> গেছ ছিলিণ্ডাৰৰ গাত লিখা থকা সংখ্যাবোৰ অৱহেলা কৰিলে হ’ব বিপদ ! সংখ্যাবোৰৰ আছে বিশেষ সংকেত - gas cylinder number tips - নিয়মীয়া খবৰ

ads5

ads2

adsz

গেছ ছিলিণ্ডাৰৰ গাত লিখা থকা সংখ্যাবোৰ অৱহেলা কৰিলে হ’ব বিপদ ! সংখ্যাবোৰৰ আছে বিশেষ সংকেত - gas cylinder number tips

গেছ ছিলিণ্ডাৰৰ গাত লিখা থকা সংখ্যাবোৰ অৱহেলা কৰিলে হ’ব বিপদ ! সংখ্যাবোৰৰ আছে বিশেষ সংকেত - gas cylinder number tips 



আজিকালি প্রত্যেকৰ ঘৰত ৰন্ধন প্ৰক্ৰিয়াত গেছৰ ছিলিণ্ডাৰ প্ৰায়ে ব্যৱহাৰ হয়। প্রতি মাহত ফোনৰ বুকিংৰ দ্বাৰা ঘৰতে উপলব্ধ হয় বহুতৰে এই ছিলিণ্ডাৰ। আৰু যদিহে কোনোৱে ভালদৰে লক্ষ্য কৰে এই ছিলিণ্ডাৰৰ গাত কিছু ইংৰাজী বৰ্ণ আৰু সংখ্যা লিখা থকা পৰিলক্ষিত হয়। এই সংখ্যা আৰু বৰ্ণৰ বিষয়ে কিছু লোক অৱগত যদিওবা অর্ধেক সংখ্যক লোকে ইয়াৰ ৰহস্য নাজানে বা জানিবলৈ চেষ্টা নকৰে যি কথা অতি গুৰুত্বপূৰ্ণ।


আচলতে এই বৰ্ণ আৰু সংখ্যা হৈছে এটি কোড নম্বৰ৷ এই কোড সমূহ নিৰাপত্তা বাবে ব্যৱহাৰ হয়। এই কোড সমূহ কোনোবা ছিলিণ্ডাৰত A 21 কোনোবাত B 22, কোনোবাত c 21 বা কোনোবাত D 21 আদি । ইয়াৰ A B C, D বর্ণ কেইটিয়ে মাহ বুজাই আৰু সংখ্যা কেইটাই বছৰ বুজাই৷ আৰু বৰ্ণ আৰু সংখ্যাই উভয়ে মিলি ছিলিণ্ডাৰটোৰ বাধ্যতামুলক পৰিক্ষণৰ তাৰিখ ( Mandatary inspection date ) নিশ্চিত কৰে৷ A বর্ণটোৱে বছৰৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই তিনিটা মাহৰ নিৰ্দেশ কৰে ; B বৰ্ণটোৱে এপ্রিল, মে আৰু জুন মাহৰ নিৰ্দেশ কৰে ; c বর্ণটিয়ে জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ নিৰ্দেশ কৰে ; শেষত D বৰ্ণই অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহক নির্দেশ কৰে।


এতিয়া ধৰা হ’ল যদিহে ছিলিণ্ডাৰ এটিৰ গাত A 23 লিখা আছে তেন্তে ছিলিণ্ডাৰটোৰ জীৱনকাল 2023 চনৰ জানুৱাৰী বা ফেব্ৰুৱাৰী অথবা মাৰ্চ মাহত শেষ হ'ব বা ম্যাদ উকলি যাব আৰু তাত পুনৰ পৰিক্ষণৰ বাবে পঠোৱা বাধ্যতামুলত হৈ পৰে৷ সেই সময়ৰ পিছত ছিলিণ্ডাৰটি ব্যৱহাৰৰ অনুপযোগী হৈ পৰিব। যদিহে এনে তাৰিখ উকলি যোৱা ছিলিণ্ডাৰ আপোনাৰ ঘৰত থাকে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে।


বি আই এছ ৩১৯৬ মাপকাঠীৰ দ্বাৰা ভাৰতবৰ্ষৰ সকলো কোম্পানীৰ ছিলিণ্ডাৰ প্রস্তুত হয়। এই মাপকাঠী অনুযায়ী প্রস্তুত হোৱাৰ পিছত এটি ছিলিণ্ডাৰৰ ম্যাদ ১৫ বছৰ থাকে।


Related Search

Gas cylinder tips

Gas cylinder codes

home tips

liquefied petroleum gas cylinder tips

liquefied petroleum gas tricks


SeeHere is theComments

Sponsored

close