> ২২ জুন, বৃহস্পতিবাৰ, আজিৰ দিনটোৰ ৰাশিফল - 22 June, Thursday - Today's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২২ জুন, বৃহস্পতিবাৰ, আজিৰ দিনটোৰ ৰাশিফল - 22 June, Thursday - Today's horoscope in Assamese

  ২২ জুন, বৃহস্পতিবাৰ, আজিৰ  দিনটোৰ ৰাশিফল -  22 June, Thursday - Today's  horoscope in Assamese 





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Thursday, June 22, 2023)

আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাস ৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হব। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। আপোনাৰ প্ৰেম জীৱন আজি এক নতুন দিশা লাভ কৰিব, আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। যি ব্যক্তি কলা আৰু ৰংগ মঞ্চৰ লগত জড়িত সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হব। বস্তু আৰু মানুহক সোনকালে চিনিব পৰা আপোনাৰ এই দক্ষতা আপোনাক সদায়ে অন্যতকৈ আগ বঢ়াই ৰাখিব। আজি জীৱন টো বহুত ধুনীয়া হৈ পৰিব,কাৰণ আপোনাৰ জীৱন লগৰী আপোনাৰ বাবে কিছুমান বিশেষ যোজনাৰ পৰিকল্পনা কৰিছে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Thursday, June 22, 2023)

আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহতেঁ আজি পইচাৰ মূল্য বুজি পাব যেতিয়া সিহতঁক পইচাৰ আৱশ্যকতা হব কিন্তু সিহতঁৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। এনেকুৱা সূচনা প্ৰকাশ নকৰিব যি ব্যক্তিগত আৰু গোপনীয় হয়। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে ,সিহঁতৰ বাব এই সময় খিনি লেখতলব'লগীয় মূহূৰ্ত হব। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। ধন, প্ৰেম আৰু পৰিয়াল ৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক চোছিয়েল মিডিয়াত পঢ়ি হাহিঁ থাকিব ,কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Thursday, June 22, 2023)

আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। আপুনি সেই যোজনা সমূহত বিনিয়োগ কৰাৰ আগত দুই বাৰ চিন্তা কৰক ,যিবোৰ আজি আপুনি দেখিছে। জীৱন সংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়। ব্যৱসাায়ত যিকোনো চল-চাতুৰীৰ পৰা বাচি থাকিবলৈ হলে আপুনি চকু -কাণ খুলি ৰাখক অৰ্থাত সাৱধানে থাকক। খালি সময়ত আজি আপুনি মোবাইলত ৱেব চিৰিজ চাব পাৰে। আপোনাৰ জীৱন লগৰী আপোনাক পাই নিজকে ভাগ্যৱান বুলি ভাৱিৱ ,এই মুহুৰ্ত সমূহৰ ভৰপূৰ ব্যৱহাৰ কৰক।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Thursday, June 22, 2023)

নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। দীৰ্ঘবধি নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহুৰ্ত অতিবাহিত কৰক। দিন শেেষ হোৱাৰ সময়ত কোনোবা পূৰণি মিত্ৰক লগ পাব পাৰে। কোনোবাই আপোনাক মনেদি প্ৰশংসা কৰিব। ব্যৱসাায়ত যিকোনো চল-চাতুৰীৰ পৰা বাচি থাকিবলৈ হলে আপুনি চকু -কাণ খুলি ৰাখক অৰ্থাত সাৱধানে থাকক। দিন বহুত ভাল , আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষ বোৰ ভল্কৈ চালি-জাৰি চাওঁক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। আজি আপুনি নিজৰ জীৱন সংংগীৰ লগত বহুত ঘনিষ্ঠ কথা বতৰাৰ আদান প্ৰদান কৰিব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Thursday, June 22, 2023)

গৰ্ভৱতী মহিলা সমুহ ঘুৰা-ফুৰা সময়ত অলপ বেছি সাৱধান হোৱা দৰকাৰ ,যদি সম্ভৱপৰ হয় ধুম্ৰপান কৰা লোকৰ পৰা দূৰত থাকক,কাৰণ ইয়াৰ ফলত হোৱা ধোৱাই আপোনাৰ সন্তানক অপকাৰ কৰিব পাৰে। গ্ৰহ- নক্ষত্ৰৰ স্থিতি আজি আপোনাৰ বাবে প্ৰতিকূল , আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব লাগিব। আজি আপুনি য'তে যাব মানুহৰ মাজত আপুনি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। আপোনাৰ সহকৰ্মী আৰু তলতীয়া কৰ্মচাৰী আজি আপোনাক বহুত চিন্তাজনিত কাৰণ দিব পাৰে। সন্ধিয়া বহুত দেৰি পিছত আপুনি বহুত দূৰৰ পৰা ভাল খবৰ এটা শুনিবলৈ পাব। ভুল বুজাবুজিৰ এক দীঘলীয়া সময়ৰ অন্তত এই সন্ধিয়া আপুনি জীৱন সংগীৰ প্ৰেমৰ এক ধুনীয়া উপহাৰ লাভ কৰিব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Thursday, June 22, 2023)

হতাশ আৰু অৱসাদ গ্ৰস্থ নহ'ব। এই কথা ভালকৈয়ে বুজি লওক যে দুখৰ সময়ত আপোনাৰ সঞ্চিত ৰাশিয়ে কামত আহিব সেয়ে আজিয়ে ধন সঞ্চয় কৰাৰ কথা বিচাৰ কৰক। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক ,সিহতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহতে অনুভৱ কৰে যে আপুনি সচাকৈয়ে সিহতক নিজৰ জীৱনৰ এক গুৰুত্বপুৰ্ণ অংগ বুলি ভাৱে। বিবাহ-প্ৰস্তাৱৰ বাবে এয়াই ভাল সময় ,কাৰণ আপোনাৰ প্ৰেম জীৱন ভৰা এক যাত্ৰা লৈ সলনি হব পাৰে। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোতে নিজৰ চকু মগজু খুলি ৰাখক ,হব পাৰে যে আপোনাত কিবা কামত এই চিন্তা সমূহ আহিব পাৰে। অৱসৰ সময়ৰ সঠিক ব্যৱহাৰ কৰা আপুনি শিকিবি লাগিব নহ’লে জীৱনত আপুনি বহু লোকৰ পিছ পৰি থাকিবলগীয়া হ’ব পাৰে। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱন সংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে ,যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব ।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Thursday, June 22, 2023)

আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহতৰ শাস্থ্য বেয়া হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হব পাৰে। আপোনাৰ সন্তান আৰু পৰিয়াল আপোনাৰ দিনৰ কেন্দ্ৰ বিন্দু হব। আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হব। আপোনাৰ বায়োডটা অথবা ইণ্টাৰভিউ দিয়াৰ বাবে এয়াই ভাল সময়। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজঁ কাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Thursday, June 22, 2023)

খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যবসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। আপুনি আপোনাৰ জীৱন-সংগীৰ ব্যক্তিগত জীৱনত অধিক হস্তক্ষেপ কৰা বাবে তেখেত অশান্তি অনুভৱ কৰে। খঙক নিয়ন্ত্ৰণত ৰাখক নহ’লে কথা অধিক বেয়াৰ পিনে ঢাল খাব পাৰে , আৰু শান্ত ভাৱে এই কথা সমাধান কৰক। আজি আপোনাক আপোনাৰ প্ৰিয়জনৰ স্মৃতিয়ে আমনি কৰিব। মাৰ্কেটিং ৰ ক্ষেত্ৰত কাম কৰাৰ আপোনাৰ উচ্চাকাংক্ষা ফলভূত হব পাৰে , ইয়াৰ ফলত আপুনি বহুত আনন্দ লাভ কৰিব আৰু এই কাম পোৱাৰ বাবে পোৱা আটাইবোৰ সমস্যা শেষ হৈ যাব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। জীৱন সংগীৰ কিবা হঠাৎ হোৱা পৰিকল্পনাৰ বাবে আপোনাৰ আগৰ পৰা কৰা পৰিকল্পনা বাতিল হব পাৰে ,কিন্তু আকৌ আপুনি অনুভৱ কৰিব যে যি হয় ভালৰ বাবে হয়।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Thursday, June 22, 2023)

কাৰণ নোহোৱা চিন্তা আৰু হতাশ জীৱনৰ পৰা গোটেই ৰস শুহি লয় আৰু জীৱনটোক এক শুকান কাঠ কৰি থৈ দিয়ে ,নিজৰ ভালৰ বাবে আপুনি এইবোৰ বাদ দিয়াই শ্ৰেয় নহ'লে এইবোৰে আপোনাৰ সমস্যা বঢ়াব। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে তেন্তে ভাল আৰ্থিক লাভ হব পাৰে। ঘৰত আৰু ঘৰৰ চাৰিওফালে সৰু-সুৰা পৰিৱৰ্তন কৰিলে আপোনাৰ ঘৰ খন শুৱনি হৈ উঠিব। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোতে নিজৰ চকু মগজু খুলি ৰাখক ,হব পাৰে যে আপোনাত কিবা কামত এই চিন্তা সমূহ আহিব পাৰে। চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। জীৱন সংগীৰ লগত অলপ হাঁহি -খিকিন্দালি ,অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘুৰাই অনাত সক্ষম হব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Thursday, June 22, 2023)

আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব কিন্তু কামৰ বোজাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব। গ্ৰহ- নক্ষত্ৰৰ স্থিতি আজি আপোনাৰ বাবে প্ৰতিকূল , আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব লাগিব। দিনটোক বিশেষ কৰি তুলিবৰ বাবে সন্ধিয়া সময়ত পৰিয়ালৰ লগত কোনোবা ভাল ঠাইত খানা খাব যাব পাৰে। আজি ৰোমাঞ্চ আপোনাৰ মন -মগজুত আৱৰি থাকিব। নিজৰ কামত এনেকুৱা মানুহৰ সহায় লওক যাৰ চিন্তা-ধাৰা আপোনাৰ লগত মিলে ,সঠিক সময়ত সিহঁতৰ সহায় গুৰুত্বপূৰ্ণ আৰু লাভদায়ক হব । মেডিকেল ট্ৰাঞ্চক্ৰিপশ্বনৰ লগত জড়িত মানুহৰ বাবে এয়া বহুত ভাল দিন। বহু কাম এৰি আজি আপুনি আপোনাৰ ভাল লগা কাম কৰিব পাৰে কিন্তু কাম অধিকতৰ হোৱাৰ বাবে আপোনাৰ এই পৰিকল্পনা সফল নহ’ব। আজি আপুনি নিজৰ জীৱন সংংগীৰ লগত বহুত ঘনিষ্ঠ কথা বতৰাৰ আদান প্ৰদান কৰিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Thursday, June 22, 2023)

আজি আপুুনি বহুত ভাবুক হৈ পৰিব সেইবাবে এনেকুৱা পৰিস্থিতিৰ পৰা আতৰি ফুৰক যাৰ ফলত আপুনি দুখ পাব পাৰে। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হব পাৰে কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। এক দীঘল আৰু নিঃসংগ সময় যি আপোনাক হাত কাৰি আছিল ,সেই সময় শেষ হৈ গৈছে -কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱন-সংগী লাভ কৰিব। আপোনাৰ সহকৰ্মী আৰু তলতীয়া কৰ্মচাৰী আজি আপোনাক বহুত চিন্তাজনিত কাৰণ দিব পাৰে। সময়ৰ গতিৰ লগত চলা লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হব কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হব। আপোনাৰ জীৱন সংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Thursday, June 22, 2023)

আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। আৰ্থিক দিশত শুধৰণি হোৱাৰ বাবে প্ৰয়োজনীয় বস্তু কিনাত সুবিধা হব। যদি কথা-বতৰা আপোনাৰ মতে নহয়, তেনেতে খঙতে আপুনি কঠোৰ কথা এটা কৈ দিব পাৰে আৰু যাক লৈ আপুনি পিছত পৰিতাপ কৰিবলগীয়া হব পাৰে,এইবাবে ভাৱি-চিন্তি কথা কোৱা শিকক। আজি আপুনি প্ৰেমাস্পদৰ আগত নিজৰ জীৱনৰ সমস্য়া ভাগ কৰিব বিচাৰিব , কিন্তু তেখেত নিজৰ সমস্যাৰ বিষয়ে কৈ আপোনাক বেছি চিন্তিত কৰি তুলিব। আজিৰ দিনাখন আপুোনাৰ কঠোৰ পৰিশ্ৰম ফলদায়ক সিদ্ধ হব। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। বেলেগ বেলেগ মতামত হোৱা বাবে আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত বাদ-বিবাদ হব পাৰে।

SeeHere is theComments

Sponsored

close