনা আছে তেনেতে এই যোজনা শেষ সময়ত বাতিল হৈ যাব পাৰে। আপোনাৰ জীৱন সংগী দৈনন্দিন প্ৰয়োজন বোৰ পূৰণ কৰিব যাওতে পিছ হুঁহকিব পাৰে ,যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব পাৰে। কোনোবা এনেকুৱা ব্যক্তিৰ ফোন আহিব পাৰে যাৰ লগত আপুনি বহুত দীঘলীয়া সময়ৰ পৰা কথা কব বিচাৰি আছিল ,বহুত এনেকুৱা পূৰণি কথা মনত পৰিব যিবোৰে আপোনাক এতিয়াও সতেজতা প্ৰদান কৰে আৰু এইবোৰ স্মৃতিয়ে আপোনাক আগৰ দিনলৈ উভতাই লৈ যাব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Saturday, June 17, 2023)

নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। অকল এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটোক নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময় পইচা মনোৰঞ্জনত খৰচ নকৰিব। আজি অকল অচিনাকি ব্যক্তি নহয় আনকি নিজৰ বন্ধু-বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰে, তেখেতে খং কৰিলে আপুনি বেয়া নাপাই তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। নিজৰ ব্যক্তিত্ব আৰু ৰূপ-ৰং ক ভাল কৰিবৰ বাবে কৰা চেষ্টআ সন্তুষ্ট জনক হব। আত্মীয়ৰ বাবে জীৱন সংগীৰ লগত বাদ-বিবাদ হব পাৰে, কিন্তু অন্তত সকলো সমস্যাৰ সমাধান হৈ যাব। স্ব-অহমিকাৰ পৰা আজি বাচি থাকক নহ’লে এনেকুৱা কৰাৰ ফলত নিকটতম মানুহসমূহ আপোনাৰ পৰা দুৰ হৈ যাব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Saturday, June 17, 2023)

আপুুনি শৰীৰৰ যিকোনো অংগত বিষ অথবা অশান্তি জাতীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। বহুুত কাম পৰি থকা স্বত্তেও আপুনি ৰোমাঞ্চকৰ ঘুৰা-ফুৰা ইত্যাদি আপোনাৰ মন-মগজুত বিৰাজ কৰি থাকিব। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহব। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱন সংগীৰ লগত অতিবাহিত কৰিব। আজিৰ দিনাখন একো কৰিব নালাগে ,অকল নিজৰ অস্তিত্বৰ আনন্দ উপভোগ কৰক আৰু এক ধন্যবাদ সূচক মনোভাৱেৰে থাকক ,আৰু নিজকে দৌৰা-দৌৰি কৰাৰ বাবে বাধ্য নকৰিব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Saturday, June 17, 2023)

কোনোবা সন্ত অথবা সজ্জন পুৰুষৰ নৈতিক কথা আপোনাক সন্তুষ্টি আৰু মোক্স প্ৰাপ্ত কৰিব। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। আপোনাৰ পৰিয়ালৰ লগত ৰুক্ষ ব্যৱহাৰ নকৰিব ,এই ব্যৱহাৰে পাৰিবাৰিক শান্তি ভঙ্গ কৰিব পাৰে। আপোনাৰ প্ৰেমৰ এই সমন্ধত যেন এক যাদু আছে ,ইয়াৰ সৌন্দৰ্য অনুভৱ কৰক। খালি সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেইকামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ নাই হোৱা। আজি বিবাহৰ পিনেদি চালে সকলো বোৰ বস্তু আজি আপোনাৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হব। এই সপ্তাহত পৰিয়ালৰ লগত শ্বপিং কৰিব যোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰি পেলাব পাৰে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Saturday, June 17, 2023)

দিনৰ আৰম্ভণি আপুনি যোগ-প্ৰানায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনৰ বাবে লাভদায়ক হব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হব। সৰু ভাই-ভনী আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। অনাকাংক্ষিত ৰোমাণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰী আজিৰ কাম কাইলৈ পেলাই নথ’ব ,যেতিয়াই খালী সময় পাব তেতিয়াই কামখিনি পুৰা কৰি লব।এইটো আপোনাৰ বাবেই হিতকৰ। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা। কাকো অৱগত নকৰাকৈ আজি আপুনি ঘৰত সৰু সুৰা পাৰ্টী পাতিব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Saturday, June 17, 2023)

আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাস ৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হব। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক ,কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হব আপুনি শান্ত হৈ থাকক । মনত ৰাখিব সংবেদশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। সিহতক অনুভৱ কৰিব দিয়ক যে আপুনি সচাকৈয়ে সকলোৰে কথা চিন্তা কৰে। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হব । বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। আপুনি এই কথা জানে নে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱ দূতৰ দৰে ,তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব। আজি যদি আপোনাৰ কাম বেছি নাই তেন্তে আপুনি ঘৰৰ বস্তুৰ মেৰামতি কৰাত সময় দিব পাৰে।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Saturday, June 17, 2023)

দিনৰ আৰম্ভণি আপুনি যোগ-প্ৰানায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনৰ বাবে লাভদায়ক হব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। আজি আপোনাৰ মা দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে অৱশ্যে আপুনি এই কথাটো বহুত মনযোগ দি শুনাটো দৰকাৰ নহলে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হব পাৰে। আপোনাৰ সন্তানৰ লগত অলপ সময় অতিবাহিত কৰক, সিহঁতক ভাল শিক্ষা প্ৰদান কৰক আৰু সিহঁতৰ দায়িত্ব বুজাৰ প্ৰয়োজন আছে। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। জীৱন সংগীৰ লগত অলপ হাঁহি -খিকিন্দালি ,অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘুৰাই অনাত সক্ষম হব। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Saturday, June 17, 2023)

আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। মা-দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। কোনোবা বন্ধু নিজৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰি আপোনাৰ কাষ চাপিব পাৰে। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰি তেখেতক বিৰক্ত কৰিব পাৰে। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে । আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়, পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী। ঘৰৰ এজন সদস্য আজি আপোনৰ বিৰুদ্ধে কথা ক’ব পাৰে যাৰ বাবে আপুনি আহত হ’ব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Saturday, June 17, 2023)

আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। যি আপোনাৰ পৰিয়ালৰ মানুহবোৰক বিবুধিত পেলাই দিব পাৰে। সেইবোৰ লোক ভাগ্যৱান হয় যি নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে,ইয়াৰ আগত যাতে আপোনাৰ খঙে আপোনাক ধ্বংস কৰি নিদিয়ে তাৰ বাবে আপুনি তাক শেষ কৰি দিয়ক। অকল এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটোক নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময় পইচা মনোৰঞ্জনত খৰচ নকৰিব। দেউতাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে আপুনি খঙ কৰিব পাৰে। কিন্তু পৰিস্থিতিক নিয়ন্ত্ৰণত ৰাখিবৰ বাবে আপুনি শান্ত হৈ থকা উচিত । ইয়াৰ ফলত আপোনাৰ লাভ হব। প্ৰেমৰ কোনো সীমনা নাই, ই সকলো সীমাতকৈ উৰ্ধত; আপুনি এই কথা আগতে শুনিছিল চাগে, কিন্তু আজি সেই দিন যেতিয়া আপুনি বিচাৰিলে এই ভাৱনা সমূহ অনুভৱ কৰিব পাৰে। বহু কাম এৰি আজি আপুনি আপোনাৰ ভাল লগা কাম কৰিব পাৰে কিন্তু কাম অধিকতৰ হোৱাৰ বাবে আপোনাৰ এই পৰিকল্পনা সফল নহ’ব। যদি আপুনি আৰু আপোনাৰ জীৱন লগৰী যোৱা কেইদিনৰ পৰা অলপ অসুখী অনুভৱ কৰি আছে তেন্তে আজি পৰিস্থিতি অলপ ভাললৈ ঢাল খাব ,আপুনি দুয়োজনেই আজি ভাল আৰু সুখী অনুভৱ কৰিব। আজিৰ দিনটো বহুত বৰিং হব পাৰে ,সেইবাবে আপুনি আজি কিবা নতুন আৰু বিশেষ কৰি দিনটোক আগ্ৰহী কৰিব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Saturday, June 17, 2023)

বহুত কিবাকিবি আপোনাৰ ওপৰত ভৰষা কৰি আছে আৰু নিৰ্ণয় ল'ব বাবে স্পষ্ট চিন্তা ধাৰা আৱশ্যকীয়। আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। আপুনি চিন্তামুক্ত হৈ আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ মাজত আনন্দৰ মুহূৰ্ত বিচাৰি প্ৰয়োজন আছে। মন বেয়া নকৰিব, কেতিয়াব বিফলতাৰ সোৱাদ পোৱাটো একো বেয়া কথা নহয় , এয়া তো জীৱনৰ এক সৌন্দৰ্য। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব , যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়। জীৱন সংগী আজি অলপ অধিক আত্ম কেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব। সুখ আপোনাৰ অন্তৰতেই থাকে আপুনি অকল অনুভৱ কৰিব দৰকাৰ।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Saturday, June 17, 2023)

স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ'ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব,এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্ব সমূহক নেদেখাৰ ভাও জোৰে তেন্তে কিছুমান এনেকুৱা লোক আপোনাক খঙ কৰিব পাৰে যি সকল আপোনাৰ লগত একেলগে বাস কৰে। অন্যক সুখ দি আপুনি নিজৰ পূৰণি ভুল সমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। দিন বহুত ভাল , আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষ বোৰ ভল্কৈ চালি-জাৰি চাওঁক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। বাহিৰৰ মানুহ আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিলে আপোনাৰ জীৱনত বহুতো সমস্যাৰ উৎপন্ন হব পাৰে। কোনোব ঘনিষ্ঠ এজনক লৈ আপুনি আজি নিৰাশ হ’ব পাৰে।

SeeHere is theComments

Sponsored

close