> আচৰিত! তেজপাত জ্বলোৱাৰ লাভালাভ জানি হব হতভম্ব | Most widely known benefits of bay leaves - নিয়মীয়া খবৰ

ads5

ads2

adsz

আচৰিত! তেজপাত জ্বলোৱাৰ লাভালাভ জানি হব হতভম্ব | Most widely known benefits of bay leaves

 আচৰিত! তেজপাত জ্বলোৱাৰ লাভালাভ জানি হব হতভম্ব | Most widely known benefits of bay leaves



Benefits of bay leaves

তেজপাত ডায়েবেটিচ, বন্ধ্যাত্ব, কাহ চৰ্দি, গাঁঠিৰ বিষ, তেজৰ পিত্ত, ৰক্তক্ষৰণ, দাঁত পৰিষ্কাৰ কৰা, চৰ্দি আদিৰ দৰে বিভিন্ন ৰোগৰ উপকাৰী উপাদান হিচাপে কাম কৰে। আমাৰ দেশত তেজপাত মচলা হিচাপে যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা দেখা যায় । ভাৰতৰ ছিকিম, হিমালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশত তেজপাতৰ খেতি প্ৰচুৰ পৰিমাণে কৰা হয় । পাতবোৰ গছৰ পৰা ছিঙি ৰদত শুকুৱাই বজাৰত বিক্ৰী কৰা হয়। এই তেজপাততেই বিষনিবাৰক আৰু এন্টিঅক্সিডেণ্ট গুণো থাকে ৷

ৰাতি শুবলৈ যোৱাৰ আগতে কোঠাত জ্বলাই চাওক এটি তেজপাত :

নিশা আপুনি ভালদৰে শান্তিৰে শুব বিচাৰিলে কোনোধৰণৰ চাপ নোহোৱাকৈ শুৱাটো প্ৰয়োজনীয় । আপোনাৰ মন শান্ত হৈ শিথিল অনুভৱৰ সৈতে শোৱণ কৰা উচিত। কিন্তু আজিৰ দৰে ব্যস্ততাপূৰ্ণ জীৱনত এইদৰে শোৱাটো সৰহ সংখ্যক ব্যক্তিৰ বাবেই সম্ভৱ হৈ নুঠে । অফিচতেই হওক বা কলেজলৈ যাওঁক বা লাগিলে ব্যৱসায়েই হওক সকলোতে মানসিক চাপৰ (Pressure ) ৰ বলি হব লগীয়া হয় । এনে অৱস্থাত ৰাতি নিচিন্ত মনে শোৱাটো সম্ভৱ হৈ নুঠে । ভালদৰে শুব নোৱাৰিলেই আপুনি মানসিক আৰু শাৰীৰিক ভাৱে বিভিন্ন ধৰণে ক্ষতি হব পাৰে ৷

কিন্তু আপুনি যদি অলপ চেষ্টা কৰে তেন্তে আপোনাৰ চাপ বা চিন্তা (Pressure /Tension) নিমিষতে দূৰ কৰিব পাৰিব । ইয়াৰ বাবে আপোনাক বেছি একো কৰিবৰ প্ৰয়োজন নাই, প্রয়োজন মাথো এটি তেজপাতৰ। তেজপাত আমাৰ সকলোৰে পাকঘৰত সহজে পোৱা যায়। তেজপাতৰ মাত্র ৫ মিনিটত আপোনাৰ এই সমস্যাৰ উপশম কৰিব পৰা ক্ষমতা আছে। এজন ৰাছিয়ান বিজ্ঞানীয়ে এই বিষয়ে অধ্যয়ন কৰিছিল আৰু দেখিছিল যে তেজপাতে আমাৰ চাপ উপশম কৰিব পাৰে। সেইকাৰণে এৰোমাথেৰাপীৰ (Aromatherapy) বাবে তেজপাত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, তেজপাতৰ দ্বাৰা ছালৰ ৰোগ (Skin Disease) আৰু শ্বাস-প্রশ্বাসৰ সমস্যা (Breathing Problem) নিৰাময় হয় বুলিও জনা যায়।

How To Use কেনেদৰে ব্যৱহাৰ কৰিব:

🔹 তেজপাত এটা লৈ ইয়াক এটা পাত্ৰত থৈ জ্বলাই লওক ।
🔹 এতিয়া পাত্ৰটোক কোঠাৰ ভিতৰলৈ আনি ১৫ মিনিটৰ বাবে ৰাখক।

আপুনি দেখিব যে তেজপাতৰ সুবাসে গোটেই কোঠাটো(Room) ভৰাই তুলিব। একে সময়তে, কোঠাটোৰ পৰিৱেশ অতি আৰামদায়ক হৈ পৰিব৷ ই আপোনাক স্পা(Spa) কৰাৰ দৰে অভিজ্ঞতা প্রদান কৰিব। আৰাম কৰক আৰু কিছু সময়ৰ বাবে কোঠাটোত বহি থাকক । কিছুসময়ৰ ভিতৰতেই আপুনি শিথিল অনুভৱ কৰিব আৰু আপোনাৰ চাপ হ্ৰাস হ'ব।

ডায়েবেটিচ ৰোগীৰ বাবে চমৎকাৰী তেজপাত (For Diabetes patients) :

তেজপাত অতি মিহিকৈ গুৰি কৰি লওক। দিনত তিনিবাৰ কৈ পানীৰ সৈতে এক চামুচ এই তেজপাতৰ গুৰি গ্ৰহণ কৰিলে ডায়েবেটিক ৰোগীসকলে সোনকালে লাভান্বিত হয়। লগতে ৰক্ত শৰ্কৰা সোনকালে হ্রাস হয়।।

চর্দি কাহ (Cough) :

তেজপাতে কফ (Cough) সম্বন্ধিয় ৰোগ নিৰাময় কৰে। দিনত তিনিবাৰ কৈ গৰম পানীৰে এক চতুর্থাংশ চামুচ তেজপাতৰ পাউডাৰ গ্ৰহণ কৰিলে চৰ্দি আৰু কাহ নিৰাময় হয়।

গাঁঠিৰ বিষ বা জ্বৰ:

এগিলাচ পানীত চাৰিটা তেজপাত উতলাই লওক। যেতিয়া উতলা পানী কমি গৈ আধা হয় তেতিয়া সেই পানী চেকি লৈ দিনত তিনিবাৰ কৈ খাওক৷ ইয়াৰ ফলত অধিক প্ৰস্ৰাৱ আহে । জ্বৰ ঘাম হৈ উলায় যায় আৰু পুনৰ জ্বৰ হয় নুঠে। শৰীৰৰ বিষৰ পৰাও মুক্তি পাব পাৰি ।

মুৰৰ বিষ:

আপোনাৰ যিকোনো কাৰণতেই যদি মুৰৰ বিষ হয়, তেন্তে তেজপাত ঠাৰিৰ সৈতে গুৰি কৰি ইয়াক পাতলকৈ গৰম কৰক আৰু কপালত প্ৰয়োগ কৰক। এনেদৰে আপোনাৰ মূৰৰ বিষ নাইকিয়া হব ।

ৰক্তক্ষৰণ :

যদি আপোনাৰ মুখ, নাক, মল, প্ৰস্ৰাৱ আদিৰ যোগেদি ৰক্তক্ষৰণ হয় তেন্তে এগিলাচ ঠাণ্ডা পানীত এক চামুচ তেজপাতৰ গুৰি মিহলি কৰি প্ৰতি তিনি ঘণ্টাত এবাৰকৈ সেৱন কৰক। ৰক্তক্ষৰণ বন্ধ হব ।

দাঁত পৰিষ্কাৰ হয়:

তেজপাত মিহিকৈ গুৰি কৰি তিনি দিনৰ মূৰে মূৰে দাত মঞ্জন কৰক। আপোনাৰ দাঁতবোৰ উজ্জ্বল হৈ চিকমিকাই পৰিব।

চৰ্দি:

নাকৰ চৰ্দি, নাকৰ বিষ, হাঁচি, পানী সৰি পৰা, মূৰত গধুৰতা, জ্বলা-পোৰা, শ্বাসৰুদ্ধ হোৱা ইত্যাদিৰ ক্ষেত্ৰত 10 গ্রাম তেজপাত কাটি তাৱা এটাত গৰম কৰি লব। ইয়াৰ 1 টা অংশ, 2 কাপ পানী, সোৱাদ অনুসৰি গাখীৰ, চেনী মিহলাই চাহৰ দৰে উতলাই চেকি লওক। চর্দি সম্পৰ্কীয় যিকোনো ৰোগ নিৰাময় কৰিবলৈ ইয়াক দৈনিক 3 বাৰ সেৱন কৰক ।

Related Search
Bay leaves benifit
Assamese health tips
Assamese home tips
LPG cylinder news
LPG cylinder price today
LPG cylinder price in Assam
Liquefied Petroleum gas price

DISCLAIMER :এই প্ৰবন্ধৰ তথ্যসমূহ জ্ঞান লাভৰ বাবে বিভিন্ন উৎসৰ পৰা প্ৰস্তুত কৰা হৈছে । আমাৰ বাৰ্তা (gistindia.org.in) ইয়াৰ সত্যতা নিশ্চিত নকৰে। এইবোৰ নিজে প্ৰয়োগ কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ বা চিকিৎসকৰ সৈতে যোগাযোগ কৰি লোৱাটো বাঞ্চনীয়।

SeeHere is theComments

Sponsored

close