আৰম্ভ হ'ল অম্বুবাচী / ষাঁঠ। এইকেইটা নিয়ম মানি চলাতো একান্তই প্ৰয়োজন । Traditional beliefs associated with Assamese Culture

 ২২ তাৰিখৰ পৰা ষাঁঠ। এইকেইটা নিয়ম মানি চলাতো একান্তই প্ৰয়োজন । Traditional beliefs associated with Assamese Culture



অসমৰ কৃষিজীৱী সমাজত বিশেষকৈ হিন্দু ধৰ্মৰ প্ৰভাৱ থকা সমাজত ষাঁঠৰ বিশেষ গুৰুত্ব আছে । ষাঁঠ (সাঠ) বা সাত বিশেষকৈ জেঠৰ শেষ আৰু আহাৰ মাহৰ আদি ভাগত মুঠতে সাতদিন ধৰি চলে । গঞা সমাজত ষাঁঠৰ লগত সাতদিন জোৰা বৰষুণৰ সোঁতা আৰু বানপানীৰ সম্বন্ধ আছে । ষাঁঠৰ সোঁতা বুলিলে ধাৰাবাহিক কিনকিনীয়া বৰষুণৰ বতৰ বুজায় ।


অসমীয়া কৃষিজীৱি সমাজে ষাঁঠ (সাঠ) বা সাতৰ সময়ত কেতবোৰ ধৰা বন্ধা নিয়ম পালন কৰি আহিছে।  পৰম্পৰাগতভাৱে চলি অহা নিয়মবোৰ হ’ল–  


১) পৃথিৱী ৰজঃস্বলা হোৱা হেতু সেই চাৰিদিন কৃষকসকলে পথাৰত হাল নাবায় । বীজ ৰোপন কাৰ্যও বন্ধ কৰি ৰাখে । 

২) মাটি খন্দা , কোৰ মৰা আদি কামৰ পৰা বিৰত থাকে ।আহাৰ মাহত ষাঁঠ লাগিলে মোৰ আয়ে মাটি খান্দিব নিদিয়ে বুলি গানৰ কলি এটিও আছে।

৩) ভঁৰাল ঘৰ নুচুৱে বা ভঁৰালঘৰৰ পৰা ধান নানে । 

৪) মাটিত পৰা বস্তুও বহুত লোকে গ্ৰহণ কৰাৰ পৰা বিৰত থাকে ।

৫) ব্ৰহ্মচাৰী আৰু বিধৱাসকলে ৰন্ধা আহাৰ গ্ৰহণ নকৰে। সেই কেইদিন কেৱল ফলমূল আৰু গাখীৰহে গ্ৰহণ কৰে । 

৬) হিন্দু ধৰ্মাৱলম্বী লোকসকলে মঠ-মন্দিৰ আদিত প্ৰৱেশ নকৰে ।

৭) পূজা-পাতল কৰা , চাকি-বন্তি জ্বলোৱা আদি সকলো ধৰ্মীয় কাম-কাজৰ পৰা আতৰত থাকে ।

৮) অম্বুবাচীৰ সময়ত ব্যৱহাৰ কৰা কাপোৰ কানি শুচি নকৰাকৈ পিছত পিন্ধা -উৰা নকৰে । 

৯) আমতি ভাঙাৰ পিছত আগৰ বাঢ়নী , পেলাই দি নতুন বাঢ়নী আদি ব্যৱহাৰ কৰা নিয়ম৷ 

১০) আমতিৰ সময়ত শিপিনী সকলে শালত নবহে ।

১১) আমতি ভাঙাৰ পিছত ৰন্ধা-বঢ়া কৰা কেৰাহিবোৰ জুইৰে পুৰি কাজল নাইকীয়া কৰা হয়। আন সকলো বস্তু যেনে চৰু-হাৰি , ঢাৰি-পিৰা আনকি গচা , তামোল খুন্দা চুঙা-টাকোন আদিও ধুই দিয়া হয় ।

১২) ঘৰ-কাঠী আলতীয়া মাটিৰে মুঁচি-কাচি তাৰ পিছত ঘৰৰ তিৰোতা মানুহে গা-পা ধুই সকলো ফালে পানী চটিয়াই শুধ কৰে। এৱাঁ গাখীৰত সোণ-ৰূপ জোবোকা মাৰি দুবৰিৰে চটিয়াই শুধ কৰে । ঘৰ-চোতালবোৰ গোবৰ পানী চটিয়াই শুধ কৰে ।

১৩) ষাঁঠৰ লগত জড়িত নাৰীসকলৰ আছুতীয়া উৎসৱ হ’ল বৰাত (বৰত) বা ব্ৰত । এই সময়ত উৰুলি জোকাৰেৰে পানীৰ তলৰ পৰা বোকামাটি তুলি আনি নামনি অসমৰ অঞ্চল বিশেষত সধৱা তিৰোতাসকলে বৰাত পূজা বা ব্ৰত উৎসৱ পালন কৰে । 

১৪) সন্ন্যাসী , ব্ৰতী , ব্ৰহ্মচাৰী , ব্ৰাহ্মণ আৰু বিধৱাসকলে এই চাৰিদিন ৰন্ধা বা সিজোৱা সামগ্ৰী গ্ৰহণৰ পৰা বিৰত থাকে । এই কেইদিনত সন্ধ্যা উপাসনা , পূজা-পাতল আদিও নিষেধ ।


SeeHere is theComments

Sponsored

close