> ১৭ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 17 February Thursday - tomorrow's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১৭ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 17 February Thursday - tomorrow's horoscope in Assamese

 ১৭ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 17 February Thursday - tomorrow's horoscope in Assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Thursday, February 17, 2022)

গৰ্ভ্বতী মহিলা অতিৰিক্ত সাৱধান হোৱা ভাল। বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। সন্ধিয়াৰ সময়ত সামাজিক গতিবিধি তাতকৈ বহুত ভাল হব,যেনেকুৱা আপুনি আশা কৰিছিল। অলপ ভালকৈ তথা সাৱধানেৰে ,কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব যেনে মই তোমাক এৰি এই পৃথিৱীখনত আন কাৰোৱেই লগত থাকিব নোৱাৰিম। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক নহলে আপোনাৰ বদনাম হব পাৰে। যদি আপুনি কাৰোবাৰ লগত জড়িত হব বিচাৰে তেন্তে অফিচৰ পৰা দূৰ হৈ তেওঁৰ লগত পাতিব পাৰে। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী।

চিকিৎসা :- কেৰিয়াৰত ভাল ফলাফলৰ বাবে কেতু ৰ ১২ নামৰ জাপ কৰক।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Thursday, February 17, 2022)

আপোনাৰ কাজিয়াখোৰ স্বভাৱে আপোনাৰ শত্ৰুৰ তালিকা খন দীঘল হে কৰিব,কাকো নিজৰ ওপৰত ইমান অধিকাৰ নিদিব যে তেখেতে আপোনাক দুখ দিব ,যাৰ বাবে আপুনি পস্তাব লগীয় হব পাৰে। আপোনাৰ ধন আপোনক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব আৰু এই কথাটো আপুনি আজিয়ে উপলব্ধি কৰিব পাৰিব। কোনোবা আপোনৰ লগত কথা বতৰা কমি যোৱাৰ বাবে আপুনি মনত বহুত দুখ পাব পাৰে। আজি হঠাৎ কাৰোবাৰ লগত ৰোমাণ্টিক সাক্ষাৎকাৰ হব পাৰে। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোতে নিজৰ চকু মগজু খুলি ৰাখক ,হব পাৰে যে আপোনাত কিবা কামত এই চিন্তা সমূহ আহিব পাৰে। এই ৰাশিৰ লোকসকল বহুত কৌতুহলদ্দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায় কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। জীৱন লগৰীৰ পূৰ্ণ সহযোগ নোপোৱা বাবে আপুনি আজি নিৰাশ হৈ পৰিব পাৰে

চিকিৎসা :- কেঁচা কয়লা সন্ধিয়া সময়ত পানীত প্ৰবাহিত কৰিলে স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব।

সাপ্তাহিক ৰাশিফল - ১৪ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ

মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Thursday, February 17, 2022)

আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। নিৱেশ কৰাটো বহুত বাৰ লাভদায়ক বুলি প্ৰমাণিত হয় আজি আপুনি এই কথাটো বুজি পাব কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হব পাৰে। আপোনাৰ সন্তানৰ বাবে কিছু বিশেষ যোজনা বনাওক,সুনিশ্চিত কৰক যে আপোনাৰ যোজনা যথাৰ্থ বাদী হয় আৰু সিহঁতক যাতে আপুনি বাস্তৱত ৰূপায়িত কৰিব পাৰে। আহিব লগা সময় এই উপহাৰৰ বাবে আপোনাক সদায় মনত ৰাখিব। আপোনাৰ জন্মই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখন থকাৰ বাবে সক্ষম কৰি তোলে। বহুত দিনৰ পৰা পৰি থকা ব্যৱসায়িক যোজনা আৰম্ভ হব। আজি আপুনি নিজৰ মানুহৰ ৰ পৰা আতঁৰি কৰবাত নিৰলে গৈ থকা পছন্দ কৰিব ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হব । জীবনলগৰীৰ লগত আজিৰ সন্ধিয়া সচাঁকৈয়ে কিবা এটা বিশেষ হবলৈ গৈ আছে।

চিকিৎসা :- গঙ্গা জল ঘৰত ছটিয়াই থাকিলে ঘৰত ভাল পৰিবেশ এটা অনবৰতে থাকিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Thursday, February 17, 2022)

আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। কাৰোবাক কথা দিয়াৰ সময়ত আৰু বিত্তীয় লেন দেন কৰা সময়ত সাৱধানে থাকক। সমস্যা সমূহক মগজুৰ পৰা দলিয়াই পেলাই দিয়ক আৰু ঘৰৰ সদস্য আৰু বন্ধুৰ মাজত নিজৰ স্থিতি শুধৰাবৰ বাবে চিন্তা কৰক। ৰোমাঞ্চৰ বাবে আগ-বঢ়োৱা পদক্ষেপ কামত নাহিবও পাৰে। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। জীৱনৰ আনন্দ ল’ব বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে।যদি আপুনি সমাজৰ পৰা দুৰ হৈ থাকে তেনেতে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। দীঘলীয়া সময়ৰ পৰা চলি থকা কাম -কাজৰ হেঁচা আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে কিন্তু আজি সকলো জটিলতা তথা সমস্যা দূৰ হৈ যাব।

চিকিৎসা :- শৰীৰত সোণ পৰিধান কৰাটো আৰ্থিক পক্ষৰ বাবে শুভ।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Thursday, February 17, 2022)

বয়স্ক লোক সকলে নিজৰ স্বাস্থ্যৰ যতন লোৱা উচিত। সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে , সেইবোৰ বিষয়ত গভীৰ ভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। ঘৰত কাকো যাতে আপুনি দুখ নিদিয়ে তাৰ প্ৰতি আজি আপুনি অলপ সচেতন থাকক আৰু আপোনাৰ পৰিয়ালৰ প্ৰয়োজন হিচাপে নিজকে ঢাল খুৱাওক। প্ৰেমৰ দিশেদি আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব লগতে আনন্দৰে ভৰপূৰ হ'ব। যিকোনো খৰচী কাম অথবা যোজনাত হাত দিয়াৰ আগতে ভাল কৈ চিন্তা-চৰ্চা কৰি লওক। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। আজি আপুনি অনুুভৱ কৰিব যে আপোনাৰ জীৱন সংগীয়ে আপোনাৰ চিৰন্তনৰ লগৰী আৰু তেখেতেই আপোনাৰ একমাত্ৰ লগৰী।

চিকিৎসা :- প্ৰতিবন্ধী লোকসকলক সেৱা আৰু সহায় কৰিলে স্বাস্থ্য ভাল হ’ব।

সাপ্তাহিক ৰাশিফল - ১৪ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ

কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Thursday, February 17, 2022)

নিজকে সদায় উৎসাহী কৰাই ৰাখিবৰ বাবে নিজৰ কল্পনাসমূহত ধুনীয়া আৰু উৎসাহী ছবি বনাই ৰাখক। আৰ্থিক দিশত ভাল চলি থকা বাবে আপুনি জৰুৰী বস্তু বোৰ কিনাত সহজ হব। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হব। বিবাহ-প্ৰস্তাৱৰ বাবে এয়াই ভাল সময় ,কাৰণ আপোনাৰ প্ৰেম জীৱন ভৰা এক যাত্ৰা লৈ সলনি হব পাৰে। আপোনাৰ সহকৰ্মী আৰু তলতীয়া কৰ্মচাৰী আজি আপোনাক বহুত চিন্তাজনিত কাৰণ দিব পাৰে। আজি আপুনিি নতুন চিন্তা ধাৰা ৰে পৰিপূৰ্ণ হব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব ,তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱন সংগীৰ লগত অতিবাহিত কৰিব।

চিকিৎসা :- দুখীয়া অথবা অৰ্থনৈতিক ভাৱে পিছপৰা কন্যা বোৰক সিহঁতৰ বিয়াৰ দিনা বিভিন্ন উপায়েৰে সহায় সহযোগ কৰক যেনে লাগতিয়াল বস্ত্ৰ আৰু ধন ইত্যাদি সামৰ্থ্য অনুযায়ী আগ বঢ়াওক, এইবোৰ কামে আপোনাৰ কৰ্ম জীৱনত ভাল প্ৰভাৱ পেলাব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Thursday, February 17, 2022)

আজি আপোনাৰ মাজত বেচ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পুৰ্ণ সমৰ্থ্ন দিব। অংশীদাৰী ব্যৱসায় সমূহত বিনিয়োগ কৰাৰ পৰা দূৰত থাকক আৰু বেছি চোকা লোক থকা আৰ্থিক যোজনা সমূহৰ পৰা নিৱেশ কৰাৰ পৰা দূৰত থাকক। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হব। আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হব। অফিচত আপোনাৰ সন্মুখত নতুন সমস্যা আহিব ,বিশেষ্কৈ যদি আপুনি কুটনীতি ব্যৱহাৰ কৰি বস্তু সমূহ সমাধান নকৰে। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই যেনেকৈ দিন আগ বাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ জীৱন সংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে।

চিকিৎসা :- বগা চন্দনৰ তিলক কপালত সদায় লগালে আৰ্থিক স্থিতি সবল হ'ব।

সাপ্তাহিক ৰাশিফল - ১৪ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Thursday, February 17, 2022)

ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব, লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক,এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ'ব। আজি আপুনি মাটি ,ৰিয়েল এষ্টেট অথবা সাংস্কৃতিক পৰিযোজনা সমূহত ধ্যান কেন্দ্ৰিত কৰাৰ প্ৰয়োজন আছে। আপুনি আপোনাৰ পৰিয়ালৰ লগত সকলো কথাতে সহমত নহ'বও পাৰে, অৱশ্যে আপোনাক তেখেত সকলৰ অভিজ্ঞতাৰ পৰা শিকিব চেষ্টা কৰিব লাগে। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনিয়ে আজি ৰাজত্ব কৰিব। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ’ব পাৰে। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব ।

চিকিৎসা :- গাখীৰ, দৈ,ঘিউ, কৰ্পুৰ , বগা সুগন্ধিত ফুল দান কৰিলে স্বাস্থ্যৰ পক্ষে খুবেই ভাল।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Thursday, February 17, 2022)

কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হব আৰু কোনোবা নিৰ্ণয় কৰাৰ আগত ভাল আৰু বেয়া সমূহত বিশেষ গুৰুত্ব আৰোপ কৰক। পাৰিবাৰিক সদস্যসমূহৰ মাজত মতভেদ শেষ কৰি আপুনি আপোনাৰ উদ্দেশ্য সমূহ পূৰণ কৰাত সহজ হ'ব। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। অফিচত আপুনিি কিবা এনেকুৱা কাম পাব পাৰে, যি আপুনি আগৰে পৰা কৰিব বিচাৰি আছিল। আজি আপুনি জীৱনসংগীক ফুৰাব লৈ যোৱাৰ পৰিকল্পনা কৰিব কিন্তু তেখেতৰ গা বেয়া হোৱা বাবে আপোনালোক যাব নোৱাৰিব। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব।

চিকিৎসা :- কিন্নৰবোৰক কেতিয়াও অপমান কৰিব নালাগে আৰু যথাকথিত ভাৱে ইহতক দান দলে আৰ্থিক স্থিতি সবল হ’ব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Thursday, February 17, 2022)

প্ৰকৃতিয়ে আপোনাক চোকা মগজু আৰু আত্ম বিশ্বাস দিছে, ইয়াৰ আপুনি পূৰ্ণ ব্যৱহাৰ কৰক। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যবসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলোকো সুখী কৰি তুলিব। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। আপুনি এক গুৰুত্বপূৰ্ণ পদবীত থাকি পৰিকল্পনা সমূহ বাস্তৱত ৰূপায়িত কৰিব যি মানুহ বোৰক প্ৰভাৱিত কৰিব। অফিচ যোৱাৰ পিচতেই আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে । ঘৰ পোৱাৰ পিচত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে । আপুনি নিজৰ বৈবাহিক জীৱন নিৰাশাজনক বুলি অনুভৱ কৰিব পাৰে ,সেয়ে সময় থাকোতেই কিবা নতুনত্ব আনিব চেষ্টা কৰক।

চিকিৎসা :- প্ৰেম জীৱনৰ স্থিতি অটুট ৰাখিবৰ বাবে গা- ধোৱা পানীত ৰঙা ৰংৰ চন্দন মিহলাই ল'ব।

সাপ্তাহিক ৰাশিফল - ১৪ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ

কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Thursday, February 17, 2022)

নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰিব। সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে , সেইবোৰ বিষয়ত গভীৰ ভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। আলহীৰ লগত আনন্দ কৰাৰ আজি এক ভাল দিন। আপোনাৰ আত্মীয়ৰ লগত কিছু বিশেষ কৰাৰ যোজনা কৰক, ইয়াৰ বাবে সিহঁতে আপোনাৰ প্ৰশংসা কৰিব। প্ৰেম ঈশ্বৰক উপাসনা কৰাৰ দৰে পৱিত্ৰ হয়। এই প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশত লৈ যাব পাৰে। আজি আপুনি বেলেগ দিনৰ তুলনাত আপোনাৰ লক্ষ্য কিছু উচ্চ স্তৰ ত ৰাখিব পাৰিব ,যদি পৰিণাম আপোনাৰ আশা কৰা ধৰণে নাহে তেনেত হতাশ নহ'ব। পৰিয়ালৰ প্ৰয়োজন পুৰ কৰোতে-কৰোতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে। কিন্তু আজি আপুনিসকলোৰ পৰা দুৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। আপোনাৰ বৈবাহিক জীৱন ইয়াতকৈ অধিক ৰঙীণ কেতিয়াও নাছিল।

চিকিৎসা :- নীলা ৰংৰ কাপোৰত সাতটা মাটিমাহৰ দালি, সাতটা জালুক গুটি আৰু এটা কেঁচা কয়লা বান্ধি লৈ কোনোবা এৰাবাৰীত পুতি থ'লে আপোনাৰ আৰ্থিক অৱস্থাটো মনপুতভাৱে সফল হ'ব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Thursday, February 17, 2022)

অন্যৰ ইচ্চাৰ লগত আপোনাৰ ইচ্চা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ'ব পাৰে আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰিব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। যদি কথা-বতৰা আপোনাৰ মতে নহয়, তেনেতে খঙতে আপুনি কঠোৰ কথা এটা কৈ দিব পাৰে আৰু যাক লৈ আপুনি পিছত পৰিতাপ কৰিবলগীয়া হব পাৰে,এইবাবে ভাৱি-চিন্তি কথা কোৱা শিকক। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে। কম সময়ৰ পাঠ্যক্ৰম এটাত ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতাৰ বৃদ্ধি কৰক। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। আজি আপোনাৰ জীৱন সংগী আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে।

চিকিৎসা :- পৰিয়াল ত সুখ শান্তি বৃদ্ধিৰ বাবে ঘৰৰ পৰ্দা সমূহ বগা অথবা ক্ৰীম ৰঙৰ লগাওক।

সাপ্তাহিক ৰাশিফল - ১৪ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ

SeeHere is theComments

Sponsored

close