> এইবাৰ হেৰুৱা প্ৰেম ওভতাই বিচাৰি ন্যায়ৰ দাবীত অনশন যুৱকৰ। - নিয়মীয়া খবৰ

ads5

ads2

adsz

এইবাৰ হেৰুৱা প্ৰেম ওভতাই বিচাৰি ন্যায়ৰ দাবীত অনশন যুৱকৰ।

এইবাৰ হেৰুৱা প্ৰেম ওভতাই বিচাৰি ন্যায়ৰ দাবীত অনশন যুৱকৰ। এই ঘটনা অসমৰে। এক ব্যতিক্ৰমী প্ৰতিবাদ। এনে প্ৰতিবাদ হয়তো আপুনি কেতিয়াও দেখাও নাই শুনাও নাই। প্ৰেমৰ বাবে ৰাজপথত প্ৰতিবাদত নামিল বাহাৰুল। কেৱল প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰাই নহয় অনশনতো বহিল বাহাৰুল।

এই ঘটনা বৰাকৰ হাইলাকান্দি জিলাৰ বাহাৰুল নামৰ এক যুৱকৰ। হাইলাকান্দিৰে লালা থানাৰ অন্তৰ্গত শেৰালিপুৰ গাঁৱৰ এগৰাকী যুৱক লগত বাহাৰুল ইছলাম মজুমদাৰৰ প্ৰেমৰ সম্পৰ্ক আছিল স্থানীয় ভিচিংচা গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে । দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কত আছিল দুয়ো। প্ৰায় ৭ বছৰীয়া প্ৰেমৰ সম্পৰ্কত থকাৰ পিছতো যুৱতী গৰাকীৰ পৰিয়ালে বাহাৰুললৈ বিয়া নিদিলে ছোৱালীজনীক। অন্য ঠাইত বাহাৰুল পৰিৱৰ্তে বেলেগৰ সৈতে বিয়া ঠিক কৰিলে যুৱতী গৰাকীৰ। 

উপায়ন্তৰ হৈ অৱশেষত অনশনত বহিল বাহাৰুল। হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদ কৰি ন্যায় বিচাৰিলে বাহাৰুলে। হেৰুৱা প্ৰেম পুনৰ বিচাৰি হাইলাকান্দিৰ আব্দুল্লাপুৰ আৰক্ষী চকীৰ সন্মুখত বাহাৰুলে কৰিলে প্ৰতিবাদ। কিন্তু পৰিয়ালৰ লোকৰ অনুৰোধত আৰু আৰক্ষীৰ ৰঙা চকু দেখি প্ৰতিবাদ এৰি যাবলৈ বাধ্য হ'ল দুৰ্ভগীয়া প্ৰেমিক বাহাৰুল। 

Related Search

Assam news live
Assamese Daily news
Protest for love
Barak valley news
hailakandi news today
SeeHere is theComments

Sponsored

close