> শ্ৰী নাৰায়ণৰ কৃপাত সোমাবাৰে সুফল পাব এই ৫ ৰাশিৰ লোকে । - 26 June, Monday - Daily horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

শ্ৰী নাৰায়ণৰ কৃপাত সোমাবাৰে সুফল পাব এই ৫ ৰাশিৰ লোকে । - 26 June, Monday - Daily horoscope in Assamese

 শ্ৰী নাৰায়ণৰ কৃপাত সোমাবাৰে সুফল পাব এই ৫ ৰাশিৰ লোকে । -  26 June, Monday - Daily  horoscope in Assamese 


সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত শাসন কৰা বিষ্ণুৰ মহাজাগতিক ৰূপ নাৰায়ণ। মন্ত্ৰ – ওম নমো নাৰায়ণ! – সাধুসকলৰ মন্ত্ৰ আৰু আমাক পৰম চেতনাৰ সৈতে সংযোগ কৰে। ইয়াৰ সহায়ত বিষ্ণু শক্তিক সামগ্ৰিকভাৱে আকৰ্ষণ কৰিব পাৰি আৰু সকলো জ্যোতিষ আৰু কৰ্ম প্ৰভাৱৰ সমন্বয় সাধন কৰিব পাৰি। জানো আহক গভগৱান শ্ৰী নাৰায়ণ কৃপাত সোমাবাৰে দিনটো কেনে যাব ।

+

মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Monday, June 26, 2023)

তেল আৰু মছলাযুক্ত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱা ভাল হব। ঘৰুৱা কাম-কাজত আপুনি অধিক ব্যস্ত থাকিব। বহুত ধুনীয়া আৰু মৰমীয়াল ব্যক্তিৰ লগত সাক্ষাৎকাৰ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। বহুত ভাল দিন ,কাৰণ আপুনি নিজৰ লক্ষ্যত উপনীত হবলৈ বহুত ভাল সুযোগ লাভ কৰিব ,আইটি ৰ লগত জড়িত লোক সকলৰ বাবে বিদেশৰ পৰা আমন্ত্ৰণ আহিব পাৰে। কেতিয়াব মোবাইল চলাওতে চলাওতে সময়ৰ ক্থা মনতে নাথাকে , সময় অপচয় কৰাৰ পিছত আপোনাৰআনুভৱ হয় যে আপুনি ভুল কাম কৰিলে। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে।

বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Monday, June 26, 2023)


আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰন কৰক আৰু অফিচত সকলোৰে লগত ভাল ব্যৱহাৰ কৰক ,যদি আপুনি এনেকুৱা নকৰে তেন্তে আপোনাৰ চাকৰি যাব পাৰে আৰু আপোনাৰ আৰ্থিক অৱস্থা বেয়া হব পাৰে। দিনৰ দ্বিতীয় প্ৰহৰত বিশ্ৰাম কৰক আৰু পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। আজিৰ বতাহৰ এক এক চাটঁতে যেন প্ৰেমেই আৱৰি আছে , চকু খুলি চাওকচোন আপুনি গোটেই পৃথিৱীখনেই প্ৰেমৰ ৰংত ৰঙীন হোৱা দেখিব। এই ৰাশিৰ জাতক সকল কৰ্মক্ষেত্ৰত লগাত কৈ অধিক কথা কোৱাৰ পৰা বিৰত থাকক নহলে আপোনাৰ ছবিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব ।এই ৰাশিৰ ব্যৱসায়ীসকলক পূৰণা বিনিয়োগৰ বাবে লোকচান হব পাৰে। আপুনি সেই স্থানৰ পৰা ওলাবলগীয়া হৈ পৰিছে ,আৰু অন্যৰ লগত চিনাকি বঢ়াবৰ আৱশ্যকতা আছে ,যিবোৰ ব্যক্তি আগৰে পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আছে। যোৱাকেইদিন ধৰি আপোনাৰ জীৱন টো বহুত জটিল অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সহজ অনুভৱ কৰিব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Monday, June 26, 2023)




ভাল বস্তু সমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। ৰাতিৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। ৰোমাণ্টিক মনোভাৱ সমূহত হঠাতে পৰিৱৰ্তন আহিব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ সৃজনাত্মক গুণ কৰোবাত যেন হেৰাই গৈছে আৰু নিৰ্ণয় লওতে আপুনি আজি বহুত সমস্যাৰ সন্মুখীন হব। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। জীৱন সংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে।

কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Monday, June 26, 2023)


আজিৰ দিনটোত আপোনাক ফুৰ্ত্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱ সমূহ হ্ৰাস কৰি দিব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজনৰ সূক দৰ্শকৰ দৰে বহি নথকা টোয়ে শ্ৰেয় হব । আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। যদি আপুনি বিশ্বাস কৰে যে সময় অমূল্য ধন তেন্তে আপুনি প্ৰয়োজনীয় পদক্ষেপ লৈ নিজৰ উচ্চতম আকাংক্ষাক আহৰণ কৰা উচিত। আজি আপুনি অফিচৰ কামখিনি সময়ত শেষ কৰিব চেষ্টা কৰিব লাগে । মনত ৰাখিব যে ঘৰত কোনোবাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হব।

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Monday, June 26, 2023)



আজি আপুনি বিশ্ৰাম লোৱাটো জৰুৰী ,কাৰণ যোৱা কেইদিন আপুনি বহুত মানসিক হেচাৰ সন্মুখীন হৈছিল। নতুন গতিবিধি আৰু মনোৰঞ্জনৰ আপোনাৰ বাবে সহায়ক সিদ্ধ হব। আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে ,যাক সমাধান কৰিবৰ বাবে আপোনাৰ পিতৃ অথবা পিতৃতুল্য কৰোবাৰ পৰা উপদেশ লব পাৰে। ঘৰুৱা বিষয় সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব কাৰণ এনেকুৱা কৰা বাবে পিছত গৈ আপুনি পৰিতাপ কৰিব লগীয়া হব পাৰে। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোতে অসুবিধা পাই আছে তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। এই ৰাশিৰ জাতক সকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবি বোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। জীৱন সংগীৰ কিবা হঠাৎ হোৱা পৰিকল্পনাৰ বাবে আপোনাৰ আগৰ পৰা কৰা পৰিকল্পনা বাতিল হব পাৰে ,কিন্তু আকৌ আপুনি অনুভৱ কৰিব যে যি হয় ভালৰ বাবে হয়।

কন্যা ৰাশি ফলাফল
 - Kanya Rashi Prediction in Assamese 
(Monday, June 26, 2023)


আপোনাৰ বন্ধু সমূহ অতি সমৰ্থন কৰা হব আৰু আপোনাক সদায় সুখী ৰাখিব। জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধু বৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ'লে জীৱনটোক উদযাপন কৰি সময় বোৰ অতিবাহিত কৰক। ব্যৱসায় যিমানেই নহওক নিজৰ ব্যৱসায় ৰ বিষয়ে কাৰো লগত ইমান কথা নকব ।যদি আপুনি এনেকুৱা কৰে তেন্তে আপোনাৰ বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হব পাৰে। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে কিন্তু এই কামটোত আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে।

তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Monday, June 26, 2023)




আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। যি আপোনাৰ পৰিয়ালৰ মানুহবোৰক বিবুধিত পেলাই দিব পাৰে। সেইবোৰ লোক ভাগ্যৱান হয় যি নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে,ইয়াৰ আগত যাতে আপোনাৰ খঙে আপোনাক ধ্বংস কৰি নিদিয়ে তাৰ বাবে আপুনি তাক শেষ কৰি দিয়ক। যদি আপুুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হব। আপোনাৰ জ্ঞান পিপাসু মন টোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হব। আপোনাাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। কিছুমাান মানুহক অফিচত উন্নতি প্ৰাপ্ত হব। আজি আপুনি বিনা কাৰণত কিছুলোকৰ লগত তৰ্কা তৰ্কি লাগিব পাৰে। এইটোৱে আপোনাৰ মনতো বেয়া কৰিবই লগতে আপোনাৰ মূল্যৱান সময়ো বৰবাদ হৈ যাব। আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে।

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Monday, June 26, 2023)




কিছুমান মানুহ ভাৱিব পাৰে যে আপুনি নতুন কিবা এটা শিকিবলৈ বহুত বেছি বয়সীয়াল হৈ গৈছে , কিন্তু এই খিনি কথা সত্যৰ পৰ বহু দূৰত অৱস্থান কৰে, আপুনি নিজৰ সক্ৰিয় আৰু চোকা মগজুৰ বাবে যিকোনো কথা অথবা পাঠ অতি সোনকালে আহৰণ কৰিব পাৰে। যি সকল লোক আপোনাক চিনি পায় ,সিহতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। আপুনি এনেকুৱা গতিবিধিৰ লগত সংলগ্ন হোৱাৰ দৰকাৰ যত আপুনি নিজৰ দৰে ৰুচি থকা মানুহক লগ কৰাৰ সুবিধা প্ৰাপ্ত কৰিব পাৰে। নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে ,প্ৰেমঅৰ সুগন্ধিত ফুল আপোনাৰ জীৱনত অতি সোনকালে ফুলিব পাৰে। অফিচত আপুনিি কিবা এনেকুৱা কাম পাব পাৰে, যি আপুনি আগৰে পৰা কৰিব বিচাৰি আছিল। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপোনাৰ জীৱন সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে ,যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব।

ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Monday, June 26, 2023)


খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। যদি আপুনি ছাত্ৰ হয় আৰু বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিছে তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাৰ ভাগ্য বিষম কৰিব পাৰে। পৰিয়ালৰ সদস্য সমূহৰ লগত অলপ অৱসৰৰ সময় অতিবাহিত কৰক। আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। যি ব্যক্তি কলা আৰু ৰংগ মঞ্চৰ লগত জড়িত সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হব। আজি মগজুৰ বহুত ব্যায়াম হব পাৰে , আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হব পাৰে লগতে বৰ্গ সাথঁৰৰ খেলো হব পাৰে ,আন কিছুমানে গল্প,চুটি গল্প আৰু কবিতা আৰু ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব। জীৱন সংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে ,যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে।

মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Monday, June 26, 2023)


আনন্দিত হৈ যাওক কাৰণ আপোনাৰ ভাল দিন আহি আছে আৰু নিজৰ মাজত অতিৰিক্ত উৰ্জাৰ অনুভৱ কৰিব। আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। কোনোবাই আপোনাক অপকাৰ কৰিব চেষ্টা কৰিব বিচাৰিব। বহুত শক্তিশালী মানুহ আপোনাৰ বিৰুদ্ধে কাম কৰিব , আপুনি এনেকুৱা পদক্ষেপ লোৱাৰ পৰা বিৰত থাকিব লাগে যে যাৰ বাবে আপোনাৰ আৰু তেখেতৰ সাক্ষাতকাৰ হওক। যদি আপুনি হিচাপ সমান সমান কৰিব বিচাৰে তেন্তে এনেকুৱা পদ্ধতিতে কৰিব লাগিব। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হব পাৰে আৰু সমস্যাৰ সন্মূখীন হব পাৰে,দিনৰ শেষত অধিক চিন্তিত নহ'ব আৰু বিশ্ৰাম কৰক। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব। ঘৰৰ সৰুবোৰৰ লগত ক্থা পাতি আজি আপুনি নিজৰ অৱসৰ সময় খিনি খুব ভালকৈয়ে ব্যৱহাৰ কৰিব। ওচৰ -চুবুৰীয়া আজি আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ আগত আপোনালোকৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়া ভাৱে প্ৰকাশ কৰিব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Monday, June 26, 2023)



কোনোবা বন্ধুৰ লগত আপোনাৰ অলপ বুজাবুজিত মনোমালিন্য হৈ অলপ সম্বন্ধ বেয়া হৈ যাব পাৰে,যিকোনো নিৰ্ণয় লোৱাৰ আগত সন্তুলিত ভাৱে দুয়ো পক্ষক পৰীক্ষা কৰক। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। আপুনি সৰু লৰা-ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। আজি আপুুনি জীৱনত সচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অধিক চিন্তা নকৰিব ,প্ৰত্যেক বস্তুই সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমাণ্টিক জীৱনত পৰিৱৰ্তন আহিব। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। সন্ধিয়া বহুত দেৰি পিছত আপুনি বহুত দূৰৰ পৰা ভাল খবৰ এটা শুনিবলৈ পাব। আত্মীয়ৰ বাবে জীৱন সংগীৰ লগত বাদ-বিবাদ হব পাৰে, কিন্তু অন্তত সকলো সমস্যাৰ সমাধান হৈ যাব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Monday, June 26, 2023)

আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। আপুনি আজি ধন সঞ্চয়ত অসফল হব পাৰে অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব কাৰণ এনেকুৱা কৰা বাবে পিছত গৈ আপুনি পৰিতাপ কৰিব লগীয়া হব পাৰে। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ হাতত আপোনাৰ পৰিয়াল আৰু বন্ধুগণক দিবলৈ সময়ৰ অভাৱ তেতিয়াই আপোনাৰ মন বেয়া হৈ যায় ,আজিও আপোনাৰ মনৰ স্থিতি এনেকুৱাই থাকিব। ভাল কমিউনিকেশ্বন নোহোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হব পাৰে,কিন্তু মিলি-জুলি বহি কথা পাতিলে বিষয় বস্তুবোৰ ঠিক হব পাৰে।
SeeHere is theComments

Sponsored

close