> ২০ জুন, মঙলবাৰ- কাইলৈৰ দিনটোৰ ৰাশিফল - 20 June, Tuesday - Tomorrow's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২০ জুন, মঙলবাৰ- কাইলৈৰ দিনটোৰ ৰাশিফল - 20 June, Tuesday - Tomorrow's horoscope in Assamese

  ২০ জুন, মঙলবাৰ- কাইলৈ  দিনটোৰ ৰাশিফল -  20 June, Tuesday - Tomorrow's  horoscope in Assamese 





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Tuesday, June 20, 2023)

সামাজিক মিলাপ্ৰীতি ৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দিয়া আৰম্ভ কৰক। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। আপুোনাৰ পৰিয়ালৰ সদস্যৰ ভাৱনাত আঘাত কৰাৰ পৰা বাচিবৰ বাবে নিজৰ খঙ নামক ইন্দ্ৰীয়ক নিয়ন্ত্ৰণ কৰক। যদি আপুনি নিজৰ প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়ে তেন্তে তেখেত বেয়া পাব পাৰে অথবা খঙো কৰিব পাৰে। ইয়াৰ আগত কি আপোনাৰ বৰিষ্ঠ সকল এই বিষয়ে অৱগত হওক তাৰ আগতে কাম টো শেষ কৰা উচিত। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। আপোনাৰ জীৱন সংগীৰ ফালৰ পৰা লাভ কৰা কোনো বিশেষ উপহাৰে আপোনাৰ দুখিত মনক উৎসাহ যোগোৱাত বহুত সহায় কৰিব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Tuesday, June 20, 2023)

আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। ঘৰত হবলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুত খৰচ হব পাৰে যাৰ ফলত আৰ্থিক স্থিতি অলপ দূৰ্বল হব পাৰে। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। আপুনি নিজৰ প্ৰিয়জনৰ বাহুত আৰাম অনুভৱ কৰিব। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনিয়ে আজি ৰাজত্ব কৰিব। টিভি আৰু মোবাইলৰ ব্যৱহাৰ ভুল নহয় কিন্তু প্ৰয়োজনতকৈ অধিক ব্যৱহাৰ আপোনাৰ জৰুৰী সময় নষ্ট কৰিব পাৰে। আপোনাৰ জীৱন লগৰীৰ মন-মেজাজ আজি খুবেই ভাল হব ,আপুনি কিবা চাৰপ্ৰাইজ লাভ কৰিব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Tuesday, June 20, 2023)

আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। আজি আপুনি ধৈৰ্য শীল ভাৱে চলিব নোৱাৰিব,সেইবাবে সংযমতা ৰাখক কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। প্ৰেমৰ পিনে দি চাব গ'লে আজি আপোনাৰ জীৱন সীমাহীন আনন্দ সমূহ উপভোগ কৰিব পাৰে। কাম-কাজ ৰ বিষয়ত আজি আপোনাৰ বক্তব্য সকলোৱে শুনিব। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱন সংগীৰ লগত আত্মীয়তা বোধ এটাৰ অনুভৱ কৰিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Tuesday, June 20, 2023)

আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। সন্তানক আপোনাৰ উদাৰ ভাৱৰ অনাহকত লাভ উঠাব নিদিব। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে। অফিচত আপোনাৰ প্ৰতিদ্বন্দিতা কৰা ব্যক্তিজনক আজি ভুল কাম কৰাৰ ফল প্ৰাপ্ত হব। কৰ্ম-কাণ্ড/পূজা আদি আজি ঘৰত অনুষ্ঠিত হব। অত্যাধিক খৰচে বৈবাহিক জীৱনত মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Tuesday, June 20, 2023)

বিজয়ী হোৱাৰ আনন্দই আপোনাৰ মন সুখেদি ভৰাই দিব। এই উৎসাহক দুগুন কৰিবৰ বাবে আপুনি নিজৰ সুখত বন্ধুসকলক অংশীদাৰ বনাব পাৰে। আপোনাৰ ভৱিষ্যত ক সম্বৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। যাক আপুনি ভাল পায় ,সিহতৰ লগত উপহাৰৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন । ধুনীয়া ফুল দি নিজৰ প্ৰেমৰ প্ৰকাশ কৰক। আপুনি আজি ব্যৱসায়িক লেন দেন সমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। আজি গোটেই দিন খালী বহি থাকিব পাৰে আৰু টিভি নাইবা চিনেমা চাব পাৰে। আজি দিনটো আপোনাৰ আৰু জীৱন সংগীৰ মাজত আত্মীয়তা পূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Tuesday, June 20, 2023)

আপোনাৰ বন্ধু সমূহ অতি সমৰ্থন কৰা হব আৰু আপোনাক সদায় সুখী ৰাখিব। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। যদি আপুনি সামাজিক অনুষ্ঠান আৰু কাৰ্যক্ৰম সমূহত অংশগ্ৰহণ কৰে, তেন্তে আপুনি নিজৰ সংগী আৰু বন্ধুৰ তালিকাখন আৰু দীঘল কৰিব পাৰে। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। সময়ৰ গতিৰ লগত চলা লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হব কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হব। আপোনাৰ জীৱন সংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Tuesday, June 20, 2023)

জীৱনত প্ৰাপ্তি হোৱা প্ৰত্যেক ভাল অনুভুতি আৰু বস্তুক বহুত সন্মানেৰে অনুভৱ কৰিবলৈ আপোনাৰ মন আৰু মগজুৰ দুৱাৰ খোলক ,অহেতুক চিন্তা কৰিবলৈ এৰটো ইয়াৰ প্ৰথম পদক্ষেপ। ব্যৱসায়ীসকলৰ আজি ব্যৱসায়ত লোকচান হব পাৰে আৰু ব্যৱসায় ভাল কৰিবৰ বাবে পইচা খৰচ কৰিব লগাত পৰিব পাৰে। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। এক দীঘল আৰু নিঃসংগ সময় যি আপোনাক হাত কাৰি আছিল ,সেই সময় শেষ হৈ গৈছে -কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱন-সংগী লাভ কৰিব। অংশীদাৰৰ ব্যৱসায়ত কৰি থোৱা কাম আজি লাভদায়ক ৰূপে পৰিগণিত হব ,কিন্তু আপুনি অংশীদাৰ সকলৰ বিৰোধৰ সন্মুখীন হব লগাত পৰিব পাৰে। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব , যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব ।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Tuesday, June 20, 2023)

মানসিক স্পষ্টতা ৰ বাবে ভ্যম আৰু নিৰাশাৰ পৰা বাচি থকাৰ চেষ্টা কৰক। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিত দৰে দেখিব কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব ,বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। প্ৰেম,মিলা-প্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হব। ৰোমাাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। আপোনাৰ জীৱন সংগী বহুত সহযোগী আৰু সহায়কাৰী হব। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হব । বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱন সংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে ,যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব ।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Tuesday, June 20, 2023)

ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। কিন্তু সদায় এনেকৈ থাকিব বুলি আপুনি অলীক সপোনত নাথাকিব, নিজৰ জীৱন আৰু স্বাস্থ্যৰ সন্মান কৰক। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হব পাৰে সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক যাৰ ফলত আপোনাৰ বহুত সমস্যা সমাধান হব। আপুোনাৰ লগত বাস কৰা লোকজন আপোনাৰ নতুন ব্যৱহাৰৰ বাবে অতিকৈ অসহ্য অনুভৱ কৰিব। যদি আপুনি আপোনাৰ প্ৰেমাস্পদৰ লগত কৰব্বত ফুৰিব গৈ আছে তেন্তে কাপোৰ ভাৱি চিন্তি পিন্ধিব । যদি আপুনি এনে নকৰে তেখেত বেয়া পব পাৰে। আজিৰ দিন হল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে।ইয়াৰ পিছত ঘৰৰ মানুহক মনাওতে বহুত সময় লাগি যাব পাৰে। জীৱন সংগীক নোসোধাকৈ কিছু পৰিকল্পনাৰ যোজনা কৰিলে তেখেতৰ ফালৰ আপুনি ঋণাত্মক সহাঁৰি পাব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Tuesday, June 20, 2023)

আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহবও পাৰে। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হব। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব । কাম-কাাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হব। এই ৰাশিৰ লোকসকল আজি নিজৰ বাবে সময় উলিওৱাটো নিত্যান্তই জৰুৰী যদি আপুনি এনে নকৰে তেন্তে আপুনি মানসিক্ভাৱে ভাগৰি পৰিব পাৰে। জীৱন সংগীৰ কাৰণে আজি আপুনি অনুভৱ কৰিব যে তেখেতৰ বাবে আপুনিয়ে সকলো।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Tuesday, June 20, 2023)

আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। অকল এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটোক নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময় পইচা মনোৰঞ্জনত খৰচ নকৰিব। আপোনাৰ নিৰ্ণয় আপোনাৰ সন্তানৰ ওপৰত থপিলে সিহঁত খঙ কৰিব পাৰে। ভাল হব যে আপুনি সিহঁতক নিজৰ পক্ষ বুজাই দিয়ক ,যাতে সিহঁতে সেই কথাৰ প্ৰকৃত কাৰণ বুজি আপোনাৰ কথাক সহজতে মানি লওক। আজি এই ধুনীয়া দিন টোত প্ৰেম-সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হব। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে তেন্তে আপুনি বহুত ভুল ভাৱি আছে। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হব পাৰে। আজি আপুনি গম পাব যে কিয় বিয়াৰ সম্পৰ্ক স্বৰ্গতে নিৰ্ধাৰণ হয় ।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Tuesday, June 20, 2023)

আপুনি আজি মহত্বপূৰ্ণ নিৰ্ণয় ল'বলগীয়া হব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তি আৰু হতাশাত ভুগিব পাৰে। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। জীৱন-সংগী জীৱনত পৰিৱৰ্তন অনাত সহায় কৰিব ।নিজকে এজন প্ৰকৃত আৰু ভাল মানুহ হিচাপে গঢ় দিয়ক ,যি কষ্ট আৰু জীৱনৰ পৰা শিকি আজি এই পদ লাভ কৰিছে,লগতে এই বাটত আহিব লগা বাধা আৰু সমস্যা সমূহৰ বাবে মন বেয়া নকৰিব। বিনা কাৰণৰ সন্দেহ সম্বন্ধ বেয়া কৰাত অৰিহনা যোগায়। আপোনাকো আপোনাৰ প্ৰেমাস্পদৰ ওপৰত সন্দেহ কৰিব নালাগে। যদি কিবা কথালৈ আপোনাৰ মনত তেখেতক লৈ সংশয় হৈছে তেন্তে তেখেতৰ লগত বহি এই কথা সমাধান কৰিব চেষ্টা কৰিব। প্ৰফেশ্বনাল দিশত আপোনাৰ দিন আজি ধনাত্মক ভাৱে অতিবাহিত হব ,ইয়াৰ আজি ভালকৈ ব্যৱহাৰ উঠাওক। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজঁ কাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। আপুনি অথবা আপোনাৰ জীৱন সংগী আজি বিচনাত দুখ পাব পাৰে সেইবাবে এজনে আনজনৰ যত্ন লোৱাটো উচিত।

SeeHere is theComments

Sponsored

close