> ২৭ নৱেম্বৰ, শনিবাৰ। কাইলৈ দিনটোৰ ইংৰাজী ৰাশিফল। জানক কেনে যাব কাইলৈৰ দিনটো - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৭ নৱেম্বৰ, শনিবাৰ। কাইলৈ দিনটোৰ ইংৰাজী ৰাশিফল। জানক কেনে যাব কাইলৈৰ দিনটো - Tomorrow's horoscope in assamese

২৭ নৱেম্বৰ, শনিবাৰ। কাইলৈৰ দিনটোৰ ইংৰাজী ৰাশিফল ।



কাইলৈৰ দিনটোৰ ইংৰাজী ৰাশিফল। ইংৰাজী ৰাশিফল আপোনাৰ জন্মদিনৰ ওপৰত নিৰ্ভৰ কৰি গণনা কৰা হয়। গতিকে আপোনাৰ সুবিধাৰ্থে প্ৰতিটো ৰাশিৰ কাষত আমি কেতিয়া জন্ম হলে সেই ৰাশিৰ অন্তৰ্ভুক্ত হয় সেই সম্পৰ্কে তাৰিখ সমূহ উল্লেখ কৰিছো। 

মেষ ৰাশি ( ২১ মাৰ্চ– ১৯ এপ্ৰিল) -Aries 

 সামাজিক মিলাপ্ৰীতি ৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দিয়া আৰম্ভ কৰক। মা অথবা দেউতাৰ শাস্থ্যৰ ওপৰত আজি বহুত খৰচ হব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে কিন্ত আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হব। ঘৰৰ সদস্যৰ লগত মিলি আজি কিবা বেলেগ ধৰণৰ ৰোমাঞ্চকৰ কিবা এটা কৰক। আপুনি প্ৰথম দেখাতে কাৰোবাক ভাল পাব পাৰে। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। আপোনাৰ সন্তান শিক্ষাৰ ক্ষেত্ৰত ভাল কৰিব পাৰে যদি আপুনি সিহতঁৰ লগত সহযোগ কৰে। 

বৃষ ৰাশি ( ২০ এপ্ৰিল –২০ মে) -Taurus

আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি হল আপোনাৰ বেলেগক হহুৱাই ৰাখিব পৰা দক্ষতা ,নিজৰ বেমাৰ ঠিক কৰিবৰ বাবে ইয়াৰ প্ৰয়োগ কৰিব পাৰে। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। হতাশাৰ এক দীঘল সময় চলি থাকিব ,অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। আপোনাৰ প্ৰিয়জনৰ অনুপস্থিতিত আপুনি নিজে খালী খালী অনুভৱ কৰিব। স্পষ্ট ভাৱে নিজৰ মনৰ কথা প্ৰকাশ কৰোতে ভয় নাখাব। আপোনাৰ জীৱন সংগীৰ ৰুক্ষ ব্যৱহাৰে আপোনাক গোটেই দিন অশান্তিৰ্দি থাকিব। যিবোৰ কথা সচাঁ হয় সেইবোৰ উপস্থাপন কৰোতেও কম শব্দ খৰচ হয় । সেইবাবে আজি আপোনালৈ এই পৰামৰ্শ থাকিল যে নিজৰ কাম আৰু কথাত সততা ৰাখিব।

মিথুন ৰাশি (২১ মে–২১ জুন) -Gemini

আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। আপোনাৰ স্বচ্ছন্দ জীৱন শৈলী ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে, এইবাবে ৰাতি বহুত দেৰিলৈ বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰ ঔষধ সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰি যাব। কিছুুমান মানুহ একেলগে থাকে কিন্তু সিহতঁৰ জীৱনত প্ৰেমাভূতি খুব কমি যায় কিন্তু আপোনাৰ বাবে এই দিনটো বহুত ৰোমাণ্টিকৰ বুলি প্ৰমাণিত হব। ঠাণ্ডা পানী খোৱাটো আজি আপোনাৰ বাবে হানিকাৰক বুলি পৰিগণিত হব।

কৰ্কট ৰাশি (২২ জুন –২২ জুলাই) -Cancer

স্বাস্থ্যৰ লগত জড়িত কাৰ্যক্ৰম আৰম্ভ কৰাৰ বাবে আজি ভাল দিন। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। ঘৰৰ কোনো এজন সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি চিন্তিত থাকিব । আপুনি তেখেতৰ লগত কথা পাতিব লাগে। আজি আপোনাক আপোনাৰ প্ৰিয়জনৰ স্মৃতিয়ে আমনি কৰিব। দিন বহুত ভাল , আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষ বোৰ ভল্কৈ চালি-জাৰি চাওঁক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। দীঘলীয়া সময়ৰ পৰা চলি থকা কাম -কাজৰ হেঁচা আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে কিন্তু আজি সকলো জটিলতা তথা সমস্যা দূৰ হৈ যাব। প্ৰয়োজনতকৈ অধিক শোৱাটো আপোনাৰ শৰীৰৰ শক্তিৰ বাবে বেয়া ,সেইবাবে গোটেই দিন নিজকে সক্ৰিয় কৰি ৰাখক।

সিংহ ৰাশি (২৩ জুলাই –২২ আগষ্ট) -Leo

নিজৰ জীৱন সংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলেই আপোনাৰ ভাল হব, অলপ দখল দিলে একো নাই ,ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব পাৰে। পইচাৰ নাটনিয়ে আজি ঘৰত কলহৰ সৃষ্টি কৰিব পাৰে এনেকুৱা স্থিতিত ঘৰ ৰ মানুহৰ লগত বিচাৰ বেবচনাৰে কথা পাতিব আৰু সিহতঁৰ পৰা পৰামৰ্শ লওক। এক মজাৰ সন্ধিয়াৰ বাবে বন্ধু আপোনাক সিহঁতৰ ঘৰলৈ মাতিব পাৰে। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। বস্তু আৰু মানুহক সোনকালে চিনিব পৰা আপোনাৰ এই দক্ষতা আপোনাক সদায়ে অন্যতকৈ আগ বঢ়াই ৰাখিব। অত্যাধিক খৰচে বৈবাহিক জীৱনত মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে। কষ্টৰ দিন এতিয়া সমাপ্ত হ’ল, এতিয়া নিজকে নতুন দিশ দিয়াৰ কথা চিন্তা কৰক।

কন্যা ৰাশি (২৩ আগষ্ট - ২২ ছেপ্টেম্বৰ) - Virgo

অবাঞ্চিত চিন্তা ধাৰা মগজুত চানি ধৰিব পাৰে ,নিজকে শাৰীৰিক ব্যায়ামৰ মজা লব দিয়ক কাৰণ খালী মগজু চয়তানৰ ঘৰ। যিসকল ব্যৱসায়ীৰ সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে সিহতঁৰ আজি অৰ্থ হানি হোৱাৰ সম্ভাৱনা আছে সেইবাবে আজিৰ দিনটো ভাৱি চিন্তি চলিব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধু বৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। ৰোমাঞ্চৰ বাবে আগ-বঢ়োৱা পদক্ষেপ কামত নাহিবও পাৰে। ব্যৱসায় কৰা মানুহবোৰ আজি পৰিয়ালৰ মানুহক বেছি সময় দিব চেষ্টা কৰিব।ইয়াৰ ফলত পৰিয়ালত সামঞ্জস্যৰ সৃষ্টি হব। আপোনাৰ জীৱন সংগীৰ ফালৰ পৰা লাভ কৰা কোনো বিশেষ উপহাৰে আপোনাৰ দুখিত মনক উৎসাহ যোগোৱাত বহুত সহায় কৰিব। আজি আপুনি সৰু ল’ৰা-ছোৱালীৰ লগত সৰু হৈ যাব ফলস্বৰূপে সৰুবোৰ গোটেই দিন আপোনাৰ লগত লাগি থাকিব।

তুলা ৰাশি (২২ ছেপ্টেম্বৰ-২৩ অক্টোবৰ) - Libra 

শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। আপোনাৰ ধন আপোনক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব আৰু এই কথাটো আপুনি আজিয়ে উপলব্ধি কৰিব পাৰিব। আপুনি আপোনাৰ জীৱন-সংগীৰ ব্যক্তিগত জীৱনত অধিক হস্তক্ষেপ কৰা বাবে তেখেত অশান্তি অনুভৱ কৰে। খঙক নিয়ন্ত্ৰণত ৰাখক নহ’লে কথা অধিক বেয়াৰ পিনে ঢাল খাব পাৰে , আৰু শান্ত ভাৱে এই কথা সমাধান কৰক। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পচন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। আপুনি এই কথা জানে নে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱ দূতৰ দৰে ,তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব। সৰু ব্যৱসায়ীসকল আজি কৰ্মচাৰীসকলক সুখী কৰিবলৈ পাৰ্টীৰ আয়োজন কৰিব পাৰে।

বৃশ্চিক ৰাশি (২৪ অক্টোবৰ –২১ নৱেম্বৰ) -- Scorpio

আপোনাৰ বন্ধু সমূহ অতি সমৰ্থন কৰা হব আৰু আপোনাক সদায় সুখী ৰাখিব। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে সিহতঁ আজি যাতে নিজৰ অৰ্থ বিশেষ ভাৱে সুৰক্ষিত ৰখে যেন, চুৰি হোৱাৰ সম্ভাৱনা আছে। এই সময় এই কথাটো বুজাৰ সময় যে খঙ পাগলামীৰ প্ৰথম স্তৰ আৰু ই আপোনাক প্ৰত্যেক দিশেদি হানি কৰিব পাৰে আৰু আপোনাক লোকচানৰ মুখত পেলাব পাৰে। সৰু সুৰা কথালৈ ও আপোনাৰ প্ৰিয়জনৰ লগত বাদ-বিবাদ হব পাৰে। এই ৰাশিৰ লোকসকল বহুত কৌতুহলদ্দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায় কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। আপোনাৰ জীৱন সংগীৰ বাবে আপোনাৰ সমাজীয় প্ৰতিষ্ঠাত আঘাত পাব পাৰে। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে।

ধনু ৰাশি-(২২ নৱেম্বৰ –২১ ডিচেম্বৰ) - Sagittarius

খোৱা-লোৱাৰ এনেকুৱা বস্তুৰ পৰা বাচি থাকিবৰ পৰা চেষ্টা কৰক,যিবোৰত কলেষ্ট্ৰলৰ মাত্ৰা অধিক থাকে । আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হব পাৰে। সকলোকে আপোনাৰ আয়োজিত পাৰ্টীত নিমন্ত্ৰণ দিয়ক ,কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে ,যি আপোনাক পাৰ্টী অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। আজি আপুনি আপোনাৰ প্ৰিয়জনাক টোফী আৰু চকলেট ইত্যাদি দিব পাৰে। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হব। কোনোবা এনেকুৱা ব্যক্তিৰ ফোন আহিব পাৰে যাৰ লগত আপুনি বহুত দীঘলীয়া সময়ৰ পৰা কথা কব বিচাৰি আছিল ,বহুত এনেকুৱা পূৰণি কথা মনত পৰিব যিবোৰে আপোনাক এতিয়াও সতেজতা প্ৰদান কৰে আৰু এইবোৰ স্মৃতিয়ে আপোনাক আগৰ দিনলৈ উভতাই লৈ যাব।

মকৰ ৰাশি (২২ ডিচেম্বৰ –১৯ জানুৱাৰী) - Capricorn

হতাশ আৰু অৱসাদ গ্ৰস্থ নহ'ব। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হব , আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হব। কোনোবা বন্ধু নিজৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰি আপোনাৰ কাষ চাপিব পাৰে। আপোনাৰ প্ৰিয়জনৰ সততাৰ ওপৰত সন্দেহ নকৰিব। নিজৰ মনত নিয়ন্ত্ৰণ কৰা শিকক কিয়নো বহু সময়ত আপোনাৰ মনৰ শুনি আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিয়ে। আপুনিও আজি এনেকুৱা কিবা কৰিব পাৰে। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। টিভিত চিনেমা চোৱা আৰু নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰা ,ইয়াতকৈ ভাল কাম আৰু কি হব পাৰে ! যদি আপুনি অলপো চেষ্টা কৰে তেন্তে আজিৰ দিনটো বহুত ভাল ভাৱে পাৰ হব পাৰে।

কুম্ভ ৰাশি (২০ জানুৱাৰী –১৮ ফেব্ৰুৱাৰী ) - Aquarius

আপুনি আজি মানসিক আৰু শাৰীৰিক ভাৱে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে , অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাৰ সেই শক্তি পুনৰ ঘুৰাই অনাত আপোনাক সহায় কৰিব। যি সকল লোক আপোনাক চিনি পায় ,সিহতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হব। আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰ বাবে আজি আপুনি বহুত দুখী হব। জিৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব পাৰে, কিন্তু বাটত অত্যাধিক ভিৰৰ বাবে আপুনি এনেকুৱা কৰাত ব্যৰ্থ হ’ব। আপোনাৰ জীৱন সংগী বৈবাহিক জীৱনৰ ওপৰত খং কৰি আপোনাৰ ওপৰত ইয়াৰ প্ৰতিশোধ লব পাৰে। প্ৰয়োজনতকৈ অধিক শোৱাটো আপোনাৰ শৰীৰৰ শক্তিৰ বাবে বেয়া ,সেইবাবে গোটেই দিন নিজকে সক্ৰিয় কৰি ৰাখক।

মীন ৰাশি ( ১৯ ফেব্ৰুৱাৰী - ২০ মাৰ্চ) - Pisces

আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হব। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে আজি প্ৰেমীৰ কথা সিহতঁৰ মনত পৰিব পাৰে ।ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হব পাৰে। অসুবিধাক দ্ৰুত ভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। আপুনি অনুভৱ কৰিব যে জীৱন লগৰীৰ প্ৰেম ,ভাল পোৱাই সকলো দুখ পাহৰাই দিব পাৰে। যি কাম আপুনি আজি সম্পূৰ্ণ কৰিবলৈ সমৰ্থ সেইকাম কাইলৈ বুলি পেলাই নথ’লেই আপোনাৰ বাবে ভাল।
SeeHere is theComments

Sponsored

close